ফটাঢোল

লকডাউনত শিকিবলগীয়া কথা- ৰূপম ঠাকুৰীয়া

–এটা কথা শুনাচোন।

–কি হ’ল?

–আমাৰ দেউতাক গুৱাহাটীলৈ আনোতে এটা গাৰু দিছিলোঁ‌। যিটো দেউতাৰ লগতে গুচি গ’ল ঘৰলৈ। মই তিতাবৰত থাকোতে দুটা গাৰু বনাইছিলোঁ। মই বিয়া হৈ আহোঁ‌তে চাৰিটা গাৰু আনিছিলোঁ‌। এতিয়া কাৰ্টনটোৰ ভিতৰত চীল কৰি থোৱাৰ পৰা এটা গাৰু নাই দেখোন? তোমাৰ মনত পৰে নেকি?

–মনত পৰা নাই দেখোন। ৰ’বা মই কালিৰ বজাৰৰ হিচাপটো মিলাই আছোঁ। 

–ঘৰখনত কি হৈ থাকে মইহে হিচাপ ৰাখিব লাগে। মই মূৰ ঘমাই থাকিম আৰু বাকীবোৰে আৰামত চলি থাকিব। হুহ্। 

(মই মনতে, হে ভগৱান। গাৰুৰ হিচাপৰ তুলনাত দেখোন বজাৰ কৰা, খৰচ মিলোৱা, হাতত নাথাকিলে লগৰ কাৰোবাৰ পৰা ধাৰ কৰা বা বাকীত বস্তু অনা, তাৰ পিছত ঘৰত আহি হিচাপ কৰা আদিবোৰ একো ডাঙৰ কথা নহয়হে।)

–ষ্টোন কেইটামান আনিব লাগিছিল।

–বাটত দেখোন আছেই। তাৰ পৰা কেইটামান বুটলি আনিলেই হ’ল। সেইটো আনিবও মোক ক’ব লাগেনে? 

–সেই ষ্টোন নহয়হে। মই কিবা বনাই আছোঁ‌ তাতে লগাব লাগে।

–অ হয় নেকি? ক’ত পাইনো?

–গুপ্তাৰ দোকানত পাবা। আৰু যদি তাতে নোপোৱা বৰুৱা ৰোদতে অলপ আগবাঢ়ি বেংক এটাৰ তলত এখন আছে। আৰু যদি তাতেও নোপোৱা …..

–হ’ব হ’ব মই বিচাৰিম দিয়া (মানে গোটেই নলবাৰী ঘূৰিব লাগিব আজি বুজিলোঁ।) মোক এটা দেখুৱাই দিয়াচোন কেনেকুৱা লাগে।

(বেলেগ এটা ৰূমৰ পৰা এওঁ ওভতি আহি) 

–এইটো চোৱা, এনেকুৱা লাগে।

–এইটো লৈ যাম নেকি? দোকানত দেখুৱাবলৈ?

–নিয়া নহ’লে। কিন্তু এটা কথা। এইটো এটায়ে আছে। হেৰালে চেছ। আৰু যদি এনেকুৱা বিচাৰি নাপাওঁ মোৰ কামটো আধৰুৱা হৈ থাকিব। যদি নিয়া তেন্তে ……

–নিনিও দিয়া। পাৰিম। ইমান সৰু কথা এটা মনত নাথাকিবনে? (উফ্ ভগৱান)। মই তেন্তে গৈয়ে থাকোঁ‌। দোকান বন্ধ কৰিলে হৈছে আৰু।

–চাহ একাপ খাই যোৱা। 

–দেৰি হ’ব। 

–এহ নহয় দিয়া দেৰি। চাহ হ’বলৈ কিমাননো দেৰি লাগিছে?

(চাহৰ কাপটো মুখত লগাই এটা সোহা মাৰি উঠি)

–টিভিটো লগোৱাচোন । চাহ খোৱা সময়খিনি বাতৰিকে চাই লওঁ। 

–দেৰি হ’ব। সোনকালে চাহ খাই যোৱা। দোকান বন্ধ কৰিব। (চাহ খালে দেৰি নহয়, চাহ খোৱা সময়খিনি টিভি চালে দেৰি হয়। কি ফৰ্মুলা!)

(দোকানত গৈ)

–মণি লাগিছিলহে।

–কি মণি?

–কাপোৰতযে লগায়?

–অ, চুমকীৰ কথা কৈছে আপুনি?

–নহয় ঔ। অকল কাপোৰতে নলগায়। আৰু বেলেগ বেলেগ বস্তুত……….

–বুজি পাইছোঁ‌ দিয়ক। এইবুলি ল’ৰাজনে তিনিটামান বাকচ উলিয়াই বিভিন্ন আকাৰৰ হালধীয়া মণি কিছুমান দেখুৱালে।

–এইবিলাক নহয় ও। এইযে আইনাৰ নিচিনা, বিভিন্ন আকাৰ-আকৃতিৰ মণি কিছুমান থাকে?

ল’ৰাজনে একো নুবুজাৰ ভাবত মোৰ পিনে চাই ৰ’ল। মই মনতে, ইহঁ‌তৰ লগত নহ’ব বুলি ফোনটো উলিয়াই শ্ৰীমতীলৈ ফোন লগালোঁ‌?

–ইহঁ‌তে কি মণি একো বুজি নাপায়হে।

–মণি কোনে আনিব দিলে তোমাক? এইখিনি যাওঁতেই পাহৰিলানে? এই মানুহজনৰ লগত উপায় নাই।

(দোকানৰ ল’ৰাকেইজনে মোলৈ চাই আছে। মোৰ অৱস্থাটো সিহঁ‌তকতো গম দিব নোৱাৰি। যিমান পাৰি নৰ্মেল হ’বলৈ যত্ন কৰি)

–উম উম। কৈ যোৱা, বুজি পাই আছোঁ‌।

–বুজি পাইছা? কি বুজি পাইছা? এই মানুহজনে কেতিয়াবা আমাকো ক’ৰবাত নি পাহৰি এৰি থৈ আহিব।

–তেনেকুৱা নহয়। অলপ বেলেগ দেখুৱাইছে (ইহঁতে ইয়াত)

–একো বেলেগ কথা কোৱা নাই মই। সচাঁ কথা কৈছোঁ। মই আনিব দিলোঁ ষ্টোন, তেওঁ কৈছেগৈ মণি!

–তাকেইহে। এই ল’ৰাকেইজনে বুজি নাপায়। বাৰু হ’ব দিয়া। এইবুলি ফোনটো কাটিব লওঁতেই ল’ৰা এজনে মাত দিলে,

–দাদা, কিমান এম এমৰ ষ্টোন লাগিব সেইটোও বাইদেউক সুধি লওঁক। যি দেখিছোঁ‌ আপোনাৰ আইদিয়াটো অলপ কম!

–মানি প্লেণ্টটোৰ গজালি ওলাইছে নে চোৱাচোন।

–ৰ’বা (মই হাতত মোবাইল, দুই কাণত হেড ফোন লৈ হাঁহি আছোঁ‌)

(খন্তেক পিছত)

-মানি প্লেণ্টটোৰ গজালি ওলাইছে নে নাই চাব কৈছিলোঁ। 

–চাই আছোঁ। ৰ’বা অকমান।

–মই এই ক্ৰাফ্তৰ কামখিনি কৰি আছোঁ‌ বাবেহে কৈছোঁ। এইখিনি এৰি যাব নোৱাৰি। কালাৰটো শুকাই যাব। এই মানুহজনক কপিল শৰ্মা শ্ব’ বুলিলে আৰু একো নেলাগে। এইখিনি সময়ত যদি ভুমিকম্পও আহে গম নাপায়। আৰু মই চিঞৰি টেটু ফালিলে গম পাবনে? 

(কপিল শৰ্মাৰ শ্ব’ৰ পজ বাটনত আঙুলিটো লাগিল)

–চাওঁ ৰ’বা। ইমান কিয় ক’ব লাগে? ( মানি প্লেণ্টটোৰ ওচৰলৈ গৈ) অলপ গজালি ওলাইছে।

–এই প্লেণ্টটো মাটিৰ পৰা আনি গিলাচ বা বটলত ৰুব নালাগে আৰু গিলাচৰ পৰা নি মাটিত ৰুব নালাগে। 

–মাটিত নহ’লে ক’ৰপৰা পাবা? নজনা নুশুনা মানুহৰ দৰে কথা যে কোৱা আৰু।

–এইয়া, মোৰ মানে দোষটো ধৰিব পাৰিলে বৰ ভাল পাই। মই কৈছোঁ‌, ঘৰত মাটিত ৰুব আনিলে বেলেগৰ মাটিৰ পৰাই তুলি আনিব লাগে আৰু গিলাচত থ’ব আনিলে…..

–বুজি পালোঁ দিয়া। এইবিলাক কি বনাইছানো?

–কিয়? এইডাল গছ, এইটো বৈ অহা নদী..এইবিলাক চিনি পোৱা হোৱা নাই? কালাৰটো বেয়া হৈছে নেকি?

–অ ঠিকেই আছে। মই আৰু কিবা বেলেগ ভাবি আছিলোঁ। 

–বেলেগ ভাবি থকাটোতো তোমাৰ নিয়মেই।… বাৰু কেনেকুৱা লাগিছেনো এইটো?

–বঢ়িয়া। 

— ইয়াত এতিয়া কেইটামান শিল আঠা লগাই পাহাৰৰ নিচিনা বনাম। তাৰ পিচত ইয়াত নিজৰা এটা দিম। কেনে লাগিব?

–বঢ়িয়া। 

–তোমাৰ এই ‘বঢ়িয়া’ শব্দটোৰ বাহিৰে কিবা বেলেগ শব্দ আছেনে? এনেই কয়। বুজি পাওঁ নহয় মই। কাপোৰযোৰ কেনেকুৱা লাগিছে সুধিবা, বঢ়িয়া। মাংস সোৱাদ হৈছে নে? বঢ়িয়া। ঘৰটো চাফা কৰিছোঁ‌ আজি। কেনেকুৱা লাগিছে? বঢ়িয়া। এনেই কয়। কেতিয়াবাতো অলপ বেলেগ ধৰণে ৰিয়েক্ট কৰা। যাতে, মোৰো এনেকুৱা লাগে যে হয় দেই, মানুহজনে সঁচা কথা কৈছে। বুজি পাইছে মোৰ কষ্টখিনি।

–যদি তুমি ঠিকেই কৰিছা বুলি ভাবিছা মই যি নক’লেও সেই কামটো ঠিকেই হৈ থাকিব। বেঠিক হৈ নাযায় নহয়। আৰু এই বঢ়িয়া শব্দটো মই সঁচাকৈয়ে কওঁ, এনেই নকওঁ। 

(ল’ৰা দৌৰি সোমাই আহিল)

–দেতা। তুমি মায়ে কিবা সুধিলেই বঢ়িয়া বুলি কোৱা। মই ছবি এটা দেখুৱালেও কেৱল বঢ়িয়া বঢ়িয়া বুলি কোৱা। মই ভালকৈ ভাত খালেও বঢ়িয়া বুলি কোৱা। তুমি বাৰু এই লক ডাউনতো নতুন ‘ৱ’ৰ্ড’ এটা শিকিব নোৱাৰিলা নে?

☆ ★ ☆ ★ ☆

2 Comments

  • Pranita Goswami

    বঢ়িয়া, পঢ়ি আকৌ হাঁহিলোঁ। সঁচাই বৰ আহুকাল হয় কোৱা কথাবোৰ পাহৰিলে……

    Reply
    • ৰূপম ঠাকুৰীয়া

      ধন্যবাদ জনালোঁ পঢ়া বাবে।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *