খঁৰা শিয়ালৰ বিয়া – শংকৰজ্যোতি বৰা
বালিকা- আপেল দা,আপুনি ইমান বয়সলৈকে বিয়া নাপাতিলে কিয়?
আপেল- কি জানা,মই মোৰ কাৰণে সঠিক মানুহ এজনী লগ নেপালো।আই থিংক মই মোৰ কাৰণে পাৰফেক্ট মানুহ এজনীৰ সন্ধানত আছোঁ।
বালিকা-হৈছে আৰু।এনেকৈ থাকোতে বিয়াৰ বয়স পাৰেই হ’লহি ।আপুনি ইমান বয়সলৈকে এজনীও ভাল ছোৱালী লগ নেপালেনে?
আপেল-পাইছিলোঁ।বৰ ধুনীয়া আছিল।দেখিবলৈ ধুনীয়া,আচাৰ ব্যৱহাৰ সুন্দৰ, ঘৰখনো বৰ ভাল আছিল।
বালিকা- তেতিয়া হ’লে বিয়া নাপাতিলে কিয়?
আপেল-নহয় অ’।তায়ো মানে এটা পাৰফেক্ট ল’ৰা বিচাৰি আছিল যে। সেইকাৰণেই…..
(2)
দিগন্ত দা- আইজনী, তুমি ডাঙৰ হৈ কি হ’বা?
কস্তুৰী- দিতা, মই ডাঙৰ হৈ বিয়া হ’ম।
দিগন্ত দা- নেপায় নহয় আইজনী,ইমান সৰুৰে পৰা কাৰোবাৰ বেয়া চিন্তা কৰিব নেপায়।
………………..
বৌ-হেৰা স্বৰ্গত বোলে স্বামী স্ত্ৰীক একেলগে থাকিবলৈ নিদিয়ে?
দিগন্ত দা- পাগলী, সেই কাৰণেইতো তাক স্বৰ্গ বুলি কয়।
(3)
ডিম্পল- মোৰ বিয়া কেতিয়া হ’ব গুৰুদেৱ?
কাকতি জ্যোতিষী- তোৰ কুণ্ডলীত বিবাহ লিখা নাই বৎস।
ডিম্পল- কিয় গুৰুদেৱ?
কা: জ্যো: – পাগল,কুণ্ডলীত তোৰ ভাগ্যত সুখেই সুখ লিখা আছে।
★★★★