ফটাঢোল

লকডাউনৰ প্ৰভাৱ-মনিষা শৰ্মা

Before Lockdown::

ঘৰ ঝাৰু দিয়া, মচা, বাচন ধোৱা, কাপোৰ ধোৱা, ভাত ৰন্ধা সময়ত হোৱা অনুভৱ::

1. এগালমান টকা থকাহেঁতেন কাম কৰা মানুহ ৰাখি আৰামত বহি থাকিব পাৰিলোহেঁতেন৷ এতিয়া এইসোপা কাম কৰোঁতে কৰোঁতে কঁকাল বেঁকা হৈ যাব কোনোবাদিনা৷

2. আজি বৃহস্পতিবাৰ নহয়তো! গতিকে ঘৰটো অকল ঝাৰু দি থ’ম ৷ নমচিলেও হ’ব ৷

3. এই মানুহকেইটাই কাপোৰ ইমান লেতেৰা কৰে৷ সদাই সদাই কাপোৰ ধুই ধুই ধোবা বনি গৈছোঁ আৰু!

4. অলপদেৰি মোবাইলটো পিটিকি লওঁ৷ কাম কৰিবলৈ মুডটো বনিব তেতিয়া৷

5. ভাতৰ লগত দাইল আৰু কিবা তৰকাৰী এবিধ ৰান্ধিলেই হ’ব৷ সদাই সদাই আৰু ৰজাই খোৱাৰ দৰে খাবলৈ টকা গছত লগা নাইতো!

After Lockdown::

1. আজি ঘৰটো দুবাৰহে সৰা মচা কৰা হ’ল৷ ধুলি জমা হ’লেই কিজানি৷ আৰু এবাৰ চাফা কৰোঁ৷

2. আজি অকল ভাতসাঁজহে বনোৱা হ’ল৷ নতুন ৰেচিপি একো Try কৰিবলৈয়ে নহ’ল৷ এনেয়ে থকাতকৈ কিবা-কিবি বনায়েই লওঁ৷

3. বিচনাৰ কাপোৰবোৰ আচলতে daily ধুব পাৰিলে ভাল৷ ধূলি পৰি থাকেই নহয় দিনটো৷

4. মোবাইলটো চাই থাকিলে ক’ৰণা হৈ মৰিম যেনেই লাগে৷ তাতকৈ পুৰণা বাচন-বৰ্তনবোৰ ধুই চাফা কৰি লওঁ৷ কিবা-কিবি থ’বই পাৰিম তাতে৷

 *******

আচলতে লকডাউনৰ কিবা কিবি ধনাত্মক প্ৰভাৱো পৰিছে আমাৰ দৰে এলেহুৱা মানুহবোৰৰ ক্ষেত্ৰত৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *