ফটাঢোল

লক্‌ডাউনৰ পিছৰ আড্ডা : ঋতুপৰ্ণ শৰ্মা 

: এই মাক্সখন মাৰি থাকিলে একেবাৰে উশাহেই বন্ধ হৈ যাব খোজে ৰে।

বীয়েৰৰ বটলকেইটা টেবুলৰ ওপৰতে থৈ সৌৰভে ক’লে। পল্লবে ইতিমধ্যে ক্লাবৰ পাকঘৰৰপৰা আইনাৰ গিলাচ তিনিটা আনিছিলেই। ধনে লগত অনা ‘তন্দুৰী চিকেন’ৰ পেকেটটো খুলিলে।

: হয় দে দোষ্ট, এইখন মুখত মাৰি মাৰি অশান্তি লাগি গৈছে আৰু! কেতিয়ালৈ যে এইবোৰৰপৰা মুক্তি পাম। বীয়েৰ আনি ভালেই কৰিলি। এই গৰমত অলপ শান্তি পাম।

ধনে ক’লে।

: লক্‌ডাউনে চাল্লা মানুহৰ লাইফ ষ্টাইলেই সলনি কৰি দিলে।

গিলাচত বীয়েৰ বাকি বাকি পল্লবে ক’লে।

: লক্‌ডাউনৰপৰা তহঁতে কি মূল শিক্ষা পালি কচোন?

প্ৰথম পেগ্‌ মুখত দি সৌৰভে বাকীকেইটাক সুধিলে।

: মোৰ মতে মানুহে সদায় চৰকাৰী চাকৰি কৰিব লাগে। নহ’লে বহুত কষ্ট।

ধনে লেগপিচ এটা মুখত ভৰাই ক’লে।

: চৰকাৰী চাকৰি (অশ্লীল) পালেহে কৰিবি। কোনোবাই ফূৰ্তিতে কোম্পানীত কাম কৰে নেকি?

মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাম কৰা পল্লবে ক’লে। ৰূমটো ইতিমধ্যে সুৰা আৰু চিগাৰেটৰ ধোঁৱাৰে ৰঙীন হৈ উঠিছিল।

 : তই কি কৱ সৌৰভ?

ধনে সৌৰভক সুধিলে।

: মোৰ মতে মানুহৰ ইনকাম যিমানেই নহওক কিয়, অলপ অলপকৈ হ’লেও নিজৰ ভৱিষ্যতৰ বাবে কিছু সাঁচিব লাগে। মোলৈকে নাচাৱ কিয় তহঁতে? সদায় কৈ থাকোঁ মই, মোৰ আকালো নাই, ভঁৰালো নাই। কম্পিউটাৰৰ দোকানখনেৰে ডিটিপি কৰি সুন্দৰকৈ চলি আছিলোঁ। পিচে লক্‌ডাউনে মোৰ কঁকাল ভাঙি দিলে। মানুহজনী আৰু সৰু ল’ৰাটোক লৈ সুন্দৰকৈ চলি আছিলোঁ মই। এতিয়া কি কৰোঁ!

সৌৰভে খঙেৰে ক’লে।

: ইয়াৰে ভাল আৰু! চৰকাৰী চাকৰি। গ’লেও পাব দৰমহা, নগ’লেও পাব।

পল্লবে ধনক উদ্দেশ্যি ক’লে।

পল্লব, সৌৰভ আৰু ধন। তিনিওটা সৰুৰেপৰা একেলগে ডাঙৰ হোৱা। ক্লাবৰ সন্মুখত সৰুতে ক্ৰিকেট খেলাৰেপৰা এতিয়া সন্ধিয়া আড্ডা দিয়ালৈকে, সিহঁতৰ বন্ধুত্ব আজিলৈকে অটুট আছে। বহু বন্ধু আহিল আৰু গ’ল। সিহঁতে কিন্তু আজিলৈকে ইটোৱে সিটোক এৰিব পৰা নাই। ধনে চৰকাৰী বিভাগ এটাত চাকৰি কৰে। আনহাতে পল্লবে মেডিচিন কোম্পানী এটাৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আৰু সৌৰভে নিজাকৈ কম্পিউটাৰ দোকান এখন খুলি তাত ডিটিপি, ফটোষ্টেট, ফটোপ্ৰিণ্ট আদিৰ কাম কৰে। সুন্দৰকৈ চলি আছিল তিনিওৰে কাম-কাজ। সন্ধিয়া তিনিওটা ক্লাবলৈ ওলাই আহি আড্ডা মাৰে। পিচে এই লক্‌ডাউনে তিনিওৰে জীৱনত আউল লগাই দিলে। বেছিকৈ ক্ষতিগ্ৰস্ত হ’ল সৌৰভ।

: তোৰ পিচে তপিনাৰ দাগকেইটা গ’লনে নাই?

সৌৰভে পল্লবক সুধিলে।

আচলতে লক্‌ডাউনৰ সময়ত এনেয়ে ওলাই অহাৰ বাবে পুলিচে এদিন পল্লবক লাঠীৰে কোবাইছিল। এই কথাটো সুধিলে পল্লবে বৰ বেয়া পায়। কথাটো সি যিমানে লুকুৱাব বিচাৰিছিল, সিমানে ৰাষ্ট্ৰ হৈহে গ’ল। এই সময়ত তাক কথাটো সোধাত তাৰ ভমককৈ আকৌ খংটো উঠি আহিল।

: বহুদিনৰ মূৰত এনেকৈ বহিছোঁ। সেই কথাটো লৈ যদি মোক কামোৰ দি থাক, মই উঠিলোঁহে আৰু!

পল্লবে খঙেৰে ক’লে।

: আৰে বহ না ভাই। ধেমালিহে কৰিছোঁ। বেয়া নাপাবি।

সৌৰভে হাঁহি হাঁহি ক’লে।

: আচলতে কি জান! আমি বৰ্তমান এক ভয়ানক সময়ৰ মাজেৰে অতিবাহিত কৰিছোঁ। কৰ’নাৰ পিছৰ পৰ্যায়টো অধিক ভয়াবহ হ’ব। হাজাৰ হাজাৰ লোকে কৰ্মসংস্থাপন হেৰুৱাব। বস্তুৰ আকাশলঙ্ঘী মূল্যই মধ্যবিত্তক মাধমাৰ সোধাব। নিম্নবিত্তই চৰকাৰী সাহায্য পাব, ধনীবোৰৰতো কোনো প্ৰভাৱেই নপৰে। মৰিব লাগিব আমাৰ নিচিনা মধ্যবিত্তবোৰ।

সৌৰভৰ কথাই তিনিওটাকে চিন্তিত কৰি তুলিলে। পৰিবেশটো গহীন হৈ যোৱাত ধনে মাত লগালে,

: হ’ব দে আৰু কিমান এইবোৰ কথাকে পাতি থাকিবি। অলপ বেলেগ কথা উলিয়া।

: নহয় অ’, কথাবোৰ ভাবিলে মূৰ গৰম হৈ যায়। মানুহবোৰৰ ওপৰতো খং উঠে। সাধাৰণ নিয়ম দুটামান মানিবলৈকো ইমান টান পাই মানুহবোৰে। কৰ’না ভাইৰাছেও চাগৈ অসমলৈ আহি ‘কনফিউজড্‌’ হৈ গৈছে যে সি আচলতে কোনফালেদি মানুহৰ শৰীৰত প্ৰবেশ কৰিব। ভাইৰাছটোৱে চাগৈ ভাবে, আৰে মইতো নাক আৰু মুখেদিহে মানুহৰ শৰীৰত সোমাওঁ, মানুহবোৰে মোক বাধা দিবলৈ ব্যৱহাৰ কৰা মাস্কখন দেখোন আচল ঠাইত নিপিন্ধেই! তেনেহ’লে সেইখন লোৱা আৰু নোলোৱা দেখোন একেই কথা। হাঃহাঃ!

নিজৰ কথাত ৰগৰ পাই পল্লবে ডাঙৰকৈ হাঁহিবলৈ ধৰিলে৷

ধন আৰু সৌৰভে গম পালে যে পল্লবৰ লাহে লাহে নিচা ধৰিবলৈ আৰম্ভ কৰিছে। আৰু কিছু সময় এনেদৰে থাকিব লাগিলে পল্লবৰ লেক্‌চাৰ বন্ধই নহ’ব। ইতিমধ্যে বীয়েৰ আৰু মাংসও শেষ হৈ আহিছে। গতিকে আজিলৈ আড্ডা ইমানতে সমাপ্ত কৰাই উত্তম হ’ব।

☆ ★ ☆ ★ ☆

5 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    পঢ়িলো৷ বহুতেই কৰ্মসংস্থাপন হেৰুৱালে৷

    Reply
    • ঋতুপৰ্ণ শৰ্মা।

      অশেষ ধন্যবাদ।হয়,এই লক্‌ডাউনত বহু লোকে কৰ্মসংস্থাপন হেৰুৱালে।

      Reply
  • হেমন্ত কাকতি

    ভাল লাগিল৷

    Reply
    • ঋতুপৰ্ণ শৰ্মা।

      ধন্যবাদ দাদা।

      Reply
  • পল্লৱী কাকতি

    সঁচাকৈ বহুতৰ অৱস্থা বৰ বেয়ালৈ গ’ল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *