ফটাঢোল

হাই প্রফাইল ফে’চ-সোণটো ৰঞ্জন বৰুৱা

: চাল্লা, ফেচবুকত নাইতো। নহ’লে মই কি বস্তু জানিলিহেঁতেন।

: ইমান যদি মতা হয়েই মোৰ প্ৰফাইললৈ ব’লনা। চাল্লা এটা ষ্টেটাছৰ যোগ্য নহৱ।

: এটা যদি পোষ্ট দিওঁ,পলাই তত নাপাবি ঔ।

: তোৰ লগত এইকেইটা যে আনিছ, এনেকুৱা হাজাৰ হাজাৰ ফলৌৱাৰ মোৰ পিছত আছে। লিষ্টত থকা পাঁচহাজাৰতো বেলেগেই। এবাৰ মেনচন কৰি দিলে চব আহি যাব। তই মাত্ৰ এবাৰ ফেচবুকলৈ আহনা। তাৰপাছত দম দেখুৱা।

: কাক ডাঙৰ ডাঙৰ কথা কৈছ বে? মোক কৈছ? যাৰ পোষ্ট শ শ হিচাপত শ্বেয়াৰ হয়, তাক এনেকৈ ক’বলৈ সাহস কেনেকৈ কৰিলি তই? তোক মই…..

: চা ভাই….

: মোক মাৰিলি? চাল্লা যাৰ ষ্টেটাছত পাঁচ ছশ কমেণ্টেই আহে তাৰ গাত হাত লগালি! তই শেষ আজি…..

: ঠেলা মাৰি মাটিত পেলাই দিলি যে! প্ৰতিখন ডিপিত চাৰি হাজাৰ লাভ ৰিয়েক্ট অহা মানুহটোক তই মাটিত পেলাই দিলি? তোক মই আজি…..

: কি ক’লি? মোৰ নিচিনা বহুত দেখিছ? মোৰ লিষ্টত কিমান হাই লেবেলৰ মানুহ আছে নাজান? নুচুটিয়াবি…. নুচুটিয়াবি……

: মোক চুটিয়ালি? যাৰ এটা পষ্টত চৰকাৰ হিলি যায় তাক চুটিয়ালি? মোবাইল নহয়…… মোবাইল নহয়…..

: দাদা, মোবাইলটো একো নকৰিব প্লিজ, ভৰিত ধৰিছোঁ। প্লিজ, মোক যিমান মাৰে মাৰক, মোবাইলটো নাভাঙিব দাদা….. দাদা মোবাইলটো না……

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply to Utpala bhuyan Cancel reply

Your email address will not be published. Required fields are marked *