ফটাঢোল

ফটালিমাৰিক-ধনজিৎ বৰুৱা

                     (১)

আঁচনিৰ হিতাধিকাৰী তেওঁ খেতিয়ক বগাৰাম
পাতিলে হেনো বহু খেতি উলিয়াই কেঁচা ঘাম
কৃষি সঁজুলি বহুখিনি
কৃষি লোনত বাইক কিনি
খেতিয়ে মাত্র মণ্ডলৰ মেপত জিলিকাইছে নিজা নাম৷

                   (২)

শ্ৰীমান খিলঞ্জীয়া পৰিল নিচা খাই
ল’কেল বজাৰ ডাকত ল’বলৈ ধন-বিত নাই
গোটোৱা সকলো ঢালি
ফোন, ফেন, ফ্ৰীজ কিনি
সৰ্বমূল অৰ্থ জানিও বিদেশীক দিলে ঠাই।

                (৩)

চৰকাৰী নথি পত্ৰলৈ সৰু মানুহৰহে ভয়
জনাই উৰুৱাই প্লেন সাজি শক্তিশালীৰ জয়
বিষয় হওক যি কোনো
সুদা নহয় কোনো জনো
সমাজ এনেকৈ চলি থাকিব সদায় সলনি নহয়।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to জয়ন্ত Cancel reply

Your email address will not be published. Required fields are marked *