পুলিচগিৰি – অভিজিৎ গোস্বামী
ঘটনাৰ সময় ২০১৪ চন, এই গুৱাহাটী মহানগৰৰ কাহিনী। সেইসময়ত মই ডালমীয়া চিমেণ্টত কৰ্মৰত আছিলোঁ। মোৰ অধীনত কামৰূপ গ্ৰাম্য জিলাৰ উত্তৰ গুৱাহাটীৰ পৰা ৰঙিয়ালৈকে প্ৰায়বোৰ জেগাই পৰিছিল। গতিকে প্ৰায় ৰাতিপুৱাই বাইক লৈ ওলাই গৈ দিনটো কাম কৰি গুৱাহাটীৰ হাতীগাঁৱত থকা ভাৰাঘৰলৈ সন্ধিয়া উভতি আহিছিলোঁ। কেতিয়াবা উত্তৰ গুৱাহাটীৰ পৰা ফেৰি যোগেদিও আহিছিলোঁ। সেইটো সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত এখনেই দলং আছিল। আনখনৰ কাম চলিহে আছিল চাগে। গতিকে সেই ৰাস্তাত অহা-যোৱা কৰা ৰাইজে কেনে এটা ট্ৰেফিকজামৰ সন্মুখীন হ’ব লগীয়া হৈছিল সেইটো ভুক্তভুগীয়েহে জানে। প্ৰায়ে দুইৰ পৰা তিনিঘণ্টা সময় সেই জামত লাগিছিল। কেতিয়াবা তাতকৈও বেছি হৈছিল।
এতিয়া মূল ঘটনালৈ উভতি আহিছোঁ। সেইটো সময়ত মোৰ বচ আছিল গোলাঘাটৰ দাদা এজন। গুৱাহাটীৰ ল’ৰা এজনো আছিল। তেওঁ সেইফালৰ কিছু অঞ্চল চাইছিল, গতিকে মাজে সময়ে আমি তিনিওজন একেলগে গ্ৰুপ ভিজিটত গৈছিলোঁ। তেতিয়া প্ৰায়ে আমি অফিছৰ ব’লেৰ গাড়ীখন লৈ গৈছিলোঁ, গতিকে ঘূৰি মেলি আহোঁতে যথেষ্ট পলম হৈছিল। মোৰ বচজন আকৌ দেখাত মংগোলিয়ান লুক এটা আছিল আৰু প্ৰায়ে চুলি চুটি চুটিকৈ কাটিছিল। প্ৰায়ে তেওঁ জীনচ্ পেণ্টৰ সৈতে খাকী বা আৰ্মীৰ টি চাৰ্ট পিন্ধিছিল, লগতে অলপ ডাঙৰ বুট জোতাও পিন্ধিছিল। কাৰণ আমি ছেলছৰ মানুহবোৰে প্ৰায়ে পিঅ’ৰ ফৰমেল ড্ৰেচ পিন্ধিহে মাৰ্কেটত গৈছিলোঁ। সপ্তাহৰ শণিবাৰে বাৰু আমিও জীনচ পিন্ধিব পাৰিছিলোঁ। মোৰ বচৰ দুজনমান বন্ধু আকৌ অসম পুলিচৰ উচ্চ পদবীত বিভিন্ন ঠাইত কৰ্মৰত আছিল। গতিকে কেতিয়াবা ৰাতি বিয়লি কিবা অসুবিধাত পৰিলেও তেওঁলোকৰ লগত যোগাযোগ কৰি সমাধান উলিওৱা হৈছিল। এনেদৰেই এদিন কাম কৰি ঘূৰি আহি গৌৰীপুৰ পাওঁতেই প্ৰায় ৭ বাজিছে। সেইদিনা জাম কিন্তু গৌৰীপুৰৰ পৰাই লাগিছিল। জাম দেখি আমাৰ মূৰ গৰম হৈ আহিলেই যে, হ’ল আৰু আজি ঘৰ পোৱালৈ ১২ বাজিব। তেনেদৰেই খুপি খুপি আহি শৰাইঘাট দলঙৰ মূৰ পাইছোঁহি। প্ৰায় এঘণ্টামান লাগিছেই তেতিয়ালৈকে। তেনেতে হঠাতে সিটো লেনৰ পৰা এখন মালবাহী ট্ৰাকে অভাৰটেক কৰিবলৈ আহি ইটো লেনত সোমাই ভিৰটো একেবাৰে মন্থৰ কৰি পেলালে। বচে লাহেকৈ লগৰটোক নাম কাঢ়ি মাতি ক’লে,
“দিবচ কিবা জেং এটা নকৰিলে নহ’ব বুজিছা”
আমি দুটাই বোলো- “কি কৰোঁ ছাৰ!”
“আজি ড্ৰেচ পূৰা পুলিচৰ হৈয়ে আছে গতিকে স্পেছিয়েল ব্ৰাঞ্চৰ অফিচাৰ হৈ যাওঁ বুজিছা! তোমালোক দুটাও বগা চাৰ্ট, ক’লা পেণ্টত আছা, গতিকে মিলি যাব। গাড়ীখনটো কমাৰ্চিয়েল ৰেজিষ্টাৰ ব’লেৰ গতিকে একো টেনচন নাই।
দুয়োটাই খালী দলঙৰ ওপৰত হোম গাৰ্ড কেইজন আছে চাই মেলি অলপ উৎপাত লগাই দিয়া। ভিৰ খালী হৈ যাব পক্কা।”
গাড়ীৰ ড্ৰাইভাৰজনে লাহেকৈ মাত দিছে, দাদা গাড়ীৰ পিছফালৰ চিটত বেতৰ লাঠি দুডালো পৰি আছে। আহ, তেনে কথাই নাই বুলি আমি দুটাই লাঠি দুডাল উলিয়াই প্ৰথমেই লেন ভাঙি অহা গাড়ীখনত গৈ হামলা দিলোঁৱেই। তাৰ পিছত সেইখনক ধমকি দি চাইদ কৰাই উলিয়াই পঠিয়াই বাকী ওলোটা ওভোটাকৈ আহি থকাবোৰক ৰখিবলৈ ক’লোঁ। আচৰিত ভাবে মানুহবোৰে নিয়ম মনাত লাগি গ’ল। লাহেকৈ বচ নামি আহি অলপ লেভেল দেখুৱাই গাড়ী দুখনমানক ধমকি লগাই আকৌ গাড়ীত বহিল গৈ। সুবিধা বুজি আমাৰ ড্ৰাইভাৰজনেও গাড়ী আগুৱাই আনি আছে চাইদো দিছে প্ৰায় গাড়ীবোৰেই। তেনেদৰেই ভালেখিনি আগুৱাই অহাৰ পাছতে হোম গাৰ্ড এজন হুইচেল বজাই বজাই দৌৰি আহি পাই, কোন বুলি সুধিবলৈ নাপাওঁতেই, দিবচে ধমকি লগালেই নহয়- “ক’ত সোমাই থাকে হে আপোনালোক, দেখা নাই কি জাম লাগিছে”। আমাৰ স্পেছিয়েল ব্ৰাঞ্চৰ ডি.এচ.পি ছাৰৰ মূৰ গৰম হৈ গৈছে আপোনালোকক নেদেখি। তেওঁ লাহেকৈ গাড়ীৰ ওচৰলৈ গৈ বচক চেল্যুট মাৰিছে গৈ, বছৰ দাইৰেক্ট প্ৰশ্ন “ক’ত সোমাই থাকা হে তোমালোক? ঘৰ ক’ত তোমাৰ? যোৱা যোৱা অলপ লাগি খালী কৰা ৰাস্তা।”
মোৰ উঠি অহা হাঁহিটো কিবাকৈ টিপি গাড়ীত গৈ বহিছোঁগৈ। তেওঁ পূৰা হুইচেল মাৰি ৰাস্তা খালী কৰি আগত থকা জনকো জনাই দিছে। গতিকে বহু গাড়ীয়ে চাইদত ৰৈ দিছে আমাক পাৰ হৈ যাবলৈ দিয়াৰ বাবে। আমিয়ো খালী ৰাস্তা পাই ফাই ফাই গাড়ী দৌৰাই ভিৰৰ পৰা ওলাই আহিলোঁ। এই অভিযান পিচে পৰবৰ্তী কালতো তিনি চাৰি বাৰৰ বাবে চালু ৰাখিছিলোঁ সম্পূৰ্ণ সফলতাৰে।
☆ ★ ☆ ★ ☆
11:15 am
ভাল জমনি হৈছিল ৷
4:22 pm
ধন্যবাদ বা অলপ উৎপাত কৰা দিন আছিল আৰু এইবোৰ
12:05 pm
বঢ়িয়া৷ উপস্থিত বুদ্ধি৷
4:23 pm
ধন্যবাদ দাদা ? কিমান জামত ৰব আৰু
12:07 pm
সংঘাটিক হৈছে
4:23 pm
ধন্যবাদ বৰ্নালী ?
2:37 pm
বঢ়িয়া
4:24 pm
ধন্যবাদ অনামিকা ?
2:59 pm
সুন্দৰ
4:24 pm
ধন্যবাদ ?
3:05 pm
উপস্থিত বুদ্ধি, জমনি ও হল ।?
4:25 pm
ধন্যবাদ, অলপ উৎপাত কৰিব লাগে যে জীৱনত ?
4:05 pm
ভাল লাগিল পঢ়ি দাদা
4:25 pm
ধন্যবাদ ?
4:52 pm
বুদ্ধিত বৃহস্পতি…..ভাল ভাল ।
4:26 pm
ধন্যবাদ দাদা ? হৰিয়ে গুণ এইটো দিছে আৰু অলপ ?
10:28 pm
তামাম দেখোন! মোৰো এটা কেচ আছে৷ কম ৰবা
4:26 pm
ধন্যবাদ দাদা, লিখিব চোন প্লিজ
11:43 pm
মজ্জা। Special branceৰ অফিচাৰ বুলি শুনি হোম গাৰ্ড কেইজনৰ কি অৱস্থা হৈছিল চাগে!
4:27 pm
কৈছা হে নে মুখ শুকাই গৈছে ?
7:43 am
মজা লাগিল পঢ়ি । হোমগাৰ্ডকেইজনে কমখন ভয় খালেনে দেখি ??