ফটাঢোল

হীৰাৰ আঙুঠিটো-হেমন্ত কাকতি

নীলা শাৰীখনেৰে ববীক ইমান যে ধুনীয়া লাগিছিল! আৰু ডিঙিত পিন্ধা সেইডাল…হীৰাৰ চাগে? ধনী মানুহৰ কথাই বেলেগ হ’ব, আমাৰ দৰে মানুহক ক’ত নো ফিৰি চাব……!

……যোৱাকালি সন্ধিয়া মাধৱৰ বিয়াত মনত ৰৈ যোৱা কিছু কথা পাগুলি চিগাৰেট এটা হুপি ৰাজু বহি আছিল কাজিৰঙাস্থিত “বননী” নামৰ সৰু ৰেষ্টুৰেণ্টখনত৷ কিছুদিনৰপৰা সি ববীৰ একপক্ষীয় প্ৰেমত পৰিছে৷ ববীৰ লগত যোৱা এমাহৰ চিনাকি যদিও এনে লাগে যেন তাইক বহুদিনৰপৰাই জানে৷ ববীয়ে কোৱা মতে তাইৰ দেউতাক হেনো বহুত ডাঙৰ ব্যৱসায়ী৷ গতিকে এইবোৰ প্ৰেম এনেকৈয়ে মৰহি যাব বুলি সি জানেই৷ তথাপিও ভাবি ভাল লাগে তাৰ৷ কিমানবাৰ কাৰ কাৰ লগত প্ৰেম হ’ল তাৰ, কিন্তু কোনেও তাৰ প্ৰেমক সন্মান নকৰিলে৷ কৰিবনো কিয়? কি আছে তাৰ? সহজ ভাষাত ক’বলৈ গ’লে সিতো সাধাৰণ চোৰ এটাহে৷ কিমান পুলিচ থানাত তাৰ নাম লিখা আছে সিহে জানে; কিন্তু চোৰ হ’ল বুলি তাৰ প্ৰেম হ’ব নোৱাৰে জানো? তাৰোতো মন যায়! নাই সি এইবোৰ এৰি দিব, ভাল মানুহ হ’ব৷ নিজে কিবা এটা ব্যৱসায় কৰিব৷ অলপমান ইজ্জতেৰে জীয়াই থাকিব বিচাৰে সি৷ ভালকৈ চলিলে পুনৰ ঘূৰি আহিব তাৰ সকলো মান-সন্মান৷

: ছাৰ, চাহ খাব নে বেলেগ কিবা?

ৱেটাৰটোৰ মাতত সম্বিত ঘূৰি আহিল ৰাজুৰ৷ ‘ছাৰ’ সম্বোধনটোত সি অলপ আচৰিতো হ’ল৷ প্ৰথমবাৰ কোনোবাই জীৱনত তাক ‘ছাৰ’ বুলি মাতিছে৷ পিন্ধন উৰণত তাক অৱশ্যে ভালেই লাগে৷ কিছুদিন আগতে চকুৰ সমস্যাৰ বাবে ‘মাইনাচ’ পাৱাৰৰ চশমা এযোৰ লোৱাৰ পিছৰপৰাই সি ৰেগুলাৰ চশমা পিন্ধিছে৷ ‘লুই ফিলিপ’ৰ মেৰুণ চ্যুট আৰু ‘হাচ পাপি’ৰ জোতাজোৰেৰে তাক দেখিবলৈ কোনোবা চাউথৰ চিনেমাৰ হিৰোতকৈ কম লগা নাই; কিন্তু ভিতৰি ভিতৰি সি প্ৰচণ্ড হীনমন্যতা এটাত ভোগে৷ তাৰ প্ৰধান কাৰণটোৱেই হ’ল তাৰ অতীতত কৰা দুষ্কৰ্মবোৰ৷

: একাপ চাহ দিলেই হব৷ বাকী পিছত ক’ম৷

ৱেটাৰটোৰ ফালে নোচোৱাকৈয়ে বাহিৰফালে নজৰ দি ৰাজুৱে কৈ উঠিল৷ বাহিৰত গাড়ী এখন ৰোৱাৰ শব্দ শুনি ডিঙিটো মেলি চালে ৰাজুৱে৷ এখন বি এম ডব্লিউ কাৰৰপৰা নামি আহিছে ছোৱালী এজনী আৰু কাৰোবাক হাঁহি হাঁহি “বাই বাই” কৈ ৰেষ্টোৰাঁখনলৈ আগুৱাই আহিল৷

: হাই ৰাজ দা! কি কৰি আছা ইয়াত?

এমোকোৰা হাঁহিৰে তাৰ সন্মুখত হঠাৎ আবিৰ্ভাৱ হৈছিল ববীৰ৷ তাত ববীক দেখি তাৰ বিশ্বাসেই হোৱা নাছিল৷ অলপ অপ্ৰস্তুত হৈ চিগাৰেটটো তলত পেলাই ভৰিৰে মোহাৰি সি ঠিয় হ’ল৷ অলপ লাজকুৰীয়া হাঁহিৰে ববীৰ মুখলৈ নোচোৱাকৈ সি উত্তৰ দিলে,

: তুমি ইয়াত? মই এনেই বহি আছিলোঁ৷

: অ’, ময়ো মোৰ কাজিন ব্ৰাডাৰ এজনৰ লগত এফালে গৈ আছিলোঁ, তাৰ কেবাখনো টি-গাৰ্ডেন আছে জানা৷ আমি মানে সৰুৰপৰা খুব ভাল ফ্ৰেণ্ড! তোমাৰ বাইকখন দেখি ভাবিলোঁ, তুমি ইয়াতে আছা৷ সেয়ে সোমাই দিলোঁ৷ সি অলপ পিছত মোক লৈ যাব৷ আৰু কোৱা, ফ্ৰী আছা নে? এটা ইমপৰ্টেণ্ট কথা আছিল৷

অলপো নোৰোৱাকৈ ববীয়ে কৈ গ’ল৷ ৰাজু অলপ আচৰিত হৈ ভাবিবলৈ ধৰিলে, তাৰমানে ববীয়ে তাক ফলৌ কৰে৷ তাৰ বাইকখনো চিনি পায়! কি ইম্পৰটেণ্ট কথা হ’ব পাৰে?

: বহা না? কিয় ঠিয় হৈ থাকিলা?

অলপো কুণ্ঠাবোধ নকৰাকৈ ববীয়ে ৰাজুৰ হাতখনত ধৰি ওচৰৰে চকীখনত বহুৱাই দি নিজৰ চকীখনো গাৰ ওচৰলৈ টানি নি বহি পৰিল৷ ইমান দেৰি শিলপৰা কপৌ যেন হৈ থকা ৰাজু স্থিৰ হ’বলৈ কিছু সময় লাগিল৷ আপুনিৰপৰা তুমিলৈ বদলি হোৱা কথাটোত আচৰিত হৈ অলপ সেপটো ভিতৰলৈ ঢুকি ৰাজুৱে ক’লে,

: কোৱাচোন কিবা ক’ব খুজিছিলা যে?

: চোৱা ৰাজদা, তোমাৰ সাহস নাই বুলি জানো৷ তুমি মোক মনে মনে ভাল পোৱা ন’? সিদিনা বিয়াত তোমাৰ চাৱনি দেখিয়ে মই বুজি পাইছোঁ৷ ময়ো বৰ অকলশৰীয়া ফিল কৰোঁ জানা!

ৰাজুৰ হাতখন খামুচি চকুত চকু থৈ ববীয়ে কৈ গ’ল৷

ৰাজুৱে নিজৰ কঁপালখনক বিশ্বাস কৰিবপৰা নাছিল৷ প্ৰখ্যাত কোটিপতি ব্যৱসায়ীৰ একমাত্ৰ সুন্দৰী জীয়েক ববী শৰ্মাই তাক প্ৰপ’জ কৰিবলৈ তাৰ সন্মুখত ৰৈ আছে! তাৰ মুখেৰে মাথো দুটাই শব্দ বাহিৰ হ’ল,

: হয় পাওঁ!

: মই জানো ৰাজ; কিন্তু তুমি মোক ‘এফোৰ্ড’ কৰিব পাৰিবা জানো?

অলপ শ্লেষমিশ্ৰিত কণ্ঠেৰে ববীয়ে কৈ গ’ল৷

: এই ডায়মণ্ড ৰিংটো দেখিছা? এইটো মোৰ মাৰপৰা ধাৰলৈ আনিছোঁ৷ দাম কিমান হ’ব পাৰে বাৰু? অনুমান কৰিব পাৰিবা নে?

ৰাজুৱে কোনো ৰিয়েক্ট নকৰি কেৱল শুনি থাকিল৷

: এইটো ইণ্ডিয়ান কাৰেন্সিত প্ৰায় চাৰে চাৰি লাখ টকা কিন্তু তুমি মোক ইয়াতকৈও ভাল এটা দিব লাগিব৷ হ’ব?

ৰাজুৱে বুজিবলৈ চেষ্টা কৰিলে যে ববীক পোৱাৰ সকলো আশা যেন তাই নিজে মোহাৰি গৈ আছে৷ অলপ আত্মবিশ্বাস ঘূৰাই আনি ৰাজুৱে ক’লে,

: চোৱা, আজি মোৰ লগত ধন-সম্পত্তি নাই, কিন্তু তোমাৰ প্ৰেমৰ বাবে যি কৰিবলৈ কোৱা মই কৰিম৷ আমাৰো টকা-পইচা হ’ব৷ দিন-ৰাত এক কৰি কাম কৰিম! মাথো এবাৰ ভাল পাওঁ বুলি কৈ চোৱা৷

এইবাৰ যথেষ্ট আত্মপ্ৰত্যয়েৰে ৰাজুৱে উত্তৰ দিলে৷

: ৰিয়েলী! শ্ব’ চুইট! চুৰ কৰিবা?

ববীৰ হাঁহিভৰা আকলুৱা চাৱনি অথচ এটা অনাকাংক্ষিত প্ৰশ্ন ওফৰি অহাত ৰাজুৱে থতমত খালে৷ তাৰমানে ববীয়ে মোৰ অতীতৰ বিষয়ে গম পালে? নাহ! নহ’বও পাৰে৷ হয়তো তাই এনেই ধেমালিতে কৈছে৷ ৰাজুৱে হাঁ-না একো নকৈ কেৱল ববীৰ চকুৰ ফালে ভয়ে ভয়ে চাই ৰ’ল৷

: কি হ’ল একো নক’লা যে? এইটো লোৱা৷

ববীয়ে নিজৰ বেগৰপৰা চুইংগাম দুটা উলিয়াই এটা নিজে চোবাবলৈ ল’লে আনটো ৰাজুৰ হাতত দি ক’লে,

: এইটো লোৱা, ফৰেইন চুইংগাম৷ ডেডীয়ে ইউৰোপৰপৰা অনা৷ চোবালে টেনচন দূৰ হ’ব৷

নিঃশব্দে দুয়ো অলপ দেৰি চুইংগাম চোবাই থাকিল৷ ৱেটাৰজনে আকৌ এবাৰ আহি সুধিলে,

: মেডামৰ বাবে কি আনিম ছাৰ?

: মোৰ কাৰণে কফি একাপ আনিলেই হ’ব৷

ৰাজুৰফালে নোচোৱাকৈয়ে ববীয়ে ক’লে৷

দুয়ো চাহ আৰু কফিৰ আমেজ লৈ বহুত কথা পাতিলে৷ যেন দুয়ো বহু জন্ম জন্মান্তৰৰ চিনাকি৷ ববীৰ মিঠা মিঠা কথাত ৰাজুৰ মন ভৰি গ’ল৷ তাৰ অকলশৰীয়া জীৱনটোৰ নিসংগতা দূৰ কৰিবলৈ যেন স্বয়ং ভগৱানেহে ববীক পঠিয়াইছে তেনে অনুভৱ হ’ল ৰাজুৰ৷ দীঘলকৈ উশাহ এটা লৈ ওপৰফালে মুখখন কৰি অলপ দেৰি চকু দুটা মুদি ভগৱানক স্মৰণ কৰিলে৷

: মই চিৰিয়াচলি কৈছোঁ ৰাজ৷ ধেমালি কৰা নাই৷ তুমি পাৰিবা৷ আমি দুয়ো একেলগে মিলিজুলি কৰিলে অকৃতকাৰ্য্য হোৱাৰ কোনো থল নাই৷

ৰাজুৰ হাতখন পুনৰ খামুচি ধৰি ববীয়ে কৈ উঠিল,

: আই লাভ ইউ!

ৰাজুৰ দুচকু সেমেকি উঠিল৷ ববীৰ সুকোমল হাতৰ আঙুলিকেইটা লিৰিকি-বিদাৰি ৰাজুৱেও মূৰ দুপিয়ালে,

: আই লাভ ইউ টু চুইটহাৰ্ট!

: এতিয়া শুনা, তুমি কিন্তু আমাৰ এনগেজমেণ্টত  ডায়মণ্ড ৰিং এটা দিবা?

ৰাজুৱে ম্লান হাঁহি এটাৰে মূৰটো দুপিয়াই সুধিলে,

: কেতিয়া পাতিম ৰিং চেৰিমনি?

: পৰহি৷

ববীয়ে এইবাৰ অকনো নহঁহাকৈ উত্তৰ দিলে৷

: পৰহি! কিন্তু? কেনেকৈ দিম?

ৰাজুৱেও এইবাৰ অলপ গহীন হ’ল৷

: মই কৈ আছোঁ৷ যোৰহাটৰ ৰিণ্টুমণি দত্তৰ আৰ ডি জুৱেলাৰ্চখন জানা নহয়?

: জানো, কিন্তু সেইখনচোন তেনেই সৰু! তাত ইমান ভাল আৰু দামী বস্তু আছে জানো?

ৰাজুৰ মনত পৰিল, সেইখনৰপৰা এবাৰ আঙুঠি এটা চুৰ কৰি আনি পিছত সোণাৰিয়ে সোণ নহয় বুলি ঘূৰাই দিছিল৷

: আৰে বুদ্ধু, সেইখনতো দেখাবলৈ! টেক্সৰপৰা বাচিবলৈ সেইখন বাহিৰত শ্ব’পিচ হিচাবে ৰাখিছে৷ তেওঁৰ মূল কাৰবাৰ ঘৰত৷ মধ্য প্ৰাচ্যৰপৰা ‘মাল’ আহে তেওঁৰ তালৈ আৰু সকলো ট্ৰানজেকচন হয় তেওঁৰ ঘৰতে৷ অসমৰ সকলো বিখ্যাত নেতা-পালিনেতা আৰু ব্যৱসায়ীক ‘মাল’ দিয়ে৷ মোৰ মা-দেউতায়ো তেওঁৰপৰাই কিবাকিবি লৈছে৷ এই আঙুঠিটোও তাৰপৰাই লোৱা৷

: কিন্তু পইচা ক’ত পাম?

ৰাজু অলপ আচৰিত হৈ ক’লে৷

: সেইটো তুমি কেৱল মোৰ ওপৰত এৰা৷

এইবাৰ ববীয়ে ৰাজুক আৰু অলপ ওচৰ চপাই আনিলে৷ কাণত ফুচফুচাই বহুত দেৰি কিবাকিবি বুজালে৷ দূৰত থকা ৱেটাৰ আৰু মেনেজাৰজনে নিজৰ মাজতে চকুৱে চকুৱে হাঁহি অলপ ৰস ল’লে৷

: কালি ঠিক এঘাৰ বজাত তুমি মই দিয়া এযোৰ চ্যুট, টাই, জোতা, এটা ৰোলেক্স ঘড়ী আৰু পাৰফিউম লগাই যাবা৷ ডেডীৰ মাৰ্চিডিজখন দিম৷ তাত থকা দাৰোৱানে এলাপেচা মানুহৰ বাবে গেট নোখোলে৷ তোমাৰ মাৰ্চিডিজ আৰু ৰোলেক্স ঘড়ীটো দেখিলে তোমাক একেবাৰে ভিতৰ চ’ৰালৈ সুমাই নিব৷ তাৰ পিছত বাকীখিনি মই কোৱা ধৰণে কৰিবা৷ তুমি পাৰিবা ৰাজ৷ আই লাভ ইউ! পৰহি আমাৰ এনগেজমেণ্ট হ’ব৷ তাৰ পিছৰপৰা আমি নতুন জীৱন-যাপন কৰিম, য’ত থাকিম কেৱল তুমি, মই আৰু আমাৰ ৰঙীন সপোন!

ববীয়ে ৰাজুৰ হাতখনত অলপ শব্দ কৰিয়ে চুমা এটা দি বিদায় ল’লে৷ যোৱাৰ সময়ত মাথো কৈ গ’ল,

: অল দা বেষ্ট ৰাজ!

ববী যোৱাৰ পিছতে ৰাজুৱে আৰু এটা চিগাৰেট জ্বলালে আৰু লাহে লাহে কাউণ্টাৰলৈ বিলখন দিবলৈ উঠি গ’ল৷

************

পিছদিনা দিনৰ ঠিক এঘাৰ বজাত ৰাজুৱে মেৰুণ ৰঙৰ মাৰ্চিডিজ এখন ৰিণ্টুমণি দত্তৰ তিনিমহলীয়া প্ৰকাণ্ড ঘৰটোৰ সন্মুখত পাৰ্ক কৰিলে৷ ড্ৰাইভাৰটো ওলাই আহি ৰাজুৰ দৰ্জাখন খুলি দিয়াৰ লগে লগে দাৰোৱানজনৰ সন্মুখতে দুহেজাৰ টকীয়া নোট এখন ড্ৰাইভাৰটোক দি দাৰোৱানজনে শুনাকৈ ক’লে,

: তুমি অলপ চাহ পানী খাই লোৱা, মই ফোন কৰি দিলে আহি যাবা৷

মোচ একোচাৰে বিশালকায় চেহেৰাৰ দাৰোৱান এজন আগুৱাই আহি ৰাজুক ভৰিৰপৰা মূৰলৈ এবাৰ লক্ষ্য কৰি চেলিউট এটা মাৰি গেটখন খুলি দিলে৷ ইণ্টাৰক’মত কাৰোবাৰ লগত কথা পতাৰ অলপ পিছতে বৰ ধুনীয়া গাভৰু ছোৱালী এজনী আহি সুধিলে,

: কাক বিচাৰিছে ছাৰ?

: ৰিণ্টুমণি দত্তক বিচাৰিছোঁ৷ মোক ভাল এনগেজমেণ্ট ৰিং এটা লাগিছিল৷

ববীয়ে শিকাই পঠিওৱাৰ ধৰণেৰে ছোৱালীজনীৰ কাণত ফুচফুচাই ক’লে৷ ছোৱালীজনীয়ে পুনৰ এবাৰ ৰাজুক ভালকৈ চাই ক’লে,

: দত্ত ছাৰ মিটিঙত আছে, আৰু আমাৰ ইয়াত আপুনি বিচৰা কোনো ৰিং নেপায়৷ গহণা কিবা লাগিলে আমাৰ গড়আলিত থকা আৰ ডি জুৱেলাৰ্চৰ শ্ব’ৰূমলৈ যাব পাৰে ছাৰ৷

ৰাজু প্লেনমতে কাম নকৰাত অলপ বিমোৰত পৰিল৷ উপায়হীন হৈ ববীক ফোন লগালে আৰু ভিতৰত যে সোমাবলৈ দিয়া নাই কথাটো জনালে৷ ববীয়ে অলপ ৰ’বলৈ দিলে৷ অলপ পিছত ভিতৰৰপৰা শকত-আবত চেহেৰাৰ পয়ত্ৰিচ বছৰীয়ামান মানুহ এজন হাঁহিমুখে ওলাই আহি ছোৱালীজনীক ক’লে,

: এখেতক আহিবলৈ দিয়া৷ দত্ত ছাৰে পাৰমিচন দিছে৷

: নমস্কাৰ, মোৰ নাম বিজয় মহন্ত৷ ওপৰলৈ আহকচোন৷ আপুনি কেনেকুৱা ৰিং বিচাৰিছে বাৰু?

: অলপ সাধাৰণতকৈ বেলেগ, একদম ইউনিক৷

চুইংগাম এটা চোবাই চোবাই ৰাজুৱে উত্তৰ দিলে৷

: নিশ্চয় ছাৰ৷ আপোনাৰ ‘প্ৰাইচ ৰেঞ্জ’টো ক’ব নেকি ছাৰ?

অলপ আইডিয়া পাবলৈ বিজয়ে সুধিলে৷

: চাওক, মই কোনো বস্তুৰ দাম কেতিয়াও সুধি পোৱা নাই, ‘মাল’ ভাল হ’লে দাম ‘মেটাৰ’ নকৰে৷

অলপ গহীনত ৰাজুৱে ক’লে৷

: চৰী ছাৰ, বুজিছোঁ৷ কাইণ্ডলি চেকেণ্ড ফ্ল’ৰলৈ ব’লক৷

লিফ্টত উঠি বিজয় মহন্তই ৰাজুক চেকেণ্ড ফ্ল’ৰৰ চুকৰফালৰ ৰূম এটালৈ লৈ গ’ল৷ কঁকালৰ বেল্টত লাগি থকা চাবি এপাতেৰে তলাটো খুলি সৰু কাঠৰ বক্স এটা উলিয়াই আনি সন্মুখৰ টেবুল এখনত থ’লে৷ ঢাকনিখন খোলাৰ লগে লগে ৰাজুৰ চকু ঠিয় হৈ গ’ল৷ চেফায়াৰ, এমাৰেল্ড, হোৱাইট গ’ল্ড, প্লেটিনামত খোদিত বিভিন্ন ৰঙ-বিৰঙৰ সুক্ষ্মভাৱে কটা হীৰাৰ টুকুৰাবোৰে ভিভিন্ন ধাতুৰ ডিজাইনৰ মাজত ৰাতিৰ আকাশৰ নক্ষত্ৰৰ দৰে তিৰবিৰাই আছে৷ ৰাজুৱে জীৱনত কোনো দিন নেদেখা বস্তু দেখি চকু থৰ হৈ গৈছিল৷ অলপ দেৰি ইটো-সিটো চাই চাই অৱশেষত এটা পচন্দ কৰি ক’লে,

: এইটো কিমান হ’ব?

: গুড চইচ ছাৰ৷ এইটো প্লেটিনামৰ ওপৰত ১৮.৪ কেৰটৰ পিউৰ ডায়মণ্ড, আমাৰ দক্ষিণ আফ্ৰিকাৰপৰা জাষ্ট কালিহে আহিছে৷ দামটো ওঠৰ মান পৰিব৷

বিজয়ে আশাব্যঞ্জক মিহি হাঁহি এটাৰে ক’লে৷ ওঠৰ লাখৰ মাল বিক্ৰি কৰিলে বিজয়ৰ প্ৰায় ৫/৬ পাৰ্চেণ্ট কমিচন থাকে৷ গতিকে ৰাজুক প্ৰত্যয় নিয়াবলৈ বিভিন্ন গুণ বখানি প্ৰাণপণে চেষ্টা কৰিছে৷

ৰাজুৱে আঙুঠিটো অলপ দেৰি লিৰিকি বিদাৰি চাই ক’লে,

: মেগনিফাইং গ্লাচ হ’ব নেকি বাৰু? অলপ জুমি চাওঁ, পিচে ইয়াতকৈ ওপৰৰ ৰেঞ্জৰ কিবা পাম নেকি? মানে টুৱেণ্টি প্লাচ মানৰ?

বিজয়ৰ চকু বহল হ’ল৷ নিজকে অলপ চম্ভালি ক’লে,

: ছাৰ বৰ্তমান আমাৰ ইয়াত এইটোৱে লাষ্ট ৰেঞ্জ৷ আপোনাক এলবাম দেখাব পাৰোঁ, পচন্দ কৰিলে আনি দিম৷ এসপ্তাহ সময় লাগিব৷

: হ’ব বাৰু তেনে এলবাম চাওঁ৷

এইবুলি ৰাজু অন্যফালে যাবলৈ ওলাল৷

: ছাৰ মেগনিফাইং গ্লাচখন লওক৷ আঙুঠিটো ক’ত থ’লে?

: কিয়, আপোনাক দিলোঁ নহয় এইমাত্ৰ?

: নাই ছাৰ, আপুনিহে হাতত লৈ আছিল!

: নাই মই দিছিলোঁ আপোনাক?

প্ৰায় আঠ বছৰে এনে ব্যৱসায়ৰ লগত জৰিত বিজয় মহন্তই ভালকৈয়ে বুজি পায় এনে মানুহৰ লগত কেনেকৈ ‘ডিল’ কৰিব লাগে৷ আঙুঠি নেপালে বিজয় মহন্তৰ চাকৰিটো যাবই লগতে ৰিণ্টুমণি দত্তৰ দৰে ক্ৰুৰ ব্যৱসায়ীয়ে বিজয়ৰ কি গতি কৰিব তাকে ভাবি বিজয়ৰ ৰূপ বদলি হ’ল৷

: ভালে ভালে উলিয়াই দিবি নে জোৰ-জৱৰদস্তি কৰিম ক’!

এইবাৰ ‘ছাৰ’ৰপৰা সম্বোধন গৈ তই লৈ নামিল৷ ৰাজুৱেও পাৰ্যমানে নৰ্মেল হৈ থাকিবলৈ চেষ্টা কৰি ক’লে,

: মই আপোনাক কলোৱেইচোন ঘূৰাই দিয়া বুলি৷ মোক কি অভদ্ৰ চোৰ বুলি ভাবিছে নেকি? গুৱাহাটী চহৰৰ বিখ্যাত ব্যৱসায়ী ৰাজ বৰুৱাক কৰা এনে ব্যৱহাৰৰ পৰিনাম এবাৰ ভাবি চাইছেনে?

যথেষ্ট ক্ষোভ আৰু হতাশাৰে ৰাজুৱে শেষপাত অস্ত্ৰ প্ৰয়োগ কৰিলে৷ বিজয়ে ৰাজুৰ কথালৈ ভ্ৰূক্ষেপ নকৰি ইণ্টাৰক’মত ৰঙা বুটাম এটা টিপিলে৷ লগে লগে শকত-আবত চেহেৰাৰ দুজন মানুহ আহি ৰাজুক দুই হাতে ধৰি অন্ধকাৰ ৰূম এটালৈ লৈ গ’ল৷ ৰূমটোত সামান্য পোহৰত দেখা গ’ল হীৰা ব্যৱসায়ী ৰিণ্টুমণি দত্ত চকী এখনত পিছফালে মূৰ কৰি বহি আছে৷ ৰাজুৰ ফালে নোচোৱাকৈয়ে দত্তই ক’লে,

: মোৰ চিনাকি ছোৱালী এজনীয়ে ফোন কৰাৰ বাবেই আপোনাক ইয়ালৈ আহিবলৈ পাৰমিচন দিছিলোঁ কিন্তু আপুনিচোন ফ্ৰদ ওলালে৷ লোভ বেয়া বস্তু বুজিছে৷ ক’ত থৈছে উলিয়াই দিয়ক ভালে ভালে নহ’লে ইয়াৰপৰা আপোনাৰ দৰে বহু লুভীয়া মানুহ ঘৰলৈ ঘূৰি যাবপৰা নাই৷

: ছাৰ মই সঁচা কৈছোঁ, মই সেই মানুহজনক ঘূৰাই দিছোঁ আঙুঠিটো৷ বিশ্বাস নহ’লে চেক কৰিব পাৰে৷

ৰাজুৰ পুনৰ আত্মবিশ্বাস ভৰা প্ৰত্যুত্তৰ৷

ৰিণ্টুমণি দত্তই চিকিউৰিটিজনক ক’লে,

: ষ্টাৰ্ট চেকিং!

চিকিউৰিটি দুজনে ৰাজুক এপদ এপদ কৈ কাপোৰ খুলি চেক কৰিলে৷ চুলি, জোতা, মোজা, ঘড়ী আনকি অন্তৰ্বাস পৰ্য্যন্ত খুলি চায়ো নোপোৱাত ৰিণ্টুমণি দত্তৰফালে অসহায় দৃষ্টিৰে চাই ক’লে,

: ছাৰ ক’তো নাই পোৱা৷

ৰিণ্টুমনি দত্তই এক্সৰে ৰূমৰফালে লৈ যাবলৈ নিৰ্দেশ দিলে৷ ৰাজুৰ আত্মবিশ্বাস বাঢ়ি গৈছিল৷ অৱশেষত এক্সৰে মেচিনতো একো ভূ নোপোৱাত, ৰাজুক কাপোৰ কানি পিন্ধিবলৈ দিয়া হ’ল৷ গাৰ্ড দুজনে ৰাজুক লাহে ধীৰে গেটৰ বাহিৰলৈ আনি যাবলৈ দিলে৷ ঘূৰি আহোঁতে ৰাজুৱে গাৰ্ড দুজনক ধমকি দি আহিল,

: তহঁতৰ ওপৰত মানহানিৰ গোচৰ দিম৷ ক’ৰ্টত তহঁতক চাই ল’ম!

সমস্ত প্ৰক্ৰিয়া আশা কৰা অনুযায়ী সমাপ্ত হোৱাত বাহিৰলৈ আহি ৰাজুৱে ঘড়ীটোলৈ চালে৷ ঠিক চাৰে বাৰ বাজিছে৷ মানে প্ৰায় ডেৰ ঘণ্টা পাৰ হ’ল৷ চিগাৰেট এটা জ্বলাই হুপিবলৈ লওঁতেই ববীৰ ফোন আহিল,

: কাম হ’ল নে? একো অসুবিধা হোৱা নাই ন?

: ইয়েচ! ডান ডাৰ্লিং! বিশেষ নাই৷ তোমাৰ বাবে এইখিনি কষ্ট একোৱেই নহয়৷ দহ মিনিট পিছত গড়আলি পাম গৈ৷ ৰৈ থাকা তুমি৷

ববীয়ে এটা ৰহস্যময়ী হাঁহি মাৰিলে৷ প্ৰায় দহ মিনিটৰ মূৰত গড়আলিত ৰাজুৱে ববীক মাৰ্চিডিজখন আৰু কাপোৰকানি আৰু ৰোলেক্স ঘড়িটো ‘হেণ্ড-অভাৰ’ কৰিলে৷ প্লেন মতে সেইখিনিত আঙুঠি নাছিল৷ ৰাজুৱে কৰা কামখিনি বুজাই মেলি পুনৰ অহাকালি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় জনাই ঘৰলৈ গুচি আহিল৷

*********

অপাৰেচনৰ দ্বিতীয় অধ্যায় এইবাৰ ববীয়ে আৰম্ভ কৰিলে৷ সলনি হ’ল গাড়ীখন৷ দিনৰ ডেৰমান বজাত ‘কাজিন ব্ৰাডাৰ’ৰ বি এম ডব্লিউখন লৈ পুনৰ ববী ওলাল ৰিণ্টুমণি দত্তৰ ঘৰ৷ একেই ধৰণে গাৰ্ডজনে গেট খুলি বিজয় মহন্তৰ ওচৰলৈ লৈ গ’ল৷

বিজয়ক যথেষ্ট চিন্তিত দেখা গৈছিল যদিও নতুন কাষ্টমাৰৰ আগমনত সকলো আওকাণ কৰি ববীৰ লগত ব্যস্ত হৈ পৰিল৷ বিজয় আৰু সহযোগীসকলে প্ৰায় এঘণ্টা ধৰি আঙুঠিটো বিচৰাত ব্যস্ত আছিল যদিও কোনো সূংসূত্ৰ উলিয়াব নোৱাৰি হতাশ হৈ পৰিছিল৷ ইফালে ৰাজুৱেও আঙুঠি লৈ বাহিৰ ওলাই যোৱাৰ প্ৰশ্নই নাছিল৷

সেই সময়খিনিত ববীয়ে দুই এপদ গহণা চালে যদিও ৰিণ্টুমনি দত্তই সকলো বন্ধ কৰি পুনৰ চাফাই কৰ্মীসকলক পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিলে৷ ৰিণ্টুমণি দত্ত নিজেই ওলাই আহি ববীক ক’লে,

: চৰী জুলি, আজি বহুত মূল্যবান ৰিং এটা মিচিং হৈ আছে৷ গতিকে তুমি বেলেগ এদিন আহা৷ তুমি পঠিওৱা বিজনেচমেনজনেই চাই আছিল, তাৰ পিছতে ক’ত পৰিল নেজানো৷ তেওঁকো সন্দেহ বশতঃ চেক কৰা হ’ল কিন্তু পোৱা ন’গ’ল৷ তেওঁকো বেয়া পাবলৈ মানা কৰিবা৷ আমাৰ প্ৰটক’ল মতে আইটেম মিচিং হ’লে এনে চেকিং জৰুৰী৷

: ন’ প্ৰবলেম ৰিণ্টুদা৷ অলৱেইজ এ নেক্সট টাইম!

এটা বেকা হাঁহিৰে ববী ওৰফে জুলী নামৰ চহৰৰ বিখ্যাত হাই চোচাইটিৰ কলগাৰ্লজনী লাহে লাহে গেটৰ বাহিৰলৈ ওলাই আহিল৷

গেটৰ বাহিৰ ওলায়েই জুলীয়ে প্ৰথমে ৰাজুক হোৱাটচ এপ, ফেচবুক আৰু কললিষ্টত ব্লক কৰিলে৷ ওঠৰ লাখৰ হীৰাৰ আঙুঠিটো লিৰিকি বিদাৰি চুইংগামৰ আঠাখিনি ৰূমালেৰে মচি ল’লে৷ জুলীৰ মনত পৰিল ভাৰাত অনা মাৰ্চিডিজখন আৰু ৰোলেক্স ঘড়ীটোত দহ হেজাৰ টকা দিবলগীয়া আছে! তথাপিতো ওঠৰ লাখৰ বাবে দহ হেজাৰ! নট এ বেড ডীল!

জুলীক হাঁহিমুখে বিদায় দিয়াৰ অলপ পিছতে ৰিণ্টুমণি দত্তই বিজয়ক নিৰ্দেশ দিলে আজি যাতে আৰু কোনো নতুন কাষ্টমাৰ অনা নহয়৷ আঙঠি থকা ৰূমটো আকৌ এবাৰ পুৰা তন্ন তন্নকৈ চেক কৰাৰ ব্যৱস্থা কৰা হ’ল৷ ধূলিকণা এটাও সাৰি যাব নোৱাৰা চেকিং হোৱাৰ পিছতো আঙুঠিৰ কোনো সূংসূত্ৰ পোৱা নগ’ল যদিও ভেকুৱাম ক্লিনাৰত আঠা জাতীয় কিবা এটা লাগি ধৰিছিল৷ বিজয়ে পৰীক্ষা কৰি ক’লে,

: এয়া চুইংগাম চোন! মানুহবোৰৰ যে কমন চেন্স নাই! চুইংগাম চোবাই নো এনেকৈ ডেক্সৰ তলত লগাই নে?

☆ ★ ☆ ★ ☆

18 Comments

  • পঙ্কজ বৰুৱা

    বহু বছৰৰ পাছত দ্বিতীয়টো গল্প পঢ়িলো ভালে লাগিল, কেনেকৈ লিখেহে ইমান দীঘল গল্প ৷

    Reply
  • ডলী

    বঢ়িয়া লাগিল। শেষৰ খিনি মজ্জা

    Reply
  • দীক্ষিতা

    বঢ়িয়া লাগিল, ৰহস্যময় চুৰি কাৰবাৰ।

    Reply
  • বাগ্মিতা

    মজ্জা লাগিল দাদা!

    Reply
  • Rimjhim Borthakur

    তামাম

    Reply
  • হিৰণ্যজ্যোতি দাস

    মজা গল্প ৷ ভাল পালো পঢ়ি ৷

    Reply
  • জয়ন্ত

    মজা লাগিল দাদা৷

    Reply
  • হেমন্ত কাকতি

    পঢ়ি চোৱা সকলোলৈ ধন্যবাদ৷

    Reply
  • তামাম ৷

    Reply
  • Utpala bhuyan

    ভাল লাগিল।

    Reply
  • শ্ৰুতিমালা মিশ্ৰ

    সাংঘাটিক ৰহস্যময় গল্প । বিৰাট ভাল লাগিল পঢ়ি ।

    Reply
  • Anonymous

    মজ্জা। কাকতি দা সচাঁই লা জবাব

    Reply
  • মানসী

    মজা দেই…

    Reply
  • জিতু

    মজ্জা।

    Reply
  • Anonymous

    তামাম লিখিছে হেকা দা…???

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া লিখিলে দেই৷ মজা লাগিল৷

    Reply
  • Anonymous

    দাদা, একদম ঝাক্কাচ !

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *