ফটাঢোল

চিন্তামণি–দেৱজিত শইকীয়া

দৈনিক কৰিয়েই থাকোঁ‌, তথাপি আজি ‘চিন্তা’ শব্দটোৰ বিষয়ে চিন্তা কৰিবলৈ মন গ’ল৷ প্ৰকৃততে এই ‘চিন্তা’ বস্তুটোনো কি? ই বৰ চিন্তনীয় বিষয়৷ বহু চিন্তা চৰ্চা কৰি শেষত ভাবিলোঁ‌ কিনো অযথা চিন্তাবোৰ কৰি আছোঁ‌? কিন্তু সকলো চিন্তাই অযথা হয় জানো? বহু চিন্তাই মানুহক এজন চিন্তাশীল ব্যক্তিলৈ ৰূপান্তৰিত কৰে আনহাতে বহু চিন্তাই মানুহক মানুহৰ শাৰীতকৈও তললৈ নমাই দিয়ে৷

পিচে চিন্তা নকৰাকৈ জানো মানুহ থাকিব পাৰে? সেইটোও চিন্তনীয়৷ তেনেহ’লে ‘চিন্তাৰ’ ওপৰত একো চিন্তা নকৰোঁ‌ বুলি নিচিন্তভাবে মনে মনে বহি থাকিম বুলি থাকিলেও পাৰিম জানো? চিন্তা নকৰোঁ‌ বুলি ভাবি থাকিলেও চিন্তাবোৰ আহি যায় নহয়৷ সেইটোও এতিয়া এটা ডাঙৰ চিন্তা৷ চিন্তা নকৰিও নোৱাৰি৷ চিন্তা কৰিলেও বিপদ, চিন্তা নকৰিলেও বিপদ৷ মুঠতে চিন্তাই খাই দিছে৷ কিছুমানে কেৱল নিজৰ বাবেহে চিন্তা কৰি কৰি জনসাধাৰণৰ সকলো লুটি পুটি নিজৰ গুডাম ভৰাই আছে আৰু কিছুমানে আনৰ বাবে চিন্তা কৰি দহৰ গালি খাই আছে বা জেলত সোমাই আছে৷ কি আচৰিত নহয়নে?

সেইযে পঢ়িছিলোঁ‌, “পঢ়াই পঢ়ে ৰোৱে পাণ তাৰ বিনে নিচিন্তে আন৷” কিমান ৰকম ৰকম যে চিন্তা৷
খেতিয়কৰ ভাতমুঠিৰ বাবে চিন্তা, নিবনুৱাৰ চাকৰি এটাৰ বাবে চিন্তা, বৰলাৰ বিয়াৰ বাবে চিন্তা, বুদ্ধিজীৱীৰ দেশৰ বাবে চিন্তা, ফেইচবুকত লাইক- কমেণ্টৰ চিন্তা, পত্নী ধুনীয়া হ’লেও চিন্তা, ধুনীয়া নহ’লেও চিন্তা৷ গাড়ী যদি আছে পেট্ৰলৰ বৰ্ধিত দামকলৈ চিন্তা, ছোৱালীৰ বিয়াকলৈ চিন্তা৷ কে.জিত পঢ়ি থকা ল’ৰাটোৰ ৰাইমচ মুখস্থ নোহোৱাকলৈ চিন্তা, নাৰ্চাৰিত পঢ়ি থাকোঁ‌তেই পিছলৈ ষ্টেণ্ড কৰিবনে নাই সেই চিন্তা৷ কাষৰ ঘৰৰ ছোৱালীজনী কাৰ বাইকত বহি গ’ল সেইটোও চিন্তা, মুঠতে পুৱা সাৰ পোৱাৰ পৰা শুৱালৈকে সাংঘাটিক সাংঘাটিক বাৰে কুৰি বাৰতা চিন্তা৷

চিন্তা কৰি পাৰ নোপোৱা চিন্তাসমূহ কৰি কৰি আকৌ কিবা বেমাৰেই হ’ল নেকি মোৰ বুলি কৰাটো আকৌ তাতোকৈ ডাঙৰ চিন্তা৷ মুঠতে ক’বলৈ গ’লে চিন্তাই মানুহৰ মনটোক অনবৰতে ঘড়ীৰ কাঁটাডালৰ দৰে ব্যস্ত কৰাই ৰাখে৷

ইমান চিন্তাৰ মাজতো আকৌ কোনোবাই কাৰোবালৈ কেনে আছে, কিবা খালেনে নাই সেইটোও চিন্তা কৰে৷ ম’বাইলত লাষ্ট চিন নেদেখিলেও চিন্তা, ক’ল কৰি নাপালেও চিন্তা৷ দুদিনমান ভালদৰে কথা পতা নহ’লেও আকৌ নতুন কাৰোবাৰ পাল্লাত পৰিল নেকি সেই চিন্তা৷ কাৰোবাৰ যদি কেতিয়ালৈ ডাঙৰ হ’ম চিন্তা কাৰোবাৰ আকৌ বয়স বঢ়াৰ চিন্তা৷

গডৰেজটো খুলি কোনযোৰ কাপোৰ পিন্ধিম সেইটো চিন্তা কাপোৰযোৰ পিন্ধি আকৌ ভাল লাগিছে নে নাই সেইটোও চিন্তা৷ পুৱাৰ সাজ খাই দুপৰীয়া কি ৰান্ধিম সেইটো চিন্তা৷ অমুকৰ কাপোৰযোৰ ইমান ধুনীয়া লাগিছে, ক’ৰপৰা বা কিনিলে নে কোনোবাই গিফ্ট দিলে সেইটোও চিন্তা৷ মুঠতে চাৰিওফালে চিন্তা, চিন্তা, চিন্তা কেৱল চিন্তা৷

চিন্তা শব্দটোৱেই চিন্তাত পেলাই দিলে৷ চিন্তাৰ শেষ নাই সেয়ে আৰু অলপ চিন্তা কৰোঁ‌৷ মইনো কিমান চিন্তা কৰিম সেয়ে আপুনিও চিন্তা কৰক৷ চিন্তাবোৰ ভগাই ল’লে বোলে ভাল৷ চিন্তা নকৰাকৈ কৰা কাম ভাল নহয়, সেয়ে আহক সকলোৱে চিন্তা কৰোঁ‌৷ ভাল বেয়া এই সকলো চিন্তাৰ মাজতেই কিন্তু ভাল লাগে যেতিয়া কোনোবাই কয় “চিন্তা নকৰিবি মই আছোঁ‌….।”

☆★☆★☆

7 Comments

  • ভাল লাগিল৷

    Reply
  • হেমন্ত কাকতি

    তামাম চিন্তনীয় বিষয় হে দেবু!

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷ চিন্তাই চিন্তা৷

    Reply
  • মন্দিৰা

    বঢ়িয়া লাগিল

    Reply
  • ৰাজু কুমাৰ নাথ

    চেহ! এইটো পঢ়ি চিন্তাতহে পৰিলো।

    Reply
  • Anjan Sadhanidar

    তুমি আলোচনীী খনত নিলিখিলে চিন্তা৷ লিখাটো পঢ়ি কিনো কমেণ্ট দিম তাৰ চিন্তা৷ আকৌ ইমান ধুনীয়াকৈ কেনেকৈ লিখিব পাৰা সেইটোও এটা চিন্তা৷
    মুঠতে ধুনীয়াকৈ লিখিলা

    Reply
  • প্ৰদীপ চন্দ্ৰ বড়া

    মুঠৰ ওপৰত আহিছে চিন্তা গৈছে চিন্তা চিন্তা মায়াবী জীৱ ৷ যোৱা বছৰ ভোমোৰাগুৰি দলঙৰ বালি ছাপৰি ওকা হৈ থাকিল তাৰ চিন্তা ৷ অহা বছৰোো উকা হৈ থাকিব তাৰ চিন্তা ৷

    Reply

Leave a Reply to হেমন্ত কাকতি Cancel reply

Your email address will not be published. Required fields are marked *