ফটাঢোল

বেবেৰিবাং বহি বহি গোৱা বিয়ানাম – মিনতি মহন্ত

  1. দৰাঘৰীয়াৰ আৰু দৰাৰ বাপেকৰ প্ৰতিঃ

বজাৰলৈ গ’লো, কলডিল এটা ল’লো

এশ টকা দাম ললে হে ,

দুমুঠী ঢেকীয়া আৰু বাঁহৰ এটা গাঁজ

ঐ ৰাম , তাতো এশ টকা কলে হে ।

মাছুৱৈৰ তাত সোমালো, ৰৌ বুলি কিনিলো

এক কেজিত আঠশ টকা হে ,

পাছে নিচিনিলো মিৰিকাহে আনিলো

ঐ ৰাম তাতো খালো ব্ৰহ্ম ঠেকা হে ।

ৰামদিয়াৰ দৈ বুলি চিঞৰা শুনিলো

আনন্দ লাগিলে মনত হে ,

এই গেলা গৰমত এবাটি খামগৈ

ঐ ৰাম ঘৰে ঘৰোৱালীৰ লগত হে ।

গুঁৰ এঢলাও লগতে আনিলো

খাই যে লাগিব ভাল হে ,

তপা মূৰটোৰ ওপৰত প্ৰখৰ ৰ’দত

ঐৰাম শৰীৰটো চাৰিফাল হে ।

  1. দৰাৰ বন্ধুবৰ্গৰ প্ৰতিঃ

ধনৰ দুখীয়া হলেই চান্দা পাৰ্টি খোলা ,

য’তে ত’তে জপনা বান্ধি পকেট গৰম কৰি তোলা ।

  1. খুলশালিৰ প্ৰতিঃ

পৰীক্ষা দিবলৈ নকৰিবা চিন্তা,

আজিকালি প্ৰশ্ন যি, একেটাকে পাবা কটা । 

মিছা কলে হ’ব কি দাল, 

পৰীক্ষা শব্দটো শুনিবলেহে ভাল, 

পিছে নাভাবিবা এহি জঞ্জাল৷ 

নিচিন্ত মনেৰে লিখি যোৱা আৰামছে বহি

  1. সাম্প্ৰতিক পৰিস্থিতি সাপেক্ষেঃ

মহামাৰীৰ বীজাণুৰ ভেকচিন নাই,

বিজ্ঞানীয়ে অহৰহ লটিঘটি খায় ।

মৰকেলেহুৱা ভাইৰাছৰ নাটকবোৰ চাই ,

বিতচকু কেইযোৰমানকে  বনাব হ’ব পায়।

মাখি মৰাদি মাৰিব পাৰিলেচোন কথাই নাই ,

ভৰিৰ হাৱাই উলিয়াই মাৰ উৰাই  ঘূৰাই ।

  1. চিন্তিত আৰু দুখ কৰি থকা কইনাঘৰীয়াৰ প্ৰতিঃ

ডিজিটেল যুগত অলেখ যন্ত্ৰৰ

ভৰি আছে বজাৰ ,

কিছুমান দামী, কিছুমান সস্তা 

মুঠতে বৃহৎ সমাহাৰ ।

নালাগে কৰিব কোনেও কষ্ট 

সময় কাৰো নহয় নষ্ট ।

পুৰনা হওক বা নতুনেই হওক

অলপ ঘোদালিলেই হয় ,

এই মুলুকত ষড়যন্ত্ৰ বুলি এবিধ যন্ত্ৰ

নুখুজিলেও বিনামূলীয়াকৈ পায় ।

☆ ★ ☆ ★ ☆

11 Comments

  • নীলাঞ্জনা

    বৰ ভাল লাগিল দেই৷ হাঁহি উঠিল৷

    Reply
    • Minati Mahanta

      ধন্যবাদ , তোৰ জহতে মাথো ।
      তই ইমান কামৰ মাজতো আলোচনীখন আমাৰ মাজত উলিয়াই দিয়া বাবে অভিনন্দন আন্তৰিকতাৰে জ্ঞাপন কৰিলো । ভগৱানে তহঁতক কুশলে ৰাখক ।

      Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া হৈছে৷ গদ্য টাইপ ৰসাল আৰু আকৰ্ষণীীয়

    Reply
  • জিতু

    ভাল লাগিল

    Reply
  • ৰিণ্টুমনি

    খুব ভাল লাগিল খুৰী

    Reply
  • জয়ন্ত গগৈ

    ভাল লাগিল আমৈদ’।
    বিয়ানামৰ শব্দবোৰে সেই তাহানিৰ জয়া মহিলা সমিতিৰ তাঁতশালত আপোনালোকৰ ফুচুৰি কথোপকথনলৈ মনত পেলাই দিলে।

    Reply
    • Minati Mahanta

      ধন্যবাদ জয়ন্ত । তোমাৰ মনত আছে তাৰ মানে ! সেইদিন বোৰলৈ বৰ মনত পৰে ।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *