ফটাঢোল

তাৰ-মোৰ কথাবোৰ-মিৰাণ্ডা কাকতি

একেখন কলেজৰে ক্লাছমেট আছিলোঁ‌ আমি। জধলা, সি যেন পঢ়াৰপৰা গাৰ্লফ্ৰেণ্ড বনোৱালৈ উদাসীন টাইপ! কলেজখনত মাথো আড্ডা চলিছিল তাৰ, সৰু ডাঙৰ সকলোৰে লগত। পিছে মোৰ চকুৰ কূটাডাল আছিল সি! ‘ওৱক’ টাইপ ফিলিঙো আহিছিল দেখা পালে তাক।

নতুনকৈ কলেজত ভৰ্তি হোৱা মোৰ ভাইটোৰো ভাল বন্ধু হৈ পৰিছিল সি। ঘূৰা-ফুৰা, আড্ডা মৰা এইবোৰত সি মোৰ ভাইটিক লৈ যোৱা কৰিছিল সি। সেইটো কাৰণত তাক দেখিলেই মোৰ অবাইচ মাত ওলোৱা আৰম্ভ কৰিছিল। অকাটৰ পৰা আৰম্ভ কৰি চৰ মৰালৈকে কাৰ্য সম্পন্ন কৰিছিলোঁ‌ মই। সি ওলোটাই একো নকৈছিল মোক। এদিনাখন কলেজত ভৰি থৈয়ে খবৰ পাইছিলোঁ‌ সি আগদিনাখন ভাইটিক চিনেমাহল দৰ্শন কৰোৱা বুলি। গাৰ তেজ উতলি মাৰিছিলোঁ‌ এক গোৰ বাৰাণ্ডাৰ চিৰিত বহি থকা তাক। ৰাজহাড়ত পৰা গোৰটোৰ বাবে দুদিন বেডৰেষ্টো পাইছিল সি। প্ৰত্যুত্তৰ একো নাছিল তাৰ তেতিয়াও। এইবাৰ মই যেন কিছু নৰম হৈছিলোঁ‌ তাৰ প্ৰতি। তাৰ আৰু মোৰ আড্ডাবোৰ আৰম্ভ হ’বলৈ ধৰিছিল। সময়বোৰো এক হৈছিলগৈ। মনবোৰো চাগে! বিশ্বাসবোৰ দৃঢ় হোৱাৰ সময়খিনিত কোনোবা এদিন সুধিছিল সি, “ভাল পাৱনে মোক” বুলি। বিয়া পতাৰ নিশ্চয়তা দিব নোৱাৰোঁ‌ বুলিলেও ভালপোৱাক স্বীকাৰ কৰিছিলোঁ।

দিনবোৰ সুন্দৰকৈ গৈ আছিল তেতিয়ালৈকে, মানে তাৰ প্ৰেমিকাজনীৰ মুখামুখি নোহোৱালৈকে। তাক সোধাত অস্বীকাৰ কৰিছিল সকলো। কিন্তু মনটোৱে মোৰ মনা নাছিল। মনতে সিদ্ধান্ত লৈ তাক ত্যাগ কৰিছিলোঁ‌ লগতে প্ৰেমৰ ওপৰত থকা বিশ্বাসকণো তাৰ লগতে অন্তৰ্ধান হৈ গৈছিল ক’ব নোৱাৰাকৈয়ে।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply to Pranita Goswami Cancel reply

Your email address will not be published. Required fields are marked *