ফটাঢোল

মনোৰঞ্জন বিশেষ… – ৰিমঝিম বৰঠাকুৰ

‘এইটোক পালে ঠিকছে কোবাব লাগে।’

‘অসমীয়া সংস্কৃতিৰ নামত জাৱৰ সানিছে।’

‘হে ভগ, এইয়া দেখিবলৈকে জীয়াই আছোঁ নে!!!….’

‘ইয়ে ব্বে, মৰি নাযাৱ কিয় ব্বে’

এনেদৰে কেইবাটাও বেলেগ বেলেগ কেপচনত এটা ভিদিঅ’ৰ পোষ্ট ফেচবুক ফীডত আহি আছিল। কেপচনকেইটা দেখিয়েই নাচাও‍ঁ বুলি স্ক্ৰোল ডাউন কৰি বেলেগ ফীডবোৰ চোৱাত লাগিলোঁ। কিন্তু মানুহৰ মনহে নিজকে কিমাননো কণ্ট্ৰোল কৰিম। কেপচন দেখিয়েই ভিডিঅ’টোত কি মাল আছে জানিবলৈ মোৰ বাকী নাই। এনেকুৱা ফটুৱা কিবা এটাই হ’ব। হ’লেও কিনো কৰিছে তাকে যদি নাচাও তেন্তে মই আজিৰ দিনটোৰ কাৰণে মনোৰঞ্জনৰ টপিক এটা ক’ত পামনো! সেয়ে আকৌ এৰি থৈ অহা ভিদিঅ’টোলৈ উভতি গ’লো। মনতে যি ভাবিছিলোঁ সেইটোৱে, বুঢ়া মানুহ এজনে মেখেলা-চাদৰ পিন্ধি শিৰত সেন্দুৰ, মূৰত গামোছা মাৰি কিবা কমলা, আপেল, ৰঙালাও, ভেন্দি লগোৱা গান এটাত খুউব নাচিছে। মানুহজনৰ ৰূপ দেখিয়েই কিবা ‘ওৱাক’ বুলি শব্দ এটা মুখেৰে ওলাই গ’ল। সেই শব্দটো ওলাইছেই যেতিয়া এজাউৰি নিদিয়াকৈ যদি মই পোষ্টটো শ্বেয়াৰ নকৰোঁ, মই এজন সচেতন নাগৰিক কেনেকৈ হ’লো! সেয়ে মনত যিমান ক্ষোভ আছে সিমান উজাৰি দীঘলকৈ কেপচন এটা লিখি পোষ্টটো শ্বেয়াৰ কৰিলোঁ। সিমানতে ক্ষান্ত থকা নাই সেইটো লিংক আকৌ WhatsApp গ্ৰুপবিলাকতো শ্বেয়াৰ কৰিছোঁ লগতে খং, ক্ষোভৰ প্ৰমাণ দিবলৈ লিখিও দিছোঁ ‘এই বুঢ়াৰ অতপালি চা।’, ‘ৰাম নাম ল’বৰ সময়ত বুঢ়াৰ কমলা নামৰ গানত “ধিন্দৌ খিতৌ ডান্স চা”‘ ইত্যাদি ইত্যাদি।

এইয়া আছিল পুৱাৰ ঘটনা। আবেলিলৈ যেতিয়া ফেচবুক খোলোঁ দেখো নিউজ ফীডৰ প্ৰায়বোৰ পোষ্টেই বুঢ়াৰ সেই ভিডিঅ’টোৰে ভৰ্তি। মোৰ পোষ্টটোৰ পৰাও কম শ্বেয়াৰ হোৱা নাই। আৰু যিবোৰ গালি বৰষিছে আই ঔ ওচৰত পোৱা হ’লে চাগে মানুহজনৰ কি অৱস্থা হ’ল হয়! মোৰ চাগে ফেচবুক লাইফৰ এইটোৱেই সৰ্বাধিক লাইক, কমেণ্ট পাই, শ্বেয়াৰ হোৱা পোষ্ট।

কিন্তু এইবোৰ দেখি মনটো ভাল লাগিছে যে, মানুহবোৰ আজিকালি ইমান সচেতন হৈছে বেয়া লগা কিবা এটা দেখিলেই ছেকেণ্ডত শ্বেয়াৰ কৰি জনাই দিয়ে আমাৰ সমাজখনৰ সোৱাদবোৰ যে কিমান সলনি হৈছে। আৰু দিনটোলৈ বাকী কাম-বন বাদ দি প্ৰায়বোৰেই সেইভাগী আলোচনাত ব্যস্ত হৈ পৰে, ভাগৰ নলগালৈকে জাউৰিয়ে জাউৰিয়ে গালি দিয়ে। ময়ো কম নহয় আকৌ এইবোৰত। 

ভিদিঅ’ চালোঁ, শ্বেয়াৰ কৰিলোঁ, গালি দিলোঁ, গ’ল কথা গুচিল। দুদিন পিছত সেই একেজন ব্যক্তিৰে আন এটা ভিদিঅ’ – সকলো দৰ্শক মণ্ডলীকে  তেও‍ঁলোকৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে ধন্যবাদ জনাই এটা ভিদিঅ’ বনাইছে। এনেদৰে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি গৈ থাকিলে বোলে তেওঁ আকৌ আন এটা (থাৰ্ডক্লাছ) ভিদিঅ’ সোনকালে ৰাইজৰ মাজলৈ লৈ আনিব। ‘খা বাপ্পেক্কে, আকৌ মাথা খাবহি’ বুলি মনতে ভাবি ভিদিঅ’টোত দিয়া বেলেগ বেলেগ কমেণ্টছবোৰ পঢ়াত লাগিলোঁ। ময়ো ভালকৈ এডৰা লিখি দি দিলোঁ কমেণ্ট এটা। লগে লগে কমেণ্টত লাভ, লাইক ৰিয়েকছন। যা হওক এইবোৰৰ নিচিনা কিছুমানৰ কাৰণে আমাৰ হিউমাৰযুক্ত কমেণ্টবোৰ পাৰ ভাঙি ওলাই আহে। লগতে কাৰোবাক মেছেজো দিলোঁ ‘সেই ফাল্টু বুঢ়াটোৱে বোলে আকৌ ভিদিঅ’ উলিয়াব।’

দুদিনমান গ’ল। লগৰ এটাক মেছেজ কৰিলোঁ ‘মনটো ভাল নহয় বে। একদম ব’ৰ লাগিছে। বুঢ়াই ভিদিঅ এটাকে উলিওৱা হ’লে গালি পাৰিবলৈ। এট লিষ্ট তাত দিয়া কমেণ্ট পঢ়ি মনটো ফ্ৰেছ লাগিলহেঁতেন।’ মেছেজটো দিয়াৰ দুঘণ্টামান পিছতে গম পালোঁ নতুন ভিদিঅ’ আহি গ’ল। দুদিনমানলৈ ব’ৰদম খটম। হেপাঁহ নপলোৱালৈকে গালি-গালাজ পাৰি বুঢ়াৰ আনটো ভিদিঅৱো ভাইৰেল কৰি দিলোঁ। বৰ্তমান বুঢ়া প্ৰতিষ্ঠিত চেলিব্ৰিটী। আজিকালি প্ৰায়ে ইংৰাজী বাইদেউ, অসমীয়া বাইদেউ, ৰবাব টেঙা, ৰিক্সাৱালা, ঠেলাৱালা গানৰ ভিদিঅ’সমূহত বুঢ়া মুখ্য আকৰ্ষণ হিচাপে থাকেই। পিচে আমাৰ নিচিনা সচেতন নাগৰিকৰ বাবে কথাটো বেয়া হোৱা নাই। এনেকুৱা চেলিব্ৰিটীবোৰৰ লগতে গীতিকাৰ, গায়ককেইজনকো গালিয়ে ঠকা-সৰকা কৰিলেহে নিজৰ ভাষা সংস্কৃতিটোলৈ মৰম থকা নাগৰিক যেন ফিল এটা আহে। ইফালে আকৌ গালি বৰ্ষণ কৰি কাণে হজম কৰিব নোৱাৰা গান, ভিদিঅ’বোৰ শ্বেয়াৰ কৰি কৰি আমিয়েই মানুহক চাবলৈ মাতোঁ। আই মিন ভিদিঅ’ ভাইৰেল কৰোঁ।

সঁচাকৈয়ে কিন্তু মানিব লাগিব। এই জাৱৰবোৰক  উঠাই আনি বিখ্যাত বনাবলৈ আমাৰ কম অনুদান নাই!

শেহতীয়াকৈ ওলোৱা তেনে এটা ফকটিয়া গানৰ ভিদিঅ’ এটাক গালি পাৰি পাৰি টাইম পাছ কৰি থাকোঁতে লগৰ এটাই লিংক এটা দি মেছেজ কৰিলে ‘এইটো চাবি বহুতদিনৰ মূৰত ভাল অসমীয়া গান এটা আহিছে। কি লিৰিক্স, কি সুৰ বে। এইবোৰ দেখিলেহে অলপ সাহস হয় যে, আমাক চহকী কৰিবলৈ ভাল প্ৰতিভা এতিয়াও আছে। লিংকটো পাৰিলে শ্বেয়াৰ কৰিবি।’। লিংকটো খুলি গানটো আধা শুনি থৈ দিলোঁ। গানটো সঁচাই ভাল, কিন্তু টাইম পাছ কৰাৰ মছলা ইয়াত নাই। গালি-গালাজ পাৰি শ্বেয়াৰ কৰিব পৰা হ’লেহে ভাল লাগে। এইবোৰত মনোৰঞ্জন বিশেষ একো নাথাকে।

লগৰটোৱে দিয়া ভিদিঅ’টো চাই থাকোঁতে এটা লিংক মেছেজত আহিল। কিবা এটা গান বা ভিদিঅৰে লিংক হ’ব। ততাতৈয়াকৈ খুলি চাই দেখিলোঁ ল’ৰা-ছোৱালী এহালে বাগিছা এখনত থিয় হৈ ইটোৱে সিটোৰ হাতত ধৰি টনাটনি কৰি আছে। লগে লগে গান বাজিছে ‘তোৰ ঘৰৰ ছাগলীয়ে, মোৰ বাৰীৰ ফুল খালে। তোৰে মোৰে মৰমবোৰ আইছক্ৰীম হেন লাগে।’ গানটো শুনি মুখেৰে ওলাই আহিল ‘যা-তা মানে।’। কিন্তু মনে মনে ফূৰ্তিও লাগিল এনে মনোৰঞ্জন বিশেষ মালটোলৈ। অন্তত এইটোক গালি পাৰোঁতে এটা দিন ধুনীয়াকৈ পাৰ হ’ব। মানে দিনটোলৈ মোৰ ব’ৰদম খটম।

☆ ★ ☆ ★ ☆

17 Comments

  • যাযাবৰ

    বা সাংঘাটিক লিখিলে দেই এইটো

    Reply
  • সাংঘাতিক লিখিলা দেই ৷ বিৰাট ভাল লাগিল ৷

    Reply
  • HEMANTA KAKATI

    তোমাৰ এইটোৱে প্ৰথম পঢ়িলো মেগাজিন৷ বহুত ভাল লাগিল ৰিমঝিম৷

    Reply
  • বৰ্ণালী মূদৈ

    বিৰাট ভাল লাগিল

    Reply
  • বঢ়িয়া লাগিল। সুন্দৰ ব্যংগ।

    Reply
  • Mandira sarmah

    বৰ ভাল লাগিল ৰিমঝিম

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল হৈছে লেখাটো৷ সাম্প্ৰতিক৷

    Reply
  • ডলী

    ভাল লাগিল ৰিম।

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল ।

    Reply
  • Anonymous

    ভাল লাগিল দেই ৰিমঝিম বা

    Reply
  • parina Borah

    ভাল লাগিল দেই ৰিমঝিম বা

    Reply
  • জিতু

    বহুত ভাল লাগিল

    Reply
  • নীলাক্ষি দেৱী ডেকা

    বহুত ভাল লাগিল ৰিমঝিম।

    Reply
    • Rimjhim Borthakur

      সকলোকে ধন্যবাদ জনালোঁ

      Reply
  • আদিত্য

    ভাল লাগিল ।

    Reply
  • অনুৰূপ

    বঢ়িয়া হৈছে। এনেকৈ গালি খাই খাই কিমান
    বিলাক জাৱৰ যে চেলিব্ৰেতি হৈ গৈছেই ঠিকেই নাই

    Reply

Leave a Reply to Pranita Goswami Barthakur Cancel reply

Your email address will not be published. Required fields are marked *