ফটাঢোল

পাকচক্ৰ: অনামিকা চলিহা

বিয়া নামৰ জালখনৰ পাকচক্ৰত সোমাবলৈ তাইৰ সমূলি ইচ্ছা নাছিল৷ নাছিল আগ্ৰহো৷ জীৱনটোনো কি আৰু! মাক-দেউতাক থকালৈকে সিহঁতৰ লগতেই থাকিব৷ তেওঁলোকৰ মৃত্যুৰ পাছতেই বা আগতেই অনাথ শিশু এটা তুলি ল’ব৷ অলপ হ’লেও পূণ্য কৰা হ’ব৷ জীৱনটো তেনেকৈয়ে চলি যাব৷ চাকৰিটো আছেই৷ আনৰ ওচৰত হাত নপতাকৈ জীৱনটো কটাব পাৰিব৷ 

পিচে সব কামে নকৰোঁ বুলিলেই নহয়৷ কৰোঁ বুলি ভবা কামো কেতিয়াবা কৰা নহয়, অথচ দৈৱদুৰ্বিপাকত নকৰোঁ বুলি ভবা কামবোৰেই শেষত কৰিব লগা হয়৷ তাইৰো একেই হ’ল৷ অকলশৰে লাইফটো কটাম বুলি ভবা তাইৰ সিদ্ধান্তত বিধি-পথালি হৈ থিয় দিলে দেউতাক৷ সমাজৰ কথাত গুৰুত্ব নিদিয়ে তাই৷ কিন্তু মৰমৰ দেউতাকৰ কথাত গুৰুত্ব নিদিয়াকৈ তাই থাকিব নোৱাৰে৷ দেউতাকৰ কথা পেলাব নোৱাৰি এদিন তায়ো হাঁ ক’লে৷

এদিন ল’ৰাজনে তাইক চাবলৈ আহিল৷ ছাঁ-পোহৰত কথাও পাতিলে৷ বৰ এটা বেয়াও নেলাগিল৷  মাক-দেউতাক নথকা ল’ৰা৷ ঘৰৰ ডাঙৰ৷ ঘৰৰ তাই এজনীয়েই ছোৱালী৷ মাক, দেউতাক, ককায়েকৰ আলাসৰ লাৰু৷ মেট্ৰিক পাচ কৰাৰ পাছৰেপৰাই হোষ্টেলে হোষ্টেলেই আছে৷ বন্ধত ঘৰলৈ আহিলেও ঘৰৰ মানুহে একো এটা কৰিবলৈ নিদিয়ে৷ ভাত-পানী বনাবলৈ মাকেও নিদিয়ে, নিদিয়ে ককায়েক-দেউতাকেও৷ ৰাতিপুৱা সাত-আঠটালৈকে শুই থাকে৷ মাকে উঠাব খুজিলেও দেউতাকে কয়,

: তাইক অলপ শুবলৈ দে৷ ইমান দিনৰ মূৰত ঘৰলৈ আহিছে৷ মন ভৰাই শুবলৈ দে৷

মাকৰ খং দেউতাকৰ ওপৰত,

: ছোৱালীজনীক লাই দি আপুনিয়েই বেয়া কৰিলে৷

তাই কিবা নকৰিবলগীয়া কৰিলেও সদায় মাকে দেউতাকৰ ওপৰতেই দোষ জাঁপে তাইক অতিপাত মৰম কৰা বুলি৷

: চাবচোন আপোনাৰ অতিপাত মৰমৰ বাবেই তাইৰ বিয়াৰ পাছত কি হ’ব? ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিব৷

মাকে দেউতাকৰ ওচৰত ভোৰভোৰাই থাকে৷

মাকৰ কথা শুনি তাই চিয়ঁৰি চিয়ঁৰি কয়,

: মই বিয়াই নহওঁ মা৷

পিচে৷বিয়া নহওঁ বুলি কোৱা ছোৱালীজনীয়ে এদিন এহাত দীঘল উৰণি লৈ আন এঘৰৰ চোতাল গছকিলে৷ বাহী বিয়াৰ পিছদিনাই হাতত ঝাৰু লৈ আগচোতাল, পাছচোতাল সাৰিবও পৰা হ’ল৷ বিশেষ নজনা পুৰুষ এজনৰ লগত একেখন বিছনাতে কেনেকৈ শুব বুলি ভাবি অস্থিৰ হোৱা তাই বিশেষ সংকোচ নোহোৱাকৈয়ে স্বামীৰূপে গ্ৰহণ কৰা পুৰুষজনৰ লগত একেখন বিছনাতেই শুলে৷ সঞ্জীৱৰ মৰমৰ আৱেশত তাই উটি ভাঁহি গ’ল৷ বিয়াৰপৰা সদায় পলাই ফুৰা ছোৱালীজনীৰো বৈবাহিক জীৱন ভাল লগা হ’ল৷

পিছে সেই ভাললগা কিমানদিনলৈ? দিন আগবাঢ়ি যোৱাৰ লগে লগে বৈবাহিক জীৱনে তাইক আমুৱাবলৈ ধৰিলে৷ বিয়াৰ আগৰ স্বাধীনচেতিয়া জীৱনটোত যেন বিয়াৰ পাছত কিবা স্বাধীন হৈ নেথাকিল৷

পুৱা দেৰিলৈকে শুই থাকিলেও কথা শুনিব লাগে৷

: বোৱাৰী হ’লা, এতিয়া ইমান দেৰিলৈকে শুই থাকিব লাগেনে? সোনকালে শুই উঠি গা-পা ধুই ভাত-পানী ৰান্ধিব লাগে৷

 ডালি চবজি সোৱাদলগা নহ’লেও কথা শুনে তাই৷ 

: এইবোৰকে ৰান্ধিবলৈ শিকিলা ঘৰত?

শোকে খুন্দা মাৰি ধৰে তাইক৷ তাই দেখোন পতিদেৱতাক আগতেই কৈছিলে যে ঘৰত তাই পাকঘৰত লাচনি পাচনিৰ কামহে কৰিছিলে৷

সেইসময়ত কিমান ধুনীয়াকৈ যে তেওঁ কৈছিল, “মই শিকাই দিম তোমাক৷” ইফালে বন্ধ পালেই তেওঁৰ মিতিৰৰ ঘৰলৈ ফুৰিবলৈ যাব লাগে৷ তাকো চাদৰ-মেখেলা পিন্ধি সাজি-কাচি৷ চাদৰ-মেখেলা যে তাই ভালদৰে পিন্ধিবই নেজানে৷ অফিচলৈ সদায় তাই চেলোৱাৰ পিন্ধিয়েই যায়৷ বিয়াৰ আগতে জিন্স-টপো পিন্ধিছিল৷ মিতিৰৰ ঘৰে ঘৰে আলহী খাই ফুৰি থাকিবলৈ বৰ বেয়া পায় তাই৷ তাতকৈ আজৰি সময় পালে তাই অলপ জিৰণি লৈ বা কিতাপ পঢ়িয়েই সময় কটায় ভাল পায়৷ পিচে পতিদেৱতাৰ চখ বেলেগ৷ বিয়া হ’ল বুলিনো বাৰু তাই পতিদেৱতাৰ কথাত উঠ বহ কৰিবনে? আনহাতে তাইৰ মৰমৰ ককাইটোক দুই এটকা দিলেও তেখেতৰ আপত্তি,

: বিয়াৰ পাছত পতিৰ ঘৰৰ কথাহে চিন্তা কৰিব লাগে৷ এৰি অহা মাকৰ ঘৰৰ কথা নহয়৷

কেতিয়াবা দুয়োটাৰ মাজতে এইবোৰ টপিকক লৈ থৈয়া নথৈয়া কাজিয়া লাগে৷ এইখন ঘৰ এৰি,  তেখেতক এৰি একেবাৰে ক’ৰবালৈ গুচি যাবলৈ মন যায়৷ পিচে আজি পাচঁ-ছয়বছৰ হোৱাৰ পাছতো তেওঁক এৰি থৈ যোৱা নহ’ল৷ বেমাৰী মাকজনীৰ মুখখনলৈ মনত পৰে৷ সঞ্জীৱক ডিৰ্ভোচ দিব বুলি ক’লেই মাকৰ বেমাৰ বেছি হয়৷ কেতিয়াবা সঞ্জীৱে ৰাতি ড্ৰিংকছ কৰি আহে আৰু তাই এটা উজাগৰী নিশা কটায়৷ মূৰৰ ওপৰত ফেনখন ফুলস্পীদত চলি থাকে৷ সঞ্জীৱে ঠিকেই কয়, “ড্ৰিংকছ কৰোঁ মই, কিন্তু নিচা লাগে তোমাৰহে৷”

নহ’লে জানো সিটো কোঠাৰ বিছনাত ইমান নিচিন্তে-নিৰ্ভয়ে সঞ্জীৱ শুই থাকিব পাৰে? আৰু তাই এই চাৰে ছয়ফুটীয়া বিছনাখনত চকুৰ পটালৈ একাজলি টোপনি আনিবৰ বাবে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি উজাগৰি নিশা কটাব লাগে? তাতকৈ তাইও দেখোন তাৰদৰেই নিজক সজাই লোৱা হ’লেই সকলো সমস্যাৰ সমাধান হ’ল হয়৷ সি বিচৰাদৰেই যদি নিজক সজাই ল’ব পাৰিলে হয়৷ আজি হয়তো তায়ো তাৰদৰেই নিৰ্ভয়ে সুখনিদ্ৰাত টোপনি যাব পাৰিলে হয়৷

তেওঁনো তাইৰপৰা কি বিচৰে! বিশেষতো একো নাই৷ তেওঁৰ সুখত সুখী আৰু তেওঁৰ দুখত দুখী৷ স্বামী হিচাপে সঞ্জীৱে তাইৰদৰে পত্নী এগৰাকীৰপৰা তাকেইতো বিচাৰে৷ পিচে তাইহে তাৰ বিশেষ সুখত সুখী হ’ব নোৱাৰে৷ নোৱাৰে নে নিবিচাৰে, আজিও নিজকে বুজাব নোৱাৰিলে তাই৷

তেওঁ ড্ৰিংকছ কৰি পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন হৈ পৰে আৰু তাই তাৰ সুখত আটাইতকৈ দুখী মানুহগৰাকী হৈ পৰে৷ অথচ একেটা ঘৰৰ ভিতৰতেই আজি চাৰিবছৰেই হ’বৰ হ’ল সিহঁতে যাপন কৰা পতি আৰু পত্নীৰূপী অভিনয়৷ তেওঁৰপৰা আঁঁতৰি অকলশৰে থাকিব বুলি ভাবিও আজিও আঁতৰিব নোৱাৰিলে তাই৷ হয়তো এই জনমত সেয়া কেতিয়াও সম্ভৱ নহ’ব৷ আৰু তাৰেই সদায় সুযোগ লৈ আহিছে সঞ্জীৱে৷ নাৰী হিচাপে তাইৰ এয়া দুৰ্বলতা৷

পতি-পত্নীৰূপী অভিনয়! জন্মৰপৰা আমৃত্যু যি কৰি আহিছে সেয়াতো এক অভিনয়েই৷ নহয় জানো? পিচে তাই যে এই অভিনয়ত চুড়ান্তভাৱে ব্যৰ্থ৷ তেওঁৰ তাই উপযুক্ত পত্নী হ’ব নোৱাৰিলে৷ আৰু নোৱাৰিবও চাগে কেতিয়াও৷ সমাজৰ দৃষ্টিত সিহঁত সুখী দম্পতী৷ সচাঁই জানো! 

সুখী দম্পতী! তাইৰ ওপৰত তেওঁৰচোন সদায়েই শত সহস্ৰ অভিযোগ৷ তাই তেওঁক সময় দিব নোখোজে, তেওঁৰ লগত ক’তো ফুৰিবলৈ ওলাই যাব নোখোজে তাই৷ নেযায় তেওঁৰ চিনাকিসকলৰ ঘৰলৈ তেওঁৰ লগত৷ তাই যে নিজকে সুন্দৰকৈ সজাবও নিশিকিলে৷ আদি সীমাহীন অভিযোগ৷ কেতিয়াবা বাৰু ভাবিছেনে তেওঁ পত্নী হিচাপে তেওঁৰপৰা তাই কি বিচাৰে?

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *