ফটাঢোল

অসমৰ সংবাদ মাধ্যমত  ইতিবাচক বাতৰিৰ ইতিহাস-ধীৰেন শইকীয়া

বৰ্তমান সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিবোৰৰ বেছিভাগেই অতিৰঞ্জিত, মুখৰোচক আৰু হত্যা, ধৰ্ষণ, চুৰি, ডকাইতি, কেলেংকাৰীৰ বাতৰি। এনেবোৰ বাতৰিৰ সমান্তৰালকৈ অসমৰ  সংবাদ মাধ্যমত ইতিবাচক খবৰৰ প্ৰচাৰ একেবাৰেই কম। আজিৰ সময়ত  প্ৰিণ্ট আৰু ইলেকট্ৰনিক দুয়োটা মাধ্যমে নেতিবাচক বাতৰিতকৈ ইতিবাচক বাতৰি সবল ভাৱে প্ৰকাশ কৰিব লাগে। আজিৰ প্ৰজন্ময়ো ইতিবাচক খবৰ বিচাৰে। আচলতে, আমাৰ সমাজত আজিও কৃষি-উদ্যোগ বাণিজ্যৰ দুই-এটা হ’লেও ইতিবাচক বাতৰি আছে। একেদৰে আছে সমাজত চলি থকা ভাল সামাজিক কৰ্মবোৰৰো। মাজে মাজে দুই এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ লগতে দুৰ্গত ৰাইজক স্বেচ্ছাসেৱী অনুষ্ঠানে সহায় সাহাৰ্য দিয়া অনুষ্ঠান, সজাগতা সভা, কৰ্মশালা, অসমৰ যোগ্যজনে বাহিৰত কৰি থকা কৃতিমান কাম-কাজৰো বহু খবৰ আছে যদিও এইবোৰৰ বহু খবৰেই প্ৰকাশ হোৱা দেখা নাযায়। এই খবৰবোৰৰ প্ৰকাশ উপযুক্তভাৱে হ’লেহে সমাজলৈ ইতিবাচক বাৰ্তা একোটা যাব পাৰে।

আশীৰ দশকত আকাশবাণী গুৱাহাটীৰ ‘আজিৰ পুৱা’ অনুষ্ঠানটো শুনিছিলোঁ, একেদৰে শুনিছিলোঁ ‘আজিৰ প্ৰসংগ’। এই দুটা অনুষ্ঠানেই আছিল অসমত আশীৰ দশকত ইতিবাচক বাতৰি প্ৰকাশৰ মাইলৰ খুটি। অসমত ‘অনুসন্ধান’ আৰু ‘জ্ঞানদীপ’ নামৰ দুখন প্ৰতিযোগীতামূলক পৰীক্ষাক কেন্দ্ৰ কৰি প্ৰকাশিত আলোচনী পঢ়া মনত পৰে। এই দুখনেও কেইবছৰমান অসমত ‘ইতিবাচক বাতৰি’ ভালেখিনি পৰিবেশন কৰা আমাৰ মনত আছে। ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা ‘পয়োভৰা’ আলোচনীখন আৰু অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰা ‘ৰাইজৰ বাতৰি’য়েও অসমত ঘটা বহু ইতিবাচক বাতৰি প্ৰকাশ কৰি আহিছে। অসমৰ বিভিন্ন জিলাৰ স্থানীয় বিভিন্ন অঞ্চলৰ পৰাও প্ৰকাশিত হৈ আছে বহু সাপ্তাহিক আৰু মাহেকীয়া আলোচনী। ইয়াৰোপৰি অঞ্চলবোৰৰ পৰা প্ৰকাশিত হৈ থকা স্মৃতিগ্ৰন্থ, ক্ষুদ্ৰ আলোচনী আদিয়েও স্থানীয়ভাৱে সংঘটিত বহু ‘ইতিবাচক খবৰ’ প্ৰকাশ কৰি আহিছে।

ইয়াৰ পিছত সুৰেশ ৰঞ্জন গদুকা সম্পাদিত ‘জীৱন’ নামৰ আলোচনীখনেও অসমত ইতিবাচক খবৰ প্ৰকাশত বিশেষ মনোযোগ দিছিল। নৱবৰ্ষৰ আৰম্ভণিতে প্ৰতিবছৰে বৰ্ষ শ্ৰেষ্ঠ অসমীয়া আৰু এশ ভাল খবৰ প্ৰকাশ কৰি এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। ইয়াৰোপৰি  প্ৰদীপ বৰুৱা সম্পাদিত জনপ্ৰিয় পষেকীয়া বাৰ্তালোচনী ‘প্ৰান্তিক’ ৰ বহু ইতিবাচক প্ৰবন্ধয়ো অসমত ‘ইতিবাচক খবৰ’ পৰিবেশণত  মুখ্য ভূমিকা লৈ আহিছে।

সংবাদ মাধ্যমৰ সৈতে জড়িত একাংশ লোকেও  ‘ইতিবাচক খবৰ’ক সমাজৰ আগত দাঙি ধৰিবলৈ এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত সুৰেশ ৰঞ্জন গদুকা, ধীৰেন শইকীয়া, প্ৰণৱজ্যোতি নদীয়াল, মুনজ্যোতি শইকীয়া আদিৰ নাম প্ৰথমেই উল্লেখ কৰিব পাৰি।

একেদৰে সাংবাদিক প্ৰণৱজ্যোতি নদীয়ালেও ‘ইতিবাচক’ নামৰ আলোচনীখনৰ যোগেদি অসমৰ বিভিন্ন অঞ্চলৰ ভাল খবৰসমূহ প্ৰকাশ কৰি এই দিশত উল্লেখনীয় কাম কৰিছিল। সংবাদ মাধ্যমৰ ইতিবাচক খবৰৰ নতুন এই ধাৰাত সংযোজন হৈছে মুনজ্যোতি শইকীয়াৰ প্ৰচেষ্টাত ‘ভাল খবৰ’ নামৰ সাপ্তাহিক বাতৰি কাকতখন। এই কাকতখনত কেইবাগৰাকীও লোকে ধাৰাহিকভাৱে এই কাম কৰি আহিছে। সাংবাদিক, লেখক ধীৰেন শইকীয়ায়ো তেওঁ কৰ্মৰত সংবাদ গোষ্ঠীবোৰত ইতিবাচক খবৰৰ বহু ‘কভাৰ ষ্টৰি’ কৰিছে। একেদৰে পষেকীয়া আলোচনী ‘আজিৰ প্ৰতিনিধি’য়েও (সম্পাদক অৰূপ কুমাৰ শৰ্মা) বিগত কেইবাবছৰে অসমৰ চুকে-কোণে নীৰৱে বিভিন্ন মাধ্যমত কাম কৰি থকা অখ্যাত বহুজনৰ  প্ৰফাইল ষ্টৰী কৰি সমাজত এই মহীৰূহসকলক চিনাকি কৰি দি আহিছে। এয়াও আন এক ইতিবাচক বাৰ্তা।

নিয়মিতভাৱে নহ’লেও আজিৰ সংবাদ মাধ্যমৰ কেইখনমান বাতৰি কাকতে  দুই এটা চকুত পৰাকৈ ইতিবাচক বাতৰি প্ৰকাশ কৰি কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ‘নিয়মীয়া বাৰ্তা’ৰ দেওবাৰৰ বিশেষ পৃষ্ঠা ‘আশাৰ বাৰ্তা’ত এপৃষ্ঠা ভাল খবৰ কিছুমানেৰে পৃষ্ঠাটো সজোৱা দেখা গৈছে। তেনেদৰে ‘অসমীয়া প্ৰতিদিন’ কাকততো এনে বাতৰিয়ে সুকীয়া গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। আনহাতে অসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক জনমভূমি, অসমীয়া খবৰ, অসমবাণী, সাপ্তাহিক জনমভূমি আদি কাকতসমূহেও অসমীয়া নতুন বছৰ বা ইংৰাজী নতুন বছৰৰ প্রথম দিনটোত প্রথম পৃষ্ঠাত কেইবাটাও আশাবাদী খবৰ বা ইতিবাচক খবৰ প্ৰকাশ কৰি অহাৰ এক পৰম্পৰা ৰক্ষা কৰি আহিছে। ‘আছাম ট্ৰিবিউন’ নামৰ সংবাদ গোষ্ঠীটোৱে তেওঁলোকৰ কাকতসমূহতো ‘ইতিবাচক খবৰ’  আৰম্ভণিৰেপৰা প্ৰকাশ কৰি আহিছে । কেইটামান নিউজ চেনেলেও এনে বাতৰি বৰ আগ্ৰহেৰে সম্প্ৰচাৰ কৰি আছে এতিয়াও। ‘আমি অসমৰ জনগন’, কাকতখনত আমি কাম কৰি থাকোঁতে কিৰণ গগৈদেৱৰ অনুৰোধত প্ৰথম পৃষ্ঠাত প্ৰায় এবছৰ কাল ‘ভাল খবৰ’ লিখি আহিছিলোঁ।

প্ৰকৃতি প্ৰেমী সংগঠনৰ বহু পুস্তিকা, পত্ৰিকা, গ্ৰন্থ আদিতো ইতিবাচক খবৰ পঢ়িছোঁ। অসমত বিকাশমূলক সাংবাদিকতা (development journalism)ৰ নতুন বাট হ’ল প্ৰকৃতি প্ৰেমী সংগঠনৰ পুস্তিকা, পত্ৰিকা, গ্ৰন্থ আদিবোৰ। এনে লেখা লিখি আছে  প্ৰকৃতি প্ৰেমী লেখক মুবিনা আখতাৰ, সৌম্যদীপ দত্ত, ইন্দ্ৰজিৎ দত্ত, প্ৰণয় বৰদলৈ আদিয়ে।
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *