কণ কবিতা – দিলীপ কুমাৰ শৰ্মা
/১/
উৰহে বোলে
অলপ বহ,
তেজ পিম
আহিলেই মহ।
/২/
তেজ খাবলৈ
পালে মহে,
হাতৰ চাপৰ
আৰামত সহে।।
/৩/
ৰামৰ নাই
অলপো বিৰাম,
কাম কৰে
নকৰি আৰাম।।
/৪/
গোপাল পালৰ
কিযে কঁপাল,
এপাল গৰুলৈ
পালেগৈ নেপাল।
/৫/
ৰূপালী ৰঙৰ
পিন্ধি কঁপালি,
ভূপালীয়ে কৰে
বৰ সোৰোপালি।।
/৬/
ওফৰাজেং
বেবেৰিবাং,
জেঙেৰে ভৰিল
পাভটি চাং।।
/৭/
হুৰ হুৰ
বটা চৰাই,
হুৰমুৰ নকৰ
দিম কৰাই।।
/৮/
বটা চৰায়ে
পালে বঁটা,
বটা আৰু
শিলৰ পটা।
/৯/
বিচাৰি সিদিনা
বৰহমথুৰি,
খালোঁ বৰকৈ
হাবাথুৰি।।
/১০/
টেকেলাৰ টেকেলি
ভিতৰত ভেকুলী,
উলিয়াওঁতে লাগে
বৰ খেলিমেলি।।
/১১/
দীপিকাই পাতি
হাবিত চিটিকা,
আলু-কচুৰ
কৰিছে পিটিকা।।
/১২/
বাকৰিত হোৱা
পাকৰি গছ,
আগলৈ বুলি
ৰাখিবি সঁচ।
/১৩/
ভুৰুংকৈ উৰে
বাহৰ চৰাই,
বোন্দাই চায়
দূৰৈৰ পৰাই।
/১৪/
সাপৰ খোঁট
চৰাইৰ ঠোঁট,
গাহৰিৰ নাকে
কৰে ঘোৎ ঘোৎ।।
/১৫/
কাজিৰঙাত
নিৰ্বাচনৰ বতৰ,
মলুৱাৰ প্ৰতীক
মালহীন যঁতৰ।।
/১৬/
নিয়াই আঁকে
ধুনীয়া ছবি,
গাজৰৰ লগত
বন্ধা কবি।।
/১৭/
গছত ভেঁকুৰ
ঘোঁৰাৰ চেকুৰ,
বুজি নাপালে
ইয়াতে ফেঁকুৰ।
/১৮/
কুকুৰে বোলে
মেকুৰী ভাই,
কিনো লাভ
গাখীৰ খাই?
/১৯/
বনৰ অলিম্পিকত
ফৰিঙৰ জাঁপ,
দেখি সকলোৱে
সোঁৱৰে বাপ বাপ।।
/২০/
ওখ গছ
ইউকেলিপ্টাছ,
কাণেৰে বগাই
কাৱৈ মাছ।
☆ ★ ☆ ★ ☆