ফটাঢোল

কৌতুক : বন্দিতা জৈন

আমাৰ বিজু দা যে, জানেনে কোনোবাই, ৰ’ব মই পৰিচয় পিছত দিম৷ তেখেত ভগৱানৰ ভক্তিত গদগদহৈ থাকে আৰু সদায় এটা আপত্তি ভগৱানলৈ পঠিয়াই থাকে৷ তাকে দেখি ভগৱানৰ দয়া ওপজি তেওঁক দেখা দি কি ক’লে আৰু বিজু দাৰ আপত্তিবোৰ চাওঁ আহকচোন৷

: ভগৱান, নোটবন্দীৰ বাবে বহুত লোকচান হ’ল৷ GSTৰ বাবে বহুত সমস্যাৰ সৃষ্টি হৈছে; পেট্ৰ’ল, ডিজেলৰ দাম বাঢ়ি গৈছে; বিজুলী, পানীৰ বিলত ৰেট্‌ বাঢ়ি গৈছে; সোণ, ৰূপ ৰ দাম বাঢ়ি গৈছে; শ্বেয়াৰ মাৰ্কেটত ঘাটি হৈ আছে৷ উফ্‌ ভগৱান আজি ইমান ঠাণ্ডা! হে ভগৱান আজি তোমাৰ কি খং উঠিল পুৱাৰ পৰাই ইমান গৰম! হে প্ৰভু ক’লোঁ বুলিয়েই ইমান শিল, ধুমুহা, বতাহ-বৰষুণ দিব লাগেনে! কালি ইমান বতাহ-ধুমুহা দিলা! আজি গ্ৰাহক নাই যক৷ ঘৰত পত্নীৰ কিমান শুনিম, বৰ কাজিয়া কৰি থাকে৷ ল’ৰা-ছোৱালীবোৰে একো কথাই নুশুনা হ’ল৷ সিহঁতবোৰ হাতৰ পৰা ওলাই গৈছে…..

ইমান বোৰ আপত্তি শুনি ভগৱানে দেখা দি ক’লে,

: অৰে বিজু, তোমাৰ মৰতত জীৱনটো বোজা হৈ গৈছে৷ যদি তাত জমনি একো নাই ট’ ওপৰত আহি যোৱা৷ এতিয়া কভিড-১৯ৰ স্কীম খোলা আছে৷

বিজু দাই বোলে,

: নাই, নাই প্ৰভু এতিয়া ইয়াত সৱ ঠিকেই চলি আছে৷

ৰাম ৰাম…

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *