ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১) গিৰিজানন্দ গোস্বামী : বিয়াত দিয়া বিছনাখন আচলতে কাৰ??
ক) কইনাৰ
খ) দৰাৰ
গ) কইনাৰ বাপেকৰ

উত্তৰ : কাৰো নহয়, সেইখনৰ আচল মালিক উঁইপোক, এদিন নহয় এদিন তেৰাসৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিবই।

(খ) হৃদয় কিমান গভীৰ হ’লে একে সময়তে দুই তিনিজনক হৃদয়ত স্থান দিব পাৰি?

উত্তৰ : কিমান চাইজৰ মানুহক হৃদয়ত স্থান দিয়া হৈছে, কথাটো তাৰ ওপৰত নিৰ্ভৰ কৰিব। ডাঙৰ চাইজৰ মানুহ হ’লে এখন হৃদয়ত এজনকো জোৰাবলে টান, আনহাতে আমাৰ দৰে সৰু-সুৰা মানুহ হ’লে এখন হৃদয়ত দহজনো সোমাব পাৰে, ঠিক নাই।

২) মিৰাণ্ডা কাকতি : ক’ভিড যদি চৰিত্ৰহীন ভাইৰাছ নহৈ চৰিত্ৰবান হ’লহেঁতেন পৃথিৱীৰ অসুখৰ কেনে গতি হ’লহেঁতেন?

উত্তৰ : একেই হ’লহেঁতেন। ক’ভিড সংগত থাকি মানুহৰ চৰিত্ৰ বেয়াহৈ নমৰে নহয়, উশাহ নেপায়হে মৰে।

৩) জয়ন্ত শৰ্মা : ছোৱালীক চকুটিপ মাৰিলে কিয় জোকোৱা বুলি ধৰে?

উত্তৰ : ছোৱালীয়ে যি বুলিয়ে নধৰক বাৰু, আপুনিনো চকু টিপটো নেমাৰিলে কি হয়?

(খ) প্ৰকৃতিত মানুহতকৈ আগতে বান্দৰ জন্ম হৈছে। বান্দৰে যে স্ত্ৰী জাতিক ভয় নকৰে, এইটো কি প্ৰকৃতিৰে নিয়ম নেকি?

উত্তৰ : বিবাহিত পুৰুষ নামৰ এই বিশেষ প্ৰজাতিৰ পোহনীয়া প্ৰাণীৰ বাদে আচলতে বাকী চৰাচৰ দুনীয়াৰ কোনেও মহিলালৈ ভয় নকৰে। মহিলা ভয় লগা বস্তুৱেই নহয়, মহিলা সুন্দৰতা, মৰম, চেনেহ আদিৰহে প্ৰতীক।

৪) ৰিতন বৰুৱা : ব্ৰহ্মাৰ চাৰিখন মুখ আছে বুলি কোৱা হয় কিন্তু চতুৰ্থ মুখখন কিয় দেখুওৱা নহয়? তাৰ তুলনাত ৰাৱণৰ দহখন মুখেই দেখুওৱা হৈছে৷

উত্তৰ : ব্ৰহ্মাৰ চাৰিখন মুখ চাৰিওফালে থাকে, মানে চাৰি দিশত। সেয়ে যিকোনো দিশৰ পৰা চালে তাৰ বিপৰীতে থকা মুখখন চকুত নপৰে। আনহাতে ৰাৱণৰ আকৌ একে শাৰীতে একেদিশতে আছে, গতিকে সমুখৰ পৰা দহখন মুখেই দেখা যায়।

৫) শ্ৰুতিমালা মিশ্ৰ : মহিলাসকলে হাজাৰ হাজাৰটকীয়া মেকআপৰ সামগ্ৰী কিনে৷ তথাপিও পুৰুষবিলাকে সেইবোৰক আটা-ময়দাৰ দোকান বুলি কিয় কয় ? ‌

উত্তৰ : আজিকালি নকয় বুইছে। আজিকালি বহু পুৰুষেও সেই আটা-ময়দাৰ দোকানখন(উপচচচচ….) কঢ়িয়াই ফুৰে।

৬) দিপ্তী শৰ্মা : জনপ্ৰিয় হোৱা মানুহবোৰে ফেইচবুকত পোষ্ট দিয়াৰ পিছত কমেণ্টবোৰত ৰিপ্লাইতো নিদিয়ে লাইক এটাও কিয় নকৰে বাৰু?

উত্তৰ : তেওঁ আচলতে দেখুৱাব খোজে, তেওঁ ইমানেই জনপ্ৰিয় যে তেওঁৰ পোষ্টত দিয়া কমেণ্ট পঢ়িবলৈকে তেওঁৰ সময় নাই, ইমানেই লাখে লাখে কমেণ্ট আহে। একধৰণৰ মাৰ্কেটিং আৰু।

৭) (ক) ভূপালী দেৱী : ভালপোৱা মানুহবোৰৰ লগতেই কাজিয়াৰ সূত্ৰপাত হয় কিয়?

উত্তৰ : অচিনাকি বা ভাল নোপোৱা মানুহৰ লগত কাজিয়া কৰি সুখ নাই। ভাল পোৱাজনৰ দুৰ্বলতাবিলাক জনা যায় যে, সেয়ে কাজিয়া লাগোঁতে মৰ্মস্থলীত আঘাত কৰিব পাৰি।

(খ) ইয়াত প্ৰস্ৰাৱ নকৰিব বুলি লিখা থকাৰ পিছতো কিছুসংখ্যক মানুহে তাতেই প্ৰস্ৰাৱ কৰে কিয়?

উত্তৰ : তাৰপৰাই বুজা যায় ভাৰতত অশিক্ষিত লোকৰ সংখ্যা কিমান! কেৱল ইউনিভাৰ্চিটৰ ডিগ্ৰী এটা থাকিলেই শিক্ষিত বুলি ধৰিব নেলাগে।

৮) মিনতি মহন্ত : ধানৰ পৰা চাউল হয়, সেই চাউল পানীত দি সিজালে ভাত হয়৷ পোনে পোনে পানীত ধান দি সিজালে ভাত নহয় কিয়?

উত্তৰ : হ’ব, কেৱল অলপ বেছি সময় সিজাব লাগিব আৰু খাওঁতে এটা এটা ধান কামুৰি বাকলি গুচাই খাব লাগিব।

৯) নয়নজ্যোতি বৰঠাকুৰ : সকলো মানুহে যদি সকলো সময়তে সঁচা কথাই ক’লেহেঁতেন তেতিয়া কি হ’লহেঁতেন বাৰু?

উত্তৰ : তৃতীয় বিশ্বযু্দ্ধ লগাৰ আগতেই পৃথিৱীখন ধ্বংস হ’লহেঁতেন।

১০) অণিমা দাস : কেতিয়াবা মানুহৰ মুখত কিছুমান লোকৰ বিষয়ে শুনা যায় “মানুহজন বৰ গা উঠা মানুহ”। মোৰ প্ৰশ্নটো হ’ল “গা উঠা মানুহ” মানে কিনো?

উত্তৰ : মই পিচে তেনেকৈ কোৱা শুনা নাই কেতিয়াও। আপুনি এটা কাম কৰিব, এই বাক্য কোনোবাই কোৱা শুনিলে থিতাতে তেওঁকেই সুধি পেলাব, মানেটোনো কি? আমাৰ কষ্ট কমিব, আপোনাৰো। পিচে গম পালে আমাকো জনাবলৈ নেপাহৰিব।

১১) (ক) বন্দিতা জৈন : মিছা কথা প্ৰবঞ্চনাৰ লক্ষণ৷ তথাপি মানুহে সঁচা জনক দুখ দি মিছা কোৱা জনৰ কাষ চাপি যায় জানি বুজি কিয়?

উত্তৰ : এই দুনিয়াৰ সকলো সিদ্ধান্ত মিছাৰ ওপৰতে প্ৰতিষ্ঠিত৷ সেয়ে শাস্ত্ৰত এই মানৱী জনমকে মিছা বুলিছে। গতিকে স্বাভাৱিক বাবেই আমি মিছাৰ প্ৰতিহে আকৰ্ষিত হওঁ।

(খ) আমি কিবা ফাটিলে চিলাই কৰি লওঁ, ভাগিলে ভাল কৰি লওঁ, এতিয়া কথা হ’ল ফটাপ্ৰশ্ন বিচাৰি ঢোলটো ফটাব বিচাৰেনো কিয়?

উত্তৰ : ফটাঢোল কোবোৱাৰ সমান সুখ আন ক’ত আছে? নফটাঢোল কোবাবলৈ শিকিব লাগে৷ তাল, মানৰ জ্ঞান লাগে৷ তাল, বাঁহি, পেঁপাৰ সৈতে সংগত কৰিব জানিব লাগে, চৰ্চা লাগে। ফটাঢোল কোবোৱাত এইবিলাক কষ্ট নাই, গাৰ জোৰৰে কোবালেই হ’ল।

১২) উৰ্বশী ভাগৱতী : এই যে দূৰদৰ্শনত বিজ্ঞাপন দিয়ে হেণ্ড চেনিটাইজাৰ আৰু চাবোনবিলাকে ৯৯.৯% কিটানু কা চাফায়া কৰে বুলি! বাকী ০.০১% চাফায়া নোহোৱা বিখ্যাত ভাইৰাছকেইজন কোন কোন বাৰু?

উত্তৰ : আছে কিছুমান ৰক্তবীজৰ বংশ, ৰাইজে দেখিয়েই আছে নে কি কয়? কিন্তু এই শতকৰা হিচাপটো ইমান সঠিককৈ উলওৱা মানুহকেইটাকহে মই বিচাৰি আছোঁ।

১৩) ৰাজু কুমাৰ নাথ : ফটহুকাই, সোঁহাত, বাওঁহাত আমি দেখাত মাত্ৰ দুখনেই হাত। পিচে প্ৰায়েই ৰাইজে ব্যৱহাৰ কৰা ‘অজুহাত’খন দেখা নাপাওঁ কিয়?

উত্তৰ : সেইখনেই মেইন। বাকী বাওঁ-সোঁ, এইবোৰ মায়ামোহ মাত্ৰ। আৰু শক্তিশালী বস্তুবোৰ অদৃশ্যই হৈ থাকে।

১৪) কমলা দাস : চাৰ আইজাক নিউটনে যদি সৰি পৰা আপেলটো নেদেখিলেহেঁতেন, তেন্তে তাৰপৰা আমাৰ কি কি লাভ হ’লহেঁতেন আৰু কি কি নহ’লহেঁতেন?

উত্তৰ : আপেলত দোষ নাই বুজিছে, দোষ নিউটনৰ। সেইটো আপেল নেদেখিলেও তেওঁ আন কিবা এটা দেখিলেইহেঁতেন- এই ধৰক কমলা, কঠাঁল, মধুৰি… আৰু এই থিয়ৰিসোপা উলিয়াই যুগ-যুগ ধৰি ল’ৰা-ছোৱালীবিলাকক অত্যাচাৰ কৰি থাকিলহেঁতেন। অৱশ্যে আপেলৰ ঠাইত নাৰিকল হোৱাহেঁতেন, আৰু নিউটন ঠিক নাৰিকল গছজোপাৰ তলতে বহি থকাহেঁতেন, কথাবোৰ অলপ বেলেগ হ’লহেঁতেন চাগে।

১৫) পূৰৱী এম কটকী : খংত অগ্নিশৰ্ম্মাই কিয় হয়?
বৰঠাকুৰ, কটকী, ভাগৱতী কিয় নহয়?

উত্তৰ : শৰ্মাসকলৰ পিক আপটো অলপ আনতকৈ বেছি।

১৬) গায়ত্ৰী খাৰঘৰীয়া : যদি অসমীয়াত ফটা মানে নফটা আৰু নফটা মানে ফটা বুজালেহেঁতেন তেতিয়া এই গোটটোৰ নাম কি হ’লহেঁতেন?
ফটাঢোল নে নফটাঢোল?

উত্তৰ : ফটাঢোলেই হ’লহেঁতেন। আচলতে ফটা শব্দটোহে আমাৰ আপোন, তাৰ অৰ্থটো নহয়।

১৭) তাবিবৰ ৰহমান : ফটহু কাই, কিছুমান মহিলাই তেওঁলোকৰ ফটোত মহিলাসকলে nice, beautiful আদি কমেণ্ট কৰিলে লাভ লাভ দিয়ে। কিন্তু সেই একেই কমেণ্ট পুৰুষসকলে কৰিলে লাইক দিয়ে। এনেকুৱা বৈষম্য কিয়?

উত্তৰ : কিছু পুৰুষে আকৌ ‘লাভ ৰিয়েক্ট’ মানে প্ৰেম বুলিয়ে ধৰি লয় নহয়, গতিকে মহিলাসকল অলপ সাৱধান হ’ব লগা হয়।

১৮) দিলীপ আৰ কাকতি : মানৱ সমাজত যদি “লাজ”ৰ কোনো অনুভৱ, অস্তিত্ব নাথাকে তেতিয়া হ’লে কি হ’ব?

উত্তৰ : ভয়ংকৰ পৰিস্থিতি হ’ব। ফটহুৰ বনগাঁৱৰ ফালে পৰা সম্বন্ধীয়া পেহীয়েকজনীৰ নন্দেকৰ শাহুৱেকৰ আইতাকে কৈ গৈছিল- “পুৰুষৰ ভয় আৰু মহিলাৰ লাজ, এই দুটি নোহোৱা হ’লে হয় সত্যনাশ৷”

১৯) নীতাশ্ৰী নেওগ : এই যে শৰ্মাৰ পত্নীক শৰ্মানী, বৰাৰ পত্নীক বৰানী বুলি কয়, শৰ্মানীৰ পতিক শৰ্মান, বৰানীৰ পতিক বৰান বুলি কিয় নকয়?

উত্তৰ : সৃষ্টিৰ আদিৰে পৰা এই পুৰুষ শাসিত সমাজ ব্যৱস্থাই যুগ যুগ ধৰি নাৰীক অৱহেলা কৰি অহাৰ এইটোৱেই মেইন প্ৰমাণ।

২০)দীক্ষিতা বৰা : ফটহুকায়ে যে ফটাঢোলবাসীক ফটা উত্তৰ দি দি ৱাহ ৱাহ লয়, নিজৰ ঘৰত ফটা উত্তৰ দিলে ফটহুৱনী বৌৱে তালি বজাই নে পিঠি বজাই বাৰু?

উত্তৰ : ইয়াত ব্যক্তিগত প্ৰশ্নৰ উত্তৰ দিয়া নহয় যদিও, বুজাই নিজে নিজে বুজি লয়। উসস…

২১) ৰাজশ্ৰী শৰ্মা : Evolution theory মতে যিটো অংগ বেছিকৈ চলে, evolution হৈ বেলেগ হৈ যায়। হয় ডাঙৰ হয় নতুবা বেছি হয়। কিন্তু মেচেজ লিখোঁতে লিখোঁতে আঙুলি ডাঙৰ বা এটাৰ পৰা দুটামান নোলাই কিয়? বিষায়হে দেখোন।

উত্তৰ : ওলাব, এক দুই মিলিয়ন বছৰমান ধৈৰ্য ধৰক।

২২) ৰঞ্জিত কুমাৰ শৰ্মা : এই যে ফেইচবুকত কিবা কাপলচেলেঞ্জ নে কি দেখি আছোঁ, ‘কাপল’ৰ লগত ‘চেলেঞ্জ’টো কিয় লগাই দিয়ে বাৰু?

উত্তৰ : নক’ব আৰু, নিজৰ মানুহজনী বা মানুহটোৰ লগত ফটো উঠানো কি চেলেঞ্জ হ’ল। অমুকাই কথাটো অলপ চিৰিয়াছলি লৈ, মানে সঁচাকৈয়ে চেলেঞ্জ গ্ৰহণ কৰি, কাষৰ বৰুৱানী বাইদেউৰ লগত ফটো একপি উঠি ফেচবুকত দি দিলোঁ৷ বাকীখিনি ইতিহাস আৰু।

২৩) উৎপলা কৌৰ : এজনী মহিলাৰ স্বামীক নিবলৈ যমদূত আহি ড্ৰয়িং ৰূমত বহি আছে। মানুহ এগৰাকীয়ে কান্দি কাটি ৰিকুৱেষ্ট কৰিছে বোলে নিনিব মানুহজনক, আমাৰ চলি-পলি সৰু হৈ আছে।
মানুহজনীৰ আকৌ দেউতাক তেওঁ সৰু থাকোঁতেই ঢুকাইছিল। গতিকে আনৰ দেউতাকে ল’ৰা-ছোৱালীক মৰম কৰা দেখি দুখ কৰি কৰিয়েই ডাঙৰ হৈ বিয়া বাৰু হ’ল। ইমান কন্দা কটা দেখি যমৰ বৰ দুখ লাগিল। আৰু নিজৰ বিশেষ ক্ষমতা প্ৰদৰ্শন কৰি ক’লে, ঠিক আছে মই তোমাক এটা চৰ্ত দিওঁ। তোমাৰ নিজৰ দেউতা আৰু স্বামীৰ মাজত যিকোনো এজনক মই জীৱনদান দিম। তুমি কোৱা কাক জীয়াই উভতাই বিচাৰিবা? মানুহগৰাকীয়ে কাক বিচৰা উচিত?

উত্তৰ : স্বামীক। কোনো মহিলাই কেতিয়াবা দেউতাকৰ হতুৱাই বাচন ধোৱাব, বা ঘৰ মোচাব, বা কথাই প্ৰতি দকচি থাকিব পাৰিবনে? ভুলতো নোৱাৰে। সেয়ে কামত অহা বস্তুকে বিচাৰিব নহয় জানো।

২৪) মিলন চন্দ্ৰ দাস : (ক) ফটহু কাইৰ বিয়াখন কেতিয়া হ’ব?
খ) ঘৰত হ’বনে বিবাহ ভৱনত হ’ব?
গ) আমাক বিয়ালৈ মাতিবনে?

উত্তৰ : আপোনাৰ অলপ দেৰিয়েই হ’ল, ফটহুৱে বিবাহ নামৰ কামফেৰা কলৰজৰ প্ৰথম বৰ্ষত সোমাওঁতেই সমাপ্ত কৰি এতিয়া একডজন ল’ৰা-ছোৱালীৰ বাপেক হৈ দপদপাই ফুৰিছে।

২৫) সোমেশ্বৰ বৰা : বিহুৱে তিথিয়ে মহিলাসকল ফুৰিবলৈ যাওঁতে যদি সোধা যায় ক’লৈ গৈছিলা বুলি ফটাফট উত্তৰ-“মাৰ ঘৰৰ পৰা আহিলোঁ।” হেৰৌ, “বাপেকৰ ঘৰলৈ” তেওঁলোক নেযায়েই নেকি?

উত্তৰ : বাদ দিয়কহে, সেইটো সৰু কথা। আপুনি কেতিয়াবা “পিতৃভাষা” বুলি শব্দ এটা শুনিছেনে? পিতৃবোৰে কি কথা-বতৰা নেপাতে নেকি? তেওঁলোকৰ ভাষা নাই নেকি? সকলো পিতৃ বোবা নেকি? এইবোৰ ষড়যন্ত্ৰ বুজিছে, পুৰুষক নস্যাৎ কৰাৰ দুৰ্ঘোৰ ষড়যন্ত্ৰ।

২৬) ৰীতা লীনা সোণোৱাল : ঘটি-লোটা, কাঁহী-বাতি আদি চুৰ হয়। কিন্তু হৃদয় কেনেকৈ চুৰ হয়?

উত্তৰ : এনেই মৰম চেনেহৰ অৰ্থত যদি সুধিছে তেনে, সেইটো তেনেই মিছা কথা, কাৰো হৃদয় চুৰি নহয়, জেগাতে থাকে। সেইটো প্ৰেমিক বা প্ৰেমিকাক আভুৱা ভাৰিবলৈ কোৱা কথা। অৱশ্যে চিকিৎসা বিজ্ঞানৰ ফালৰপৰা এজনে গাহৰিৰ হৃদয় চুৰি কৰিছিল কিছুবছৰ আগতে। পিচে ফলাফল ভাল নহ’ল।

২৭) ৰিমঝিম বৰঠাকুৰ : অসমীয়া মহিলা আলোচনীসমূহত যে মডেলবোৰে ধুনীয়া ধুনীয়া পাটৰ মুগাৰ কাপোৰবোৰ পিন্ধি কভাৰ পেজত ওলায়। সেই কাপোৰবোৰ একেবাৰে মডেলগৰাকীক দি দিয়েনে? নে পিন্ধি ফটো উঠাৰ পিছত ডিজাইনাৰে সামৰি-সুতৰি লৈ যায় ঘৰলৈ?

উত্তৰ : নিদিয়ে, নিদিয়ে। আনকি কোনো কোনোৱে মডেল গৰাকীৰ প্ৰাপ্যকেইটা দিবলৈও হেনা হেলা কৰে। নহ’লেনো ফুটুকীয়ে এইবোৰ আলোচনীত দপদপাই নেথাকিলেহেঁতেননে?

☆★☆★☆

7 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মজা মজা প্ৰশ্ন, মজা মজা উত্তৰ৷

    Reply
  • Bagmita

    বাপৰে ! কমসোপা প্ৰশ্ন নে..? উত্তৰবোৰ তামাম হৈছে।

    Reply
  • কমলা দাস

    ভাল লাগিল উত্তৰ বোৰ পঢ়ি

    Reply
  • ৰাজু কুমাৰ নাথ

    দুটামানযে বৰ মজা উত্তৰ দিছে।

    Reply
  • Deepjyoti Handique

    বহুত ভাল প্ৰশ্ন আছিল। উত্তৰ ও সাঙঘাটিক হৈছে। বঢ়িয়া হৈছে।????

    Reply
  • Anima Das

    ফটা প্ৰশ্নৰ উত্তৰ বৰ ভাল লাগিল।

    Reply
  • যথাযথ উত্তৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *