ফটাঢোল

নাম বিভ্ৰাট – ডা° ভূপেন শইকীয়া

১/ ‘ভগবান’ আহিল মোৰ চেম্বাৰত শৰীৰ পৰীক্ষা কৰাই চিকিৎসা ল’বলৈ৷ মই সুধিলোঁ,

: কোৱাচোন, এই নৰমনীচে ভগবানক কেনেকৈ সহায় কৰিব পাৰোঁ?

ভগবানৰ মুখত বিৰিঙা হাঁহিটোৱেই মোৰ প্ৰাপ্তি!

২/ এজনে ৰোগীয়ে খৰখেদা লগাই উচপিচাই আছিল৷ পাল পৰিলত চোৱাৰ আগতে ৰোগীৰ ফাইলত চকু দিলোঁ৷ নাম ধৰ্মেন্দ্ৰ৷ মই সুধিলোঁঁ,

: শ্বোটিংত যাবলৈ পলম হৈছে নেকি?

লাজুকুৰীয়া হাঁহিৰে ৰোগীজন শান্ত হ’ল !

৩/ মোৰ ক্লিনিকত দুজনী ফিলিপিনো ৰিচেপচনিষ্ট আছে৷ নাম দুটা হ’ল এপ্ৰিল আৰু মেৰী৷ মোৰ সদায় ওলোটা-পোলোটা হয়৷ এটা ফৰ্মুলা প্ৰয়োগ কৰাত  এতিয়া আৰু ভুল নহয়৷ দেখিবলৈ সৰুজনী এপ্ৰিল৷ তাইতকৈ সামান্য ডাঙৰজনী হ’ল মে’(ৰী)!

৪/ বাসস্থানৰ ওচৰত জীয়া হাঁহ, কুকুৰা, পাৰ কাটি বেচা দোকান এখন আছে৷ দোকানখনৰ নামটো আৰবীক বৰ টান৷ কিবা হিদায়েতৰিয়েনিয়েত৷ মুখতে নুফুটে৷ নামটো মই সহজ কৰি লৈছোঁ, “হিয়া দিয়া নিয়া”৷ শ্ৰীমতীয়ে আৰু অসমীয়া বন্ধু কেইজনে বুজি পায়!

বাকী ভি আই পি ৰোগীৰ নাম কেইটিমান উল্লেখ নকৰিলে লেখাটো অপূৰ্ণ হৈ ৰ’ব৷ সেইসকল হ’ল- বাৰাক (অবামা), জৰ্জ (বুশ), আলেকজেণ্ডাৰ (ডি গ্ৰেট), ৰাহুল (গান্ধী) আৰু নৰেন্দ্ৰ (মোডী)! (ৰক্ষা মোৰ সৈতে একে নামৰ মানুহ ইয়াত দূৰ্লভ!)

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *