বিয়ালৈ কিমান বাট-পার্থ প্ৰতীম শৰ্মা
ছোৱালীজনী দেখাই-শুনাই, কামে-বনে সকলো ফালৰ পৰাই পাকৈত বুজিছে। যেতিয়াৰ পৰা দেখিছোঁ, যেতিয়াৰ পৰা বুজিছোঁ, তেতিয়াৰ পৰাই তাইক ভাল লাগে। চাগে বহুতৰে ভাল লাগে! কিন্তু সমস্যা হ’ল- তাইৰ হেনো প্ৰেম, বিয়া এইবোৰলৈ ভয়। প্ৰেম, বিয়া এইবোৰলৈ সকলোৰে কিঞ্চিৎ কিঞ্চিৎ ভয় থাকেই দিয়কচোন। পিচে এইৰ কেচটো অলপ বেছিয়েই বেলেগ।
বিশ্বাসঘাটকতা। সম্পৰ্ক আৰু মানুহ দুয়োকে একেলগে ভাঙি পেলাব পৰা ঘটনাবোৰৰ ভিতৰত সম্ভৱতঃ আটাইতকৈ ভয়ানক ঘটনাই হৈছে বিশ্বাসঘাটকতা। ছোৱালীজনীৰ কাহিনী শুনি ময়ো কান্দিছিলোঁ। আপোনালোকেও কান্দিব, মই জানো।
জনা হোৱাৰ পৰা তাই এজন ল’ৰাক বৰ ভাল পাইছিল। যথা সময়ত বিয়াও হ’ল। পিচে লাহে লাহে ল’ৰাজনৰ বেলেগ এটা ৰূপ তেওঁ দেখিবলৈ ধৰিলে। তাই পৰালৈকে সহি গ’ল। বহুবাৰ সেই ল’ৰাজনে তাইক সৰুসুৰা দুখ দিলে। কিন্তু সম্পৰ্ক চলাই নিবলৈ অলপ বুজাপৰা কৰিব লাগিবই বুলি তাই ধৈৰ্য ধৰি থাকিল। কিন্তু সেইবুলি তাই নিজহাতে ৰন্ধা ভাত টিফিনত ভৰাই নি আন কাৰোবাক নিজৰ কোলাত বহুৱাই খুৱাই থকা দেখিলে কাৰ খং নুঠিব কওক। উঠিল খং। তাই ডিভোৰ্চ বিচাৰিলে। ডিভোৰ্চৰ কেছটো প্ৰায় ছয় বছৰ চলিল। ডিভোৰ্চৰ সময়তে তাইৰ কাষলৈ আকৌ এজন ল’ৰা কাষ চাপিল। নতুন ল’ৰা, নতুন সম্পৰ্ক। সকলোফালে কেৱল ভাললগা। তাই ভাবিলে আগৰ মানুহজন বদমাছ আছিল। সকলো পুৰুষ তেনে নহয়। নতুনজনৰ লগত তেওঁ সুখৰ সংসাৰ কৰিবলৈ বুলি আগবাঢ়িছিলহে, আকৌ লাগিল লেঠা। কেইবছৰমান পিছতেই তাইৰ মোহভংগ হ’ল। নতুনজন পুৰণাজনতকৈও ভয়ানক হৈ দেখা দিলে। আকৌ ডিভোৰ্চ!
পিচে এইবাৰ তাই ভাঙি পৰিল। তাই নিজকে পতিয়ন নিয়ালে- তাইৰ বাবে সৃষ্টিকর্তাই চাগে কাকো সৃষ্টি কৰা নাই। এনেকৈয়ে চাগে তাই জীৱন পাৰ কৰিব লাগিব। বিশ্বাসঘাটকতা আৰু প্ৰবঞ্চনাৰ মাজেৰে। অ’ ক’বলৈ পাহৰিছোঁ, মাজতে আকৌ এজনে বন্দুক-চন্দুক লৈ আহিছিল। তাইক হেনো নিজৰ কৰিহে এৰিব। ডায়লগবোৰো জেং আছিল,
“তুম মেৰী হো, বছ মেৰী হো তুম।”
“মই মৰাৰ সময়ত পানী নাপালেও তোৰ হাতৰ পানী নাখাওঁ।”
বুলি তাক ৰিজেক্ট কৰিছিল। মনৰ দুখতে মাজতে ম্যানমাৰ আৰু আজিকালি চীন দেশৰ কোনোবা বননিত তেওঁ ঘূৰি ফুৰে বুলি শুনিছোঁ।
মুঠতে, সম্পৰ্কৰ ক্ষেত্ৰত তাইৰ জীৱনলৈ সুখ নাহিল। কিন্তু মানুহ আশাধাৰী জীৱ। বহু বছৰৰ পিছত এজন বয়স্ক, সন্ন্যাসী টাইপ মানুহ আহিল বুজিছে। তেওঁ তাইক বিয়াৰ প্ৰস্তাৱ দিয়া নাছিল। সকলোকে ভাই-বেহেন বুলি সম্বোধন কৰা মানুহজনে তাইৰ সকলো দুখ আঁতৰ কৰিব বুলি তাইক পতিয়ন নিয়াইছিল। এনেও তাই বিয়াৰ সপোন দেখা এৰিছিলেই। সেয়ে মানুহজনক তাই বিশ্বাসত ল’লে।
এহ কথাৰ মাজতে মই আপোনালোকক ছোৱালীজনীৰ নামটো ক’বলৈয়ে পাহৰিছোঁ নহয়। কিয়, আমাৰ অসমী আকৌ। অসমীক চিনি নোপোৱা মানুহ নোলাব, তাই ইতিমধ্যেই প্ৰবঞ্চনা পোৱাৰ ক্ষেত্ৰত আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ গঢ়িছে। তাইক সেইবুলিয়েই সকলোৱে জানে।
কিন্তু জমনি কথাটো কি জানে নে নাই? অলপতে ফুলকুমলীয়া ল’ৰা এটাই অসমীক আকৌ প্ৰ’প’জেল দিছে। অসমীয়ে গোটেই জীৱন জুৰি মানুহৰ প্ৰবঞ্চনা পাই থৈছে, এই বয়সত ঘপহকৈ মানুহক বিশ্বাস কৰিবলৈ টান। ইফালে ল’ৰাটো পূৰ্বৰ গিৰিয়েক এজনাৰ সম্পর্কীয়। কোন সতে বিশ্বাসত লয় তাক। যি বুজিলোঁ, মুঠতে অসমীৰ জীৱনত সমস্যাৰ ওৰ নপৰে।
সিদিনা অসমীয়ে মোক সুধিছে,
“মই কি কৰা উচিত? মোৰ যে মানুহক বিশ্বাস কৰিবলৈও ভয়!”
মইনো কি ক’ম। মই ল’ৰাটোকহে লগ পালে ক’ম, বোলো অসমীয়ে যিমান প্ৰবঞ্চনা পাইছে, আন কোনোবাই সমানে পোৱা বুলি মনে নকয়। গতিকে, প্ৰথমে তাইৰ বিশ্বাস জিনিবলৈ যত্ন কৰা। বিয়াৰ কথা এতিয়াই কৈ লাভ নাই। বিশ্বাসেই নাথাকিলে কিহৰ ভালপোৱা, কিহৰ বিয়া!
কোনো ভাল ল’ৰা পোৱা নাই বুলিয়েই যাকে পোৱা যায় তাকেই বিয়া পতাটোত অসমীৰ চাগে বৰ মন নাই। সেয়ে, নতুন প্ৰেমিক তোমালৈ এটাই আহ্বান, প্ৰথমে বিশ্বাস জিনিবলৈ যত্ন কৰা। বাকীখিনি নিজেই হ’ব।
অসমীক লগ পালে এনেই জোকাবলৈ বুলি সোধোঁ
“অসমী, বিয়ালৈ কিমান বাট?”
☆ ★ ☆ ★ ☆
10:53 pm
ভাল লাগিল দেই
6:34 am
ভাল লাগিল পঢ়ি ৷
11:00 am
বঢ়িয়া৷