ফটাঢোল

গল্প-ৰঞ্জিত কুমাৰ শৰ্মা

(এক)

#পত্নী

বিছনাৰ পৰা মজিয়াত নামিবলৈ লওঁতেই ভৰিদুখনত বিষ অনুভৱ কৰিলে জয়মতীয়ে৷ তথাপি সাৱধানে থিয় দি লাহেকৈ খোজ দিয়াৰ চেষ্টা কৰি সফল হ’ল তাই৷ মজিয়াতে কেইখোজমান দিয়াৰ পিছত বিষ কিছু উপশম হোৱা যেন পাই ‘ঠিক হৈ যাব’, এনে ভাৱতেই জয়মতীয়ে বাহী বনত হাত দিলে৷ জয়মতীৰ বাবে এনে পৰিবেশ বা এনেধৰণৰ ‘যন্ত্ৰণা’ নতুন নহয়৷ সেয়ে বিশেষ ভাবিবলগীয়াও নাই৷ বাহী বন সাং কৰি জয়মতী বাথৰূমত সোমাল৷ গাত পানী ঢলাৰ লগে লগে পিঠিত কোনোবাই আঁচুৰি দিয়া যেন যন্ত্ৰণা অনুভৱ কৰি মুহূৰ্তৰ বাবে জিকাৰ খাই উঠিল জয়মতী৷ হাতখন কান্ধৰ ওপৰেদি নি তাই সেই স্থান আঙুলিৰে চুই চোৱাৰ চেষ্টা কৰিলে৷ তাইৰ বুজিবলৈ অসুবিধা নহ’ল; পিঠিত আৰু এটি কেঁচা দাগ! এনেবোৰ যন্ত্ৰণাৰ সৈতে জয়মতীয়ে সহাৱস্থান কৰিছে৷ কিন্তু কেতিয়াবা সহ্যৰ বান্ধ ছিগি যায়৷ কালি ৰাতিও সেয়াই হৈছিল৷

সুৰাপান কৰি ঘৰ সোমাইছিল গিৰীয়েক প্ৰতাপ৷ গিৰীয়েকে প্ৰায়েই নিশা সুৰাপান কৰি ঘৰ সোমায়৷ তেনে অৱস্থাত জয়মতীয়ে মাত মাতিলেই শাৰীৰিক নিৰ্যাতন সহিব লগা হয়৷ কেতিয়াবা আকৌ প্ৰতাপে বিচৰা দৰেই জয়মতীয়ে নিজকে এৰি দিব লাগে বিছনাত৷ কিন্তু কালি ৰাতি নিৰ্যাতনত অতিষ্ঠ হৈ এটা মুহূৰ্তত জয়মতীয়ে ঠেলা মাৰি দিছিল গিৰীয়েকক৷ মজিয়াতে বাগৰি পৰিছিল মাতাল প্ৰতাপ৷ জয়মতীক আচৰিত কৰি মজিয়াতে পৰি ৰৈছিল সি৷ উঠিব পৰাকৈ সেই মুহূৰ্তত হয়তো প্ৰতাপে গাত শক্তি গোটাবপৰা নাছিল৷ মজিয়াত পৰি ৰোৱা গিৰীয়েকক অৱশেষত জয়মতীয়েই অশেষ কষ্ট কৰি বিছনালৈ তুলি নিছিল৷ কিছু সময় মুখেৰে অসংলগ্ন শব্দ কেতবোৰ ভৰভৰাই প্ৰতাপ টোপনিত ঢলি পৰিছিল৷

গাটো তিয়াই আহি কাপোৰ সলোৱাৰ পিছত ড্ৰেছিং আইনাখনৰ সন্মুখত থিয় দি জয়মতীয়ে কঁপালত ৰঙা বিন্দি এটা লগাই ল’লে৷ বিয়াৰ দিনা এইখিনিতেইতো সুৰুযৰ দৰে জিলিকিছিল ডাঙৰকৈ লোৱা সেন্দুৰৰ ৰঙা ফোঁটটো৷ তাইৰ মনত পৰিল, বিয়াৰ দিনা এই কঁপালতে ডাঙৰকৈ লোৱা সেন্দুৰৰ ৰঙা ফোঁটটো দেখি পেহীয়েকে কৈছিল– ‘ফোঁটটো ৰঙা বেলিটোৰ দৰে জিলিকিছে অ’ আই৷’ ভাগৰুৱা জয়মতীয়ে পিছপিনে বিছনাখনত পৰি থকা গিৰীয়েকলৈ চালে৷ শিশুৰ সৰলতাৰে শুই আছে গিৰীয়েক প্ৰতাপ৷ নিশাৰ ধুমুহাৰ পিছত যেন শান্ত পুৱা৷ মুহূৰ্তৰ বাবে জয়মতীৰ এনে লাগিল যেন বিছনাত শুই থকা তাইৰ গিৰীয়েকজনো পুৰুষতান্ত্ৰিক সমাজৰ দ্বাৰা পৰিচালিত মঞ্চৰ এটা পৌৰুষগৰ্বী চৰিত্ৰহে৷ সেই চৰিত্ৰৰ পৰা চকু আঁতৰাই সেন্দুৰৰ সৰু টেমাটো হাতত তুলি ল’লে জয়মতীয়ে৷ আইনাখনৰ পিনে সামান্য হাউলি তাই সেওঁতাত দীঘলকৈ বান্ধি ল’লে গিৰীয়েকৰ আয়ুসৰ সেন্দুৰীয়া আলি৷

(দুই)

#পীড়িত

‘ভোকত কান্দি থকা পোনাটোক শান্ত কৰাবলৈ জয়মতীয়ে আপ্ৰাণ চেষ্টা কৰিও সফল হোৱা নাই৷ তিনি বছৰীয়া ল’ৰা৷ পেটত ভোক লাগিলেতো কান্দিবই৷ অভাৱ-অনাটন কি, সি বুজিব পৰা হোৱা নাই৷ দহ বছৰীয়া ছোৱালীজনীয়ে অৱশ্যে কিছু বুজিব পৰা হৈছে৷ পৰিস্থিতিয়েই তাইক সেইকণ শক্তি আৰু জ্ঞান দিছে৷ জয়মতীয়েনো কৰিব কি? ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়া বাপেকটোও হাত ভাগি পৰি আছে৷ বিশ্বজুৰি কৰ’না নামৰ ৰোগ বিয়পিছে৷ এজনৰ পৰা আন এজনলৈ এই ৰোগ সংক্ৰমিত হোৱা বাবে দেশজুৰি ‘লকডাউন’ দিয়া হৈছে৷ অৰ্থাৎ ফাৰ্মাচী আৰু গেলামালৰ দোকানৰ বাহিৰে যান-বাহনৰ চলাচল, দোকান-বজাৰ সকলো বন্ধ৷ জয়মতীয়ে মাজে-সময়ে দুই-এঘৰত কাম কৰি দুপইচা পাইছিল৷ লকডাউনৰ বাবে সেয়াও বন্ধ হ’ল৷ দুমাহে উপাৰ্জন বুলিবলৈ একো নাই৷ ৰিক্সাৱালাৰ পৰিয়াল, সাঁচতীয়া ধননো থাকে কিমান?

গিৰীয়েক হৰেকৃষ্ণৰ হাতখন ভঙা এমাহমানেই হ’ল৷ সেইদিনা বিয়লি চুবুৰীটোৰ মূৰত থকা যোগেশ্বৰ মাষ্টৰে মাতি পঠোৱাত ৰিক্সাখন লৈ মাষ্টৰৰ ঘৰলৈ গৈছিল হৰেকৃষ্ণ৷ মাষ্টৰক ফাৰ্মাচীলৈ লৈ গৈ উভতে মানে সন্ধিয়া গৰকি নিশা হৈছিল৷ মাষ্টৰক ঘৰত নমাই থৈ ঘৰলৈ আহি থাকোঁতে তহলদাৰী আৰক্ষীৰ লাঠিৰ কোবত হৰেকৃষ্ণৰ সোঁহাতৰ হাড় ভাগিল৷ আৰ্থিক দীনতাই জুৰুলা কৰা পৰিয়ালটোক দুৰ্যোগেও কোবালে৷

জয়মতীয়ে কান্দি থকা পোনাটিক কোলাত লৈ পঁজাটোৰ পৰা বাহিৰলৈ ওলাই আহিল৷ আকাশত ভূমুকি মৰা অৰ্ধচন্দ্ৰটোক আঙুলিয়াই দেখুৱাই জয়মতীয়ে পোনাকণক শান্ত কৰাৰ চেষ্টা কৰিলে৷ কান্দি কান্দি ভাগৰিপৰা পোনাটি কিছু সময় পিছতে মাকৰ কোলাতেই টোপনি গ’ল৷

: মা, জোনটো দেখোন দুপৰীয়া খোৱা ৰুটিটুকুৰাৰ দৰে হৈছে?
 ঘৰৰ বাহিৰলৈ ওলাই অহা ছোৱালীজনীয়ে মাকৰ কোলাত শুই থকা ভায়েকৰ মূৰত হাত বুলাই কোৱা কথাখিনি শুনি জয়মতীৰ বুকুখন হাঁহাকাৰ কৰি উঠিল৷ থোকাথুকি মাতেৰে তাই উত্তৰ দিলে—

: হয় অ’ আই!

 ☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *