ফটাঢোল

অনুশাসন (মূলকাহিনী:- হৰিশঙ্কৰ পৰছাই); অনুবাদ – পূৰবী কটকী

এজন অধ্যাপক আছিল, তেওঁৰ চাকৰিটো চৰকাৰী আছিল। এবাৰ  অধ্যাপকৰ পত্নীৰ অসুখ হৈ চিকিৎসালয়ত ভৰ্তি  হ’ল আৰু সেই সময়তেই   তেওঁৰ চাকৰিৰ বদলিকৰণৰ নিৰ্দেশ আহিল। শিক্ষা বিভাগৰ উচ্চ বিষয়াজনো অধ্যাপক থকা একেটা এলেকাতেই বাস কৰিছিল।

তেওঁৰ বঙলাটো, অধ্যাপকজনৰ ঘৰৰ পৰা দেখা পোৱা গৈছিল। তেওঁ যেতিয়া বঙলাটোৰ সম্মুখেদি পাৰ হৈ যায়, প্ৰায়ে বিষয়াক সাদৰেৰে প্ৰণাম কৰি গৈছিল। অধ্যাপকে ভাবিলে,  বিষয়াগৰাকীক ক’লে তেওঁ শিক্ষকৰ চাকৰিৰ বদলিকৰণটো স্থগিত কৰি ৰাখিব।

এদিন তেওঁ বিষয়াগৰাকীৰ ঘৰলৈ গ’ল। বাৰান্দাত বিষয়াই সুধিলে,

:কি হ’ল? কিবা কাম আছিলে?

:ছাৰ এটা প্ৰাৰ্থনা আছিল!

: কি?

:মোৰ পত্নীৰ বৰ অসুখ হৈ আছে। তেওঁ চিকিৎসালয়ত আছে।

:তাতে কি হ’ল?

: মোৰ বদলিকৰণৰ নিৰ্দেশ আহিছে?

:তাতে কি হ’ল?

: ছাৰ কৃপা কৰি, বৰ্তমানৰ বাবে মোৰ চাকৰিৰ বদলিটো কেঞ্চেল কৰি দিয়ক।

বিষয়াই বেয়া পালে। ক’লে, “অনুশাসনৰ নিয়মসমুহ জানা নে? তুমি পোনেপোনে মোক লগ কৰিবলৈ কিয় আহিলা?

তুমি আবেদন কৰিব লাগিছিল প্ৰপাৰ চেনেলৰ জৰিয়তে, তুমি তোমাৰ প্ৰধান শিক্ষকৰ লিখিত অনুমতিৰ জৰিয়তে মোক লগ কৰিব লাগিছিল। যোৱা, বদলি কেঞ্চেল নহয়। তুমি অনুশাসন ভঙ্গ কৰাৰ বাবে গালিও খাবা।”

শিক্ষকজনে  গালিও খালে আৰু বিষয়াজনক পোনপটীয়াকৈ লগ নকৰিবলৈ সকিয়নীও দিয়া হ’ল। অধ্যাপকে দুমাহৰ ছুটি ল’লে।

এদিন আবেলি বিষয়াজনৰ ঘৰত জুই লাগিল। ওচৰৰ পাজৰৰ সকলোৱে জুই নুমোৱাবলৈ  চেষ্টা কৰি আছে আৰু অধ্যাপকে নিজৰ ঘৰৰ বাৰান্দাত ৰৈ চাই আছে। জুই নুমাল, বৰ বেছি লোকচান নহ’ল । দ্বিতীয় দিনা অধ্যাপকক লগ পাই বিষয়াজনে খৰখেদাকৈ ওচৰলৈ আহি সুধিলে, কালি আবেলি মোৰ ঘৰত জুই লাগোঁতে তুমি ঘৰৰ বাৰান্দাৰ পৰাই থিয় হৈ চাই থাকিলা, নুমোৱাবলৈ কিয়  নাহিলা?

অধ্যাপকে অতি বিনম্ৰতাৰে ক’লে, ” ছাৰ মই বাধ্য আছিলোঁ, কাৰণ প্ৰধান শিক্ষক বাহিৰলৈ গৈছিল। তেওঁৰ লিখিত অনুমতিৰ অবিহনে মই কেনেকৈ আপোনাৰ ঘৰলৈ আহিলোহেঁতেন।

আপোনাৰ ঘৰৰ জুই নুমোৱাবলৈ প্ৰপাৰ চেনেলৰ জৰিয়তে আহিব লাগিব নহয়!!

☆ ★ ☆ ★ ☆

12 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *