কৌতুক – বন্দিতা জৈন
লকডাউনৰ তিনি মাহ পিছত দুগৰাকী মহিলা লগ হ’ল বজাৰত। কথা পাতি কিমান সময় হ’ল খবৰ নাই৷ এগৰাকীৰ লগত এজন সৰু ল’ৰা গৈছে৷ বহুত সময় ঠিয় হৈ থকাত আমনি লাগিছেগৈ তাৰ৷ কথা শেষৰখিনি দিলোঁ দেই,
প্ৰথম মহিলা : এই বন্ধবোৰ কেতিয়ানো শেষ হ’ব জানো৷ আমনি লাগিছে আৰু৷ ঘৰত কেৱল পাকঘৰটোতে সোমাই ইটো বনোৱা সিটো বনোৱা কৰোঁতে পাৰ হয়।
দ্বিতীয় মহিলা : হয় দেই পায়, নক্কব আৰু এই বনোৱা মেলা কাৰবাৰটো৷ কালিয়েই চাওকচোন আমাৰ এওঁ ডেৰ কেজিৰ তাজা ৰৌমাছ এটা লৈ আহিছে৷ ইফালে মানুহ আকৌ চাৰিজনহে। ভাজিয়েই খাব নে তৰকাৰী খাব বুজিছে৷ ইমান গৰম বৰ এলাহ লাগে৷
ওচৰতে থকা সৰু পুতেকে মাত লগালে লগে লগে৷
সৰু ল’ৰা : ক’তনো মা? মই দেখোন নাপালোঁ।
মাক : হেই এইটো, তই শুলিগৈ দে৷
তাৰ পিছত তাৰপৰা লৰালৰিকৈ আঁতৰি আহিল৷
☆ ★ ☆ ★ ☆
5:36 pm
??
11:26 pm
সৰু ল’ৰাৰ আগত মিছ কথা কোৱা অনুচিত??
10:58 am
ফটাঢোল কোবাই আছিল মাকে পালে গমটো ন৷ হাঃ হাঃ
3:19 pm
?