ফটাঢোল

ফটালিমাৰিক – ধনজিত বৰুৱা

নিৰ্বাচন

আহিল বতৰ দেশৰ কথাৰ ৰাইজ আৰু আই

জীৱন থাকে মানে চাই যাম এনুৱা লিলিমাই

নোৱাৰা উলাব চেপাৰ 

দীপ লেভেল বেপাৰ  

দশোদিশে উঠিছে উথলি সেৱকৰ আকাল নাই

ব্যবস্থা 

চেকুলাৰ ধাৰ্মিক দুখন এই দেশৰ মহা ঢাল 

ভয় কৰোঁতাজনৰ ফলীয়া দম দিবলৈ ভাল

প্ৰকৃত ধাৰ্মিক চেকুলাৰে 

জানে কেৱল আইনেৰে 

জাবৰ  অধিক এই দেশত  সলাব দিন কাল

প্ৰজন্ম 

চুচি  পেলাই দিম মই গুটি গজিব তোৰ গছ 

তোৰ পুতেৰো একে হ’ব একে গছৰ সঁচ 

পূজা কৰি কাটিম ডা ল 

চাটাৰিং তক্তা আচবাব ভাল 

দেশ জাতি আবেগৰে কৰিম যে তচনচ

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *