কৌতুক – পদ্মলোচন ভৰদ্বাজ
বাৰাণ্ডাত বহি মহন্ত দাই বাতৰি কাকত পঢ়ি আছিল৷ মিচেচ মহন্তই চাহ লৈ আহিল আৰু ক’লে,
: হে-ৰি চাহ খাওক আৰু এইখন লওক বজাৰৰ লিষ্ট৷
ইমান পৰে তেখেতে চশমাযোৰ খুলি থৈ বাতৰি পঢ়ি আছিল, মিচেচ মহন্তক ওচৰলৈ অহা দেখি চশমাযোৰ পিন্ধি ল’লে আৰু ক’লে,
: দিয়া৷
মহন্তনী যোৱাৰ পিছত চশমাযোৰ খুলি থ’লে৷ অলপ পিছত আকৌ ফৰমাইচ লৈ মহন্তনী ওচৰলৈ আহিল৷ তেওঁঁক অহা দেখা পায় গিৰিহঁতে আকৌ চশমাযোৰ পিন্ধি ল’লে আৰু যোৱাৰ পিছত খুলি থ’লে৷ কথাটো মিচেচ মহন্তই মন কৰিলে যে- তেওঁ আহিলে গিৰিহঁতে চশমাযোৰ পিন্ধে আৰু যোৱাৰ পিছত খুলি থয়৷
কথাটো তাই একোবত সুধিয়ে পেলালে,
: হেৰি আপুনিচোন তেতিয়াৰ পৰা মই ওচৰলৈ আহিলে চশমাযোৰ পিন্ধে আৰু মই গ’লে খুলি থৈ দিয়ে, কথাটো কি?
মহন্তদাৰ উত্তৰ,
: কিয় ডক্তৰে কৈছিল নহয় মূৰৰ বিষটো আহিলে চশমাযোৰ পিন্ধি ল’বা……
এতিয়া মহন্ত দাই শুনিবলৈ পোৱা মতে মূৰৰ টেমুনাটোত ভলিনি লগাই আছে৷
☆ ★ ☆ ★ ☆
12:53 pm
হে হৰি, ??
3:05 pm
তামাম
5:35 pm
??
11:24 pm
খুন্দনা নহ’লে বেলনা মাৰি পৰাটো স্বাভাৱিক …সেয়ে মানুহ ভাবি-চিন্তি কথা ক’ব লাগে…?
10:57 am
হাঃ হাঃ