ফটাঢোল

চেতনা – বিদ্যা দাস

জন্ম স্থান মোৰ

হস্তিনাপুৰৰ ৰাজপ্ৰাসাদত

লাঞ্চিতা দৌপদীৰ

দিব্যবস্ত্ৰৰ আঁৰলত,

সাক্ষী ৰ’ল

দূৰ্য্যোধনৰ উন্মত্ত গৰ্জন

শকুনিৰ প্ৰতিশোধী হাঁহি

আৰু

পণদায়ী

কাপুৰুষ

দৌপদ্ৰীৰ পঞ্চবীৰ স্বামী।

 

মোৰ জন্মৰ প্ৰেৰণা হ’ল

কণ্টক শয্যাত

ছটফটাই থকা

শ্ৰীময়ীৰ বৈদিক সত্তা,

 

গতি মোৰ

সৰীসৃপ, শামুকীয়া

প্ৰৱেশিম দ্বাৰে দ্বাৰে

প্ৰতি প্ৰাণে-প্ৰাণে

ক’ম সকলোকে

নাৰী সত্তাৰ মৃত্যু হোৱা নাই

সেয়া মাথোন নিৰৱতা।

 

সমাজৰ খলা-বমাবোৰ

মোৰ অপ্ৰিয়

আধুনিকতাৰেও মই

মিতিৰালি পতা নাই,

 

মই বিচাৰো সংস্কাৰ

দৃষ্টি আৰু হৃদয়ৰ

বিচাৰিছোঁ বুজাবুজি

দুয়োখন হাতৰ। 

 

ইন্ধন হিচাবে লওঁ

সময়ৰ ঢৌ

আৰু

মহামানৱৰ গুণগাথা

নীৰৱতা

মোৰ মহা অস্ত্ৰ

মই চেতনা-অপৰাজেয়া…

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *