বৰা দা-ডঃ ৰুলী বৰঠাকুৰ।
বৰা দা মানে মনোৰঞ্জন বৰা ছেঙেলীয়া কালৰপৰাই ভোমোৰা হৈ নতুন নতুন ফুলত পৰাত প্ৰায় সিদ্ধহস্ত। নতুন ফুলপাহ পুৰঠ হোৱা যেন দেখিলেই তেওঁৰ সীমিত জ্ঞানেৰে উপযাচি টিউচন কৰা এটা অভ্যাস আছিল। পিছত যেনিবা মাক দেউতাকে তেওঁৰ স্বভাৱৰ অনুমান পাই তেওঁক বিদায় দিয়ে বা লিলিমাই কৰাই কৰি থাকে। এনেকৈ কৰোঁতে কৰোঁতে তেওঁৰ শ্ৰীকৃষ্ণৰ দৰে এশ গোপী নহ’লেও বৰ বেছি কমো নাছিল। কিন্তু বিয়াৰ বাবে কাকো ধৰি ৰাখিব নোৱাৰিলে। একালৰ সেই ফুলকেইপাহিয়ে বিয়া-বাৰু কৰাই মাকৰ ঘৰলৈ আহি যেতিয়া নিজৰ সন্তানক বৰাক দেখিলে ‘বৰ্তাক নমস্কাৰ কৰা’ বুলি কয়, তেতিয়াহে তেওঁ তপা মূৰটোত হাত ফুৰাই উপলব্ধি কৰে এৰা লিলিমাই কৰোঁতে কৰোঁতে আচল সংসাৰ কৰাৰ বয়স কেতিয়াবাই পাৰ হ’ল।
☆ ★ ☆ ★ ☆