ফটাঢোল

বাল্মিকী বৰুৱাৰ মহাজীৱনী-ডঃ সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা)

বিদ্যালয়ৰ পৰা মুক্ত হৈ বুজিব পাৰিলোঁ মই ইতিমধ্যে ডাঙৰ হৈছোঁ। মুখৰ মাতৰ পৰিৱৰ্তন হৈছে। মিহি মেকুৰীৰ মাতৰ সলনি ভতুৱা কুকুৰৰ দৰে মাতটো হুটা হৈ ওলাল। নাকৰ তলত দুবৰি বনে কোমল গজালি মেলাৰ দৰে গোফে ভুমুকি মাৰিলে। মনটো আগতকৈ অধিক ৰঙিয়াল হ’ল। শৰীৰৰ বলো বৃদ্ধি পালে। আগতে স্ত্ৰীলিংগসকলক দৰ্শন কৰি যিটো তৃপ্তি পাইছিলোঁ এতিয়া তাতকৈ অন্য ৰকমৰ তৃপ্তি অনুভৱ কৰা হ’লোঁ। গাঁওখনত থকা আটাইবোৰ জীয়ৰী-বোৱাৰীকে দেখোন মৰম কৰিবলৈ মন যোৱা হ’ল। পিচে দেউতাই বাৰে বাৰে কৈ গৈছে চুৰ কৰিবলৈ যোৱাৰ সময়ত যাতে কেতিয়াও কোনো কাৰণতে এই মোহিনী মায়াক প্ৰশ্ৰয় নিদিওঁ। নহ’লে ককাদেউতাৰ যি গতি হৈছিল মোৰো তেনে গতি হ’ব পাৰে। 

তথাপিও প্ৰকৃতিৰ নিয়মক নামানি তাৰ বিৰুদ্ধে গ’লে হেনো মানুহৰ আপদ হয়। ময়ো মোৰ সংগীনী বিচাৰি দুই এজনীৰ ওচৰ চাপিছিলোঁ, পিচে সকলোৱে মোক পেটে পেটে ভয় কৰে। মই যে এজন গভাইত চোৰ এই কথা মুখেৰে নক’লেও সকলোৱে জানে, মানে অপেন চিক্ৰেট। ঈশ্বৰে যেতিয়া জন্ম দিছে বিবাহ আৰু মৃত্যুৰ ব্যৱস্থাও নিশ্চয় কৰি ৰাখিছে। মোক ভালপোৱা, পচন্দ কৰা ছোৱালী এজনী পাই গ’লোঁ, আচলতে তেওঁ মোৰ শক্তি তথা প্ৰতিভাক চিনি পালে। নিশাচৰ ফেঁচা, বাদুলী, কুকুৰ, মেকুৰী আদিৰ দৰে ৰাতিও ঘূৰি ফুৰিব পৰা ক্ষমতা, দিনত একো কাম-বন নকৰিও ফিট-ফাটকৈ ঘূৰি ফুৰাৰ দক্ষতা দেখি তাই মোক বুজি পালে। লগতে ময়ো মোৰ বিদ্যা আৰু শক্তিৰে দুই এটা উপহাৰ আনি দিছিলোঁ। ইতিমধ্যে মই চহৰলৈ যোৱাৰ অভ্যাস এটা কৰিছিলোঁ। শুনিছিলোঁ চহৰত হেনো পকেটমাৰ বিলাকৰ বহুত টকা। ভিৰ থকা চিটিবাচত যাত্ৰীসকলে কোনে আগতে উঠিব পাৰে তাৰে প্ৰতিযোগিতা চলে। হাত চাফাইৰ কাম জনা থাকিলে ইনকাম ভালেই হয়। 

আমাৰ দিনত এটা নিয়ম আছিল যে, আমি নিজৰ গাঁৱত চুৰি কৰা নাছিলোঁ, এটা দুটা লাও-বেঙেনা অনাতো বেলেগ কথা, কিন্তু ডাঙৰ অপাৰেচন কৰা নাছিলোঁ। গাঁৱৰ মানুহৰ মাজত এটা কথা প্ৰচাৰ কৰি দিছিলোঁ যে, মই আৰু এইবোৰ চোৰ-চাতুৰি কাৰবাৰ এৰি পেলাইছোঁ। স্কুললৈ গৈছোঁ, বিদ্যা শিকিছোঁ, চহৰলৈ গৈ দুই এটা ব্যৱসায়ত হাত দিছোঁ। গাঁৱৰ মানুহবোৰ বিশেষকৈ ছোৱালীবোৰ বৰ সহজ সৰল, ভালদৰে সজাই-পৰাই ক’ব পাৰিলে সহজতে বিশ্বাস কৰে। অভাৱ অনাটনত চলি থকা মানুহবোৰক দুই এটা উপহাৰ দি সহজতে হাত কৰিব পাৰি।

গুৱাহাটী চহৰৰ এঠাইত কম দামত ভাড়া ঘৰ এটা লৈ থাকিবলৈ ল’লোঁ। ঠাইখনিৰ নামটো বাৰু নকওঁ, মানুহে বেয়া পাব পাৰেতো! লাহে লাহে সেই ঠাইত পতা সভা-সমিতিবোৰত যোগদান কৰিবলৈ ধৰিলোঁ। বিহু, বানপানী আৰু পূজা এই তিনিটা হৈছে ৰাইজৰ সৈতে মিলি যোৱা, মদে ভাতে খানা খোৱা, দুই এপইচা হস্তগত কৰা, ফূৰ্তি কৰা, সকলো টেনচন পাহৰি মচগুল হোৱা আদি কামৰ সুন্দৰ সুযোগ। চহৰৰ বেছিভাগ মানুহে এইবোৰত পইচা খৰছ কৰিবলৈ বেয়া নাপায়, ব্যৱহাৰ ভাল হ’ব লাগে, বিহু পূজাত দামী আৰ্টিষ্ট মাতিব লাগে। দুই তিনি বছৰ এইদৰে চলাৰ পাছত গম পোৱা হ’লোঁ, ক’ত কেনেকৈ টোকৰ মাৰিলে কাম সিজে।         

(আগলৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *