ফটাঢোল

এগণ্ডা লিমাৰিক- হেমেন নাথ

নির্বাচনী ইস্তাহাৰত লিখিব পাৰি মস্ত মহাভাৰত
নির্বাচনৰ পিছত সেইখন যায়গৈ পাহৰণিৰ গৰ্ভত

ৰাইজেই হেনাে ৰজা
তেন্তে কোননাে প্রজা

ৰাইজৰ সেৱকে অৱশ্যে গঢ়িছে সম্পত্তিৰ পর্বত।

*****

ৰাস্তাৰ মাজে মাজে গাঁত নে গাঁতৰ মাজত ৰাস্তা
টিভিত কৈছে- আগতকৈ হেনাে দেশৰ ভাল অৱস্থা

পিচে প্রজাগণ পৰে বিমােৰত
ধৰিব নােৱাৰে সঁচা-মিছাৰ তফাৎ

জুই-ছাঁই বজাৰত ৰজাই চিঞৰে- ‘সকলাে হৈছে সস্তা!’

*****

নকৰোঁ খেতি, নচলাওঁ ৰিক্সা, নাজানাে কাটিব চুলি
শপত খাইছোঁ এনেকৈয়ে আমি বিদেশী খেদিম বুলি

অ’ৰ কুটা ত’ত নথওঁ
মুখেৰে সাত হাল বাওঁ

গোজেই গঁজালি হৈছে, কেনেকৈ উভালিম পােখা-পুলি

*****

কংগনা আৰু সুশান্তৰ খবৰে লগায় তােলপাৰ
আমাৰ নবিন ককায়ে নাপায় এইবােৰৰ খবৰ

ফচলৰহে নাপায় ভাল দাম
ভাবে-খেতি কৰা মূর্খামি কাম

ককাইৰ বেথা বুজিবলৈ সময় আছেনাে কাৰ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *