ফটাঢোল

প্ৰেমৰ সপ্তাহত পৰীক্ষা-দিম্পল কলিতা

সঁচা কথা ক’বলৈ গ’লে দিম্পলে ভেলেণ্টাইন সপ্তাহ পালন কৰি পোৱা নাই, অৱশ্যে পাতিম নো কাৰ লগত। বাৰু থাকক মোৰ দুখ ভৰি কাহিনী। 

যোৱাবছৰৰ ঘটনা অসম সচিবালয়ত লিখিত পৰীক্ষা৷ ৰাতিপুৱাই সাজি কাঁচি আহিলোঁ পৰীক্ষা চেণ্টাৰলৈ৷ ইফালে সময় তেতিয়া ভেলেণ্টাইন সপ্তাহৰ৷ আৰু সেই মহান উৎসৱৰ পৰম্পৰা অনুসৰি মোৰ বয়সৰ ল’ৰাবোৰে নিজৰ নিজৰ সম্পত্তি বুলি ভবা প্ৰেয়সীকেইজনীক পৰীক্ষা দিয়াবলে আনিছে। বাৰু যি নহওক সঁচা প্ৰেম আছে? নহ’লে নো ফেব্ৰুৱাৰী মাহৰ ঠাণ্ডা দিনত ল’ৰা এটাই এজনী ছোৱালীৰ নামত ইমান ৰাতিপুৱা শুই উঠি পৰীক্ষা দিয়াবলে আনিব নে? মোৰ বাবে চাগে সেয়া অসম্ভৱ ঠাণ্ডা দিনত সোনকালে ৰাতিপুৱা শোৱাপাটী এৰিব লাগিলে মোৰ নিজকে বলি দিওঁ যেনেই লাগে৷

স্কুলখনৰ এঘাৰ নম্বৰ ৰূমটোত মোৰ ৰোলনম্বৰ৷ একদম শেষৰ বেঞ্চখনতে মোৰ চিট, কলম আৰু এডমিতখন হাতত লৈ বহি আছোঁ ইফালে সিফালে চাইছোঁ। কেইটামানৰ আকৌ বৰ টেনশ্যন৷ সেয়াই আছিল সিহঁতৰ প্ৰথম পৰীক্ষা চাকৰি সংক্ৰান্তীয়। যেন কিবা অলপ ভুল হ’লেই হাতৰ পৰা গ’ল চৰকাৰী চাকৰিটো৷ দুজনী ছোৱালীয়ে ৰূমটোত কিবা ফুচফুচাই আছিল৷ সিহঁত যে বহুত দিনৰ চিনাকি, সেয়াও নহয় কাৰণ সিহঁতৰ নিজৰ পৰিচয় দিয়া পৰ্বটো মোৰ চকুৰ সন্মুখতে হৈছিল। সিহঁতৰ নাম মোৰ মনত ৰৈ গৈছিল ভালকৈ। ছোৱালী যে অলপ বেছিয়েই গুৰুত্ব দিছিলোঁ সিহঁতক৷ সেইদিনা এটা কথা বুজিলোঁ কোনো কাৰণ, বিষয় বা চিনাকি নহ’লেও অচিনাকি হ’লেও নাৰীৰ লগত নাৰীৰ কথাৰ শেষ নহয়। 

এনেতে আন এজনী নাৰীৰ প্ৰৱেশ ৰূম নম্বৰ এঘাৰত৷ ধুনীয়াৰ সংজ্ঞাবোৰ কেতিয়াবা সৰু হয় যায় যে ঠিক সিমানখিনিয়েই ধুনীয়া আছিল তাই। ৰাতিপুৱা তিতা চুলিৰে প্ৰৱেশ কৰা প্ৰথমজনী ছোৱালী আছিল তাই। চেম্পুৰ গোন্ধই ইতিমধ্যে নাকত ঠাই লৈছিল। যদিও নতুন আছিল সেই চেম্পুটোৰ গোন্ধ কিন্তু কিবা এটা ভাল লগা আছিল৷ এখন এখনকৈ ডেস্কট নিজৰ ৰোল নম্বৰটো বিচাৰি মোৰ ওচৰ পালেহি৷ আৰু মোলৈ এটা মিঠা হাঁহি এৰি মোৰ বেঞ্চত তাই৷ আৰু তেতিয়াই মই জানিছিলোঁ মোৰ পৰীক্ষাৰ ৰিজাল্ট৷ তাইকে চাম নে পৰীক্ষাত মনোযোগ দিম এয়া ভাৱিবলৈ গ’লে মনে নামানিব তাইক যে নোচোৱাকৈ মই থাকিব পাৰিম সেই তিনি ঘণ্টা সময়। অসম্ভৱ মোৰ মন ইমান নিৰ্দয় নহয়!পৰীক্ষা আহিব যাব কিন্তু এই তিতা চুলি, এই চেম্পুৰ গোন্ধ আৰু মিঠা হাঁহি এইখিনি ভাগ্যই বাৰে বাৰে নিদিয়ে৷

অলপ সময় নীৰৱতা৷ তায়ে প্ৰথমে মাত দিলে,

: দাদা

মই বেয়া পোৱা এটা শব্দ ছোৱালীৰ মুখত৷ মই কিন্তু ভণ্টি বুলি  কোৱা ভকত নহয়৷ চিনাকি পৰ্ব হ’ল আমাৰ মাজত, তাই প্ৰথম বাৰ এনেকুৱা পৰীক্ষা দিব৷ গতিকে OMR শ্বিটখন পুৰাবলৈ শিকাই দিব লাগে। অমুকাই আৰু নিদিব নে শিকাই, সেয়া আপোনালোকেও জানে মই কিমানখিনি সমাজ সেৱক এনেবোৰ ক্ষেত্ৰত৷ ছিটিবাছত কাষত ছোৱালী বহিলে গন্তব্য স্থানতকৈ তিনিটা ষ্টপেজ বেছিকৈ গুচি যোৱা মানুহ গতিকে এইবোৰ তেনেই চিমপুল সহায়। দিম বুলি কোৱাৰ লগতে তাইক অলপ সাহস আৰু উৎসাহ দিলোঁঁ৷ শেষত লাহেকৈ চাকৰি হ’লে কিন্তু পাৰ্টি লাগিব বুলি ক’লোঁ৷ আকৌ সেই মিঠা হাঁহিটো এৰিলে৷ তাই একেমুখে ক’লে,

: নিশ্চয় দিম দাদা আজি প্ৰমিছ ডে৷ আপোনাক প্ৰমিছ দিলোঁ। আশীৰ্বাদ কৰিব মই যেন সফল হওঁ। 

ঋষি-মুনিয়ে হাতখন মূৰত তুলি আশীৰ্বাদ দিয়াৰ দৰে দিবলঋ মন গৈছিল সেই মুহূৰ্তটোত৷ কিন্তু নিজক বান্ধিলোঁ৷ মনতে ভাবিলোঁঁ, “হাও ছোৱালী এক্টিভচোন, এইবোৰ দিৱস মানে৷”

পৰীক্ষা আৰম্ভ হ’ল, পেপাৰ দিলে, OMR খন ফিলাপ কৰাত সহায় কৰি দিলোঁ। সহজ উত্তৰকেইটা লিখিব পৰাকৈ ব্ৰেইনটো চলি আছিল যদিও বেছি কঠিন প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰা নাছিলোঁঁ সেই তিনি ঘণ্টাত। কাৰণ পৰীক্ষাৰ সময়খিনিত মোৰ মনত এটা প্ৰশ্ন নিজে বাঁহ লৈছিল, আজি যদি প্ৰমিছ ডেৰ সলনি সাৱটি দিয়া দিৱস(Hug day) হ’ল হয়, তাই চাগে পাৰ্টি হিচাপে মোক….!

☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *