লকডাউন ষ্টৰী- বি এন ৰূপম
ফাৰ্মাচীখনৰ বাহিৰত ডাক্তৰৰ গাড়ীখন দেখি বৰষুণত তিতি তিতিয়েই ফাৰ্মাচীখনলৈ গ’লো৷ বহি থকা ল’ৰাজনক সুধিলোঁ, “ডাক্তৰ আছে নেকি?”
:- অঁ আছে চাৰ৷ কিবা আছিলে?
:- কথা এটা আছিল৷
:- যাওক ভিতৰৰ কেবিনটোলৈ৷
মই কেবিনটোলৈ গৈ সেউজীয়া পৰ্দাখন আঁতৰাই মাত দিলোঁ, “চাৰ…”
:- অ’ কোন?
‘মই ৰ’ব’ – বুলি কৈ চাৰৰ ওচৰলৈ গ’লোঁ৷
:- কি হ’লনো! কোনবা! আগতে দেখা মনত পৰা নাই!
:- এ মানে চাৰ, মোৰ মানুহজনীৰ খুব গা বেয়া, পেটৰ বিষ, অৱস্থা বেয়া৷ ব’লকচোন চাই আহিব৷
:- হেই কি কোৱা হে৷ এই বৰষুণৰ মাজত যাব লাগে৷ নোৱাৰো মই৷ চেম্বাৰ বন্ধই কৰো৷ বৰষুণ বাবে যোৱা নাই৷
:- প্লিজ চাৰ…… এবাৰ গৈ চাই আহিব৷ এই লকডাউন, ১৪৪ ধাৰা দিছে, তাতে নেৰানেপেৰা বৰষুণ৷ কি কৰোঁ মই! পেটৰ বিষত কান্দি আছে৷
:- কোন ঠাইত আপোনাৰ ঘৰ?
:- চাৰ দাগাপাৰাত৷
:- জ্বৰ-কাঁহ কিবা আছে নেকি!
:- নাই নাই চাৰ৷ অকল পেট বিষ৷
:- বৰ মুস্কিল হে৷ হ’ব বাৰু৷ ব’লক৷
বাহিৰত বৰ ডাঙৰ বৰষুণ৷ ফাৰ্মাচীৰপৰা ওলাই চাৰৰ সৈতে গাড়ীত বহিলোঁ৷ মই গুগুল মেপ হৈ চাৰক মোৰ ঘৰৰ আগলৈ লৈ গৈ গাড়ী ৰখাবলৈ ক’লোঁ৷
:- চাৰ বহুত ধন্যবাদ৷ এই পাঁচশ টকা লওক৷ আপোনাৰ ভিজিট৷
:- ৰ’ব৷ আগতে পেচেণ্ট চাই লওঁ৷ ভিজিট পিছতো হ’ব৷
:- চাৰ পেচেণ্ট চাব লগা নাই৷ মই মানে গুৱাহাটীৰপৰা আহি মুকালমুৱা পালোঁ৷ ইমান বৰষুণত এইখিনি কেনেকৈ আহোঁ! তাতে আকৌ ১৪৪ ধাৰা লাগি আছে৷ সেইয়ে আপোনাকে উৱেৰ বনাই আনিলোঁ৷ বেয়া নাপাব চাৰ৷
:- ননচেঞ্চ, ষ্টুপিড………
চাৰে আৰু কিবা-কিবি গালি দি আছিল, দৰ্জাখন খোলা বাবে বৰষুণৰ মাতত শুনা নাই৷ গাড়ীত পাঁচশ টকাটো থৈ গাড়ীৰ বাহিৰলৈ ওলাই বৰষুণত তিতি তিতিয়েই সুধিলোঁ, “চাৰ চাহ একাপ খাই যাব নেকি?”
☆ ★ ☆ ★ ☆