ফটাঢোল

অনুসন্ধান, আত্ম-অনুসন্ধান ইত্যাদিবোৰ-সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

: আপুনি কি ভাবে বিষয়টো সম্পৰ্কে মি: বৰুৱা।

: চাওক মি: হাজৰিকা, চাৰ্জশ্বিটখন পঢ়ি মোৰ লাগিছে যে এই অধীক্ষকজনৰ পত্নীৰ এই বিশাল সম্পত্তি বৈধভাবে আহৰণ কৰা হ’বই নোৱাৰে, তেখেতে নিশ্চয় গিৰীয়েকৰ পদবীৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি টকা আহৰণৰ সুযোগ লৈছিল।

: ময়ো সেইটোৱেই ভাবোঁ বৰুৱা, পূৰ্বৰ তদন্তকাৰী দলটোৰ মতে অধীক্ষক পত্নীৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ মুঠ পৰিমাণ বিশ কৌটিৰো অধিক। প্ৰথম জেনেৰেচনৰ এজন ব্যৱসায়ীৰ বাবে মাত্ৰ চাৰিবছৰতে এই বৃহৎ পৰিমাণৰ ধন আহৰণ কৰা সম্ভৱ নহয়।

: আপুনি তেখেতৰ ব্যৱসায়িক নথিপত্ৰবোৰ পৰীক্ষা কৰি চাইছিল নেকি বাৰু হাজৰিকা।

: হয়, তেখেতৰ নামত এখন বিউটি পাৰ্লাৰ আৰু এখন মিঠাইৰ দোকান আছে, দুয়োখন চাৰিবছৰ আগতে আৰম্ভ কৰা৷

: বাৰু, অঙহী বঙহীৰ কাৰোবাৰ নামত।
: পূৰ্বৰ অনুসন্ধানকাৰী দলটোৰ পৰা পোৱা তথ্যমতে অধীক্ষকজনৰ খুলশালীয়েকৰ নামত ইলেকট্ৰনিক্স বস্তু বাহানীৰ এটা বৃহৎ শ্ব-ৰূম মহানগৰীত আছে যিটো আজিৰপৰা প্ৰায় চাৰিবছৰ আগতেই আৰম্ভ কৰা হৈছিল আৰু লক্ষণীয় কথাটো হ’ল খুলশালীয়েকৰ লগত অধীক্ষকপত্নীও সেই শ্ব-ৰূমটোৰ সুপ্ত ব্যৱসায়িক অংশীদাৰ।

: কথা এইটোৱেই হাজৰিকা, সকলো ব্যৱসায় আৰম্ভ হোৱাৰ সময়টো চালেই গম পোৱা যায় যে অধীক্ষকপত্নীৰ হাতলৈ লক্ষীৰ আগমণ হোৱা বেছিদিন হোৱা নাই।

: হয় মি বৰুৱা, আৰু লক্ষীৰ আগমণৰ বেগ মাথাউৰি ভাঙি অহা বানতকৈও তীব্ৰ, চাৰিবছৰতে বিশ কৌটি।

: বুজিছে হাজৰিকা, মানুহ পৰিস্থিতি আৰু সময়ৰ দাস।জীৱনত কেতিয়াবা মানুহৰ এনেকুৱা পৰিস্থিতিৰ সময়ো আহে যিয়ে মানুহ এজনৰ জীৱনধাৰণৰ গতিপথেই সলনি কৰি দিয়ে। সৌ সিদিনালৈকে সকলোৱে ভাল ভাল বুলি শলাগি থকা এই অধীক্ষজনকেই চাওক, মাত্ৰ চাৰিবছৰতেই এজন ঘোচখোৰ বিষয়া হৈ গ’ল। এটকাও উপঢৌকন নোলোৱা মানুহজনৰ পত্নী কি যাদুৰ বলত চাৰিবছৰতে কৌটিপতি হৈ গ’ল। এইবোৰেই সময়ৰ লীলা খেলা, বুজিছেনে হাজৰিকা?

: হয় হয় মি: বৰুৱা। হ’লেও আমি এইটো অনুসন্ধানত তেখেতৰ বিষয়ে নমনীয় স্থিতি লোৱাৰ কোনো কাৰণ নেদেখোঁ মই। ৰাইজৰ ধন নিজৰ পকেটত সোমোৱা প্ৰতিজন ঘোচখোৰ বিষয়াই উচিত শাস্তি পোৱাটো অতিশয় দৰকাৰী। শূন্য সহনশীলতা দেখুৱাব লাগিব আমিয়েই৷

হাজৰিকাই দুৰ্নীতিৰ বিৰুদ্ধে নিজৰ কণ্ঠ দৃঢ় কৰি ক’লে কথাখিনি।

: বাৰু বৰুৱা, কাগজ পত্ৰবোৰ সাজু কৰক, লগতে আমি বহিবলগীয়া কোঠাটো সাজু হৈছেনে সেইটোও এবাৰ ফাইনেল পৰীক্ষা কৰি লওক। অধীক্ষক আৰু তেখেতৰ পত্নী আহি পাবই এতিয়া।
মি: হাজৰিকা আৰু মি: বৰুৱা দুয়ো এটা চৰকাৰী তদন্তকাৰী সংস্থাৰ উচ্চপদস্ত বিষয়া। সুদক্ষ অনুসন্ধানকাৰী বিষয়া বুলি দুয়োজনৰ বিশেষ নাম আছে। চৰকাৰী বিভাগ এটাত প্ৰায় চাৰিবছৰ আগতে হৈ যোৱা এটা দুৰ্নীতিৰ গোচৰৰ পুনৰ অনুসন্ধান আৰম্ভ হৈছে ৰাজ্যখনৰ নতুন চৰকাৰৰ অনুৰোধত, যিটোৰ দায়িত্ব বিভাগীয় মন্ত্ৰীয়ে হাজৰিকা আৰু বৰুৱাক অৰ্পণ কৰিছে। অভিযোগ প্ৰত্যক্ষভাবেই আছে বিভাগটোৰ সেইসময়ৰ অধীক্ষকজন আৰু তেখেতৰ পত্নীৰ ওপৰত আৰু সেই অভিযোগসমূহৰ উপযুক্ত প্ৰমাণো পূৰ্বৰ অনুসন্ধানকাৰী দলটোৱে হস্তান্তৰ কৰি গৈছে হাজৰিকা আৰু বৰুৱাক। বিশেষ সমস্যা নহ’লে এঘণ্টাৰ জেৰাতে হাজৰিকা আৰু বৰুৱাই অধীক্ষক আৰু অধীক্ষকপত্নীৰ পৰা নিজমুখে স্বীকাৰ কৰোৱাই ল’ব পাৰিব তেখেতসকলে কৰা দুৰ্নীতিৰ কথা। অৱশ্যে এইবাৰ জেৰাৰ সময়ত অসুবিধা হোৱাৰ কোনোধৰণৰ লক্ষণো দেখা নাই দুয়োজনে যিহেতু বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশতেই অনুসন্ধান কাৰ্য আৰম্ভ হৈছে। এনেকুৱা জেৰাবোৰত ৰাজনৈতিক হস্তক্ষেপৰ বাবে বহুক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছেই ইতিমধ্যে হাজৰিকা আৰু বৰুৱা যাৰ বাবে কিছুমান গুৰুতৰ অপৰাধৰো অনুসন্ধান নিজ ইচ্ছামতে কৰিব পৰা নাছিল। এইবাৰ সেই সুযোগটো ল’ব নোৱাৰে কোনেও যিহেতু দুৰ্নীতিৰ ক্ষেত্ৰত মন্ত্ৰী নিজেই শূন্য সহনশীল এইবাৰ। নিৰ্দিষ্ট সময়ত অভিযুক্ত অধীক্ষক মি: কলিতা আৰু তেখেতৰ পত্নী আহি আগতীয়াকৈ সাজু কৰি থোৱা সেই বিশেষ কোঠাটোত সোমাল। কোঠাটোৰ সোঁমাজত থকা মেজখনৰ এটা ফালে মি: হাজৰিকা আৰু মি: বৰুৱা আৰু মেজখনৰ ওলোটা ফালে সপত্নীক অভিযুক্ত অধীক্ষক মি: কলিতা।

: বাৰু মি: কলিতা, কথাবোৰ আমি আৰম্ভ কৰাটো বিচাৰে নে আপুনি নিজে ক’ব বিচাৰিব।

: আপোনালোকেই সোধক কি সুধিবলগীয়া আছে, কথাবোৰ আগতেও বহুবাৰ কৈছোঁ মই কোনো লুকঢাক নকৰাকৈ। একেখিনি কথাই বাৰে বাৰে নতুন মানুহক কৈ থাকিবলগীয়া হ’লে মোৰ সময় আৰু ধন দুয়োটাই খৰচ হয়।

: মানে কি বুজাব বিচাৰিছে আপুনি, আমাৰ অনুসন্ধানত সহযোগ নকৰিব নেকি আপুনি?

: যোৱা দুবছৰ ধৰি মই নিলম্বনতেই আছোঁ আৰু অনুসন্ধানত সকলোকে সহায় সহযোগ কৰিয়েই আছোঁ। আপোনালোককো নিশ্চয় কৰিম, কি লাগিব আপোনালোকক কওক। সহায় নে সহযোগ? সহায় লাগিলে সহায়ৰ পৰিমাণটো নিশ্চিত হৈ একেবাৰতে কওক যাতে ভৱিষ্যতে বাৰে বাৰে এটা বিষয়ৰ বাবেই মোক সোধাপোচা কৰি থকা নহয় আৰু সহযোগ লাগে যদি সদায়েই অনুসন্ধানৰ নামত ইয়ালৈকে আহি চাহ খাবৰ বাবেও মই প্ৰস্তুত।

: আপুনি সহায়ৰ কথাটো আওপকীয়াকৈ আমাক ভাৰ-ভেটি দি সন্তুষ্ট কৰাৰ কথা বুজাব বিচাৰিছে নেকি মি: কলিতা? যদিহে সেইটো ভাবিছে তেনেহ’লে এইবাৰ আজীৱন জেইলৰ ভাত খাব পাৰিম বুলি ভাবি থাকক।আপোনাৰ সহায়ৰ টোপ গিলা মানুহ আমি নহয়।দুৰ্নীতিৰ বিৰুদ্ধে কেতিয়াও সহনশীল হৈ পোৱা নাই এই বৰুৱা আৰু হাজৰিকা।

: মোৰ লগত অনুসন্ধানৰ সময়ত আগৰ কেইজন বিষয়াও সহনশীল হৈ পোৱা নাছিল বা আগৰ মন্ত্ৰীজনেও পোৱা নাছিল বুলি ভাবিছে নেকি আপোনালোক দুজনে। চাৰ্জশ্বিটত লিখা অভিযোগবোৰ তেওঁলোক সকলোৰে অনুগ্ৰহত সাধাৰণ অভিযোগলৈ ৰূপান্তৰিত হোৱা নাছিল বুলি ভাবিছে নেকি আপোনালোকে। মই মোৰ পত্নীৰ নামত বিউটি পাৰ্লাৰ খোলা কথাটো আপোনালোকে অনুসন্ধানত গম পোৱা, কিন্তু অঙহী বঙহীৰ নামত থকা নিউজ চেনেল কোম্পানীটো কোনেও অনুসন্ধানত এতিয়াও উলিয়াবই পৰা নাই। চিধা চিধি কওক, কিমান টকা ল’ব নতুনকৈ মোৰ ওপৰত একো চাৰ্জ নানিবলৈ।

: আপুনি ভুল মানুহৰ পাল্লাত পৰিছে মি: কলিতা, আমি আপোনাৰ টোপত ভোল যোৱা মানুহ নহয়।

: আগৰ এজনেও কৈছিল, একেখিনিয়েই কথা, পিছত এক কৌটি ল’লে মোৰ পৰা, আপোনালোকৰ ৰেট কিমান কওক। সোনকালে ক’লে আঙুৰ খাবলৈ পাব, দেৰি কৰিলে আঙুৰ শুকাই যাব। এতিয়া আপোনালোক দুজনৰ চইজ, তাজা আঙুৰ খাব নে শুকোৱা আঙুৰ খাব, মই চাকৰিৰ পৰা নিলম্বনত থাকিলেও অসুবিধা নাই, সাতপুৰুষৰ বাবে ধন ঘটিলোঁৱেই।

: আপোনাক আকৌ কৈছো মি: কলিতা, আপুনি ভুল মানুহৰ পাল্লাত পৰিছে এইবাৰ। এইবাৰৰ অনুসন্ধান আগৰ দৰে মেনেজ কৰিব পৰা নহ’ব আপোনাৰ বাবে।

: ময়ো আকৌ সুধিছোঁ আপোনালোক দুয়োজনকে।তাজা আঙুৰ খাব নে শুকাই যোৱা আঙুৰ খাব, নতুন মন্ত্ৰীয়ে তাজা আঙুৰ খালেই ইতিমধ্যে, বাকী আপোনালোকৰ ইচ্ছা। যিমান অনুসন্ধান কৰিলেও আগতে প্ৰমাণ হোৱা অভিযোগকেইটাৰ বাহিৰে একো কথাই উলিয়াব নোৱাৰিব আপোনালোকে।

: বহুদিন আঙুৰ খোৱা নাই হে হাজৰিকা, খাব পাৰি নেকি?

: পাৰি বৰুৱা, আঙুৰ বেছিকৈ নোখোৱা মোৰো বহুদিন হ’ল।

সন্মতিসূচক মিচিকিয়া হাঁহিৰে বৰুৱা, হাজৰিকা, কলিতাই এজনৰ হাতৰ ওপৰত অন্যজনৰ হাতখন ৰাখি একেটা উমৈহতীয়া লক্ষ্যৰ প্ৰতি সন্মতি প্ৰদান কৰিলে। অফিচটোৰ বাহিৰত তেতিয়াও কেইজনমানে একগোট হৈ চিঞৰিয়েই আছিল, “শিশু খাদ্য হজমকাৰী কলিতা নিপাত যাওক”৷

আঙুৰৰ ভাগ সকলোৱে নাপায়।

☆ ★ ☆ ★ ☆

21 Comments

  • abhijit goswami

    বঢ়িয়া লাগিল দাদা ? ? ?

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

      ধন্যবাদ অভিজিৎ।

      Reply
  • বৰ্ণালী মূদৈ

    তামাম

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

      অশেষ ধন্যবাদ।

      Reply
  • ৰিণ্টু

    ফাটাফাটি সঞ্জীব

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

      ধন্যবাদ দাদা।

      Reply
  • পূৰ্ণময়ী

    বঢ়িয়া

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

      অশেষ ধন্যবাদ।

      Reply
  • মন্দিৰা

    বঢ়িয়া লাগিল সঞ্জীৱ

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য।

      অশেষ ধন্যবাদ বাইদেউ।

      Reply
  • Partha P Goswami

    সুন্দৰ বাস্তৱসন্মত লিখনি

    Reply
  • আদিত্য

    বঢ়িয়া লাগিল ।

    Reply
  • সঞ্জীৱৰ লেখা মানেই এক সুকীয়া নিচা৷ প্ৰকাশভংগীৰ কথানো কি ক’ম! মুঠতে পাঠকক বান্ধি ৰাখিব পৰা এক সন্মোহন শক্তি আছে তোমাৰ লেখাত৷ হেটচ্‌ অফ্‌ ব্ৰাডাৰ!

    Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ চবিনা বা,উৎসাহিত হ’লো।

      Reply
  • বন্দিতা

    বঢ়িয়া

    Reply
  • Anonymous

    সুন্দৰ।

    Reply
  • HEMANTA KAKATI

    ভাল লাগিল সঞ্জীৱ৷ পিচে মই টুইষ্টটো অনুমান কৰি পেলালো আগতেই৷ :p

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *