ফটাঢোল

প্ৰেমৰ মিড-দে মিল-মনজিৎ

যদু : য়ে কি ধুনীয়া ছোৱালী চা চা?

মধু : আৰে চুইটি একদম

হৰি : নিজৰ নবৌৱেৰক চুইটি ক’বলৈ লাজ নালাগে তহঁতৰ!

যদু : ইয়ে কোন নবৌ হাঁ? কাৰ নবৌ?

মধু : অঁ কাৰ নবৌ…নবৌ হোগা তেৰা…মোৰ কাৰচ হয় কাৰচ৷

হৰি : ইনচে মিলিয়ে কাৰচ নহয় হেৰৌ মূৰ্খ ক্ৰাচ বুলি কয় ক্ৰাচ৷ ইংলিছ নাজানিলে কৱ কিয়? হাঃ হাঃ!

যদু : নিজক বেইজ্জত কৰিবলৈ আকৌ। নিজক কেনেকে বেইজ্জত কৰিব পাৰি তাৰ ক্ৰেচ কোৰ্চ কৰা আছে ন ইয়াৰ৷ 

যদু আৰু হৰিয়ে মধুক ঠাট্টা কৰি হাই ফাইভ দিলে।

মধুৰ খং উঠাত উচাত মাৰি গুচি গ’ল।

 

মধু : মই পতাই আছোঁ চাই থাক৷ 

 

দুয়োটাই একেলগে : হেৰৌ যা যা কাৰচ স্পেলিংটো জিভাত ফুটাই ল তাৰ পিছত পতাবি। 

দুয়ো সি যোৱাৰ ফালে চাই হাঁহিলে। আৰু ভিতৰি ঠিক কৰিলে যিহেতু মধু প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল সেয়ে সিহঁত দুয়োটাৰ মাজত প্ৰতিযোগিতা হ’ব যিয়ে আগতে পতাব পাৰে টেট বাইদেউ তাৰ হ’ব আৰু ইজনে নবৌ বুলি মাতিব লাগিব। দুয়োৰে অংকটো হ’ল টেট মাষ্টৰনী পতালে সিহঁতে বিনদাচ ঘূৰি ফুৰিব পাৰিব তাইৰ দৰমহাৰে চলিব পাৰিব ন। পিছত চাকৰি বাকৰি বা বিজনেছ কৰি খাব আৰু। মধু বাৰু আঁতৰিল, পিচে সিহঁত দুটাৰ কোনে আগতে চেষ্টা কৰিব তাৰ বাবে টচ কৰিবলৈও মুদ্ৰা এটা নাছিল বাবে চিখৰৰ পেকেটকে ওপৰলৈ দলিয়াই দুইটাই কথাটো চূড়ান্ত কৰিলে। যদু জিকে। সেয়ে ঠিক হ’ল স্কুললৈ যাওঁতে যদুৱে চেষ্টা কৰিব আৰু উভতি আহোঁতে হৰিয়ে। কথা মতে কাম৷ দুয়ো নিজ নিজ পৰিকল্পনা অনুসৰি খেলপথাৰত নামি পৰিল৷

যদুৱে স্কুল যোৱাৰ সময়ৰ আগতেই তাই অহা বাটত ৰৈ থাকে। তাইক দূৰৰ পৰা দেখাৰ লগে লগে বুকু ঢপঢপাই তথাপিও তাই অহা বাটত চাইকেলৰ চেইন পৰা ভাও ধৰি তাইলৈ চাই থাকে৷ তাই আহোঁতে তাই দেখা পোৱাকৈ চিঠি এখন সৰু শিলগুটি এটাৰ লগত দলিয়াই দিয়ে। পটকৈ সমুখত চিঠিখন দেখা পাই অলপ পৰ ৰৈ দিয়ে ইফালে সিফালে চাই দেখে যদুৱে চেইন থিক কৰা ভাও ধৰি তাইলৈ চাই আছে। চকুৱে চকুৱে পৰাত যদু পলাই পত্ৰং দিয়ে৷ সেয়ে তাৰ পৰা পলাই আনকি ঘূৰিও নাচালে তাই কাগজখন ল’লে নে নাই। তাৰপিছত আবেলিলৈ হৰিৰ পাল। সি যদুৱে কি কৰিছিল চাই আছিল মনে মনে৷ সেয়ে অলপ তাতকে এখাপ ওপৰত কল্পনা পৰিকল্পনা বনাই সাজু হ’ল সি৷ 

যদুৱে শিলগুটিৰ লগতহে চিঠি বান্ধিছিল৷ হৰিয়ে চিঠিৰ বিশ টকীয়া চকলেট এটাৰ লগত চিঠিখন ছোৱালীয়ে চুলিত মৰা ক্লিপ এটাৰে সাঙুৰি তাইৰ সমুখত পেলাই দিয়ে। বাকী পদ্ধতিটো একেই। তাৰ চকলেটে কাম দিলে যেন লাগিল কাৰণ চিঠিখন বুটলি চালে তাই। ইফালে সিফালে চাই  চিঠিৰে চকলেটটো বান্ধি বেগত ভৰালে। হৰিৰ চকুৱে চকুৱে পৰিল৷ চিঠিখনো আকৌ জমনি তাহানিৰ কবিতাৰে আৰম্ভ কৰা ৰোমাণ্টিক নহয়। ফেচবুকৰ ইনবক্সত মেচেজ দিয়াৰ দৰেহে “hi ki krsa tumi bhut bhut dhunia whtsaap no tu diba na plz” বচ সিমানেই। চিঠিখন সামৰা দেখি হৰি আনন্দত আত্মহাৰা হৈ পৰিল৷ ইফালে মনে মনে চাই থকা যদুৰ মাথা বেয়া! যেন উদং বিস্কুটৰ টেমা এটাহে!  হৰি আগবাঢ়ি যোৱা দেখি তাৰ জ্বৰ উঠোঁ উঠোঁ অৱস্থা৷

 

স্ক’ৰ হৈছে যদু = ০  হৰি=১

পিছদিনা যদুৱে অলপ ওপৰলৈ আৰু তাতোকৈ দকৈ ভাবিলে। হিমাংশু দাৰ কবিতাৰ দৰে কলেজলৈ যোৱা বাটত যেন দুয়ো খুন্দা খাব এখন এখন কৈ কিতাপ তুলি দিব আৰু তাৰ পিছত দুইচকুৰ মিলন হ’ব, প্ৰেম হ’ব, বাঃ কি মস্তি! ভবা মতেই কাম৷ হিচাপ মিলাই মিলাই দিলে খুন্দা মাৰি৷ পিচে আগে পিছে অভ্যাস নাই জোখ নাজানিলে ছোৱালী উফৰি খালত পৰাৰ পৰা বাচিল কিবাকে৷ ৰাস্তাত চিটলাং খাই পৰিল। লগতে যদুৰ প্ৰেমো উফৰি পৰিল। ছোৱালীজনীয়ে মুখেৰে কিবা কিবি ভোৰভোৰাই হাত চাত মুচি খেদি আহিব খুজি দেখে যদু নাই তুফানী ধঙত পলাইছে তাৰ পৰা। হৰিক কোনে পাই দূৰৰ পৰা চাই ঠাইতে জঁপিয়াই দিলে ফূৰ্তিতে ক’ব নোৱাৰা হৈ। আবেলিলৈ হৰিৰ প্লেন। ভলিনি স্প্ৰে এটালৈ ৰৈ আছে, ৰৈয়ে আছে, তাই উভতি অহা বাটত। লগতে সৰুকৈ চিঠি এখনো, “তুমি পৰিলা ৰাস্তাত৷ দুখ পালোঁ মই বুকুত। ভলিনি লগাই দিবা বিষবোৰ ভাল হৈ যাব। মোৰ বুকুৰ বিষ ভাল কৰিবলৈ তোমাৰ নম্বৰটি দিবলৈ নাপাহৰিবা মাথো। ইতি তোমাৰ হেৰি”৷ কালি মিচিকিয়াই দিয়াত তাৰ আত্মবিশ্বাস  বাঢ়িল৷ সেয়ে এইবাৰ দলিয়াই নিদি তাইৰ ওচৰ চাপি গৈ হাতে হাতে দিলে আৰু তাইয়ো বস্তুটো হাত পাতি লৈ মিচিকিয়াই দিলে। হৰিৰ ফূৰ্তিত উশাহ বন্ধেই হ’ব খুজিছিল কোনোমতে ৰখালে। ইফালে মনে মনে চাই থকা যদুৰ মাথা আগতকৈয়ো বেয়া কাৰণ খেলাত হাৰি গ’ল৷

 

স্ক’ৰ হ’ল যদু= ০ হৰি=২

সন্ধিয়া দুয়ো লগ হ’ল আৰু কথামতেই যদুৱে দুখমনেৰে বুকুত এচপৰা গধুৰ শিল থৈ নবৌ বুলি মানি ল’লে। পিছদিনা‍ পুৱা হৰিয়ে চিধা প্ৰস্তাবটো দিয়াৰ পৰিকল্পনা কৰিলে৷ আৰু পতাবই পতাব যদি সঁচাকৈ পতি যায় সি যদুক এটা চুপাৰ দুপাৰ বাম্পাৰ পাৰ্টি দিব। কথা মতে কাম। পুৱাৰ সময়খিনিৰ পৰা যদু আঁতৰি যোৱাত গোটেই দিনটো তাৰ হৈ গ’ল। সেয়ে গোলাপ ফুল লৈ আঁঠু কাঢ়ি চিনেমাৰ ধঙত প্ৰস্তাব দিয়াৰ আঁচনিৰ যোজা চলিল৷ যদুৱে ৰেকৰ্ডিং কৰিব বোলে ইউটিউবতো আপলোডাব। ফেচবুকত লাইভ আহিব লাইভ ৰোমান্স হেনো ভাইৰেল কৰি দিব। পুৱা একঘণ্টা আগতেই দুয়ো সাজু নিজ নিজ স্থানত৷ পিচে আজি কি কথা ঔ! আনকালে ৯ বজাত অহা ছোৱালী ৯.৩০ বজালৈকে দেখাদেখিয়েই নাই কি আচৰিত। প্ৰতিটো মিনিট ঘণ্টাৰ দৰে লাগিব ধৰিলে। ১০ বাজিবৰ হওঁতে দেখে বাইক এখন আহিছে পিছফালে সপোন কুঁৱৰী লাহে লাহে ওচৰ চাপোতে চক খাই গ’ল দেখে মধুৰ বাইকত তাহাঁতৰ সপোন কুঁৱৰী, সিহঁতৰ কাৰচ। দুইটাৰে মুচকচ যাওঁ যাওঁ অৱস্থা৷ কিন্তু এয়া কি আৰু কেনেকৈ সম্ভৱ। মধুৰ লগত? চকুকেইটা মোহাৰি চালে যদুয়ে৷ অহ ন’ বুলি যদু মূৰ ঘূৰাই পৰি যাব খুজিছিল হৰিয়ে কোনোমতে ধৰে। মধু বাইকত আহি তাহাঁতৰ কাষত ৰ’ল। দুয়োটাৰ মাত বোল বন্ধ৷

 

মধু : আৰে যদু আৰু হৰি দেখোন। কি কৰি আছা ইয়াত? 

হৰি : এহ নাই এনেই! সেমেনা সেমেন কৰি।

মধু : চুইট হাৰট এয়া মোৰ ফেৰেন যদু এণ্ড হৰি হাঁ। এণ্ড ফেৰেনচ মিট মাই জি এফ এঞ্জেল তুলতুলি। 

তুলতুলি : হেল্ল ফ্ৰেনচ

যদু+হৰি : হেল্ল’….

মাতষাৰত বুকু ভাগি যোৱাৰ কৰুণ সুৰ একদম। যেন ভাওনাৰ বিলাপ ওলাই যাব৷ 

মধু : অ’কে ফেৰেনচ তেওঁৰ স্কুললৈ লেট হৈছে তোমালোকক লিভ কৰিছোঁ দেই এতিয়া। বাই! গুদ নাইট৷ 

গুদ নাইট এই ৰাতিপুৱাখন? মধুৰ ইংৰাজী যেতিয়া সকলো সম্ভৱ৷ সিহঁতেও দিনতে ৰাতি দেখা যেন পালে৷

দুয়োটাই বাই দি গুচি গ’ল৷ ইহঁত দুটা শিলপৰা কপৌৰ দৰে তাহাঁত যোৱালৈ চাই ৰৈ থ‍কিল। এটা কথা বুজি নাপালে টেট মাষ্টৰনীজনী বেলবুং মধুলৈ পতিল কেনেকৈ?

আবেলিৰ কথা৷ চকৰ ফাষ্টফুড দোকানখনত  মধু আৰু তুলতুলিক দেখি  সিহঁতে কাষৰ টেবুলখনতে মধুহঁতে গম নোপোৱাকে বহি সিহঁতে কিনো কথা পাতে শুনিবলৈ চেষ্টা কৰিলে। 

 

মধু : ৱেইটাৰ প্লিজ এইফালে কাম।

প্ৰেম হোৱাৰে পৰা ইংৰাজী নুগুচাই হ’ল এইডালৰ৷ 

ৱেটাৰ : দাদা কওক কি খাব।

মধু : টেল মি হোৱাট এভেলভেল ইন ইউৰ দোকান

ৱেটাৰ : চাওমিন, ৰ’ল, বাৰ্গাৰ, পিজা, আলু চপ, চিকেন চপ চব পাব। আপুনি কি খাব? 

মধু : অকে গিভ মি চাও চাও একপিলেট। এণ্ড চুইট হাৰ্ট হোৱাত ইউ ইট।

তুলতুলি : এহ এইবোৰ মই নাখাওঁ দেই মোক খিচিৰি লাগিব। আজি ইচকুলত চাউল শেষ সেয়ে বনাব নোৱােৰিলোঁ। বৈদ্য ভোক লাগিছে এইবোৰ খালে পেটহে বেয়া কৰিব। খিচিৰি নাপাই নেকি দাদা আপোনাৰ তাত।

ৱেটাৰ : হেঃ হেঃ ভণ্টি কি কথা কোৱা হে?

মধু : আৰে ৰ’বাচোন ৰ’বা স্কুলত তুমি খিচিৰি কিয় বনোৱা? 

তুলতুলি : অ খা ভীমকলটো, মই নবনালে কোনে বনাব?

মধু : মানে কি ক’ব খুজিছা তুমি টেট মাষ্টৰনী হৈ খিচিৰি কিয় বনোৱা?

অলপ আগলৈকে ইংৰাজী ফালি থকা মধুৰ টেনচনত বিলাতী নিচা যেন উৰি গ’ল।

তুলতুলি : আৰে ভাই কোনে ক’লে মই টেট মাষ্টৰনী বুলি?

মধু : কিয় তুমি সদায় ৯ বজাত মেখেলা চাদৰ পিন্ধি  স্কুল যোৱা আবেলি ঘূৰি আহা টেট মাষ্টৰনীয়েহে যায় কিবা তেনেকৈ?

তুলতুলি : কোনে ক’লে টেট মাষ্টৰনী যায় তেনেকৈ মিড দে মিলৰ ৰান্ধনীও যায় বুজিছা টাইমত নহ’লে চাউল ধোৱা, পাচলি কটা কামবোৰ কোনে কৰিব দুপৰীয়া খিচিৰি নাপালে ল’ৰা-ছোৱালীবোৰে উৎপাত কৰে ন। আৰু বাচন চাচন ধুই অহালৈ আবেলি হয় গৈ। দেউতাহে আচলতে ৰান্ধনি৷ দুবছৰ ধৰি দৰমহা নাই বাবে দেউতা হাজিৰা কৰিবলৈ যায় আৰু মই তেওঁৰ কাম কৰোঁ। খিচিৰি হ’ব নাই সোধা না দাৰ্লিং। বৰ ভোক লাগিছে। আৰু ৫০০ এটা দিবাচোন দেই জান, জিঅ ৰিচাৰ্জ শেষ হ’ব আজি মোৰ। 

মধু বজ্ৰপাত পৰা মানুহৰ দৰে থৰ লাগিল। তুলিতুলিয়ে লৰাই দিলত হে সম্বিত ঘূৰি আহিল। 

মধু : তুমি কিবা এটা আৰ্ডাৰ দিয়া মই এটি এমৰ পৰা আহোঁ পইচা লৈ বুলি কৈ তাৰ পৰা পলাল যি পলাল। কাষৰ টেবুলত বহি কথাবোৰ শুনি থকা ইহঁত দুটাই কোনো মতে হাঁহি ৰখাই তাৰ পৰা বাহিৰ ওলাল। 

মধু যোৱা গলিটোৰ ফালে অলপ দূৰ গৈ দেখে মধুৱে বাইকখনকে গুৰিয়াই আছে। 

হৰি+যদু : কি হে ফেৰেন কিবা টেনচন নেকি?

মধু : হেই জ্বলাব নাহিবি দেই৷ 

হৰিয়ে একো নজনা ভাও ধৰি লেনিয়াই সোধে,

হৰি : কি হ’ল আমাক ক না৷

মধু : আৰে দিনে দুশ টকাত বাইক ভাড়ালৈ আনি টেট মাষ্টৰনী বুলি ভাবি পতাইছিলোঁ, ভাবিছিলোঁ বিন্দাচ পকেট খৰচ ওলাব। চা মোৰ ফুটা কপাল মিদ ডে মিলৰ ৰান্ধনিৰ জীয়েক ওলাল ৰে! ৰেষ্টুৰেণ্টত গৈ খিচিৰি হ’ব নেকি বুলি সোধে চাচোন চা।

হৰি+যদু : ইচ ইচ ইচ.. বৰ বেয়া কথা হ’ল৷ দে একো নাই৷ জীৱনত উঠানমাবোৰ থাকেই দেচোন। পিচে অলপ আগত আমাক লাজ দিছিলি এতিয়া নিজেই লাজ পাইছ নহয়নে? সেইকাৰণে ফেৰেনক লাজ দিব নাপায়৷

মধু : আৰে নোজোকাবিচোন একদম মূৰ গৰম হৈ আছে।

হৰি+যদু : নোজোকাওঁ দে গানকে এটা গাওঁ

বন্ধুক প্ৰতাৰণা কৰি পাইছিল প্ৰেম বিচাৰি

টেট বাইদেৱে বিচাৰিলে ৰেষ্টুৰেণ্টত খিচিৰি..

আওঅ ৰাম আওঅ হৰি আমাক বন্ধু নাজাব পাহৰি

 

এই বুলি গাই গাই গুচি যায়৷ মধুৱে বাইকতে জোৰেৰে ঘুচিয়াই৷

 

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *