ফটাঢোল

সৰ্বমঙ্গল মাঙ্গল্যে-ৰক্তাভ কুমাৰ

“এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়
মোৰো বন হংসই বাট হেৰুৱায়
মই আছোঁ শাৰদীয় খিৰিকী মুখত
বুকুৱে বিচৰা জনলৈ বাট চাই…..”

কামিহাড়ৰ উলম্বভাৱে থকা ফেনখনত চুইছ ব’ৰ্ডৰ ৰেগুলেটৰৰ তিনি নম্বৰ স্পীদ আৰু মোৰ শৰীৰৰ ওপৰত ডাঠ বেডক’ভাৰৰ আৱৰণ, শৰৎ কালৰ আগমনৰ এয়াও এক সংকেত। পৃথিৱীৰ আটাইতকৈ সুখী মানুহজনৰ অনুভৱ লৈ শুই থকাৰ সময়ত ক’ৰপৰা যে আহি মায়ে টিভিটো চলাই অসমীয়া মিউজ (মিউজিক কাম নিউজ ) চেনেল লগাই থৈ মোৰ নিহালিত বিহগুটি মেলি দিলে নহয়! এনেই বোলো পুতেক থাকোঁ ঘৰৰ বাহিৰত, পূজা বুলি আহিছোঁ ঘৰলৈ অকণমান ভালদৰে শুবলৈকেতো দে এঘাৰমান বজালৈ! নাই, একদমেই ধৈৰ্য্য নাই। ন বাজিবৰ হ’ল কি নাই, পোনপটীয়াকৈ মাতি নোৱাৰিলে আওপকীয়াকৈ হ’লেও টোপনিৰপৰা উঠাবই। আকৌ এইফালে টিভিত ইমান ধুনীয়া গীতটি এনেকৈ গাইছে যেন কোনোবাই বেকাৰীৰপৰা লৈ অনা পাওৰুটিডোখৰ জোৰকৈ মুখত সুমুৱাই দিয়াৰ পিছত গিলিব খোজোঁতে ডিঙিত সোপা লাগি ধৰিছে।

ন বজাত! তাতে আৰু নিজৰ ঘৰত! তাতে আকৌ ছুটীৰ দিনত! তাতে আকৌ ঘৰৰ বাহিৰত অকলে থকা ল’ৰা। আই মিন, চিৰিয়াছলি! অফিচ থাকিলেও ন বজাৰ আগত টোপনিৰপৰা উঠি নবহা ল’ৰাটোক হ’ল বুলিতো আৰু এনেকৈ উঠাব নাপায় আৰু।

: আজি নৱমী পূজা। সোনকালে উঠ আৰু গা পা ধুই ৰেডি হ। মোক পূজাথলীত থৈ আহিবি।

: মা, চাৰিওফালে ভাইৰাছ পিলপিলাই ঘূৰি আছে। এইবাৰলৈ থ, যি দিব আৰু খুজিব লগা আছে ঘৰতে কৰ আৰু মোক শুবলৈ দে।

অযথা সময়ৰ অপব্যয় নকৰি মালিকনীয়ে মিল্টনৰ থাৰ্মেল ফ্লাস্কটো আনি গাত ঢালিবলৈ ওলোৱা মুদ্ৰাত সাজু হৈ মোৰ ওচৰত থিয় দিলে আৰু তেখেতৰ পজিছন দেখি ময়ো এইটো গম পাইছোঁ যে সেয়া ভয় খুৱাবলৈ নহয়, তেখেত সজ্ঞানে বদ্ধপৰিকৰ মোৰ ওপৰত “জলাস্ত্ৰ” প্ৰক্ষেপন কৰিবলৈ।

মোৰ তেতিয়াৰ মনৰ অৱস্থাটোত নেপথ্যত ৰাজেশ খান্নাৰ চিনেমাৰ দুখৰ গীতবোৰ যেন বাজি উঠিছিল!

অনিচ্ছা তথা এলাহ সম্বলিত মনটোৰ সৈতে কোনোমতে গাটোক অম্বু স্পৰ্শ কৰাই আনি বস্ত্ৰ পৰিধান কৰি মাতৃৰ সৈতে গমন কৰিলোঁ পূজাথলী অভিমুখে।
পিচে পূজাথলী গৈ পোৱাৰ পিছত অনুভৱ হ’ল ৰাতিপুৱা টিভিত গাই থকা গীতটো যেন এতিয়া মোৰ মনৰ ভিতৰতহে বাজিবলৈ ধৰিছে। বিশেষকৈ যেতিয়া ভিজা চুলিৰে বগা চুৰিদাৰ পিন্ধা ছোৱালীজনীৰ ওপৰত মোৰ প্ৰেমিক দৃষ্টিৰ প্ৰতিফলন ঘটিল। দেৱী প্ৰতিমাৰ ওচৰত থিয় হৈ থকা ছোৱালীজনীৰপৰা মোৰ অৱস্থিতিৰ মাজৰ অন্তৰাল প্ৰায় বাৰ গজ মান হ’ব চাগে। অলপ সূক্ষ্মভাৱে তাইক নিৰীক্ষণ কৰিবলৈ তৎক্ষণাত বিলাতী চশমাযোৰ পকেটত ভৰাই স্বচ্ছ বিতচকুযোৰ পৰিধান কৰি তাইক জুকিয়াবলৈ চেষ্টা চলালোঁ (বাওঁফালৰ চকুটোৰ ৰেঞ্জ অলপ কম মানে, সেয়েহে…)

চকুত মিহিকৈ লগোৱা কাজল, লিপষ্টিকৰ পৰিমাপো ঠিকেই আছে; সৰুকৈ লগোৱা ক’লা বিন্দি আৰু তাৰে ওপৰত দেৱে লগাই দিয়া ৰঙা ফোঁট, মুঠতে মোৰ চকুৱে সন্তুষ্টি পোৱা সৌন্দৰ্য। এছাটি কোমল বতাহ আহি যেন মোৰ গা-মন শাঁত পেলাই গ’ল আৰু লগে লগেই মোৰ কাল্পনিক জগতৰ ভায়’লিন বাদককেইজন আহি উপস্থিত হ’ল ৰোমাণ্টিক সংগীত উপস্থাপন কৰিবলৈ। পূজাৰ থালি হাতত লৈ অপেশ্বৰীৰ মোৰ সমীপলৈ আগমন আৰু মই শাহৰুখ খানৰ দৰে হাত মেলি তাইক অভিবাদন কৰিবলৈ সাজু। তাই আহি আছে আহি আছে, ভায়’লিনৰ সুৰে গতি লৈছে, এটি লাজকুৰীয়া হাঁহি তাইৰ ওঁঠৰ ফাঁকেৰে বৈ গৈছে যিটোৱে চিধাই আহি মোৰ হৃদয়ত খুন্দা মাৰিছে। হয়, প্ৰেম হৈছেই, মাত্ৰ অলপমান বাকী আছে আৰু।

এনেতে পূজা শেষ কৰি জন্মদাত্ৰীৰ আগমন, লগত সম্পৰ্কীয় পেহী এজনী।

: চিনি পাইছা নে?

তেনেতে অপেশ্বৰীয়ে মোৰ কাষেৰে পাৰ হৈ গৈ বাহিৰত ৰৈ থকা “এভেঞ্জাৰ ক্ৰুজ” বাইকখনত উঠি কান্ধত হাত থৈ গুচি গ’ল। মোৰ মনৰ ভিতৰৰ ভাব,

“চিনাকি হোৱাৰ সুবিধাই নিদিলি তই, একটো মায়ে কেঁচা ঘুমটিৰপৰা উঠাই আনিছে আৰু তই মোক কেঁচা প্ৰেমৰ পৰা উঠাই আনিলি….”

পুনৰাই অনিচ্ছাকৃত মিচিকিয়া হাঁহি এটা মাৰি চিনি পোৱা বুলি কৈ বৰ এটা বিশেষ কথা কোৱাৰ সুবিধা নিদি দেৱীক সেৱা জনাবলৈ বুলি এইবাৰ মই আগবাঢ়ি গ’লোঁ। আৰতি চলি থকাৰ সময়ত তেতিয়া দেৱে উচ্চাৰণ কৰি আছিল,

“সৰ্ব মঙ্গল মাঙ্গল্যে শিৱে সৰ্বাৰ্থ সাধিকে
চৰণ্যে ত্ৰম্বকে গৌৰী, নাৰায়ণী নমোস্তুতে…..”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *