ফটাঢোল

বিবাহ প্ৰস্তাৱ- পল্লবী চৌধুৰী বৈশ্য 

স্মৃতিৰ টোপোলাত কত যে ঘটনা, অভিজ্ঞতা হেঁচা খাই সোমাই আছে, খুলি দিলেই থেকেচা খাই পৰেহি সব৷ মোৰো তেনে এটা ৰসাল অভিজ্ঞতা কবলৈ গৈছো৷

কাম আৰম্ভ কৰাৰ পিছৰ অভিজ্ঞতা দুটামান  মনত পৰিলে আজিও হাঁহিমেই নে কান্দিমেই নে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ কনফিউজাই ৰৈ যাওঁ৷

২০১০ চনৰ ফেব্ৰুৱাৰীত মই মোৰ ব্যৱসায় আৰম্ভ কৰোঁ৷ ছোৱালী তেতিয়া চতুৰ্থ মান পাইছে৷ আজৰি সময়বোৰ কাটিবলৈ নিজেও ব্যস্ত হৈ থাকিবলৈকে কাম আৰম্ভ কৰিলোঁ৷ ভবাতকে বহু বেছি গ্ৰাহকৰ সমাদৰ পালোঁ, খুব কম সময়ৰ ভিতৰতে৷ ২০১১চনৰ অক্টোবৰৰ পূজা সংখ্যাৰ অসমীয়া মাহেকীয়া  আলোচনী ‘নন্দিনী’ত মোৰ প্ৰথমটো বিজ্ঞাপন প্ৰকাশ পায়৷ ফোনৰ উপৰি ফোন আহে প্ৰতিদিনে৷ ৰাতিপুৱা ন দহ বজাৰ পৰা অহা গ্ৰাহকৰ ভিৰত কেতিয়াবা পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ খোৱাৰো সময় নোহোৱাৰ দৰে৷ তেনে এক ব্যস্ততাভৰা দিনৰ দুপৰীয়া এটা ফোন আহে, তিনিচুকীয়া নে শিৱসাগৰৰ পৰা, সঠিককে মনত নাই৷ এজন ব্যক্তিয়ে ফোন কৰি মোৰ নাম সোধে৷ হয় বুলি কোৱাত ফোনটো এগৰাকী মহিলালৈ আগবঢ়াই দিয়ে৷ মৰমিয়াল মাতৰ মহিলা গৰাকীৰ কথাৰ সাৰাংশ হ’ল, ফোনটো লগাই দিয়াজন তেওঁৰ ভাগিনিয়েক৷ অইল কোম্পানীৰ চাকৰিয়াল হোৱাৰ লগতে নদন- বদন খেতি-খোলাৰে গাঁৱৰ ঘৰ, একমাত্ৰ ল’ৰা পৰিয়ালটোৰ৷ যথেষ্ট ভাল অৱস্থা মুঠতে৷ মোক মেগাজিনত দেখি তেখেতৰ “লাভ এট ফাৰ্ষ্ট চাইট” টাইপ অৱস্থা, গতিকে নিজৰ কুষ্ঠী-পত্ৰ সকলোৰে জেৰক্স কপি এটা মোৰ ঠিকনাত পঠোৱা ইতিমধ্যে এসপ্তাহ হৈছেই, এতিয়া মোৰ উত্তৰটো লাগে….উফ্!

তৌবা, তৌবা…মই এইফালে এখন্তেকলৈ থৰ লাগিলোঁ, মানে কি এইবোৰ! তেখেতৰ ৰাজধানী এক্সপ্ৰেছৰ স্পিদত চলা কথাৰ আগত মোৰ কথা তল পৰিল৷ এটা সময়ত মোৰ মাত ফুটিল৷ মই ক’লোঁঁ,

: মাহীদেউ কথাটো হ’ল মই বিবাহিত আৰু দহ বছৰীয়া ছোৱালী এজনীৰ মাক৷

তেওঁ নামানে মোৰ কথা৷ বোলে, মই মিছা মাতিছোঁঁ৷ এবাৰ ল’ৰাক লগ কৰি পিছত মত দিব লাগে৷
বহুবাৰ কোৱাৰ পিছত তেওঁ তাপ মাৰিলে, কিন্তু তেওঁৰ ভাগিনিয়েকে মোক যিচাট দম দিলে, নকওঁ আৰু…
পিছৰ বিজ্ঞাপনত মোৰ ডিজাইনাৰ ফটোত মোৰ ছোৱালীকো লোৱা হ’লোঁঁ৷ কিন্তু ফাইদা কিবা হ’ল জানো? কনটিনিউড বুলিয়ে ক’লোঁঁ, বুজোঁতাই নিজ গুণে বুজি ল’ব আৰু৷ মাত্ৰ প্ৰথম প্ৰেমক যিদৰে মানুহে নাপাহৰে, মোৰো প্ৰথম সেই প্ৰস্তাৱটো আৰু তাতকে বেছি দম চাট্! মনত সদায় থাকি যাব৷

অ’ শেষত কৈ যাওঁ, তেখেতৰ কুষ্ঠী আৰু বায়’ডাটা সম্বলিত পেকেটটো আহিছিল ফোন কৰা দুদিন পিছতে, খুলি নাচালোঁঁ কিন্তু৷

☆ ★ ☆ ★ ☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    কিছু অভিজ্ঞতা আৰু??। ভাল লাগিল পঢ়ি।

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল পঢ়ি

    Reply
  • Anonymous

    Dhuniya

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *