ফটাঢোল

চিৰিয়াচ ফটাপ্ৰেম-নীতাশ্ৰী নেওগ

ফেচবুকত একাউণ্ট এটা খুলিয়েই প্ৰথম তেওঁক চাৰ্চ কৰিলে নিৰ্মালিয়ে। আছেনে বাৰু তেওঁৰো এটা ফেচবুক একাউণ্ট। পাঁচবছৰৰ আগৰ মানুহজন একে হৈয়ে আছে নে বিয়া বাৰু কৰাই বেলেগ হৈ গ’ল! কথাষাৰ ভাবিয়েই দুখ লাগি গ’ল তাইৰ। তাইলৈ যে ৰোৱাৰ কথা আছিল তেওঁ। পাঁচবছৰৰ আগতে প্ৰথম কথা হৈছিল তেওঁৰ লগত।

: আপোনাৰ গল্প নীলাকাশত পঢ়িছোঁ। খুব ভাল লাগে মোৰ। ‘সপোনৰ এনিশা’ পঢ়ি খুব ভাল লাগিল।

নকিয়াৰ 1110 মডেলৰ মোবাইল ফোনটোত কথাখিনি টাইপ কৰি আকৌ মচি পেলাইছিল নিৰ্মালিয়ে। ন টকাৰ মেছেজ পেক ভৰাই লৈছে প্ৰিয় গল্পকাৰজনলৈ মেছেজ এটা দিবলৈকে। আচলতে তাই গল্পকাৰৰ গল্পৰ প্ৰেমত পৰিছেনে নামটোৰ প্ৰেমত পৰিছে নিজেই গম পোৱা নাই। নামটো তেওঁৰ বৰ ধুনীয়া। কিবা যেন সন্মোহিনী শক্তি এটা নামটোতে আছে। আচলতে তাই নামটোৰ প্ৰেমত পৰিছে। মিঠা মিঠা লগা নামটো।নামটোৰ দৰেই মিঠা মিঠা লগা প্ৰেমৰ গল্পবোৰ। গল্পৰ শেষত ফোন নম্বৰটো পোৱাৰ পৰাই মেছেজ এটা দিবলৈ লৈয়ো ৰৈ যায়। এঃ! দিওঁ জানো! কি বুলিনো দিওঁ! এনেকৈয়ে দিয়া নহয়। সেইদিনা কিন্তু মেছেজটো মৰসাহ কৰি পঠাই দিলে তাই। লগালগ ৰিপ্লাই আহিল,

: ধন্যবাদ। আপোনাৰ নাম?

এতিয়াৰ দৰেতো নামটো জানিলেই গুৰি গোষ্ঠী উভালিবলৈ ফেচবুকটো নাছিল। গতিকে কথাবোৰ মেছেজতেই আগবাঢ়িল। নাম কি? ঘৰ ক’ত? কি পঢ়া?

নিৰ্মালি ক্লাছ নাইনত তেতিয়া। কথাতেই কয় নহয়, নাইন, ভেৰী ফাইন। পোন্ধৰ বছৰ বয়স। এনেয়েও প্ৰেম প্ৰেম ভাব এটা আছিলেই। তাতে ভাল লগা মানুহজনৰ মিঠা মিঠা কথাবোৰ। কল্পনাত আহিছিল বিশ একৈশ বছৰীয়া ল’ৰা এজন। আনকমন নতুন নতুন লগা নামটো। হয়, ইমানেই হ’ব বয়স। কথাবোৰ আগবাঢ়িল। কাকত এখনত কাম কৰে তেওঁ। কিছুদিনৰ আগতে পঢ়া সমাপ্ত কৰিছে। তেওঁৰ গল্প পালেই মেছেজ দিয়ে তাই। তেওঁ কয়,

: তোমাৰ মেছেজটোৰ বাবেই ৰৈ আছিলোঁ।

ভাল লাগি যায়। কেতিয়াবা তেওঁ কয়, তোমাৰ গল্প এটা লিখিম এইবাৰ। লিখেও। গল্পটোত তাই তেওঁৰ প্ৰেমিকা হয়। মেছেজ কৰি সোধে,

: পঢ়িলানে?

কেতিয়াবা এনেয়েও সোধে,

: কি কৰিছা?

ৰিপ্লাই নকৰিলে অভিমান। মোৰ কাৰণে তোমাৰ সময়ে নাই। ইফালে দেউতাকৰপৰা ফোনটো সৰকোৱাটোও অলপ কথানে! ভাগ্যে কোনেও মেছেজ চাব নাজানে ঘৰত। কেতিয়াবা এসপ্তাহ, কেতিয়াবা এমাহৰ পাছত কথা পতা হয়। তেওঁ ৰৈ থাকে তাইৰ লগত কথা পাতিবলৈ। ভাল লগাবোৰে চৌপাশে মেৰিয়াই ধৰে।

তাইৰ পঢ়া শুনা ক্ষতি হ’ব বুলিয়ে তেওঁ এদিন নিজে নিজে আঁতৰি যায়। কিছুদিন পিছত ফোন নম্বৰো সলনি হয় তেওঁৰ।

“মই তোমাৰ বাবে ৰৈ থাকিম”।

তেওঁৰ এই কথাষাৰকে বুকুত কঢ়িয়াই ফুৰে তাই। আৰু সেইজনী নিৰ্মালিয়েই চাৰি বছৰৰ মূৰত আজি তেওঁক ফেচবুকত বিচাৰিছে। এতিয়া তাইৰ হৈ নাথাকিলেও তাইৰ মনত প্ৰথম প্ৰেমৰ অনুভূতি জগোৱা মনৰ মানুহজনক আজি প্ৰথম দেখিব।

চাৰ্চ বক্সত নামটো টাইপ কৰিলে নিৰ্মালিয়ে। ইমান বেলেগ নামটোৰ এজনেই মানুহ আছিল। “writer at ‘…’” “worked at ‘The Dainik……” “works at….”

একেখন কাকততে এতিয়াও কাম কৰে তেওঁ। হয়… তেওঁৱেই হয়।  ইণ্টাৰনেটৰ অৱস্থা তথৈবচ। প্ৰফাইল ফটোখন ওলোৱাই নাই। একাউণ্টটোত স্ক্ৰল কৰি দিলে তাই। এখন ফটোৰ কেপচন ‘with my daughter’। বুকুখনত মৃদু বিষ এটা উজাই আহিল। বিয়া পাতি অকণমান কেঁচুৱা এটাও হ’ল তাৰমানে। কিমানটো বাৰু! একবছৰ মান হ’লনে!

লাহে লাহে ম’বাইলত ফটোখন দৃশ্যমান হ’ল। লগত দহ বাৰ বছৰীয়া জীয়ৰীৰ সৈতে, নামটোৰ লগত নিমিলা চেহেৰাৰ, টকলা মূৰেৰে আদহীয়া মানুহ এজন। নিৰ্মালিৰ মুখখনত তিতা-কেঁহা স্বাদ এটাই আমনি কৰিলে। ম’বাইলটো বিছনাত দলিয়াই থৈ থুবোৰ পেলাবলৈ তাই বাহিৰলৈ ওলাই গ’ল।

 ☆ ★ ☆ ★ ☆

3 Comments

  • দীক্ষিতা

    বৰ বেয়াকৈ ফাটিল এইটো প্ৰেম।

    Reply
  • হেমন্ত কাকতি

    বুঢ়া হল বুলিয়েই প্ৰেম এনেকৈ দলিয়াই পেলাব নেপায় দেই৷ হাঃ হাঃ মজা লাগিল৷

    Reply
  • ৰীতা

    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *