ফটাঢোল

এৰাল চিঙা : কাবেৰী মহন্ত

মুখৰ কোৱাৰিৰে তামোলৰ পিক সদায় নিজৰা হৈ বৈ থাকে মানুহজনৰ৷ পুৰণা ফিয়েটখনৰ ষ্টিয়াৰিংডাল এনেকৈ খামুচি ধৰি গাড়ীখন চলাই যেন হাতৰ মুঠিটো অলপ ঢিলাই দিলেই গাড়ীখন এৰাল চিঙা গৰুৰ দৰে পলাব!

হয়, সেয়া আমাৰ শইকীয়া ছাৰ৷ ৰাতিপুৱা নিজৰ শাকনিবাৰীত আঁঠুৰ মূৰলৈকে গামোছাখন পিন্ধি কোৰ মাৰি থকা দেখিলে কোনেও ক’ব নোৱাৰিব যে, ছাৰৰ তলত ইতিমধ্যে আধাকুৰিতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লৈছে আৰু কোনোবা নহয় কোনোবা কলেজত সুখ্যাতিৰে শিক্ষকতা কৰি আছে৷

বুধবাৰ আৰু শুকুৰবাৰে আমি আৰামত ক্লাছত সোমাওঁ৷ কাৰণ সেই দুদিন ছাৰৰ প্ৰথম দুটাকৈ ক্লাছ থাকে আৰু ৰূমত গৈ দুই তিনিবাৰ কোনোবা অত্যুৎসাহী ছাত্ৰই মাতি ননালৈকে ছাৰ ক্লাছত নোসোমায়হি৷ সেই কামটো অৱশ্যে মনে-মনে কৰে দুটামানে, নহ’লে সমূহীয়া ককৰ্থনা আৰু নিন্দাৰ পৰা কোনেও বচাব নোৱাৰে সিহঁতক৷ আমাৰ সকলো এণ্টাৰটেইনমেণ্টৰ আয়োজন, আঁচনি, পৰিকল্পনাও সেই দুদিনতে কৰা হয়৷ তাৰ ভিতৰত থাকি যোৱা প্ৰেক্টিকেলৰ কাম, ন’টছ্‌ কপি কৰা অথবা আনবোৰো সমাধা হয় সেই দুদিনতে৷

সেই সময়তে এখন বিতৰ্কিত চিনেমাই নিউজ পেপাৰ, হোষ্টেল আৰু কেণ্টিনৰ শিৰোনাম দখল কৰিছিল৷ সদা সচেতন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমিও সেই চিনেমাখনৰ সকলো কথা তন্ন তন্নকৈ সমালোচনা কৰাত কৃপণালি কৰা নাছিলোঁ৷ সচৰাচৰ হোৱাৰ দৰেই এই তত্ত্বগধুৰ আলোচনা সমূহৰ এটাই পৰিণতি হৈছিল, নোচোৱাকৈ কোনো মন্তব্য ৰখা উচিত নহয়৷ যুক্তি যদিও ‘বিতৰ্কিত’ বুলিহে ধৰা হ’ল আলোচনাৰ অন্তত, বাকী গুৰু গম্ভীৰ স্বয়ম্ভু সমালোচকৰ বাবে বাহানাৰ ওপৰত কোনো আপত্তি নাথাকিল৷

প্লেনিং ৰেডি৷ বুধবাৰৰ দিনা সেয়ে অপাৰেচন ‘বেন্দিত কুইন’ সফল কৰিবলৈ ছাৰৰ ৰূমত প্ৰবেশ ঘটিল আমাৰ৷ ছশমাৰ ওপৰেদি এক চাৱনি পাৰ হৈ আহিল আৰু পুনৰ নিজৰ কাগজ পত্ৰত ছাৰে মন দিলে৷ যেন ‘বিন বুলায়ে মেহমান’ আমি আৰু ছাৰৰ শাকনিবাৰীৰ ফেঞ্চিঙত সোমাবলৈ চেষ্টা কৰা ছাগলীৰ জাক! এটাই মোকেই সেই ছাগলী জাকৰ পৰা বলি হ’বলৈ হেঁচুকি আগবঢ়াই দিলে৷

: ছাৰ, আমি আজি পাছবেলা আপোনাৰ ক্লাছ এটেণ্ড কৰিব নোৱাৰিম৷

লিখিথোৱা নাটকৰ ডাইলগ পঢ়াত মই এনেয়ো ওস্তাদ হৈ পৰিছিলোঁ ইতিমধ্যে,

: ফিজিক্স ডিপাৰ্টমেণ্টৰ আমাৰ লগৰ এটাৰ এক্সিডেণ্ট হ’ল, তাৰ খবৰ কৰিবলৈ হস্পিতাললৈ যাব লগা আছিল৷

ছশমাযোৰৰ পজিছন সলনি নহ’ল৷ নাকৰ আগত কোনোমতে ৰৈ থাকিল ছাৰৰ৷ চেলাউৰি দুটা সামান্য ওপৰলৈ কৰি আমালৈ চালে ছাৰে৷ মুখৰ এক্সপ্ৰেছনৰ পৰা সলসলীয়াকৈ পঢ়িব পাৰিলোঁ, তহঁতক বুজিবলৈ বাকী আছেনে মোৰ! যদিও সেয়া শব্দৰ ঢৌৰ ৰূপত কাণত ঠেকা নাখালহি৷

: এ.. হয়নেকি? ভালেই হ’ল দিয়া৷ মোৰো লাইব্ৰেৰীত এৰাব নোৱাৰা চেমিনাৰৰ কাম এটা আছে আজি পাছবেলা, ক্লাছ কৰিব নোৱাৰিলোঁহেঁতেন৷

ইমান সোনকালেই আমাৰ খৰুছ বুলি সুখ্যাতি অৰ্জন কৰা ছাৰ যে মান্তি হ’ব আমি ভবা নাছিলোঁ৷ তথাপিও দুখৰ ভাৱাবেগ মুখত ৰাখি ধন্যবাদ দি ৰূমৰ পৰা ওলালোঁ যিহেতু হস্পিতালৰ কথা কোৱা হৈছে৷

দেৰি কৰাৰ সময় নাছিল, টিকটৰ বাবেও লাইন কৰিব লাগিব কাৰণ চিনেমাখন হাউছফুল হৈছিল৷ সকলো সময়মতে মেনেজ হ’ল আৰু আমিও হাঁহি খিকিন্দালি কৰি চিনেমা উপভোগ কৰিলোঁ৷ বিশেষ চিনটোও পাৰ হৈ গ’ল৷ চিনেমা শেষো হ’ল৷ হলৰ ভিতৰত লাইটবোৰ জ্বলি উঠিল৷ মানুহৰ পিছে পিছে হুলস্থূল কৰি পৰুৱাৰ দৰে আমি ওলাই আহিলোঁ৷ আগে আগে এটি চাৰিজনীয়া পৰিয়াল, মানুহজন আমাৰ আগত আৰু মানুহ গৰাকী তেখেতৰ আগত৷

: আজি খৰুছ ছাৰক কিন্তু বেলেগ ঠগিলোঁ দেই আমি৷ মোৰ এক্টিঙৰ বাবে ম’ম’ খুৱাই দিবি তহঁতে৷ নহ’লে ময়েই তহঁতৰ হাত ভৰি ভাঙি হস্পিতাললৈ পঠিয়াম৷

ফূৰ্তিতে মই ক’লোঁ সকলোৱে শুনাকৈ৷

: ঐ আমাৰ খৰুছে চাগে লাইব্ৰেৰীত কিতাপৰ মাজত ভাইৰাছ বিচাৰি ফুৰিছে .. আৰু আমি ইয়াত!

লগৰজনীয়ে খিলখিলাই হাঁহি মোক ক’লে৷ মই তাইৰ হাঁহিৰ কোবত ঠেলা খাই আগৰ ব্যক্তিজনৰ পিঠিত হামখুৰি খাই পৰিলোঁগৈ!
হে ভগৱান..!!

: ঐ এয়া দেখোন আমাৰ খৰুছ ছাৰ…..!

ব্যক্তিজনৰ আগতে মোৰ মুখৰ পৰা বাক্যটো নিয়ন্ত্ৰণৰ বাহিৰ হৈ আপোনা-আপুনি ওলাই আহিল৷ লগৰসোপা হঠাতে য’তে-ত’তে ভীৰৰ মাজত লুকাই গ’ল৷ ছাৰৰ পৰিয়ালৰ আগত মই মেলামুখী হৈ টেলেকা চকুৰে ৰৈ দিলোঁ৷

****

21 Comments

  • abhijit goswami

    ধেই??? মজা লাগিল বা ?

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ অভিজিত

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হাঃ হাঃ ! মজা লাগিল৷

    Reply
  • মন্দিৰা

    হাঃহাঃ তামাম ঘটনা। মজা লাগিল।

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ দেই?

      Reply
  • দিকেবি

    মহন্ত আইদেৱে ভাল লিখে.. লিখে কম

    Reply
    • কাবেৰী মহন্ত

      তোমাৰ কমেণ্ট মোৰ বাবে বহুত৷ ধন্যবাদ দিগন্ত

      Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ চিনেমা হলৰ কথা কওতেই জানিছো এতিয়া চাৰ ওলাবহি বুলি৷ দেখিছা মই কিমান খৰুছ!

    মজা লাগিল কাবেৰী৷

    Reply
    • কাবেৰী মহন্ত

      অশেষ ধন্যবাদ দাদা৷

      Reply
  • সংগীতা

    ভাল লাগিল ?

    Reply
  • জয়ন্ত গগৈ

    ??? ? , ভাল লাগিল বাইদেউ।

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ জয়ন্ত?

      Reply
  • Anonymous

    ??

    Reply
  • Mridul Nath

    কি লিখিছে মেডামজী ???বৰ ৰস পালোঁ

    Reply
    • কাবেৰী মহন্ত

      বহুত ধন্যবাদ দেই?

      Reply
  • জয়ন্ত দাস

    বঢ়িয়া লাগিল৷

    Reply
  • অৰবিন্দ গোস্বামী

    চাৰক আৰু আপোনাৰ লেখা দুয়োকে চালাম।???

    Reply
  • Manashi Borah

    হাঃ হাঃ মজ‍া লাগিল…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *