গেলা বতৰৰ জ’ক -পার্থসাৰথি ভুঞা
নগেনে মালতীক বিয়া কৰাই অনাৰ পাছত তাইক অলপ স্মাৰ্ট বনাবলৈ কিছুমান ইংৰাজী শব্দ শিকাবলৈ ল’লে। ভাত খাওক বুলি কোৱাৰ পৰিৱৰ্তে আহক, লান্স কৰি লওক বা ডিনাৰ ৰেডী কৰিলোঁ জাতীয় শব্দ ক’বলৈ শিকালে।
এদিন দুপৰীয়া মালতীয়ে নগেনক মাতিলে,
: আহক ডিনাৰ দিছোঁ, খাই লওক!
নগেনে মৰমেৰে ক’লে,
: মালতী এতিয়া দুপৰীয়া ডিনাৰ নহয় অ’, লান্স বুলি ক’বা। মই তোমাক আগতে কৈছোঁৱেই দেখোন, দিনৰ সাঁজ লান্স আৰু ৰাতিৰ সাঁজ ডিনাৰ।
মালতীয়ে বোলে,
: মোৰ মনত আছে, কিন্তু আজি এয়া কালি ৰাতিয়েই বনোৱা থাকি যোৱা ভাত তৰকাৰী খাবলৈ দিছোঁ কাৰণেহে ডিনাৰ বুলি কৈছোঁ!
মালতী ৰকদ, নগেন দা শ্বকড!
☆ ★ ☆ ★ ☆
6:17 pm
ধুনীয়া কৌতুক