ফটাঢোল

কৌতুক – ৰিণ্টুমণি দত্ত

১)

দেবজিত : বৰঠাকুৰ, এটা কথা কওক! এই আমি পুৰুষ সকলে ক’ৰবালৈ যাব লগা হ’লে দুই মিনিটতে সাজু হৈ যাব পাৰোঁ৷ মহিলাসকলৰ কিয় ১ ঘণ্টা লাগে?

আদিত্য বৰঠাকুৰ : বিয়াৰ আগতে নিৰ্বোধৰ দৰে ময়ো একেটা প্ৰশ্নকে কৰিছিলোঁ৷ বিয়াৰ পাছতহে গম পালোঁ, মেগী আৰু বিৰিয়ানী ৰন্ধাৰ মাজত পাৰ্থক্য আছে৷

২)

ৰমেন : মই আপোনাৰ ছোৱালীক ভাল পাওঁ আৰু বিয়া পাতিব বিচাৰোঁ৷

ছোৱালীৰ দেউতাক : মাহে কিমান টকা উপাৰ্জন কৰা? মোৰ ছোৱালীক বৰ আৰামত ডাঙৰ কৰিছোঁ৷

ৰমেন : মাহে ৩১ হাজাৰ টকা৷

বাপেক : কি? তুমি জানানে মোৰ ছোৱালীক মাহিলী হাত খৰচৰ বাবেই মই ৩০ হাজাৰ টকা দিওঁ!

ৰমেন : সেইখিনিক ধৰিয়েই ৩১ হাজাৰ কৈছোঁ৷

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *