ফটাঢোল

কৌতুক – ভূপালী দেৱী

দুজনী মহিলাৰ কথোপকথন

১ম মহিলাঃ তোমাৰ চুৰিদাৰযোৰ ইমান ধুনীয়া। ক’ৰ পৰা কিনিলা?

২য় মহিলাঃ অ’ ব্ৰাডাৰে যোৱাবাৰ বিহুত গিফ্ট দিছিলে। ব্ৰেণ্ডেড পিচ। ২৫০০ টকা লৈছে হেনো। ইমান দামী কাপোৰ কিনে পাই সি! আপোনাৰ শাৰীখনো বৰ ধুনীয়া৷ দামীযেন লাগিছে।

১ ম মহিলাঃ অঁ এইখন শাৰী হাজবেণ্ডে যোৱা সপ্তাহত গিফ্ট দিলে৷ ডিজাইনাৰ পিচ। ৩০০০ টকা লৈছে হেনো৷ মানে মিষ্টাৰে মাহত চাৰিখন শাৰী গিফ্ট দিয়েই৷

তেনেতে তৃতীয় মহিলা এজনীয়ে ৰাস্তাৰে গৈ থাকোঁতে ১ম মহিলাক উদ্দেশ্যি কৈ গ’ল,
: হেৰা, এমাহ আগতে মোৰ পৰা শাৰীখন বিয়া এখনত পিন্ধি যাম বুলি খুজি আনিছিলা, এমাহ হৈ গ’ল এতিয়ালৈকে ঘূৰাই দিবলৈ মনত পৰা নাই! আজি গধূলি শাৰীখন ঘূৰাই নিদিলে কথা বেয়া হৈ যাব৷

২য় মহিলাঃ কি হে, আপোনাৰ হাজবেণ্ডে দিছিল বোলে? কিয় মিছা কথা কয়?

১ম মহিলাঃ মোৰ হাজবেণ্ড বুলিটো কোৱা নাই। যাৰ পৰা লৈছোঁ তেওঁক তেওঁৰ হাজবেণ্ডে দিছিল। হেঃহে়ঃ।

তেনেতে চতুৰ্থ মহিলা এগৰাকী সেইখিনি ঠাই আহি পাই ২য় মহিলাগৰাকীক চাই ক’লে,
: অই, ভতিজাৰ অন্নপ্ৰাসন খাবলৈ যাওঁ বুলি মোৰ চুৰিডাৰযোৰ আনি আজি দুসপ্তাহে ঘূৰাই নিদিলি। আজি আবেলি ঘৰত গৈ দি আহিবি।

১ম মহিলাঃ কি হে? তুমিও ফাঁকি মাৰিলা?

২য় মহিলাঃ ক’তা? মোৰ ব্ৰাডাৰ বুলিটো কোৱা নাছিলোঁ। মোৰ লগৰজনীৰ পৰা আনিছিলোঁ যে, তাইক তাইৰ ব্ৰাডাৰে দিছিল আকৌ। হেঃহেঃ।

১ম মহিলাঃ বাদ দিয়া সেইবোৰ কথা। চেণ্ডেলযোৰো দামী যেন লাগিছে তোমাৰ।

২য় মহিলাঃ নহয় বাইদেউ। ডেৰশ টকা। মিনা বাজাৰৰ পৰা আনিছোঁ। হেঃহেঃ। আপোনাৰ যোৰো..

১ম মহিলাঃ হয় হয়, মিনা বাজাৰ। হেঃহেঃ।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *