ফটাঢোল

সাম্প্ৰতিক সময়ৰ অসমীয়া জাতীয় জীৱনত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰাসংগিকতা : ড° চাহিন জাফ্ৰি

সাম্প্ৰতিক সময়ৰ অসমীয়া জাতীয় জীৱন বুলিলে নানা সমস্যাৰে জৰ্জৰিত এক জটিল সন্ধিক্ষণৰ কথাই মনলৈ আহে। সমসাময়িক অসমৰ সমাজ-জীৱনত এক অস্থিৰ বাতাবৰণৰ সৃষ্টি হৈছে, যাৰ মূলতে দেশীয় ৰাজনীতি বা সাম্ৰাজ্যবাদৰ কথাকে ক’ব লাগিব। এই পৰিস্থিতিয়ে আমাৰ জাতীয় জীৱন বিপদাপন্ন কৰি তোলাৰ লগতে জাতীয় ভাষা-সংস্কৃতি যে কলুষিত কৰিছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কথা হ’ল, আমাৰ এই জটিল সন্ধিক্ষণত বেজবৰুৱাৰ প্ৰাসংগিকতাই জাতিটোক উদ্ধাৰ কৰিব পাৰিবনে?এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবৰ নিমিত্তে আজিৰ পৰা ডেৰশ বছৰৰ আগতেই তেওঁ যি ব্যৱস্থা লৈছিল, সেয়া আজিৰ সমাজত কিমানদূৰ ফলৱৰ্তী হ’ব সেই সম্পৰ্কে কিছু আলোচনাৰ অৱকাশ আছে..!

আমি সকলোৱে জানো যে- লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য সাধনা কৰিছিল ঔপনিবেশিকতাৰ কৱলত ককবকাই থকা জাতিটোৰ ভাষা-সাহিত্যৰ নিৰ্মাণ আৰু সমৃদ্ধিৰ বাবে। তেওঁ আছিল উত্তৰণৰ সাধক, প্ৰগতিশীল চিন্তাৰে পৰিপুষ্ট আৰু গভীৰ জীৱনবোধ থকা সাংস্কৃতিক খনিকৰ। অসমীয়া সাহিত্য-সংস্কৃতিৰ বিশেষ অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ৰাজনীতিৰ পৰিৱৰ্তে প্ৰজানীতিৰ কথা কৈছিল। ব্ৰিটিছ বিৰোধী আন্দোলনৰ লগত তেওঁৰ পোনপটীয়া সম্পৰ্ক নাছিল যদিও একে সময়তে পৰাধীন জাতিৰ ৰাজনীতি থাকিব নোৱাৰে বুলিও বিশ্বাস কৰিছিল। তেওঁৰ মতে, স্বাধীন জাতীয়তাবোধেহে সুস্থ সাহিত্য সৃষ্টি কৰিব পাৰে বুলি কৈছিল। তেওঁ বঙালী ভাষাৰ প্ৰতি অনুগত্য পুহি ৰাখিছিল নিজা স্বাৰ্থৰ খাতিৰত। ঔপনিবেশিক শক্তিয়ে অসমীয়া ভাষাক নিজৰ মুলুকতে বিতাড়িত কৰি বঙালী ভাষাক চৰকাৰী ভাষাৰ মৰ্যদা দিছিল।কিন্তু বিশ্বমুখী লক্ষ্মীনাথে ভাষা-সাহিত্যৰ উত্তৰণ যে বহিঃবিশ্বৰ সুস্থ-সাহিত্য-সংস্কৃতিৰ চিন্তাৰ সৈতে হোৱা আদান-প্ৰদানৰ জৰিয়তেহে সম্ভৱ, সেই কথাও গভীৰ ভাৱে বিশ্বাস কৰিছিল আৰু তেনে এক অনুশীলনত বঙালী ভাষা-সাহিত্যৰ সফলতাক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰিছিল। (প্ৰাণজিৎ বৰা(সম্পা.)লক্ষ্মীনাথ, পৃ.১৯৯) পৰাধীন জাতি এটাৰ ৰাজনীতি থাকিব নোৱাৰে বুলি ভবা বেজবৰুৱাই আধুনিক বিশ্বত সংঘটিত যুদ্ধৰ ৰাজনৈতিক অৰ্থনীতি যে সাম্ৰাজ্যবাদ সেই কথা বিশ্বাস কৰিছিল। এয়া নিঃসন্দেহে বেজবৰুৱাৰ গভীৰ ৰাজনৈতিক দূৰদৃষ্টিৰ পৰিচায়ক।

মূলতঃ লক্ষ্মীনাথ বেজবৰুৱাই জাতি নিৰ্মাণৰ বাবেই সাহিত্য সৃষ্টি কৰিছিল। গল্প, কবিতা নাটক অথবা ব্যঙ্গ সাহিত্যৰ জৰিয়তে তেওঁ জাতীয় উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল, আৰু তেওঁ সফলো হৈছিল। জাতিটোৰ প্ৰতি থকা এনে গভীৰ দায়িত্ববোধে তেওঁক এই সাহিত্যৰাজী সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল আৰু কলমটোকে তেওঁ অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰিছিল। নক’লেও হ’ব যে- জাতীয় সাহিত্যৰ লগত জাতীয় জীৱনৰ ওতঃপ্ৰোত সম্পৰ্ক। এই কথালৈ লক্ষ্য ৰাখিয়েই বেজবৰুৱাই এইবুলি কৈছিল যে ―

“জাতীয় জীৱন সংকীৰ্ণ হ’লে জাতীয় সাহিত্যও সেই সংকীৰ্ণতাৰ পৰা হাত সাৰিব নোৱাৰে। যি জাতিৰ জীৱন মুক্ত আৰু স্বাধীন, সেই জাতিৰ সাহিত্য মুক্ত, স্বাধীন আৰু অব্যাহত গতি। সেই সাহিত্যই নিৰ্ভয়ে, নিঃসংকোচে কল্পনা আৰু ভাৱৰ ৰাজ্যত স্বচ্ছন্দে বিচৰণ কৰিব পাৰে, যি  কোনোকালে কদাপিও বিদেশী-বিজাতিৰে সৈতে ভাৱ আৰু কল্পনাৰ আদান-প্ৰদানত নিজৰ অস্তিত্ব হেৰুৱাৰ ভয় কৰি নিজক সংকুচিত কৰি নুফুৰে।” (নগেন শইকীয়া(সম্পা.) বেজবৰুৱা ৰচনাৱলী,পঞ্চম খণ্ড, পৃ.১৮৬)

আগতেই উল্লেখ কৰি অহা হৈছে যে- বেজবৰুৱাৰ মতে বহিঃবিশ্বৰ সৈতে হোৱা আদান-প্ৰদানে ভাষা-সাহিত্যক পাৰস্পৰিক অৱদানেৰে সমৃদ্ধ কৰি তোলে। এই দৰ্শনৰ আধাৰতেই লক্ষ্মীনাথে ইংৰাজী সাহিত্য আৰু বঙলা সাহিত্যৰ বিচাৰ কৰিছে।

বেজবৰুৱাৰ অনেক লেখাত জাত্যাভিমানী শক্তিসমূহক আৰু অধিক শক্তিশালী কৰি জগাই তোলাৰ শ্লোগান পোৱা যায়। উদাহৰণস্বৰূপে ১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ নৱম অধিবেশনত তেওঁ দিয়া (বিশিষ্ট অতিথি হিচাপে) ভাষণৰ কথা উল্লেখ কৰিব পাৰি। এই ভাষণৰ মূল বিষয়বস্তু আছিল গোৱালপৰীয়া ডিষ্ট্ৰিক এছ’চিয়েচনৰ হাকাম অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি জনৈক শ্ৰীযুত চক্ৰৱৰ্তীৰ অভিভাষণৰ সমালোচনা।

সমসাময়িক অসমীয়া জাতীয় জীৱনৰ সংকটৰ কালছোৱাত বেজবৰুৱাৰ প্ৰাসংগিকতা :

আমাৰ জাতীয় জীৱন তথা ভাষা সাহিত্যৰ চিৰ প্ৰবাহমান সোঁত বুলি বেজবৰুৱাক প্ৰতিষ্ঠা কৰিব পাৰিলে আৰু সেই আদৰ্শৰে বাট বুলিলে, সাম্প্ৰতিক অসমীয়া জাতীয় জীৱনৰ সংকট কিছু পৰিমাণে হ’লেও কমিব বুলি আশা কৰিব পৰা যায়। প্ৰথমতে, আমি আমাৰ জাতীয় জীৱনৰ সংকটক স্থানীয় পটভূমিৰ মাজত সীমাবদ্ধ নাৰাখি পৰিৱৰ্তিত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ মাজত ৰাখিব লাগিব।সকলো ধৰণৰ গোড়ামীসমূহক পৰিহাৰ কৰি জাতীয় সংস্কৃতিক থলুৱা লোক-সংস্কৃতিৰ উপদানেৰে সমৃদ্ধ কৰিবলৈ চেষ্টা কৰিলেহে বেজবৰুৱাৰ উদ্দেশ্য সফল হ’ব। কিয়নো বেজবৰুৱাই সদায় ধৰ্মক আচাৰ নীতিৰ মাজত আবদ্ধ কৰি ৰখাৰ বিৰোধিতা কৰিছিল, আধুনিক শিক্ষাৰ উত্থান বিচাৰিছিল, বিধৱা বিবাহৰ সপক্ষে মত দিছিল আৰু আত্মনির্ভৰশীলতা তথা যুক্তিৰ মাজেৰে জাতিটোৰ উদ্ধাৰ হোৱাটো বিচাৰিছিল।

থলুৱা চিন্তা আৰু সংস্কৃতিৰ বাটেৰে গৈ বিশ্ব মানৱৰ মুক্তিৰ দুৱাৰ খুলিব খোজা বিষ্ণুপ্ৰসাদ ৰাভাও লক্ষ্মীনাথৰ এক সাৰ্থক উত্তৰসুৰী; যি থলুৱা কৃষ্টি-সংস্কৃতিৰ ভেটিৰ ওপৰত বিশ্বজনীনতাৰ সৌধ নিৰ্মাণ কৰিব খুজিছিল। সাম্প্ৰতিক সময়তো আজিৰ প্ৰজন্মই উক্ত আদৰ্শৰে ভাষা-কৃষ্টি-সংস্কৃতিক আগুৱাই লৈ যাব লাগিব।

বেজবৰুৱাই কোৱাৰ দৰে ভাষা সাহিত্যৰ বুনিয়াদ শক্তিশালী কৰিবৰ বাবে আমি অৰ্থনৈতিক ভাৱেও স্বাৱলম্বী হ’ব লাগিব, সেয়ে এলেহুৱা, কৰ্মবিমুখ হৈ বহি নাথাকি (সৰু ডাঙৰ যিকোনো) কামত হাত দি কৰ্মসংস্কৃতি এটা গঢ়ি তুলিব লাগিব। আমাৰ কৃষি-সংস্কৃতি আৰু স্থানীয় কুটিৰ শিল্পসমূহো এই ক্ষেত্ৰত উপযুক্ত মাধ্যম।

বেজবৰুৱাৰ মতে সাহিত্যই মানুহক উত্তৰণৰ পথ দেখুৱাব পাৰিব লাগিব। ভাষা-সাহিত্য চৰ্চাৰ মাজেৰে সাধাৰণ জনগণক সচেতন তথা জাগ্ৰত কৰি তুলিব পাৰিব লাগিব। লক্ষ্মীনাথ বেজবৰুৱাৰ সাৰ্থক উত্তৰসুৰী হিচাবে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ সৃষ্টিত আমি জনচেতনা আৰু মুক্তিৰ পথৰ নিৰ্দেশনা লাভ কৰোঁ।

ভাষাটোক মনে প্ৰাণে মাৰি পেলাব খোজা আমাৰ সমাজৰ তথাকথিত আধুনিক, মধ্যবিত্তীয় সমাজ আৰু বিশ্বায়নৰ ভূতে পোৱাসকলক বেজবৰুৱাৰ ”অ’ মোৰ আপোনাৰ দেশ”ৰ গুৰুত্ব বুজাব লাগিব। এই দায়িত্ব বৰ্তমান সমাজৰ, নৱ প্ৰজন্মৰ, সকলোৰে।ভাষাটোৰ গৰিমা নষ্ট কৰিব খোজা অপশক্তিবোৰৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় দিব লাগিব। যিহেতু বেজবৰুৱাই কৈ গৈছিল যে- আইৰ মুখৰ ভাষাটো থাকিলেহে আমি থাকিম।

বেজবৰুৱাৰ ভাষা-সাহিত্য চৰ্চাক আদৰি লৈ তেওঁ গঢ়ি থৈ যোৱা সংস্কৃতিৰ ভেটিটোক আৰু অধিক মজবুত কৰি তুলিলেহে বৰ্তমান অসমৰ জাতীয় সংকট নিৰ্মূল হ’ব। ভাষা-সাহিত্য চিন্তাক স্বকীয়তাৰ মন্ত্ৰৰে দীক্ষিত কৰি বিশ্বমুখী চিন্তাৰ বাহক কৰি, গোড়ামী আঁতৰাই সাহিত্য-সংস্কৃতিক জনচেতনাৰ আধাৰ কৰি আৰু স্ব-নিৰ্ভৰশীলতাৰ মাজেৰে মুক্তিৰ বাট পোহৰাব পাৰিলেহে সমাজ সমৃদ্ধিশালী হ’ব আৰু তেতিয়াই প্ৰকৃতাৰ্থত ঊনবিংশ/বিংশ শতিকাৰ লক্ষ্মীনাথ বেজবৰুৱা বৰ্তমান সময়ৰ বাবেও প্ৰাসংগিক হৈ উঠিব।

☆★☆★☆

2 Comments

  • নয়নমণি হালৈ

    সুন্দৰ লেখা চাহিন৷

    Reply
  • প্ৰদীপ বৰা

    সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ লেখাটো পঢ়ি ভাল লাগিল ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱক অসমীয়া সাহিত্য জগতত চিনাকি দিয়াত তেখেতৰ স্থান অন্যতম ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *