ভাৰ্চুৱেল জগতত মই-কমলা দাস
কথাটো বুজিছেনে! জীৱনৰ আধাতকৈও বেছি বয়স পাৰ কৰিলোঁ ফেচবুক নকৰাকৈয়ে। অৱশ্যে ফেচবুকৰ বিষয়ে যে শুনা নাছিলোঁ, তেনেকুৱা নহয়। অৰ্কুটক টক্কৰ দি যেতিয়াৰপৰাই ফেচবুকে পদাৰ্পণ কৰিছে, তেতিয়াৰপৰাই নামটো শুনিছিলোঁ। পিচে মোৰ কোনো আগ্ৰহ নাইবা আকৰ্ষণ নাছিল। ছোৱালীয়ে ২০০২ ত দিল্লীত পঢ়ি থাকোঁতে তাই কেতিয়াবা কয়, মা কম্পিউটাৰ দোকানত যাওঁ, ইণ্টাৰনেটত কাম আছে। (কেফে!) সেই সময়ত অসমত ইণ্টাৰনেট কৰিবপৰা কম্পিউটাৰৰ দোকান আছিল নে নাই জনা নাছিলোঁ। দিল্লীত ঘণ্টাত দহ টকাকৈ লৈছিল ইণ্টাৰনেট ব্যৱহাৰ কৰিলে। তাইক হিচাব কৰি চলিবলৈ কৈছিলোঁ।
ইণ্টাৰনেটৰ সুবিধা সুলভ হোৱাৰ পিছত ল’ৰা-ছোৱালীহঁতে অৰ্কুট ব্যৱহাৰ কৰিছিল। কি অৰ্কুট, কি কৰে মোৰ কোনো ধাৰণা নাই। ল’ৰা-ছোৱালীহঁতে যেতিয়া ফেচবুক খুলিছিল, তেতিয়াও কোনো গুৰুত্ব দিয়া নাছিলোঁ মানে মোৰ নিজৰ কোনো আইডিয়াও নাছিল, ইণ্টাৰেষ্টো নাছিল। যেতিয়া ইয়াৰ বিষয়ে অলপ অলপ আইডিয়া আহিল, তেতিয়া গম পালোঁ ইণ্টাৰনেট থাকিলেহে ফেচবুক চলাব পাৰি। ইণ্টাৰনেট কানেক্টচন ল’ব লাগে। এই ইণ্টাৰনেটৰ বাবে বেলেগকৈ টকা ভৰাব লাগে। তেতিয়াতো আমাৰ ইহঁতক বেলেগৰ ফটো চাবৰ কাৰণে টকা খৰচ কিয় কৰিব লাগে বুলি ঠিকচে গালিয়েই দিছিলোঁ ফেচবুক কৰি থাকিলে। (সেই সময়ত ফেচবুক কৰা মানেই আনৰ ফটো চোৱা বুলি জানিছিলোঁ) কিছু বছৰ পাছত জিওৰ কৃপাত যেনিবা ফ্ৰি ইণ্টাৰনেট আহিল, ফেচবুকৰো বহুল প্ৰচলন হ’ল। পিছলৈ সকলোৱে ফেচবুক ব্যৱহাৰ কৰিবলৈ ধৰোঁতেহে এই অমুকীয়েও বোৱতী নদীত নাও মেলি দিলোঁ।
নাওখন গৈ একেবাৰে বহল সাগৰত পৰিল নহয়! ইপাৰ সিপাৰ একো নেদেখি। একো পাত্তাই পোৱা নাই। কোনফালে যাব লাগে, কি কৰিব লাগে! ল’ৰাই শিকাই দিলে, বোলে তোমাৰ ফ্ৰেইণ্ডবিলাকলৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠোৱা। তেতিয়াহে কোনে কি কৰি আছে খবৰ পাবা। ময়ো দিলোঁ বন্ধু-বান্ধৱী আৰু চিনাকি সকলোকে ৰিকুৱেষ্ট পঠাই। একচেপ্টো হ’ল। মনটো ভাল লাগিল। ৰাইজৰ ফটো চটোবোৰ চাই ভালেই লাগিল। কমেণ্ট দিবলৈ শিকিলোঁ। মোৰ ফটোত কমেণ্ট পালেও ভালেই লাগিবলৈ ধৰিলে। মানে ফেচবুক ব্যৱহাৰ কৰাৰপৰা মনলৈ এক উৎসাহ আহিলহে!
পিছলৈ এটা দুটাকৈ লিখামেলা গ্ৰুপত সোমাই ল’লোঁ। লিখামেলা কৰিবলৈ ধৰিলোঁ। আনে লিখাবোৰো পঢ়োঁ। ভালেই লাগে। লাহে লাহে বন্ধু বান্ধৱৰ সংখ্যা বাঢ়ি গ’ল। মোৰ এটা ভাল গুণ (মই নিজে ভাবোঁ) যে মই সকলো বন্ধু বান্ধৱীৰ লেখাবোৰ পঢ়িহে কমেণ্ট দিওঁ। ফটোবোৰত লাইক কমেণ্ট কৰিও ভাল পাওঁ। এটা কিবা মিঠা অনুভূতি অনুভৱ কৰোঁ!
পিচে এতিয়া বেছি মিঠা খাওঁতে খাওঁতে বহুমূত্ৰ ৰোগে ধৰাৰ নিচিনা হৈছেগৈ। ফটোত লাইক কমেণ্ট কৰি কৰি আঙুলিৰ ভাগৰ আহিছে আৰু! আঙুলি বিষাই যায়। কিমান কৰিবহে লাইক কমেণ্ট! মানে মাজে মাজে ফটো দি থাকিলে চাই বা কমেণ্ট কৰি ভালেই লাগে। পিচে কোনোবা কোনোবাই আকৌ কৰবাত ফুৰি আহি এসোপামান ফটো দিয়ে একেলগে। তেতিয়াও ঠিকেই আছে। এখন এখনকৈ চাই সুন্দৰ কমেণ্ট এটা লিখি দিওঁ। ফটোবোৰ চায়ো ভাল লাগে দিয়কচোন! পিচে তাৰ পাছতহে আহে আচল লেঠা! সেই ফটোবোৰকে আকৌ দিওঁতা গৰাকীয়ে এখন এখন কৈ বেলেগ বেলেগ কৈ দিবলৈ ধৰে! সেই একেকেইখন ফটোকে আপুনি কি কি ধৰণৰ কমেণ্ট কৰিব হে! নকৰিলে কিছুমানে আকৌ পিছত পোষ্ট দিয়ে- ফ্ৰেইণ্ড লিষ্টখন কৰ্তন কৰিম, লাইকৰ সলনি লাইক, কমেণ্টৰ সলনি কমেণ্ট দিম! (যেন তৰিলে দেশ, মৰিলে স্বৰ্গ টাইপ!), লাইক এটা দিলে আঙুলি ক্ষয় যাব নেকি! ইত্যাদি ইত্যাদি। তেনেকৈ ক’লে বেয়াও লাগে, আৰু একে ফটোতে কমেণ্ট কৰিবলৈ শব্দও বিচাৰি নাপাওঁ! সিফালে মোবাইলটো চাই থকা দেখি আজিকালি ল’ৰা-ছোৱালীহঁতে, মায়ে যে ইম্মান মোবাইল চোৱা হৈছে! অনবৰতে মোবাইলটোকে পিটিকি থাকে! কৈ উঠি সিহঁতে নিজৰ মাজতে খুকখুকাই হাঁহে!
কি কৰিব আৰু! বালিলৈ যিপাত শৰ মাৰিছিলোঁ, এতিয়া সুগ্ৰীৱলৈও সিহঁতে সেই পাতেই মাৰে! সেই কাৰণে ক’লোঁ, বোলো ভাৰ্চুৱেল জগতখনৰ মহিমা অপাৰ! জয় হো ভাৰ্চুৱেল জগত!
☆ ★ ☆ ★ ☆
5:06 pm
বঢ়িয়া
5:22 pm
ধন্যবাদ বন্দিতা
5:36 pm
ঠিকে কৈছে । লৰাক মোবাইল চাই থকালৈ একো কব নোৱাৰা হৈছো , নিজেই চাই থাকো যে ??
5:57 pm
এতিয়া সিহঁতে হে আমাক কব পৰা হৈছে??
9:52 am
মজ্জা
2:56 pm
ধন্যবাদ জিতু
11:27 am
ভাল লাগিল পঢ়ি৷ এই ফে’চবুকটো তামাম নিচা দেই৷
2:58 pm
সচাকৈ বেয়া নিচা দেই ফেচবুকটো।
3:36 pm
মজ্জা লাগিছে, আৰু যিয়ে এই ফেচবুক নামৰ সোমৰস বিধৰ সোৱাদ পাই তেওঁ ইয়াৰ পৰা সহজে মুক্তি পোৱাটো প্ৰায় কঠিন