ফটাঢোল

অসমীয়া ব্যংগ সাহিত্য : এক চমু অৱলোকন-শ্ৰী মুনিন্দ্ৰ বৈশ্য

সুখ-দুখ, হাঁহি-অশ্ৰু, বিৰহ-বেদনা, আনন্দ-ফূৰ্তি, ব্যংগ-কৌতুক, খং-ৰাগ, ঠাট্টা-মস্কৰা, উপলুঙা-পেংলাই আদিৰ সমষ্টিয়েই আমাৰ জীৱন। ইয়াৰপৰা কোনেও পৰিত্ৰাণ নাপায়। জীৱন মানেই সংগ্ৰাম- জীয়াই থকাৰ সংগ্ৰাম। লাগিলে মানুহেই হওক কিম্বা ইতৰ প্ৰাণী। মানুহ হ’লে সুন্দৰ জীৱন যাপনৰ সংগ্ৰাম। স্বচ্ছল জীৱন যাপনৰ সংগ্ৰাম। সুখ প্ৰাপ্তিৰ সংগ্ৰাম। মানুহ সুখ প্ৰত্যাশি। হাঁহি-ফূৰ্তি-আনন্দ কৰি এটা সাৰ্থক জীৱন কটাবলৈ বিচাৰে। কিন্তু সুখ জানো গছত লগা বস্তু?

সুখ প্ৰাপ্তিৰ মূল মন্ত্ৰই হৈছে জীৱনটো উপভোগ আৰু উদযাপন কৰাৰ কৌশল আহৰণ কৰা। এই কৌশলবোৰ হৈছে মানুহৰ জীৱনৰ একো একোটা অভিন্ন আৰু অবিচ্ছিন্ন অংগ। তাৰ বাবে মানুহক লাগে সমল। এই সমলবোৰৰ অন্যতম উৎস হৈছে ব্যঙ্গাত্মক দৃশ্য, শ্ৰৱ্য আৰু ৰস-ৰচনা। এইবোৰে আমাক অৰ্থপূৰ্ণ মনোৰঞ্জনেৰে মানসিক আহাৰ যোগান ধৰে। আমাৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো দিন অধিক সজীৱ আৰু প্ৰাণৱন্ত কৰি তোলে। ফলস্বৰূপে জীৱনটো অধিক উপভোগ্য আৰু উদযাপনযোগ্য হৈ উঠে। ব্যঙ্গাত্মক দৃশ্য, শ্ৰৱ্য আৰু ৰস-ৰচনা এনে এটা সঞ্জীৱনী শক্তিৰ উৎস যিয়ে আমাৰ জীৱনৰ দুখ-যাতনা, বিৰহ-বেদনা মুহূৰ্তৰ ভিতৰতে ধুই নিকা কৰিব পাৰে। সেইবাবেই মানুহৰ দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱ বিস্তৰ। মানুহে সভ্যতাৰ পথত খোজ দিয়াৰ পিছৰে পৰাই কথা-বতৰা, আলাপ-আলোচনাকে ধৰি সৃষ্টিশীল কাৰ্য- সাহিত্য, সংস্কৃতি, কলা, চিত্ৰকলা আদিত হাস্যৰসাত্মক উপাদানসমূহ গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য হৈ পৰিছে। বোলছবি বা মঞ্চ নাটসমূহ হাস্যৰস অবিহনে যেন আধৰুৱা। সাহিত্যৰ ক্ষেত্ৰততো ব্যঙ্গ সাহিত্য বা ৰস-ৰচনাৰ গুৰুত্ব ইমানেই বেছি যে সাহিত্যত ইয়াৰ এটা সুকীয়া ধাৰাই আছে। ব্যংগ সাহিত্যক ইংৰাজীত ‘Satire’ বুলি কোৱা হয়। লেটিন ‘Satura’ শব্দৰপৰা ইয়াৰ উদ্ভৱ হৈছে। যদিও ই লেটিন মূলৰ, গ্ৰীক ভাষাতহে ই সাহিত্যৰ এটা ধাৰা বা বিভাগ বিকশিত হৈ পৰিচিতি লাভ কৰে। এৰিষ্টফানচ (Aristophanes, খ্ৰীষ্টপূৰ্ব ৪৪৬-৩৮৬) নামৰ গ্ৰীক নাট্যকাৰগৰাকীক ব্যংগ সাহিত্যৰ জনক বুলি সমালোচকসকলে কয়। অৱশ্যে বৰ্তমান যি ব্যক্তিনিষ্ঠ শ্ৰেণীৰ ৰস-ৰচনা বিশ্ব সাহিত্যৰ অন্যতম অংগ হৈ পৰিছে, তাৰ জন্মস্থান হৈছে ফ্ৰান্স। এই বিষয়ে ড° হাৰিনাথ শৰ্মা দলৈয়ে তেওঁৰ ‘অসমীয়া সাহিত্যৰ পূৰ্ণ ইতিহাস’ গ্ৰন্থত এইবুলি লিখিছে― “এই শ্ৰেণী ব্যক্তিনিষ্ঠ ৰচনাৰ প্ৰথম উদ্ভাৱক ফ্ৰান্স দেশ, জন্মকাল খ্ৰীষ্টীয় ১৬শ শতিকা আৰু জন্মদাতা মিচেল মণ্টেই। ক্ৰমশঃ ই ইংলেণ্ড-ভূমিত সৰবৰহী হৈ উঠে, পাছত বিংশ শতিকাৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাই সেই শ্ৰেণীৰ গদ্য-সাহিত্য ৰচনা কৰি আমাৰ সাহিত্যত অনন্যসাধাৰণ লঘু-হাস্যৰসাত্মক-ব্যঙ্গকাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰে।” (পৃষ্ঠা ৩৬৬)। খ্ৰীষ্টপূৰ্ব তৃতীয়-চতুৰ্থ শতিকাত গ্ৰীচৰপৰা আৰম্ভ কৰা যাত্রাই এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে, বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ সন্মুখীন হৈ আহি আহি ১৬শ শতিকাত মিচেল মণ্টেইৰ হাতত ন-ৰূপ লাভ কৰি ব্যংগ সাহিত্যই পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বক চানি ধৰে আৰু প্ৰতিটো ভাষাত নিগাজীকৈ স্থান দখল কৰিবলৈ সক্ষম হয়। আজি ই বিশ্ব সাহিত্যৰ এটা উজ্জ্বল ৰত্ন হিচাপে সমাদৰ লাভ কৰিছে। সম্প্ৰতি ব্যংগ সাহিত্য বা ৰস-ৰচনা বিশ্ব সাহিত্যৰ এটা অতিকে আদৰণীয়, বহুলসমাদৃত আৰু অবিচ্ছেদ্য অংগ হৈ পৰে। অসমীয়া ভাষাতো ব্যঙ্গ সাহিত্যৰ সমাদৰ অতুলনীয়। ব্যংগ সাহিত্য মানে কেৱল হাঁহিৰ খোৰাক দিব পৰা ক্ষণস্থায়ী আৰু লঘু ৰচনা নহয়। কাৰ্যতঃ ই তীক্ষ্ণ বুদ্ধি, অদ্ভুত কল্পনাশক্তি আৰু নিখুঁট আক্রমণশৈলীৰে সমৃদ্ধ এবিধ অৰ্থপূৰ্ণ ৰচনা। ব্যতিক্ৰম সৃষ্টিশীল প্ৰতিভাধৰ ব্যক্তিৰ ক্ষেত্ৰতহে এনে সৃষ্টি সম্ভৱ। ব্যঙ্গ ৰচনাৰ উদ্দেশ্য হৈছে পাতল কথাৰে গহীন বিষয় অৱতাৰণা কৰা। লঘু অস্ত্ৰেৰে মোক্ষম আঘাত হনা। পাঠক বা শ্রোতাক হাঁহিৰ খোৰাক যোগাই জলন্ত বিষয়ৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰা।

আমেৰিকান লেখক মলি ইভিন্সৰ মতে― “Satire is traditionally the weapon of the powerless against the powerful.” আনহাতে জনাথন চুইফ্টৰ মতে― “Satire is a sort of glass, wherein beholders do generally discover everybody’s face but their own.” ইয়াৰপৰা সহজেই ব্যংগ সাহিত্যৰ গুৰুত্বৰ গভীৰতাৰ উমান পোৱা যায়। কাৰ্যতঃ ই এক অনুপম সৃষ্টি। ইয়াৰ আছে সমাজত ব্যাপক প্ৰভাৱ পেলাবপৰা অদ্ভুত আৰু মোহনীয় শক্তি। হাস্যৰস, উপলুঙা, পেংলাই, আক্ৰমণ, ব্যঙ্গ, ঘৃণা, ঠাট্টা আদি হৈছে এইবিধ ৰচনাৰ মৌলিক উপকৰণ।

অসমীয়া ব্যঙ্গ সাহিত্য বা ৰস-ৰচনাৰ কথা ক’লেই মনলৈ আহে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কথা। বেজবৰুৱাই ব্যঙ্গ ৰচনাৰ যোগেদি অসমীয়া সাহিত্যৰ সৌন্দৰ্য ইমানেই আকৰ্ষণীয় কৰি তুলিলে যে, তেওঁৰ সেইবোৰ অনুপম সৃষ্টি অবিহনে অসমীয়া সাহিত্য অসম্পূৰ্ণ। পিচে পৰৱৰ্তী সময়ত সেই ধাৰা অব্যাহত ৰখাত আমি বহু পিছ পৰি গ’লোঁ। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া ব্যঙ্গ সাহিত্যৰ জনক বুলি জনা যায় যদিও আচলতে অসমীয়া সাহিত্যৰ সাৰুৱা পথাৰত ব্যঙ্গ সাহিত্যৰ বীজ ৰোপণ কৰিছিল হেমচন্দ্ৰ বৰুৱাইহে। বৰুৱাৰ পিছতে আমি একে উশাহতে আন কাৰোবাৰ নাম যদি ল’ব লাগে তেওঁ হৈছে বলিনাৰায়ণ বৰা। দুয়োগৰাকী আছিল অৰুণোদয় যুগৰ প্ৰসিদ্ধ লেখক। হেমচন্দ্ৰ বৰুৱাৰ (১৮৩৫-১৮৯৬) ব্যঙ্গাত্মক পুথিদুখন হৈছে ‘কানিয়া কীৰ্তন’ আৰু ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’। লেখকে দুয়োখন গ্ৰন্থতেই ঊনবিংশ শতিকাৰ অধঃপতিত অসমীয়া সমাজখনৰ স্বৰূপ ব্যঙ্গাত্মক অথচ বলিষ্ঠ ৰূপত দাঙি ধৰিছে। ইংৰাজৰ শাসন কালত আৰু ইংৰাজৰ ছত্ৰছাঁয়াত অসমীয়া ভাষাই অকাল মৃত্যুৰ সৈতে যেতিয়া সংগ্ৰাম কৰি আছিল, সেই সময়ত অৰুণোদয় কাকতখনে ভাষাটোক দিছিল সঞ্জীৱনী শক্তি। তেনে সময়ত মুষ্টিমেয় কেইজনমান অসমীয়াই ভাষাটোক জীয়াই তুলিবলৈ অহোপুৰুষাৰ্থ কৰাৰ বিপৰীতে গৰিষ্ঠ সংখ্যকেই নিচাশক্ত হৈ ডুবি আছিল ইংৰাজে খন্দা ৰাগীয়াল ‘কানি’ নামৰ বৰবিহৰ সাগৰত। কটাইছিল নিষ্কর্মা জীৱন। গৰিষ্ঠ সংখ্যক অসমীয়াই এই নিষ্কর্মা জীৱন আদৰি লৈ ঘৰ-সংসাৰ, খেতি-বাতিৰ ফালে পিছ দি, জাতি আৰু মাটিৰ প্ৰতি থকা দায়বদ্ধতাক জলাঞ্জলি দিয়াত বৌদ্ধিকমহল বাৰুকৈ চিন্তিত হৈ পৰিছিল আৰু তাৰ পৰিত্ৰাণ বিচাৰি বহুতেই বহুধৰণে প্ৰচেষ্টা কৰিছিল। এই ৰোগ নিৰাময় কৰাৰ দুৰন্ত প্ৰচেষ্টাৰ আন এটা নামেই হেমচন্দ্ৰ বৰুৱাৰ ‘কানিয়া কীৰ্ত্তন’। নামটোৰ পৰাও সেইকথা অনুমান কৰিব পাৰি। আনহাতে ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ নামটোৰপৰাই বুজিব পাৰি যে, গ্ৰন্থখনে তৎকালীন অসমীয়া সমাজখনৰ ভিতৰৰ ঘুণে ধৰি ফোঁপোলা কৰি পেলোৱা স্বৰূপটো উদঙাই দিছে। সেই সময়ৰ অসমত অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মীয় ব্যভিচাৰ, ভণ্ডামি আদি সমস্যাবোৰ আছিল সহজলভ্য (যদিও আজিও তাৰ চোক কমা নাই)। বিশেষকৈ গোঁসাই-মহন্তসকলে ধৰ্মৰ নামত চলোৱা ভণ্ডামিবোৰ ব্যঙ্গ ৰচনাৰ যোগেদি উদঙাই দিছিল। এই বিষয়ে ড° সত্যেন্দ্ৰ নাথ শৰ্মাই লিখিছে― “হেমচন্দ্ৰ বৰুৱাই ব্যঙ্গ সাহিত্যৰ যোগেদি সেই সময়ৰ অধঃপতিত অসমীয়া সমাজৰ স্বৰূপ উদ্ঘাটন কৰি সমাজ শুধৰণিৰ পথ বিচাৰিছিল।”

ইয়াৰ পিছতে নাম ল’ব লাগিব বলিনাৰায়ণ বৰাৰ (১৮৫২-১৯২৭)। তেওঁ আছিল অসমৰ প্ৰথমজন অভিযন্তা। আনন্দৰাম বৰুৱাকে প্ৰমুখ্য কৰি প্ৰথমবাৰ অসমৰ যি চাৰিজন ছাত্ৰ বিদেশত পঢ়িবলৈ গৈছিল তাৰে এজন আছিল এই বলিনাৰায়ণ বৰুৱা। ১৮৮৬ চনৰ ডিচেম্বৰ মাহত কলিকতাৰপৰা প্ৰকাশ পাইছিল ‘মৌ’ নামৰ আলোচনীখন। সম্পাদক আছিল হৰনাৰায়ণ বৰা, বলিনাৰায়ণ বৰাৰ ভায়েক। এইখন আলোচনীতেই বলিনাৰায়ণ বৰাই ‘ডাঙৰীয়া’ আৰু ‘অসমীয়া বাবু’ নামৰ দুটা ব্যঙ্গ কবিতাৰে ডাঙৰীয়াসকলৰ ভেম, অহংকাৰ আদি উদঙাই দিছিল। ‘ডাঙৰীয়া’ কবিতাটোৰ কিয়দাংশ হৈছে―

পিন্ধা উৰাত ভেম ডাঙৰ, কথাত ডাঙৰ গপ।
তলে তলে কথা ডাঙৰ, পুৱা ডাঙৰ জপ।।
চুবুৰীয়াৰ মাটি চেপি, পাতে ডাঙৰ বাৰী।
গহনাৰ পেৰা ডাঙৰ কৰে, বাঁৰী তিৰোতাৰ কাঢ়ি।।

ইয়াৰ পিছত আমি নাম ল’ব লাগিব লম্বোদৰ বৰাৰ (১৮৬০-১৮৯২)। বিদ্যালয়ত পঢ়ি থকা দিনৰেপৰা সাহিত্য চৰ্চা কৰা বৰা আছিল জোনাকী যুগৰ লেখক। ‘অসম বন্ধু’ত প্ৰকাশিত ‘সদানন্দৰ কলা ঘুমটি’, ‘সদানন্দৰ নতুন অভিধান’, ‘সদানন্দৰ সমাচাৰ’ আদি হৈছে তেওঁৰ ব্যঙ্গ সৃষ্টি। বৰাই ‘সদানন্দ’ নামৰ এটা চৰিত্ৰ সৃষ্টি কৰি সেই চৰিত্ৰটোৰ যোগেদি কানি খাই ঘুমটি মাৰি থকা অসমীয়াৰ চৰিত্ৰ প্ৰকাশ কৰিছিল। একেদৰে ইংৰাজৰপৰা ইংৰাজী শিকি বাবু হ’বলৈ চেষ্টা কৰা অসমীয়াৰ অহমিকা ভাবটোক ব্যঙ্গাত্মক ৰূপত ক্ষুৰধাৰ সমালোচনা কৰিছিল। ইয়াৰ পিছতে অসমীয়া সাহিত্যৰ আকাশত জোনাকী যুগৰ জোনটো পূৰ্ণিমাৰ জোনৰ দৰে উজ্জ্বল হ’বলৈ ধৰে। ফলত একাঁজলি ফৰিংফুটা জোনাকে অসমীয়া সাহিত্য তথা ব্যঙ্গ সাহিত্যক পোহৰাই তোলে। সেই পোহৰতেই সামগ্ৰিকভাৱে অসমীয়া সাহিত্যই নতুন ৰূপত নতুন পথৰ সন্ধান লাভ কৰে। অৰুণোদয় যুগৰ তুলনাত জোনাকী যুগে অসমীয়া ভাষা-সাহিত্যক নতুন ৰূপত নতুন ঠাঁচত গঢ় দিয়ে। সমান্তৰালভাৱে ব্যঙ্গ সাহিত্যয়ো ইয়াৰ পৰিধি বিস্তাৰ কৰিবলৈ ধৰে। ইয়াত মুখ্য ভূমিকা লয় লক্ষ্মীনাথ বেজবৰুৱাই (১৮৬৪-১৯৩৮)। এই যুগতেই লক্ষ্মীনাথ বেজবৰুৱাৰ চমৎকাৰী আৰু যাদুকৰী বিদ্যাৰ জোৰত পূৰ্বোক্ত লেখককেইজনে অসমীয়া ব্যঙ্গ সাহিত্যৰ যি নতুন ধাৰা প্ৰচলন কৰিছিল, সি অভূতপূৰ্ব সফলতা লাভ কৰে আৰু অসমীয়া সাহিত্যক এক সু-উচ্চ আসনত প্ৰতিষ্ঠিত কৰে। অসমীয়া হাস্যৰসাত্মক ৰচনাৰ ক্ষেত্ৰত বেজবৰুৱা আজিও অদ্বিতীয়। বেজবৰুৱাৰ হাতত ব্যঙ্গ সাহিত্যই অধিক জনপ্ৰিয়তা লাভ কৰাৰ মূল কাৰণটো হৈছে ইয়াৰ প্ৰায়োগিক কৌশল আৰু বিষয়বস্তুৰ বিস্তৃত পৰিসৰ। হেমচন্দ্ৰ বৰুৱা বা বেজবৰুৱাৰ পূৰ্বসূৰী লেখক কেইগৰাকীৰ তুলনাত বেজবৰুৱাৰ ৰচনাৰ বিষয়বস্তুৰ পৰিসৰ আছিল বিস্তৃত। তেওঁৰ লেখাৰ পৰিসৰ পূৰ্বৰ কেইজনৰ দৰে কেৱল অসম বা অসমীয়া সমাজখনতে সীমাবদ্ধ নাছিল। বৰং ভাৰতবৰ্ষ তথা পৃথিৱীৰ সমাজখনকো সামৰি লৈছিল। তদুপৰি তেওঁৰ ৰচনাক পাশ্চাত্য সাহিত্যৰ প্ৰখ্যাত লেখক ডিকেন্স, গল্ডস্মিথ, এৰিষ্টফেন্স, ছাৰ্ভেনটিছ, জনাথন চুইফ্ট আদিৰ লেখকৰ প্ৰভাৱে অধিক শক্তিশালী কৰি তোলে।

বেজবৰুৱাৰ ৰচনাসমূহক প্ৰধানতঃ দুই ভাগত ভগাব পাৰি। হাস্যৰসাত্মক আৰু গহীন। ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’,  ‘কৃপাবৰ বৰুৱাৰ ওভতনি’ আৰু  ‘কৃপাবৰ বৰুৱাৰ বুলনি’― এই চাৰিখন হৈছে তেওঁৰ হাস্যৰসাত্মক গ্ৰন্থ। এই ৰচনাসমূহ লিখিছিল ‘কৃপাবৰ বৰুৱা’ ছদ্মনামত। প্ৰকাশ পাইছিল ‘জোনাকী’, ‘ঊষা’ আৰু ‘বাঁহী’ত। তেওঁৰ এই ৰচনাসমূহৰ প্ৰধান বৈশিষ্ট্য হৈছে পাঠকৰ মুখত হাঁহি বিৰিঙাই পিঠিত প্ৰচণ্ড কোব সোধাৱা। তেঁৱেই প্ৰথমজন পৰিপূৰ্ণ অসমীয়া সাহিত্যিক যিয়ে নিজেও হাঁহিছিল আৰু আনকো হাঁহিবলৈ শিকাইছিল। সেইবাবেই তেওঁ ‘ৰসৰাজ’। হাঁহিৰ মাজেৰে সমস্যা সমাধানৰ পথ বিচাৰিছিল, সমাজৰ বেমাৰ চিকিৎসা কৰি আৰোগ্য লাভৰ উপায় বিচাৰিছিল। তেওঁ ভালকৈ বুজিছিল যে এইধৰণৰ আমোদজনক ৰচনাৰেহে সমাজৰ প্রতিটো স্তৰৰ প্ৰতিজন লোকৰ কাষ চপা সম্ভৱ। আৰু তেতিয়াহে তেওঁৰ যি সংস্কাৰকামী আৰু পৰিৱৰ্তনকামী উদ্দেশ্য, তাক সাফল্যমণ্ডিত কৰিব পৰা যাব। এই বিষয়ে তেওঁ ‘হাঁহি’ নামৰ ৰচনাখনত লিখিছে ― “ডেকা অসমে যদি কিতাপ পঢ়িব খুজিছে, আজিকালি সেই কুকুৰকেন্দোলি ন’ভেলবোৰ নপঢ়ি, গ্ৰীক এৰিষ্ট’ফেনিচ পঢ়ক। জেৰম কে জেৰম পঢ়ক, ‘ফান্স পঢ়ক…..।’ ‘প্ৰত্নতত্ত্ব’ নামৰ ৰচনাখনত তেওঁ কেনেদৰে সমালোচনা কৰিছে মন কৰকচোন― “আগো নাই, গুৰিও নাই, টিকাত চপৰিয়াই দেও দি ধিতিঙালিকৈ ফুৰি কামৰ বেলিকা মূৰ খজুৱাই তিনি দিনৰ বাটৰপৰা ৰিঙিয়াব। ‘বুৰঞ্জী নাই’, ‘ইতিহাস নাই’ একো নাই (কেৱল মাথোঁ আছে তেঁৱেইহে)৷ চকুমুদা মানুহৰ পক্ষে একো নাই৷ ৰজাও নাই, প্ৰজাও নাই, সত্ৰও নাই, বামুণো নাই, লগুণো নাই৷ থকালৈ এটাইবোৰ আছে৷ আমাৰ হ’লে এই জাতি মানুহলৈ অলপো কৃপা নাই।”

বেজবৰুৱাৰ পিছতে যিসকল লেখকে হাস্যৰসাত্মক লেখাৰে অসমীয়া সাহিত্যৰ উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ ভিতৰত নাম ল’ব লাগিব সত্যনাথ বৰা (১৮৬০-১৯২৫), চন্দ্ৰধৰ বৰুৱাৰ (১৮৭৪-১৯৬১) আৰু দণ্ডীনাথ কলিতা (১৮৯০-১৯৫৫)। বৰাৰ গীতৰ সংকলন ‘গীতাৱালী’। আধুনিক অসমীয়া ভাষাত ৰচিত এইখনেই হৈছে প্ৰথম গীতৰ পুথি। মুঠ গীতৰ সংখ্যা ২৮ টা। তেওঁৰ গীতসমূহ আছিল প্ৰধানতঃ হাস্যৰসাত্মক। তদুপৰি ‘জোনাকী’ত প্ৰকাশিত ৰচনাবোৰৰ সংকলন ‘কেন্দ্ৰসভা’ হৈছে তেওঁ ৰস-ৰচনা। আনহাতে কলিতা আৰু বৰুৱাৰ মাধ্যম আছিল কবিতা। ‘বহুৰূপী’ ‘ৰহঘৰা’ আৰু ‘ৰগৰ’ হৈছে কলিতাৰ কাব্যসংকলন, আৰু ‘ৰঞ্জনো’ কাব্যপুথিখন হৈছে বৰুৱাৰ। কিন্তু তেওঁলোকৰ ৰস-ৰচনাই বেজবৰুৱাৰ দৰে সমাদৰ বুটলিবলৈ সক্ষম হোৱা নাছিল। কাৰণ সেইবোৰ সেই অনুপাতে সৰস নাছিল।

ইয়াৰ পিছত আৰম্ভ হয় ‘আৱাহন যুগ’। ১৯২৯ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত ‘আৱাহন’ প্ৰকাশ হয় কলকাতাৰ ৩নং ‘গোবিন্দ বোস লেন’ৰ এটি ভাৰা ঘৰৰপৰা। আৱাহনৰ যোগেদি আন এচাম লেখকে ব্যঙ্গাত্মক ৰচনাৰ প্ৰবাহিত সুঁতিটো নিৰন্তৰ বোৱাই লৈ যায়। তাৰ ভিতৰত অন্যতম হৈছে বিংশ শতিকাৰ চতুৰ্থ দশকত হাতত কলম তুলি লোৱা চিত্ৰসেন যখৰীয়া (হলিৰাম ডেকা, ১৯০১-১৯৬২)। তেওঁৰ ৰস-ৰচনাবোৰ যথেষ্ট চিত্তাকৰ্ষক। তেঁৱেই হৈছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মান লাভ কৰা প্ৰথমজন অসমীয়া।

ইয়াৰ পিছত লাহে লাহে অসমীয়া সাহিত্যৰ প্ৰবাহিত হাস্যৰসাত্মক সুঁতিটো ক্ৰমাৎ শুকাবলৈ ধৰে। তথাপিও পঞ্চাশৰ দশকত যিকেইজন লেখকে কিছু গতি দিবলৈ চেষ্টা কাৰছিল তাৰ ভিতৰত নাম ল’ব পাৰি পীতাম্বৰ ৰাজমেধি (‘টেঙা দৈ’, ‘গোট-কড়াই’, ‘চেঁচা পানী’), কুমাৰ মধুসূদন ওৰফে মহেশ দেৱগোস্বামী (কিমাশ্চৰ্যম’) আৰু প্ৰেমনাৰায়ণ দত্তৰ (‘অসমাপ্ত’, ‘আশীৰ্বাদ’, ‘হে হৰি সাৰশূন্য’, ‘আদি ৰসৰ উৎপত্তি’, ‘ৰস মাধুৰী’)। এওঁলোকৰ এইসমূহ ৰস-ৰচনাৰ বিষয়ে ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ গ্ৰন্থত সত্যেন্দ্ৰনাথ শৰ্মাই এইদৰে মন্তব্য কৰিছে― “এওঁলোকৰ হাস্যৰসে হেমচন্দ্ৰ বৰুৱা বা সত্যনাথ বৰাৰ হাস্যৰসাত্মক ৰচনাৰ দৰে কেৱল সামাজিক ত্ৰুটি-বিচ্যুতিৰ হাস্যাস্পদ দিশটোকে প্ৰকাশ কৰাতে আৱদ্ধ থকা নাই। সমসাময়িক সামাজিক, ৰাজনৈতিক, প্ৰশাসনিক দলীয় আৰু বৈয়ক্তিকক কাদাচাৰ, দুৰ্নীতি আৰু অসংগত ব্যৱহাৰৰ ভেটিত এইবোৰ প্ৰতিষ্ঠিত। অৱশ্যে ব্যঙ্গৰ আক্ৰোশ নথকা বাকচাতুৰ্যপূৰ্ণ আমোদদায়ক নিৰ্দোষ হাস্যৰচনাও নোহোৱা নহয়।

তাৰ পাছত ড° লীলা গগৈৰ ‘কপলিং ছিগা ৰেল’, ‘বৃকোদৰ বৰুৱাৰ বিয়া’, চন্দ্ৰধৰ বৰুৱাৰ (১৮৭৪-১৯৬১) একমাত্ৰ কবিতা পুথি ‘ৰঞ্জন’, অতুল চন্দ্ৰ হাজৰিকাৰ (১৯০৩-১৯৮৬) নাটক, মহী চন্দ্ৰ বৰা (মিৰি, ১৯০২-১৯৩৯; ইন্দিৰা মিৰিৰ গিৰিয়েক) ‘উকিলৰ জন্ম’, ‘কেৰাণীৰ কপাল’, ‘চৰ্দাৰ বিল’ আদি গল্প, মেদিনী চৌধুৰীৰ গল্প ‘ইডিছ আৰু মই’, মহেন্দ্ৰ বৰঠাকুৰৰ ‘খেল’, ভদ্ৰ বৰাৰ ব্যঙ্গ সংকলন ‘অৰ্দ্বঙ ত্যজাতি পাণ্ডিত’ আদিয়ে ব্যঙ্গ ৰচনাৰ প্ৰবাহিত ধাৰাটোক গতি প্ৰদান কৰিছিল যদিও তাৰ পিছৰপৰা সেই সুঁতিৰ গতি আৰু বেগ দুয়োটাই কমিবলৈ ধৰে― কাৰ্যতঃ আজিলৈকে। তাৰ মাজতেই যদিও বহুতো লেখকে বিভিন্ন ব্যঙ্গ ৰচনা সৃষ্টি কৰিছে, সিয়ে যথেষ্ট নহয়। ব্যঙ্গ সাহিত্যৰ মূল উদ্দেশ্যেই হৈছে সমাজ সংস্কাৰ। গতিকে এনে মহৎ উদ্দেশ্যসম্পন্ন সাহিত্য সমাজমুখী সভ্য মানুহৰ অপৰিহাৰ্য অংগ। ইয়াক হেৰুৱাব বা লুপ্ত হ’বলৈ দিয়াটো মুঠেও শুভ লক্ষণ নহয়। তথাপি এইবিধ ৰচনা দিনক দিনে টুটি আহিছে। পিচে কেৱল সাহিত্যৰ ক্ষেত্ৰতহে। নাটক বা বোলছবিৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব দিনকদিনে বৃদ্ধি পাইহে গৈছে। সাহিত্যয়ো এই দৌৰত আগভাগ লওক। মৰিবলৈ ধৰা হাস্যৰসাত্মক সুঁতিয়ে পুনৰ ফেনেফুটুকাৰে বাঢ়ি আহি অসমীয়া সাহিত্যৰ পথাৰত পলস পেলাই সাৰুৱা কৰি তোলক।

উৎস :

ক) অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ : সত্যেন্দ্ৰনাথ শৰ্মা।
খ) ‘অসমীয়া সাহিত্যৰ পূৰ্ণ ইতিহাস’ : ড° হাৰিনাথ শৰ্মা দলৈ।
গ) ‘অসমীয়া ব্যঙ্গ সাহিত্যৰ ইতিবৃত্ত’ (প্ৰবন্ধ) : আইচেনা বুঢ়াগোহাঁই।
ঘ) গোগ’ল।
ঙ) অনলাইন আলোচনী ‘ফটাঢোল’।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *