বাটে ঘাটে-ডলী তালুকদাৰ
পুৰণি কথা এটা মনত পৰিল আজি৷ যোৱা বছৰ বজাৰ কৰিবলৈ বশিষ্ঠ চাৰিআলিৰ মেঘা প্লাজালৈ গৈছিলোঁ। মেঘা প্লাজাৰ বাহিৰত ফাষ্ট ফুডৰ দোকান আছে। ম’ম’, চাওমিন লগতে কাষতে তণ্ডুৰী মুৰ্গীও পোৱা যায়। এখন তণ্ডুৰী দোকানৰ দোকানীজন জনজাতীয় লোক। তেওঁৰ দোকানৰ তণ্ডুৰী মুৰ্গী আন দুখনতকৈ খাবলৈ ভাল। গ্ৰাহকো বেছিকৈ আহে তেওঁৰ ওচৰলৈ।
বজাৰ কৰি হোৱাৰ পিছত ছোৱালীয়ে ম’ম’ খাবলৈ বিচৰাত তণ্ডুৰী মুৰ্গীৰ দোকানখনৰ ওচৰৰ ফাষ্ট ফুডখনত বহিলোঁ। ম’ম’ অৰ্ডাৰ দি বহি আছোঁ। তণ্ডুৰী দোকানৰ দোকানীজনৰ ফালে চকু গ’ল। মুখখন ফটফটাই আছে। কাষত ধুনীয়া ডেকা গাভৰু এহাল থিয় হৈ আছে৷ সম্ভৱ প্ৰেমিক প্ৰেমিকাই হ’ব, দু্য়োৰে যি মিঠা মাত৷ ছোৱালী জনীয়ে ল’ৰাটোক কৈছে,
: চোৱানা অথনিৰে পৰা ৰৈ আছোঁ কিন্তু আমাতকৈ পিছত অহা মানুহবোৰকহে আগতে দি আছে৷ কোৱানা তুমি তাক আমাক আগতে দিবলৈ। ল’ৰাজনেও মিঠা মাতৰ দুখ সহিব নোৱাৰি দুবাৰ মান ক’লে।
কিন্তু তণ্ডুৰী দাদাৰ শুনিবলৈ সময় নাই।
: দি আছুং ৰহ! ইমান কাষ্টমাৰ দেখা নাই!
বুলি কৈ থ’লে।
আকৌ মিঠা মাতৰ বিননি শুনি সহিব নোৱাৰি ল’ৰাজন গ’ল। এইবাৰ মিঠা মাতে অলপ ইজ্জতত ধৰিয়ে ক’লে,
: তোমাৰ যে এক্কো কাম নাই। নেখাওঁ মই তণ্ডুৰী, যাওঁগে! অথনিৰে পৰা ভৰি বিষাই গৈছে থিয় হৈ। কৈ দিয়া নাখাওঁ তাৰ তণ্ডুৰী।
দোকানীজনৰ কাণত পৰাত কেৰাকৈ চালে দেৱী গৰাকীক।
: মই কিবা মিচিন নিকি? দচখান হাত না মৰ? অকলে কুৰি আছু চব। ইজন ইজনকেহে (এজন এজনকেহে) দিবা পাৰিম। কৈছুৱে আধাঘণ্টা লাগিব বুলি।
লাহে লাহে কাষ্টমাৰ কমি আহিছিল। দোকানীজনে সম্ভৱ তেওঁলোকৰ তণ্ডুৰী মাংসখিনিকে তৈয়াৰ কৰি আছিল। কিন্তু ল’ৰাজনৰো অতিমাত্ৰা মিঠা মাত শুনি অসহ্য হৈছিল নে ইগ’তে লাগিছিল নাজানো? দোকানীজনক গৈ ক’লে,
: দাদা ইমান দেৰী কৰিছে। কিমান সময় লগালে!
ছোৱালীজনীয়ে গৈ ক’লে,
: ইমান দেৰী কৰিছে। আমাতকৈ পিছত অহা লোককো আগতে দিছে। আৰু দেৰী কৰে যদি নিনিওঁ আমি গম পাব।
: নেনা যুদিও ইকো নাই, নাখা যুদিও ইকো নাই। যাগে তহঁতে! মইয়ে খাই থৈ দিম যা। ঘৰত লৈ যায় লালৰ লগতে খাম…..দোকানীজনে কোনো ফালে নোচোৱাকে গপচত ক’লে৷
☆ ★ ☆ ★ ☆
1:35 pm
হাঃ হাঃ। প্ৰেমিক প্ৰেমিকা শ্বকড্
4:51 pm
??
11:48 pm
ঘৰত লালৰ লগত খাব..হাঃ হাঃ জমনি..?