ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) ববিতা শৰ্মা:- আজিকালি মানুহে কয় মনৰ জোখাৰে সুখী হোৱা,

এই মনৰ জোখটো কিমান আৰু কেনেকুৱা?

উত্তৰঃ- মন লৈ লৈ বেলেগ বেলেগ জোখ হয়। কোনোবা এপোৱাতে সুখী হয়, কোনোবা আকৌ দহ লিটাৰ পালেও সুখী নহয়, ২০ লিটাৰ কিয় নেপালো বুলি। আচলতে এইটো এনে এটা জোখ যিটো জোখ বিচাৰি উলিয়াব নোৱাৰি, চালে বেৰে কোবোৱা কথা এষাৰ।

২) মিৰাণ্ডা কাকতি:- গছবোৰৰ পাতৰ ৰং সেউজীয়া নহয় ক’লা হোৱাহে‌তেন আমাৰ চকুৰ পাৱাৰ কি হ’লহে‌তেন?

উত্তৰঃ- তেতিয়া হয়তো আমাৰ চকুবোৰো ক’লা ৰং চালেই ভাল হ’লহেতেন। প্ৰকৃতিয়ে সকলো ইটোৰ সৈতে সিটো মিলাই থৈছে।

৩)অঞ্জু মহন্ত:- সৰু ল’ৰা ছোৱালীয়ে নাখাই কাহি-বাটিত এৰা খাদ্যখিনি মাকহঁতে কিয় খাই পেলায়?

উত্তৰঃ- কেতিয়াবা লোভ, আৰু প্ৰায়ে নষ্ট হ’ব বুলি ভয়। কিন্তু এটা কথা ঠিক, আমাৰ পেটটো ডষ্টবিন নহয়। সেইটো মই নহয়, ডাঙৰ ডাঙৰ মণিষীয়ে কোৱা কথা।

৪) বন্দিতা জৈন:- চুলি পকিলে পকাবোৰ নসৰে কেঁচা চুলিবোৰ কিয় সৰে….আচলতে পকাবোৰ সৰিব লাগিছিল?

উত্তৰঃ- একদম ঠিক কথা, গছৰ গুটি পকাটোহে সৰে। এইটো ভগৱানৰ এটা বৃহৎ ভুল। ইয়াৰ প্ৰতিবাদ কৰি আমি এক জংগী আন্দোলন গঢ়ি তোলা উচিত।

৫) দীক্ষিতা বৰা:- ফটহু কাইয়ে যে সদায় ফটা প্ৰশ্নৰহে উত্তৰ দিয়ে, নফটা প্ৰশ্নৰ উত্তৰ কিয় নিদিয়ে?”

এইবাৰলৈ এইটোৰ উত্তৰ পালেই পিছত বেলেগ প্ৰশ্ন সুধিব পাৰিম। মানে কনচেপ্তটো ক্লিয়েৰ হ’ব লাগিব যে বিষয়বস্তু সম্বন্ধে।

উত্তৰঃ- আপুনি যি সোধে সোধক, প্ৰশ্নটো নফটা হ’লে, ফালি লোৱাৰ দ্বায়িত্ব আমাৰ।

৬)ভূপালী দেৱী:- আমাৰ উপাধিবোৰ যেনে দাস, শৰ্মা, কাকতি, শইকীয়া, বৰা ইত্যাদি সকলোবোৰ ইংৰাজীতো একেই হয় কিন্তু সন্দিকৈ উপাধিটো ইংৰাজীত ‘Handique’ হয় কিয়?

উত্তৰঃ- আপুনি নিজকে বৃটিছ বুলি ভাবি লওকচোন, বুজি পাই যাব তেওঁ‌লোকৰ কি অৱস্থা হৈছিল। আধা নুবুজাকৈ ফৰফৰাই ইংলিছত কথা পাতি থকা জিভাখনে দাস, বৰা আদি উপাধিবোৰ মুখত ফুটাওতেই জান বাহিৰ হৈ গৈছিল। শেষত যেতিয়া সন্দিকৈ পালেগৈ, তেওঁ‌লোকে হাৰ মানিলেগৈ- ইম্পছিবল। সেইবাবে উপাধিটোকে সলাই নিজৰ মু‌খত ফুটা কৰি ল’লে।

আৰু বাকী উপাধিবোৰনো ক’ত শুদ্ধকৈ লিখে! দাসটো লিখে দাচ, শৰ্মাটো চৰ্মা, বৰাটো আকৌ বোৰাহ দত্তটো লিখে দুট্টা! হয়নে নহয়? মুঠতে বৃটিছে আমাৰ সকলোকে নতুন উপাধি দি গ’ল।

৭) দিলীপ আৰ কাকতি:- পতিসকলে পত্নীৰ বান্ধৱীবোৰক যি ধৰণৰ সুন্দৰ ব্যৱহাৰ কৰে, পত্নীবোৰে পতিৰ বন্ধুবোৰক কিয় তেনে ব্যৱহাৰ নকৰে?

উত্তৰঃ- বেয়া ব্যৱহাৰ কৰি লঘোণে থকাৰ ভয়ত পতিসকলে পত্নীৰ বান্ধৱীক ভাল ব্যৱহাৰ কৰে।  আনহাতে পতিৰ বন্ধুবিলাকে অফিচ ছুটিৰ পাছত টানি নি অলপ ঘুটুং পানী খুৱাই ৰাতি ন বজাত পতিক বীৰ পুৰুষ বনাই ঘৰলৈ পঠিওৱাৰ বাবে পত্নীসকলে তেওঁ‌লোকক ভাল ব্যৱহাৰ নকৰে।

৮)নিৰ্মালী বৰমুদৈ:- ৰামঠগন কিয় দিয়ে? সীতাঠগন কিয় নিদিয়ে?

উত্তৰঃ- ৰামেহে ঠগিছিল সীতাক, সীতাই ৰামক ঠগা নাছিল নহয়।

৯) সোমেশ্বৰ বৰা: -অসমীয়া বৰ্ণমালাৰ ‘ঈ’ আখৰটো মহিলাৰ বাবে বিশেষ ভাৱে সংৰক্ষিত। যেনে নাৰী, বৰানী, হাজৰীকানী, শইকীয়ানী, বৰ্ণালী, নিৰ্মালী, ভূপালী আদি।

এতিয়া প্ৰশ্ন হয় ‘ঈ’ৰে আৰম্ভ হোৱা ঈশ্বৰ, পুৰুষ নে মহিলা?

উত্তৰঃ- শেষত ঈ লগালে যদি মহিলা হয়, প্ৰথমতে ঈ লগালে পুৰুষেই হ’ব। কাৰণ পুৰুষ আৰু  মহিলা ১৮০°  পাৰ্থক্যত অৱস্থান কৰে।

১০)অণিমা দাস:- আমক ফলৰ ৰজা বুলি কোৱা হয়।

ফলৰ ভিতৰতেই কঁঠাল বেছি ডাঙৰ আৰু এটা কঁঠাল বেছি মানুহে খাব পাৰে।।

কঁঠালক কিয় ফলৰ ৰজা বুলি কোৱা নহয়?

উত্তৰঃ- আকাৰ ডাঙৰ হ’লেই ৰজা হ’ব পাৰি জানো? তেনেহ’লেচোন বনৰ ৰজা বাঘ নহৈ জলহস্তী হ’লহেতেন, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নহৈ ‘দ গ্ৰেট খলি:’ হ’লহেতেন।

১)সদানন্দ ভূঞা:

পুৰুষসকলৰ বাবে থকা যোজনাটো… …

নাই পো মুখে
নাই পো গোফে
নাই পো লনি

নাই পো ধনী

মোৰ প্ৰশ্নটো হ’ল… নাৰীসকলৰ বাবে এনেকুৱা মিল থকা যোজনা কি হ’ব?

উত্তৰঃ-
নাই জী ৰূপে,
নাই জী গুণে,
নাই জী মাতে,
নাই জী জ্ঞানে,

এনেকুৱাই হ’ব চাগে।

১২)ৰীতা শইকীয়া:- বহুতে কয় ফেচবুকৰ ইনবক্সত নাৰদ-নাৰদনী আছে। ফটাঢোলত নাৰদনী আছেনে?

উত্তৰঃ- নাৰদ সকলোলৈকে যাব পাৰে, তেওঁ‌ৰ গতি অনিৰূদ্ধ।

১৩)সোণটো ৰঞ্জন বৰুৱা: -মানুহে যি কোনো বিষয়ত কাৰোবাৰ পৰা ‘মতামত’ বিচাৰে, ‘মাইকীমত’ নিবিচাৰে কিয়?

উত্তৰঃ- সেইটো ল’লে খেলি মেলি আৰু বাঢ়িবহে বুলি ৰাইজে গম পাই আকৌ।

১৪) কমলা দাস:- আকালৰ ভাত, নিদানৰ মাত।

এইখিনি আজিকালি NGO বোৰেহে দিয়ে নেকি?

উত্তৰঃ- হয়, এইবোৰ কামো আজিকালি ব্যৱসায় ভিত্তিতহে কৰিব লগা হৈছেগৈ।

১৫)জিতা ফুকন:- অসমীয়া ছোৱালীয়ে যদি বিউতিপাৰ্লাৰ খুলিব পাৰে অসমীয়া ল’ৰাই চেলুন খুলিব নোৱাৰে কিয় ?

উত্তৰঃ- পাৰে, খুলিছেও। লাহে লাহে কথাবোৰ সলনি হৈছে আজিকালি।

১৬)বিতোপন কলিতা:- মিঠাতেল মিঠা হোৱাহেতেন কি কি সুবিধা/অসুবিধা হ’ল হয় বাৰু?

উত্তৰঃ- চাহত দিবলৈ চেনীৰ প্ৰয়োজন নহ’লহে‌তেন,  আৰু আমি সকলোৱে বইল ভাত, বইল শাক পাচলি  খাই জীৱন নিৰ্বাহ কৰিলোঁ‌হেতেন। ইনবক্সত চেনী দিয়া বুলি নকৈ মিঠাতেল দিয়া বুলি ৰাইজে স্ক্ৰীণশ্বট বিলালেহে‌তেন। অৱশ্যে ডায়েবেটিছ ৰোগী বাঢ়িলেহেঁতেন।

১৭)অণিমা দাস:- কাউৰী যদি বুধিয়ক তেনেহ’লে কুলি চৰাইবোৰে কাউৰীৰ বাহত কণী পাৰে কেনেকৈ?

উত্তৰঃ- অতি চালাকীৰ গলাত ফাঁচী বুলি কথা এষাৰ আছে। নিজৰ বেছি টেঙৰামিৰ যহতে কাউৰীৰ এনে দূৰ্গতি হয়।

১৮)লোপামুদ্ৰা মিশ্ৰ:-  ইমানদিনে হাতত চেনিটাইজাৰ লগাই ফুৰিলোঁ। কালি নিউজ এটাত দেখিলোঁ কৰ’না বোলে বতাহতো বিয়পে। মনত এটা গভীৰ প্ৰশ্ন আহিছে – বতাহক এতিয়া কেনেকৈ চেনিটাইজ কৰা যায়!

উত্তৰঃ- কাইলে কোনোবাই ক’ব, পেটৰ ভিতৰতহে আচল মালটো আছে, তেনে কি আপুনি চেনিটাইজাৰ খাব নেকি? বতাহৰ পৰা বিয়পা ৰোগ প্ৰতিৰোধ কৰাৰ আন বেলেগ উপায় আছে।

১৯) দ্বিজেন তামূলী:- বহুতৰ ল’ৰা ছোৱালীয়ে দেউতাকক ‘পাপা’ ‘দাদি মাতে আৰু তাৰ তুলনাত মাকক ‘মামী’ বা ‘মম’ নুবুলি ‘মা’ বা ‘মাই’ বোলে কিয়?

উত্তৰঃ- বাপেকবোৰ অলপ বেছি বৃটিছ যে। আচলতে মা শব্দটোৰ গভীৰতা বহুত বেছি, সেইটো শব্দ সহজে এৰিব নোৱাৰি।

২০)পূৰৱী কটকী:- ফৰিঙটোৰ নাম কাকতি ফৰিং কিয় হ’ল?

উত্তৰঃ- মোৰ বিশ্বাস কোনোবা কাকতি উপাধিৰ মানুহে লেবৰেটৰীত উলিয়াইছিল চাগে এই ফৰিঙবিধ। উহান লেবৰেটৰীত কৰ’না উলিওৱাৰ পাছত মোৰ এই মানুহ জাতি আৰু লেবৰেটৰী এই দুটা বস্তুৰ ওপৰত বিশ্বাস নোহোৱা হ’ল।

২১)লখিমী হাজৰিকা:- অতিমানৱ আৰু মহামানৱ যে থাকে, অতিমানৱী কিয় নাথাকে?

উত্তৰঃ- থাকে থাকে, ময়ে কেইবাগৰাকীও লগ পাইছোঁ‌। পিছে মেকআপত থকা বাবে ৰাইজে চিনি নেপায়।

২২)গীতিমল্লিকা গগৈ:- অসমৰ দৰে গাঁৱলীয়া গোহালি যেন ৰাষ্টাবোৰত চলোৱা গাড়ী‌বোৰত ‘পিটপিট, টিটি, টেটে’ জাতীয় সুৰীয়া হৰ্ণৰ সলনি ‘ঘূৰঘূৰ, চেইচেই, চু চু’ জাতীয় হৰ্ণ লগাবলৈ ফটাঢোলৰ ফালৰ পৰা আবেদন এখন দিব নোৱাৰি নে?

উত্তৰঃ- হয় হয়, স্বদেশী হৰ্ণ কিছুমানৰ বৰ আৱশ্যক হৈছে। অসমীয়া জাতিৰ সমুখত দেখা দিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো উপস্থাপন কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ।

২৩)জয়ন্ত শৰ্মা:- অবিবাহিতসকলে যে ঘৈণীয়েকৰ শব্দ প্ৰদূষণৰ পৰা সমাজখনক বচোৱা, ল’ৰা ছোৱালী জন্ম নিদি জনসংখ্যা কমোৱাত অৰিহণা, দেশৰ খাদ্য বস্তু বচোৱাত অৰিহণা যোগায়, দেশে তেওঁলোকক বিশেষ ভাৱে সন্মান জনাই কোটা ৰাখিব নালাগেনে?

উত্তৰঃ- তেওঁ‌লোকে নিজৰ কোটা পায়েই আছে। এই যে শান্তি, টেনচন ফ্ৰী জীৱন, এইবোৰ কি ইনচেণ্ঠিভ নহয়!

২৪) উৎপলা কৌৰ:- এদিনৰ কাৰণে যদি ফটহু চীনৰ প্ৰেচিডেণ্ট হয়, প্ৰথমতে কি কৰিব?

উত্তৰঃ- গোবী মাঞ্চুৰীয়ান, চাওমিন চিঙাৰা আদি খাদ্য আৱিষ্কাৰ কৰি চীনৰ পৰম্পৰাগত খাদ্য প্ৰণালী বিকৃত কৰা বাবে ইণ্টাৰনেচনেল কৰ্ট অৱ জাষ্টিছত ভাৰতৰ বিৰুদ্ধে মোকৰ্দমা কৰিম।

২৫)পৰীস্মিতা বৰদলৈ গোস্বামী:- ৰাৱণৰ যদি আজিৰ যুগত জন্ম হ’লহেঁতেন আৰু যদি ৰাৱণৰ মূৰৰ বিষৰ বাবে ডাক্টৰৰ ওচৰলৈ গ’লহেতেন , ডাক্টৰে বাৰু কেনেকৈ অনুমান কৰিলেহেতেন ৰাৱণৰ কোনটো মূৰৰ কোনখিনিত বিষ হৈছে?

উত্তৰঃ- দহমূখীয়া চি টি স্কেনাৰ লগালেহেতেন। স্বৰ্ণলংকাৰ ৰজাৰ কথা, পইচা যিমান লাগে সিমান দিব।

২৮) নয়নজ্যোতি বৰঠাকুৰ:- মানুহে কয়, “ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল।” মাটিৰ মাজতে খালটো থাকিলে মাটি কিনি কি লাভ হ’ব বাৰু?

উত্তৰঃ- গণ্ডগোল প্ৰথমটোতহে আছে, মাক ভাল বুলি গম পাব কেনেকৈ? আৰু পালেও ছোৱালী ভাল হ’ব বুলি কোনো গেৰাণ্টি নাই। অৱশ্যে ইটো ঠিকেই আছে যেন লাগে,  মাটিৰ মাজত খালটো থাকিলে মাটি কমিলেও পানীৰ ব্যৱস্থা ভাল হ’ব, মাটি সাৰুৱা হ’ব।

☆ ★ ☆ ★ ☆

One comment

  • দীক্ষিতা

    সাংঘাতিক উত্তৰ, ৯ নম্বৰটো আচল। ১৮০°ৰ পাৰ্থক্য।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *