চোৰৰ মোৰ : গীতাৰ্থী গোস্বামী
সিহঁত তিনিও চোৰ হ’ব। চুৰি কৰিব, ফাইনেল। পুখুৰীৰ পাৰত বহি চিগাৰেট হুপি থাকোঁতে ছুপাৰ ছাৰ সিহঁতৰ মুখৰ আগতে ওলালগৈ। কেমেষ্ট্ৰিৰ ক্লাছত সিহঁতক সকলোৰে আগত ভেঙুচালি কৰিলে।
: ঐ ত্ৰিমূৰ্তি, জীৱনত ধনী হোৱাৰ আশা আছেনে? নে পুখুৰীৰ পাৰত চিগাৰেট হুপি থাকিলেই কোনোবাই তহঁতৰ আগত এগাল ধন-সোণ পেলাই থৈ যাব? নে বাপেৰহঁতৰ ধন পানীত পেলাই ভবিষ্যতে চোৰ-ডকাইত হোৱাৰ বাসনাহে!
গোটেই ক্লাছটোৱে সিহঁতলৈ চাই গিৰ্জনি মাৰি হাঁহিলে। লাজত ব্ৰজেন, মৃদুল আৰু সৌৰভ ৰঙা-ছিঙা পৰিল।
“ইস্! আজিকালি ল’ৰাই ইঞ্জেকচন মাৰি থাকে, সেইবোৰক নেদেখে।”
সৌৰভে ভোৰভোৰালে।
“চোৰেই হ’ম যাহ…৷ ইয়াৰ ঘৰতে প্ৰথম চুৰি কৰিম, চাই থাক।”
ব্ৰজেনে ক’লে৷
তিনিওটাই ক্লাছ শেষ নোহোৱালৈকে ভোৰভোৰাই থাকিল৷
ক্লাছৰ পৰা ওলাই সিহঁত কলেজৰ গে’টৰ বাহিৰ হৈ চিধা আঁহতৰ তল পালেগৈ। কণপোনা দোকানিৰ পৰা তিনিটা চিগাৰেট কিনি জ্বলাই লৈ সিহঁত কিছু দূৰৰ পুলটোত বহিলগৈ। কোনেও মুখেৰে একো মতা নাই। চেলাউৰি কোঁচাই তিনিওজনে যেন কিবা এক পুৰাতত্বৰ গৱেষণাহে কৰিছে!
: চুৰ কৰিম কেনেকৈ? আমাৰ সেইবোৰ অভ্যাস নাই নহয়!
সৌৰভে ক’লে।
: অভ্যাস কেলেই লাগে? আমি কিবা চোৰ হ’ব খুজিছোঁ নেকি? এই বুঢ়াক এশিকনি দিব লাগে মুঠতে। বেছি হৈছে ইয়াৰ।
ব্ৰজেনে দাঁত কামুৰি ক’লে।
: কিন্তু কেঁচা কাম কৰিব নোৱাৰি। কৰিলে ভালকৈ প্লেন কৰি কৰিব লাগিব।
মৃদুলে ক’লে৷
সেই তেতিয়াৰ পৰাই তিনিওটাই ছুপাৰৰ ঘৰত চুৰি কৰাৰ নতুন নতুন আঁচনি বনাবলৈ ধৰিলে। চুৰি বিষয়ক কিতাপ পত্ৰও বিচাৰিলে। ছুপাৰৰ ঘৰৰ দিশসজ্জা, গৃহসজ্জা সকলোবোৰ ভূ-ভা লোৱা হ’ল। ৰিলায়েব’ল চ’ৰ্চৰ পৰা এইটোও জানিব পাৰিলে যে পশ্চিমফালৰ কোঠাটোত ছুপাৰৰ পত্নী গাভৰু জীয়েকৰ লগত ৰাতি শোৱে। তাতে ঘৰৰ গডৰেজকে আদি কৰি প্ৰয়োজনীয় বহুকেইপদ বস্তু আছে। পুৰণি কলেজৰ পুৰণি কোৱাৰ্টাৰ, গতিকে গ্ৰিল-চিলৰ ঝামেলা নাই। একেবাৰে অ’পেন উইণ্ড। সিহঁতে খিৰিকীৰ হুক কাটিব পৰাকৈ লোহা কটা ব্লেদ এখন যোগাৰ কৰিলে। সহজেই মানুহক গভীৰ নিদ্ৰাৰ কোলাত পেলাব পৰা এবিধ বিশেষ পাউদাৰো বিচাৰি বিচাৰি কিনি আনিলে। তাৰ কাৰণে সিহঁতৰ মাহেকীয়া খৰচ কিছু কমাব লগাও হ’ল, ঘৰৰ পৰা অলপ বেছি পইচা বিচাৰিব লগাও হ’ল। কিতাপ এখন কিনিব লাগে বুলি কৈ তিনিও সেয়া মেনেজ কৰিলে বাৰু৷ ব্ৰজেনৰ গাত তত নাই। মুঠতে যিমান পাৰি সোনকালে এই ছুপাৰ বুঢ়াৰ ঘৰত সোমাব লাগে।
: এহ্ তেনেকৈ নোৱাৰি নহয়! ধীৰে সুস্থিৰে কৰিব লাগিব।
মৃদুলে বুজালে। ধৈৰ্য্য ধৰিব নোৱাৰা হৈ আহিছে ব্ৰজেনে।
অৱশেষত কলেজ খতি কৰি এটা দিন প্লেন কৰি সিহঁত মাজৰাতি ছুপাৰৰ ঘৰৰ পশ্চিম ফালৰ খিৰিকীৰ কাষত থিয় হ’লগৈ। ম’বাইলকেইটা চাইলেণ্ট কৰি মনে মনে ভিতৰৰ পৰিস্থিতিৰ উমান ল’লে। চাৰিওফালে নিজম। ভেকুলীৰ টোৰটোৰনি এটাও নাই। সৌৰভে হাতত লোহা কটা ব্লেদখন লৈ লাহে লাহে খিৰিকীৰ হুক এটা কাটিবলৈ ধৰিলে। অলপ কাটি আকৌ ৰয়। চাৰিওফালে চায়। ঠিকেই আছে। অলপ অলপকৈ দুইটা হুক কাটোঁতে প্ৰায় এঘণ্টাৰ ওপৰ লাগিল। তাৰ হাত বিষাই গ’ল।
মৃদুলে লাহেকৈ খিৰিকীৰ এটা পতা অলপকৈ খুলিলে। মাক আৰু জীয়েক গভীৰ নিদ্ৰাত। বঢ়িয়া। ভিতৰত কোন সোমাব এতিয়া? ব্ৰজেন জাঁপ মাৰি উঠিল।
: মই সোমাম। তহঁতৰ সেই পিট নাই।
লাহেকৈ খিৰিকীৰে ব্ৰজেন ভিতৰ সোমাল। চুঁচৰি চুঁচৰি মজিয়াৰে গৈ একেবাৰে মাক জীয়েকৰ শিতান পালেগৈ। মুখত বান্ধি থোৱা ৰুমালখন অলপ টান কৰি হাতৰ টোপনি অহা পাউদাৰৰ টেমাটোৰ মুখখন খুলি সিহঁতৰ মুখৰ ওপৰত ছটিয়াই দিলে। একোটা বাগৰ সলাই দুইজনী শুই থাকিল। এতিয়া কি নিব সি কোঠাৰ পৰা! বহি বহিয়েই সি আলমাৰীৰ ওচৰ চাপিল। চাবি বা ক’ত আছে! ইফালে সিফালে চাই এবাৰ এনেয়ে টানি দিওঁতেই আলমাৰীটো খোল খাই গ’ল। হাততে সৰগ ঢুকি পালে ব্ৰজেনে। পিটপিটাই আলমাৰীৰ কাপোৰৰ মাজে মাজে আঙুলি ভৰাই কিবা বিচাৰিবলৈ ধৰিলে। একো নাই। লকাৰৰ ভিতৰত কাগজ পত্ৰ এসোপা আছে।
“ধুৰ্ ইমান ভিক্ষাৰী নে?”
নিজকে ক’লে সি। এইবাৰ সন্তপৰ্ণে ড্ৰেছিং টেবুলৰ ফালে আগুৱাই গ’ল। দ্ৰয়াৰ দুটা খুলিলে। ক্ৰিম, লিপষ্টিক, নখপালিছেৰে ভৰি আছে। ছেহ্, কি কৰা যায়! ধন-সোণ, টকা-পইচা একো নাই! হতাশ হৈ সি আকৌ খিৰিকীৰে বাহিৰ ওলাই আহিল।
: হ’লনে? কি পালি?
: একো নাই। কাপোৰ এসোপাৰ বাহিৰে একোৱেই নাই। আমাতকৈও ভিক্ষাৰী বে।
ব্ৰজেনে মুখৰ ভিতৰতে এশটামান বেয়া শব্দ আঁওৰালে।
: আজিকালি মানুহবোৰে ধন-সোণ সকলো বেংকত থয়। ঘৰত একো নাৰাখে।
মৃদুলে ফুচফুচাই ক’লে।
: আমাৰ অপাৰেচনটো যে বিফল হ’ল!
সৌৰভে বৰ দুখ মনেৰে ক’লে।
: ছেহ্, সিহঁতে গলে-কাণেও একো নিপিন্ধে নেকি! চেইন এডাল পালেও আমাৰ বস্তুকেইটাৰ দাম ওলালেহেঁতেন!
মৃদুলে ক’লে ।
: অ সেইটো চোৱাই নহ’ল নহয়! চাই আহোঁ নেকি?
: এএএ ৰ ৰ। চাবলৈ গৈ বিপদ ঘটাব নালাগে আন্ধাৰত। ব’লচোন, পিছত চিন্তা কৰিম।
এৰা, এতিয়া আৰু উভতি গ’লে বিপদ ঘটাৰ আশংকা। ম’বাইলটো উলিয়াই ব্ৰজেনে সময়টো চালে। দুটা বাজিল আৰু। শ্ৰান্ত তিনিও বন্ধুৱে পথে পথে লক্ষ্যবিহীন হৈ খোজ কাঢ়িবলৈ ধৰিলে। ইমান দিনৰ জল্পনা কল্পনা অথলে যোৱাৰ দুখত ভাৰাক্ৰান্ত সিহঁত।
হঠাতে সিহঁতে তলকিব পৰাৰ আগতেই এখন গাড়ী সিহঁতৰ মুখৰ আগত ৰৈ গ’লহি। পুলিছ পেট্ৰ’লিঙৰ গাড়ী। দুজন পুলিচ নামি আহিল গাড়ীৰ পৰা।
: কোন তহঁত? হোষ্টেলৰ ল’ৰা নেকি?
: হয় ছাৰ।
: এই মাজনিশা কি কৰিছ ৰাস্তাত?
: ছুপাৰৰ ঘৰত চুৰি কৰিবলৈ আহিছিলোঁ।
ব্ৰজেনে গপচত ক’লে। মৃদুল আৰু সৌৰভে একো ক’বলৈ সুবিধাই নাপালে। ভয়তে সৌৰভ কঁপিবলৈ ধৰিলে।
: কি? তহঁতক দেখোন মদাহী যেন লগা নাই।
এজন পুলিচে সিহঁতৰ ওচৰলৈ গৈ মুখবোৰ শুঙি চালে।
: এই মাজৰাতি ধেমালি কৰিবলৈ নাহিবি বুজিছ? যা যা, হোষ্টেললৈ যাগৈ।
পুলিচ দুজন পুনৰ গাড়ীত বহিল। গাড়ীখন ফোঁ-ফোঁৱাই আঁতৰি গ’ল। দুখমনেৰে তিনিও গৈ হোষ্টেলৰ নিজৰ নিজৰ কোঠাত সোমালগৈ।
পিছদিনা কেমেষ্ট্ৰিৰ ক্লাছ কৰিবলৈ ছুপাৰ নাহিল।
: কি হ’ল বে? নাহিল কেলেই?
মৃদুলে সহপাঠী ৰমেনক সুধিলে।
: কালি ছাৰৰ ঘৰত চোৰ সোমাইছিল। মজাৰ কথাটো হ’ল, খিৰিকীৰ হুক কাটি সোমাই চোৰে আলমাৰীৰ কাপোৰ-কানি লণ্ডভণ্ড কৰিলে। পিচে আইনাত ওলোমাই থোৱা পলিথিন বেগটোৰ পৰা সোণৰ অলংকাৰবোৰো নিনিলে। একো এটা বস্তুত হাতেই নলগালে। বৰ সৎ চোৰ আছিল।
গোটেই ক্লাছটোৱে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে।
: পুলিচত দিছে নেকি?
ব্ৰজেনে সুধিলে।
: নাই দিয়া। কি বুলি এপ্লিকেচন দিব? এতিয়া কিজানি খিৰিকীৰ হুক লগাবলৈ মিস্ত্ৰী বিচাৰি গৈছে।
ৰমেনৰ কথাৰ লগে লগে ক্লাছটোৰ সকলো ল’ৰা-ছোৱালীয়ে হাঁহি থাকিল।
ব্ৰজেনৰ বুকুখন কেনেবা লাগিল। আইনাৰ ওপৰত কি ওলোমাই থোৱা আছিল সি নাচালেই নহয়!
: ভালেই হ’ল দে। চুৰিৰ ধন আমাক নালাগে। বুঢ়াক এশিকনি দিব নোৱাৰিলোঁ, সেইটোহে দুখ থাকি গ’ল।
সৌৰভে ক’ল৷
: এৰা, সেইটোহে মেইন দুখ।
মৃদুলে ক’লে৷
দিনবোৰ গৈ থাকিল। ইমান দিনৰ ইমান প্ৰচেষ্টা অথলে যোৱাৰ দুখত ব্ৰজেনৰ হৃদয়খন একেবাৰে ভাগি-ছিঙি চূড়মাৰ হৈ আছে। মৃদুল আৰু সৌৰভৰ ব্ৰজেনলৈহে দুখ লগা হ’ল। কি কৰিব, কি নকৰিব ভাবি চিন্তি থাকিল।
: ইউৰেকা, পাই গ’লোঁ।
এদিন মৃদুলে ক’লে। সৌৰভৰ লগত গোটেই আঁচনিখন পাত পাতকৈ বনাই পেলালে সি সেইদিনাই। গধূলিলৈ এপেকেট জলকীয়া ব’ম আৰু ধূপকাঠি কিনি আনিলে। পিছদিনা শ্ৰেণীত আন ছাত্ৰ-ছাত্ৰী সোমোৱাৰ আগতেই সৌৰভ, মৃদুল আৰু ব্ৰজেন হাতত সাৰে, ভৰিত সাৰে শ্ৰেণীকোঠাত সোমাল। দহ মিনিটৰ পাছতে ছুপাৰৰ কেমেষ্ট্ৰিৰ ক্লাছ আছে। প্ৰফেছাৰ বহা চকীখনৰ তলতে ব’মৰ পেকেটটোৰ ওপৰত কেইডালমান ধূপকাঠি জ্বলাই সিহঁত একেবাৰে শান্তশিষ্ট হৈ নিজৰ নিজৰ ঠাইত বহি থাকিল। নিৰ্দিষ্ট সময়ত ছুপাৰ আহি চকীত বহি লৈ পাঠদান আৰম্ভ কৰিলে। ব্ৰজেনহঁতৰ অলপ অলপ ভয়ো লাগিল। ব’মবোৰ নুফুটিলে কি হ’ব! ফুটি কিবা অঘটন ঘটালে কি হ’ব! এক মিনিট, দুই মিনিটকৈ সময় গৈ থাকিল। ব্ৰজেন, সৌৰভ আৰু মৃদুলৰ উশাহ চুটি হৈ আহিল। বাৰে বাৰে টেবুলৰ তললৈ চকু গ’ল সিহঁতৰ।
ঢপ্ ঢপ্ ঢপ্ ঢপ্ ……….
একেলগে ব’মবোৰ ফুটিবলৈ ধৰিলে। হঠাতে কি হ’ল টলকিব নোৱাৰি প্ৰফেছাৰ চকীৰ পৰা জাঁপ মাৰি দিলে। প্লেটফৰ্মৰ পৰা উফৰি তেওঁ বেঞ্চ এখনৰ ওপৰতে পৰিলগৈ। প্ৰথমতে ছাত্ৰ-ছাত্ৰীবোৰেও ভয় খাইছিল। তৎক্ষণাত সিহঁতে ঘটনাটো বুজি পাই প্ৰফেছাৰ ছাৰৰ কাষলৈ দৌৰি আহি তেওঁক ধৰিলে। দুখ পোৱা নাই তেওঁ। খঙত মানুহজন ৰঙা-ছিঙা পৰি গ’ল।
: কোন অসুৰৰ কাম? তহঁতক, তহঁতক মই চাই ল’ম। দোষীক বিচাৰি উলিয়াইহে এৰিম।
ফোঁ-ফোঁৱাই প্ৰফেছাৰ ক্লাছৰ পৰা ওলাই গুচি গ’ল।
ক্লাছৰ আন ছাত্ৰ-ছাত্ৰীৰ দৰে ব্ৰজেন, মৃদুল আৰু সৌৰভেও একো বুজি নোপোৱাৰ দৰে ইফালে সিফালে চাবলৈ ধৰিলে।
: হেই, নাপাই দেই। প্ৰফেছাৰক এনেকুৱা কৰিব নাপায়। কোনে কৰিলি ঐ?
চিঞৰি চিঞৰি সকলোকে সুধিলে ব্ৰজেনে।
: মনটো বেয়া লাগি গ’ল। ক্লাছ নকৰোঁ আৰু। ঐ, ব’ল।
সৌৰভে ক’লে৷
তললৈ মূৰ কৰি তিনিওটা ক্লাছৰ পৰা ওলাই চিধা পুলৰ কাষ পালেগৈ। বহু দেৰি বন্ধ কৰি থোৱা হাঁহিবোৰ হঠাতে ওলাই আহিল। তিনিওটাই পেটত ধৰি ধৰি হাঁহিবলৈ ধৰিলে। পুলতে তবলা বজাই ব্ৰজেনে বিহু নাম গাবলৈ ধৰিলে। সৌৰভ আৰু মৃদুলে নাচি নাচি আনন্দত উটি-ভাঁহি গ’ল৷
☆★☆★☆
4:27 pm
মজা
7:46 pm
বৰ ভাল লাগিল।সাংঘাটিক লিখিছে।’ইমান সৎ চোৰ’ ????।চুৰিৰ ফ্লপ কেৰিয়াৰ এওঁলোকৰ।চোৰৰ কম্বিনেশ্যন মজা।