ফটাঢোল

ফটালিমাৰিক -ধনজিৎ বৰুৱা

মধ্যবিত্ত

পিতৃ-মাতৃ, পত্নী-পৰিয়াললৈ গৰম কাপোৰৰ পেকেট
উদং হ’ল পকেট যেন দেৱালীৰহে ৰকেট
ভাবি আছে বৰুৱাই
বাছত দোলা খায়
তোৰ সৈতে আকৌ এবছৰ অ’ মোৰ পুৰণি জেকেট।

জিন্দাবাদ

জীৱন ঝাল মুড়ি ভাই সেহাই সেহাই
প্ৰেম অমৃত পানী বুলি মাজে মাজে খায়
সিয়ো যদি জলা হয়
চকুৰ পানী বয়
মৰণলৈকে যেন পানী ছবি আকোঁ ঘঁহাই ঘঁহায়।

শংকা

ৰাজনীতি যদি অৰ্থনীতিৰ আন এটা ৰূপক
তেতিয়া সেৱাহে জনাওঁ তোমাৰ জ্ঞানৰ টোপক
উৱাদিহ ক’তো নাই
জনতাৰ হায় হায়
বতাহৰপৰা বচাইছে কেৱল নিজৰ জীৱন দীপক।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *