ফটাঢোল

এখন কিতাপ আৰু শিশুনাটৰ গুৰুত্ব- অনামিকা বড়া

গ্ৰন্থৰ নামঃ শিশুনাট ৰচনা, পৰিচালনা আৰু অভিনয়

লেখকঃ প্ৰভাত গোস্বামী

প্ৰকাশনঃ সঞ্জীৱন প্ৰকাশন

প্ৰথম প্ৰকাশঃ ডিচেম্বৰ,২০১৯

মূল্যঃ ১২০ টকা

মুঠ পৃষ্ঠাঃ ১১৫

সৰুতে বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহত কৰা একক অভিনয়, মুকাভিনয় আৰু একাংকিকা নাটেই আছিল অভিনয়ৰ নামত দুই এটা খোজ। শিকাওঁতা কোনো নাছিল। লগৰ বন্ধু বান্ধৱী মিলিত হৈ আমি নিজেই নাটকৰ বিষয়বস্তুৰ পৰা সংলাপলৈকে, মঞ্চসজ্জাৰ পৰা ৰূপসজ্জালৈকে সকলোখিনি আমি লগ হৈ কৰিছিলোঁ। স্বাভাৱিকতেই আমাৰ একমাত্ৰ লক্ষ্য আছিল পুৰষ্কাৰ। তাৰ বাহিৰে নাটকক লৈ একোৱে নাজানিছিলোঁ আৰু শিশুনাট বুলি যে এক সুকীয়া বিষয় আছে, নাটকৰ এক সুকীয়া ভাগ আছে সেইয়া আছিল জ্ঞানৰ পৰিসৰৰ বাহিৰত। পিছলৈ শিক্ষাজীৱনত দুই এবাৰ মহাবিদ্যালয় সপ্তাহ নতুবা বিশ্ববিদ্যালয় সপ্তাহৰ বাবে নাটক কৰিবলগীয়া হোৱাৰ বাহিৰে এই ক্ষেত্ৰখনত মোৰ অভিজ্ঞতা আৰু নিচা শূণ্য। ২০১৯ চনৰ জানুৱাৰী মাহত মৰাণ গ্ৰন্থমেলাত মোৰ এজন শিক্ষাগুৰুক লগ পাইছিলোঁ। তেখেতে আমাক সংগীত বিষয়ত শিক্ষা দিছিল।(পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে সংগীত আমাৰ বাধ্যতামূলক বিষয় আছিল আৰু আমিও ইয়াক অন্যান্য বিষয়ৰ সমানেই গুৰুত্ব দিছিলোঁ) হাতত সময় কম আছিল বাবে ছাৰে সঞ্জীৱন প্ৰকাশনৰ বিপণীত সোমায়েই বেছি কিতাপ চাই নাথাকি প্ৰভাত গোস্বামীৰ শিশুনাটৰ কিতাপখন কিনি লৈ গ’ল। সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হৈ থকা ছাৰে কিতাপখন লৈ যাওঁতেই মোৰ কিতাপখনলৈ বিশেষ উৎসুক এটাৰ জন্ম হৈছিল। পিচে সময় মিলাব নোৱাৰাৰ বাবে আৰু হোষ্টেল যাব লগা হোৱাত কিতাপখন পঢ়িবলৈ থাকি গ’ল। পিচে এই লকডাউনৰ সময়ত এই সুবিধা মিলিল। কিতাপখন পঢ়ি অনুভৱ হোৱা শিশুনাটৰ গুৰুত্বৰ বাবেই কিতাপখনক লৈ একলম লিখাৰ প্ৰয়াস কৰিলোঁ।

প্ৰস্তাৱনাতে লেখকে লিখিছে যে শিশুনাট সম্বন্ধীয় সকলো বিষয় সামৰি লিখা গ্ৰন্থৰ অভাৱ অনুভৱ কৰিয়েই তেখেতে কিতাপখন লিখিছে। অসমীয়া, বাংলা কোনোটো ভাষাতে শিশুনাটৰ বিষয়ে লিখা গৱেষণামূলক গ্ৰন্থ পাবলৈ নাই। বহু বছৰ আগতে কেম্ব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছে প্ৰকাশ কৰা যিবা এখন ইংৰাজী গ্ৰন্থ আছে সেইয়াও দুষ্প্ৰাপ্য। কথাষাৰ সঁচা আৰু এই অভাৱ দূৰ কৰিবলৈ গোস্বামী ডাঙৰীয়াৰ প্ৰয়াস প্ৰশংসনীয়।

কিতাপখনত মুঠ বাৰটা অধ্যায় আৰু তিনিখন শিশুনাট আছে। অধ্যায়সমূহ হৈছে, ‘শিশুনাট কি’,’শিশুৰ মনৰ জগতখন’,’শিশুনাট ৰচনা আৰু মঞ্চ’,’শিশুনাট কেনেকৈ ৰচনা কৰিব’, ‘শিশুনাটৰ পৰিচালনা’, ‘অভিনয়’, ‘মঞ্চসজ্জা’, ‘আলোক নিয়ন্ত্ৰণ’, ‘আৱহ সংগীত’, ‘ৰূপসজ্জা আৰু পোছাক-পৰিচ্ছদ’, ‘শিশুনাট সম্পৰ্কে কেইটামান কথা’, আৰু ‘ভাৰতত শিশুনাটৰ বিৱৰ্তন’। লগতে আছে তিনিখন আদৰ্শ শিশুনাট, দুখন একাংকিকা, এখন পূৰ্ণাংগ।

অধ্যায়সমূহৰ শিৰোনাম চালেই বুজিব পাৰি শিশুনাট কি, কেনেধৰণৰ হোৱা উচিত, কিয় প্ৰয়োজন আদি সকলো বিষয় কিতাপখনে সামৰি লৈছে। শিশুনাট বুলিলে যে কেৱল শিশুৱে অভিনয় কৰা নাটক নহয় সেই কথাষাৰ সাধাৰণলোক বাদেই, নাটৰ লগত জড়িত বহুতেই নাজানে। সাধাৰণ নাটকৰ পৰা শিশুনাট কোনখিনিত পৃথক, কিয় পৃথক, কেনেকৈ পৃথক সেই সকলোখিনিৰ বিষয়ে কিতাপখনত পুংখানুপুংখ বিৱৰণ পোৱা যায়। আগতেই কৈছোঁ নাটকৰ বিষয়ে মোৰ সাধাৰণ জ্ঞানো নাই বুলিব পাৰি যাৰ বাবে শিশুনাটৰ পৃথক বৈশিষ্ট্যৰ কথা জনা নাছিলোঁ। প্ৰভাত গোস্বামীৰ কিতাপখনে অসমীয়া সাহিত্যৰ লগতে নাট্যজগতৰো এক অভাৱ পূৰণ কৰিছে। নাটক ভাল পোৱা, সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ বাবে এইখন হাতপুথিৰ দৰে। তদুপৰি সাধাৰণ পঢ়ুৱৈ হিচাপে পঢ়ি লৈ অনুভৱ কৰিছোঁ একো নজনা ব্যক্তিয়েও আৰম্ভণিৰ পৰা শিশুনাটৰ বিষয়ে জানি, বুজি, শিকি কৰিব পৰাকৈ এই কিতাপখন সৰল আৰু উত্তম। এই সুযোগতে ক’ব পাৰি এখন প্ৰয়োজনীয় গ্ৰন্থ পঢ়ুৱৈ সমাজলৈ আগবঢ়োৱা বাবে প্ৰভাত গোস্বামী ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ। উল্লেখযোগ্য যে কেৱল নাটকৰ লগত জড়িত বুলি নহয়, শিশুনাটৰ গুৰুত্বক বুজি পাবলৈ কিতাপখন যিকোনো লোকেই, বিশেষকৈ অভিভাৱকে পঢ়িব পাৰে‌।

কিতাপখনৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনাৰ কোনো প্ৰয়োজন অনুভৱ কৰা নাই কিয়নো তাকে কৰিবলৈ যাওঁতে কিতাপখনেই লিখিব লাগিব যিটো সম্ভৱ নহয়। মাথো শিশুনাটৰ গুৰুত্ব কোনখিনিত সেইয়া বুজাবলৈ কিতাপখনৰ পৰা এটা মাত্ৰ দিশ, অতি সহজকৈ বুজিবলৈ সেইয়াই যথেষ্ট বুলি অনুভৱ কৰিয়েই অৱতাৰণা কৰিলোঁ,

“শ্বাৰলট বি কৰণেলিং নামৰ এগৰাকী মহিলা শিশুনাট পৰিচালকে এটা প্ৰতিষ্ঠানৰ শিশুনাট পৰিচালক হিচাপে ২১ বছৰ কাম কৰাৰ অভিজ্ঞতাৰে এখন গ্ৰন্থ প্ৰণয়ন কৰিছিল, প্ৰকাশ হৈছিল ১৯৫৪ চনত। তেওঁ তাত শিশুনাট সম্পৰ্কে এটা মন্তব্য দিছিল যে এখন শিশুনাটৰ দ্বাৰা এটা শিশুক ১০ মিনিটত যিখিনি কথা শিকাব বা জনাব পাৰি সেইখিনি আনধৰণে শিকাবলৈ হয়তো এবছৰৰো অধিক সময় লাগিব পাৰে।”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *