গোন্ধ-পৰীস্মিতা গগৈ
সূৰয নগৰৰ ২ নং উপপথটোত হঠাতে হাহাকাৰ লাগিল। এটা গেলা ভেকেটা ভেকেট গোন্ধই উপপথটোৰ আৱাসীসকলক অস্বস্তিত পেলালে। গোন্ধটো অনবৰতে নাকত লাগি নাথাকে কিন্তু দুই এছাটি বতাহে গোন্ধটো ইমান তীব্ৰতাৰে কঢ়িয়াই আনে যে প্ৰত্যেকৰ ঘৰৰ প্ৰতিটো কোণলৈকে ইয়াক বিয়পাই দিয়ে। স্বাসযন্ত্ৰক প্ৰচণ্ড শক্তিৰে চেপি ধৰিলেও ইয়াৰ ঘ্ৰাণ নিৰ্বিবাদে ভিতৰলৈ সোমাই গৈ মগজুক সংকেত দিয়েগৈ “দুৰ্গন্ধতকৈও দুৰ্গন্ধ, কিবা এটা কৰ।” সেই সংকেতৰ প্ৰতি সঁহাৰি জনায়ে আজি মানুহবোৰ ওলাই আহিছে গেইটৰ মুখলৈ।
প্ৰথমাৱস্থাত দত্তই গোন্ধটোত ইমান গুৰুত্ব দিয়া নাছিল। কাষৰ নলাৰ পৰা আহিছে বুলি দৈনিক কাম-কাজ কৰি গৈছিল। কিন্তু দত্তনীৰ চেপেটা নাকটোত গোন্ধটোৱে যেন কিলবিলাই থাকিছিল। প্ৰথমতে নাকত আঙুলিৰে সোপা দি তাক বাধা দিবলৈ প্ৰয়াস কৰিছিল। তীব্ৰৰ পৰা তীব্ৰত্তম হৈ উঠা গোন্ধটোৱে আঙুলিৰ কেঁকোৰা চেপাকো সহজতে হৰুৱাই নাসিকাত প্ৰৱেশ কৰিবলৈ ধৰাত দত্তনীয়ে পিছলৈ চাদৰৰ আচলেৰে সোপা দিবলৈ ধৰিলে। দত্তই তেতিয়াহে গোন্ধটোৰ উমান পোৱা হ’ল। অন্যদিনা হ’লেতো দত্তনীক ঠাট্টাই কৰিলেহেঁতেন, “থোৱাহে তোমাৰ চেপেটা নাকত গোন্ধ বেছিকৈয়ে পোৱা। গেছ এৰাৰ আগত পেটত উকমুকনি উঠে কি নুঠে তোমাৰ নাকটোৱে গোন্ধ পাবই। আগৰ জনমত কুকুৰ আছিলা চাগে।” কিন্তু এইবাৰ কথাটো বেলেগ। সঁচাই ইমান উৎকট গোন্ধ, বৰুৱাৰ টনটনীয়া গৌৰীশংকৰৰ আগটোৰ দৰে জোঙা নাকটোৰে সুৰসুৰাই সোমাই গৈ গোন্ধটোৱে মগজুত বিন্ধিলেগৈ। ৰুম ফ্ৰেস্নাৰ, ধূপ-ধুনায়ো যেতিয়া তাক নিৰ্মূল কৰিব নোৱাৰিলে উপায়হীন হৈ সেয়ে আজি দত্ত গেইটলৈ ওলাই আহিছে গোন্ধৰ উৎস বিচাৰি। অৱশ্যে দত্তই সহজতে এনেকুৱা অসুবিধাত ওলাই অহা ভকত নহয়। ঘৰত কাৰেণ্ট গ’লেও পৰ্দা দাঙি চোৱা মানুহ তেওঁ কাষৰ হাজৰিকা বা শইকীয়াৰ ঘৰতো গৈছে নে নাই! যদি সকলোৰে গৈছে তেন্তে নিশ্চিন্তে ইনভাৰ্টাৰৰ পোহৰত কাৰেণ্ট অহালৈ অপেক্ষা কৰিব। পিছে আজি উপায় নাই বেলেগেও গোন্ধটো পাইছেনে নাই তাকতো আৰু খিৰিকীৰ পৰ্দা দাঙি চাব নোৱাৰি।
দত্ত আহি পদুলি পাইহি মানে ইতিমধ্যে হাজৰিকা, শইকীয়া, বৰুৱা, গগৈ, ফুকন, গোস্বামীও লগ লাগিছেহি বাটত। সকলোৰে নাকবোৰ দৰাই ঢাকি ৰখাৰ দৰে ৰুমাল এখনেৰে ঢাকি থৈছে। ভেকেটতকৈ গোন্ধটো দত্তৰ খোলা নাকেৰে হুৰমূৰাই সোমাই গ’ল। উৱাক! থু বুলি থুৱাইহে শান্তি পালে তেওঁ। বাকীকেইজনৰ দৰে তেৱোঁ নাকটো আঙুলিৰে কেঁকোৰা চেপা দি তেওঁলোকৰ ওচৰ পালেগৈ।
“হেৰি নহয়, এইটো কিহৰ ইমান উৎকট গোন্ধ আহিল বাৰু। আজি চাৰিদিনে বৰ অসহ্য লাগি গৈছেহে।”
“এৰাহ ক’ত বা কি হৈ আছে। একো ধৰিবই পৰা নাই নহয়।”
“ব’লক নহ’লে উৎসটো বিচাৰোঁ।”
“এহ ক’ত বিচাৰি যাবাহে। এইখিনিয়ে ঠাই। চকুৰ আগততো একো নাই।”
“তাকেহে, এটা কাম কৰোঁ দিয়ক। মিউনিচিপালিটিক ফোন কৰি জনাই দিওঁ। তেওঁলোকে যি কৰে কৰিব।”
“অ অ কৰা কৰা। কিন্তু কিহৰ গোন্ধ বুলিলে কি ক’বা।”
“সেইটো আমি কেনেকৈ জানো! সেইবোৰ কিবা তেওঁলোকৰহে কাম।”
“কিন্তু আমাক সুধিবতো। কিজানি এন্দুৰ, নিগনি মৰিওতো ওলাব পাৰে এনে গোন্ধ।”
“এহ এন্দুৰ নিগনিৰ এনে গোন্ধ নোলাই দিয়া। ইমান উৎকট গোন্ধ। উৱাক্ থু!”
“হয় হয়। লগোৱা ফোন। কিবা বেলেগ বস্তু চাগে।”
“কোনে কৰিব? মোৰ মোবাইলৰ নেটৱৰ্ক বৰ বেয়া।”
“মোৰো বেয়া। নালাগেই ফোন।”
“মোৰটো ঘৰত থৈয়ে আহিলোঁ।”
“মোৰটো আকৌ চুইটচ অফ হৈ আছে। চাৰ্জত দি আহিছোঁ।”
“হ’ব দিয়ক তেনে ময়ে লগাও।”
ক্ৰিং …ক্ৰিৰিং…,ৰিংংংংংং
“নাই, উঠোৱা নাই ফোন।”
“ছেহ!”
“এহ বাদ দিয়কহে কিমান আৰু গোন্ধ লৈ থাকে। চৰকাৰী ডিপাৰ্টমেণ্টবোৰৰ কাম নাই আজিকালি। ব’লক অলপ নিজেই বিচাৰ খোচাৰ কৰোঁ, ব’লক।”
“ৰ’বা মই সাউতকৈ ঘৰৰ পৰা পাক এটা মাৰি আহোঁ।”
“ময়ো পানীৰ চুইছটো দিয়ে আহিছিলোঁ, বন্ধ কৰি আহোঁ ৰ’বা। তোমালোকে আৰম্ভ কৰাচোন।”
“মোৰ মোবাইলটো চাৰ্জ ফুল হ’ল চাগে, এৰুৱাই আহোঁ ৰ’বা।”
“ইস ৰাম, মই ইমান ভুলক্কৰ হ’ব লাগেনে? দেখিছা, এওঁ বাথৰুমত আছিল মোক ক’লে তিনিটা চিটিত কুকাৰটো নমাবলৈ মই পাহৰিয়ে থাকিলোঁ। ৰ’বা দেই মই আহি আছোঁ, তোমালোকে আৰম্ভ কৰাচোন। ওৱাক্ থু।” ডিঙিৰ পৰা এখিনি ফেন ৰাস্তাত বিসৰ্জন দি দত্তই নাকটো আকৌ চেপি ধৰি লৰালৰিকৈ ভিতৰলৈ সোমাই গ’ল।
☆ ★ ☆ ★ ☆
12:17 pm
ভাল লাগিল ?
12:18 pm
ভাল লাগিল ?
1:46 pm
Ha ha borhiya, Poeismita
3:23 pm
বঢ়িয়া লাগিল পৰীস্মিতা। সঁচাকৈয়ে তেনেকুৱাই থাকে বেছিভাগ মানুহ।
7:52 pm
ভাল লাগিল
7:18 pm
বঢ়িয়া লাগিল পৰীস্মিতা
8:10 am
সিদিনা পঢ়িলো..মন্তব্য দিবলৈ থাকি গ’ল..বাস্তৱ ছবি। আমি মানুহবোৰ এনেকুৱাই।বৰ ভাল লাগিল।