গুনধৰৰ মহোৎসৱ – দিগন্ত বৰা
মহোৎসৱৰ নাম শুনিছো,ফল্গুৎসৱৰ নাম শুনিছোঁ৷ কিন্তু গুনোৎসৱৰ নাম আগতে শুনা নাছিলো৷ আনৰ কথা নাজানো, মোৰ দৰে শিক্ষকক কিন্তু এই গুনোৎসৱে ত্ৰাহি মধুসোদন দেখুৱাই দিছে বুজিছে৷ আমিবোৰেহে জানো৷ হেৰ’ অলপ প্ৰিপেৰেচন কৰিব নালাগে বুজিছে! এই গুনধৰ মাষ্টৰ ৰিটায়াৰ হ’ব হ’লোহি, কিন্তু জীৱনত দহ বজাত কোনোদিন স্কুল আহি পোৱা নাছিলো৷ কওঁতাও নাছিল, সোধোতাও কোনো নাছিল বাপেক্কে৷ এতিয়া চাল্লা সেই ৰামো হেৰাল, আৰু অযোধ্যাখনকো ৰিচাইকোলবিনতো নোপোৱা অৱস্থা৷ ন বজাৰ আগতে স্কুল হাজিৰ হ’বই লাগে৷ তাৰ মাজতে দুপৰৰ খানাৰ বজাৰ কৰিব লাগে৷ অলপ দিনৰ আগলৈকে এই মধাহ্ন ভোজনৰ নামত অহা টকাকেইটাৰে এওঁৰ অতিৰিক্ত চাহিদাখিনিকে পূৰণ কৰিব পাৰিছিলো! এতিয়া সেই অনাও নেচেলে বাপেক্কে৷ আগতে দিনটো ঘৰতেই আছো নে স্কুলতে আছো সেই অনুভৱ অহাই নাছিল মনলৈ৷ আৰে, আহিব ক’ৰপৰা! ঘৰত যেনেদৰে আছিলো, স্কুলতো দেখোন তেনেদৰেই আছিলো! ল’ৰা ছোৱালীবোৰে যি কৰে কৰক, ক্লাছ ৰুমৰ ভিতৰতে স্বাধীনভাৱে সিহঁতক এৰি দিছিলো৷ পৰীক্ষাৰ কেইদিন প্ৰশ্নকাকতখন সিহঁতৰ হাতত দি উত্তৰখিনি ব্লেকবৰ্ডত লিখি দিছিলো৷ উত্তৰখিনি মোৰ লিখোতে যিমান দেৰি লাগিছিল, এজ ইট ইজ কপি কৰোতেও সিহঁতক ইমান সময় লগা নাছিল৷ তেনেকৈ ইমান কষ্ট কৰি লিখোতেও চবেই তেতিয়া ৮০-৯০ৰ ভিতৰত নম্বৰ পাইছিল৷ তেনেকৈয়ে মই এই বৃত্তিত সোমাই পৰিছিলো৷ আজিৰ দৰে ৰাগো নাছিল, জঞ্জালো নাছিল৷ দেশ সলনি হ’ল এতিয়া৷ মানুহ সলনি হ’ল৷ মন সলনি হ’ল৷ পঢ়ুওৱাৰ বাদেও আজিকালি দুপৰীয়াৰ ভাতৰ চিন্তাও কৰিব লগীয়াত পৰিলো৷ প্ৰধান শিক্ষক হিচাবে মোৰ একাউণ্টতে হয় বোলে মধাহ্ন ভোজনৰ টকা কেইটা দিয়ে৷ কিন্তু কেতিয়া দিয়ে ঠিক নাই৷ দুমাহৰ মুৰতো দিয়ে, তিনিমাহতো দিয়ে৷ আৰে চাল্লা, এই তিনিমাহে মধাহ্ন ভোজনত যে মোৰ টকাখিনি ইনভেষ্ট কৰিলো, তাৰ কি ইণ্টাৰেষ্ট মই নাপাম? কিয় নাপাম? গ্ৰেমেটিকেল ৰোলমতে তো পাবই লাগে৷ চৰকাৰে নিদিলেও বুদ্ধি খটুৱাই হ’লেওতো মই হাচিল কৰিব লাগিব৷ সেয়ে বাপেক্কে হ’লচেলত মাহ ডাইল, আলু পিয়াঁজ ইত্যাদি কিনি আনি ঘৰতে এওঁক গেলামালৰ দোকান এখন তৰি দিলো৷ গোটেই বজাৰবোৰ নিজৰ দোকানৰ পৰাই কৰো৷ ৬২ টকাৰ মচুৰ ডাইল ৯০ টকাত বিক্ৰী কৰো৷ লাভ কিয় নাথাকিব! আন আইটেমবোৰতো মাৰজিন থাকে ভাল৷ এনেকৈ সামগ্ৰিকভাৱে ভাল মাৰজিন এটাকে আহে৷ তদুপৰি শাক পাচলিতো আহে কেইটকামান৷ হওঁতে সিহঁতক সতেজ শাক পাচলিকে খুৱাব লাগে৷ কিন্তু সতেেজ পাচলি ক’ত পাব কওঁকচোন? সতেজতা আজিকালি প্ৰকৃতিৰপৰাও হেৰাল৷ সেয়ে পাচলি কিনিবলৈ গৈ ডাইৰেক্ট পাচলি বেপাৰীক ৰিজেকটেড মালৰ কথা সোধো৷ তেতিয়া তেখেতে গাহৰিৰ ফাৰ্মৰ মালিকৰ অৰ্ডাৰ আছে বুলি কয়৷ মই তাতকৈ অধিক দামত কিনি ইহঁতক খুৱাও৷ এইবোৰ ত্যাগ জানো কোনোবাই বুজিব? নাই নাই, কোনেও নুবুজে৷ লেৰেলা চেপেটা বেঙেনা কেইটা, গেলা আলু কেইটা, গাজ ওলোৱা পিয়াঁজ কেইটা…এইকেইটা আনিবলৈও সাহস লাগিব, সাহস৷ ৷ সপ্তাহত এদিনকৈ সিহঁতক ডিম খুৱাব লাগে৷ ৬০ টা ল’ৰা ছোৱালীৰ বাবে গোটে ৬ টকাকৈ খৰচ কৰাটো মোৰ বাবে ভাতৰ লগত পানী খোৱা কথা কেতিয়াও হ’ব নোৱাৰে৷ সেয়ে ৰান্ধনীগৰাকীৰ সৈতে এক হৈ ৬০ টাৰ ঠাইত ৫টা ডিম দি বেঙেনা আৰু ৰঙালাওৰ ফুল দি ধূনীয়া তৰকাৰী এখন বনাই দিও সেইদিনা৷ ৰঙালাও ফুল ডিমৰ লগত ইমান সুন্দৰভাৱে মিক্সিং হৈ যায় যে ৫টাই দিছো নে ৬০ টাই দিছো ধৰা পেলাবলৈ ৩ পাৰি দাঁত গজিব লাগিব৷ এনেকৈয়ে প্ৰতি সপ্তাহত ৰঙালাও ফুলৰ যহত এওৰ ইলি এইটটিন এডালৰ খৰচ উলিয়াই আছো৷ গুণোৎসৱৰ কথাৰ পৰা ফালৰি কাটি আন কৰবাত ওলালোহি৷ এতিয়া গুণোৎসৱে মোক কি বিহু দেখূৱাইছে তাৰ বিষয়ে শুনক৷ এই উৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে মোৰ বুকুৰ ৰেলগাড়ীখনৰ কপলিং ছিগি যাও যাও কৰে৷ ৰাতি দিন একাকাৰ হৈ গৈছে বুজিছে৷ বিদ্যালয়খনৰ ৫ টা মান ল’ৰা ছোৱালীক লৈ অলপো চিন্তা নাই৷ ভগৱানৰ কৃপাত সিহঁতক যিহকে নোসোধক, পাৰিব৷ সেই বিশ্বাস মোৰ আছে৷ বাকী ৫৫ টাই মোৰ বি পি হাই কৰি দিছে বুজিছে৷ এইকেইদিন আন কাম হোৱা নাই৷ ছূটীৰ পাছতে গোটেই সোপাক আকৌ ঘৰলৈ লৈ আনো৷ অ আ ক খ বোৰ শিকাওঁ, সাধাৰণ জ্ঞানৰ প্ৰশ্ন সোধো৷ মোৰ সমানে সমানে আমাৰ এওকো লগাই দিছো৷ ইমানখিনি কৰাৰ পাছতো ইহঁতজাকক পোনাব পৰা নাই বুজিছেনে৷ ইহঁতক যে পোনাব পাৰিম সেই আশা কালিৰপৰা এৰিয়েই দিছো একেবাৰে৷ কালি ইহঁতক স্কুলতে প্ৰি টেষ্ট এটা লৈছিলো৷ ওচৰৰে ৰিটাৰ্য়াড কলেজ শিক্ষক এগৰাকীক মাতি আনিছিলো, ইহঁতক টেষ্ট ল’বৰ বাবে৷ সেই ছাৰজনে আহি প্ৰথমে যিটোক সূধিলে, সিয়েই মোৰ মান ইজ্জত পৃথিৱীৰ আটাইতকৈ দ’ খাদ মানে প্ৰশান্ত মহাসাগৰৰ মেৰিয়ানা নামৰ খাদলৈ গিৰাই দিলে৷ শ্ৰেণী কোঠাত আৰি থোৱা সূভাষ বসুৰ ফটোখনলৈ আঙুলিয়াই ছাৰে তাক এইয়া কোন বুলি সোধাত জহনিত যোৱাটোৱে সুভাষ বসুৰ ইউনিফৰ্মত লিখি থোৱা ’জয় হিন্দ’ টো দেখি এইয়া জয় হিন্দ বুলিয়েই কৈ দিলে নহয় বাপেক্কে৷ ইয়াৰ পাছত ছাৰে ঝন এটাক বোলে: শংকৰদেৱ কোন জানানে? হৰি হৰি, তাৰ উত্তৰ শুনি মই পকাতে বহিহে দিলো আৰু দেই! সেই অকমৰ্ণ্য টোৱে কি উত্তৰ দিলে জানে? উস উস…. হায় ঐ….আকৌ এবাৰ উস উস অ’… হাইজাত যোৱাই কলে: শংকৰদেৱ ভাগৱত গোৱা মানুহ৷ ছাৰে আকৌ বোলে: মাধৱদেৱ তেন্তে কোন? সেই ৰৌ ৰৌ নৰকত পৰা টোৱে এইবাৰ কলে: ছাৰ, মাধৱদেৱ বৰগীত গোৱা ভকত৷ তেতিয়াই মৰি থাকিব লাগিছিল৷ নমৰিলো৷ আনবোৰে দিয়া উত্তৰ ইয়াত নিদিওঁ দেই! সেইবোৰ জানিলে এফ বিত মোৰ ৰেজিগনেচনৰ জোৱাৰ উঠিব৷ ইয়াৰ পাছত ছাৰক মইয়ে কলো: ছাৰ জ্ঞানৰ দৌৰত ইহঁত অলিম্পিকলৈ যোৱাৰ যোগ্যতা প্ৰমাণ কৰিলেই, এতিয়া ইহঁতক মধাহ্ন ভোজনৰ বিষয়েই সোধকচোন৷ অলগে লগে ছাৰে এটাক বোলে: আজি স্কুলত ভাত কিহেৰে খালা? অচিন ৰোগত ভোগাটোৱে বোলে: আজি কনী খুওৱাৰ দিন বাবে ছাৰে তিনিটা কনীত ৰঙালাওৰ ফুল এপাচি আৰু বেঙেনা দি ভজা খিছিৰি ভাজিৰে ভাত খালো ছাৰ! ……….
ইয়াৰ পাছত মোৰ একো৷ মনত নাই৷ ৰান্ধনীগৰাকী আৰু সেই ছাৰে মিলি অ’টো এখন ভাড়া কৰি মোক ঘৰত কেতিয়ানো থৈ গ’লহি, সঁচাকৈ কৈছো মই, গমকে নাপালো
★★★★