ফটাঢোল

পুতলা নাচ-অমিতাভ মহন্ত

মই জয়, জয় পাটোৱাৰী৷ এইবাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত৷ মা দেউতাহঁতে মোক এতিয়াও সৰু ল’ৰা বুলিয়েই ভাবে৷ মায়ে ভাতৰ পাতত মোক মাছৰ কাঁইট বাচি দিয়ে, বাইদেৱে ৰাতি মোৰ বিছনাখন পাৰি দিয়ে, গধূলি দেউতাই টিউশ্যনৰপৰা আনিবলৈ সদায় আগুৱাই যায়৷ তেওঁলোকৰ ধাৰণা যে মই নিজে একো কৰিব নাজানোঁ, কৰাৰ বয়সেই হোৱা নাই৷ তেওঁলোকৰ পিছে ধাৰণাই নাই যে এই সৰু ল’ৰাটোৱে তলে তলে এটা ডাঙৰ কাণ্ড কৰি থৈছে৷ এই ঘৰ-কলেজ-টিউশ্যনৰ একঘেয়ামী জীৱনৰ মাজতে মই মনে মনে বিয়া পাতি থৈছোঁ৷

ঘৰত মামা-মাহী, খুৰা-খুৰীহঁত আহিলে মোক প্ৰায়েই জোকাবলৈ আৰম্ভ কৰে, ‘জয়লৈ আমি একদম ধুনীয়া কইনা আনিম দেই৷ জয়ে তাইৰ লগত পুতলা খেলিব পাৰিব৷’

তেওঁলোকে ভাবে মই লাজতে ৰঙা পৰি যাম৷ কিন্তু মোৰ হাঁহিহে উঠে৷ মই সোধোঁ, ‘কইনাজনীৰ নাম পুতলা নেকি?’

তেওঁলোকে আৰু মজা পায়৷ ‘গাধ, কইনাৰ নাম আকৌ পুতলা কিয় হ’ব?’

একো নকওঁ আৰু৷ মনে মনে ভাবোঁ, ‘পুতলা নাম নহ’লে মই কি দুখত বিয়া পাতি পুতলাৰ লগত খেলিম?’

মই যিজনী ছোৱালীৰ সৈতে বিয়া পাতিছোঁ তাইৰ নাম জয়া৷ জয়া তালুকদাৰ৷ আমাৰ দুয়োৰে নামৰ মিলো বিয়া হোৱাৰ এক অন্যতম কাৰণ৷ বন্ধুবোৰে ক’লে জয়ৰ পত্নী জয়া হ’লে নামকেইটা খুব মিলিব৷ আমিও বিশেষ নভবাকৈ মান্তি হ’লোঁ৷ আজিকালি গাৰ্লফ্ৰেণ্ড পাবলৈ যিহে সমস্যা৷ তাইৰ ঘৰতো বিয়া বাৰুৰ কথা নাজানে দেই৷ এতিয়াও তাইক দেউতাকে স্কুললৈ থ’বলৈ যায়৷ অকলে আহিলে যদি তাইক কোনোবাই জোকায়! এইফালে আমি!

আমাৰ দুয়োৰে বিয়াৰ বয়স হোৱা নাছিল৷ মন্দিৰৰ পূজাৰীয়ে বিয়াই পাতি নিদিয়ে৷ শেষত মোৰ লেপটপটো বিক্ৰী কৰি নগদ আঠ হাজাৰ টকা পূজাৰীক ভেটী দিহে বিয়াখন পাতিবলগীয়া হৈছে৷ এইফালে দেউতা মোৰ ওপৰত গৰম – “তোৰ দৰে কেয়াৰলেছ ল’ৰা মই জীৱনত দেখা নাই৷ এদিন লেপটপটো বাহিৰলৈ নিয়েই হেৰুৱালি?”

জয়াক আকৌ মাকে অকলে ক’লৈকো যাবলৈ নিদিয়ে৷ কেৱল বান্ধৱী প্ৰিয়াৰ ঘৰলৈ যাবলৈহে অনুমতি আছে৷ প্ৰিয়াৰ মাক-দেউতাক দুয়ো চাকৰি কৰে৷ গতিকে দিনটো ঘৰ একদম খালী হৈ থাকে! আৰুনো কি লাগে আমাক৷

তাৰ মাজতে এদিন সাংঘাতিক ঘটনা এটা ঘটিল৷ জয়াই ফোন কৰিলে আতঙ্কিত স্বৰত,

: সৰ্বনাশ হৈ গৈছে!

: কি হৈছে?

: মই শেষ! মোৰ পিৰিয়ড মিছ হৈছে৷

: অহ! নাথ চাৰৰ পিৰিয়ড যদি মস্কিল৷ নোটছেৰে কাম নচলিব?

: হেইট গাধা, পিৰিয়ড মানে মাহেকীয়া৷

: অ’হ মাহেকীয়া৷ তেন্তে ডাঙৰ কথা হ’ল৷ কিন্তু মই এটা কথা ঠিক বুজা নাই৷

: কি?

: মাহত মাত্ৰ এটা পিৰিয়ড? কিয়? হেডছাৰে ক্লাছ লয় নেকি? এতিয়া মিছ হ’লেই যেতিয়া কি উপায় আৰু, নোটছবোৰ ল’ব লাগিল৷ আৰু অহাবাৰ ৰিমাইণ্ডাৰ দি থ’বা, এনে ক্লাছ মিছ কৰা অনুচিত৷ মই আকৌ ভয়েই খালোঁ৷ যি চিঞৰ-বাখৰ লগাইছা, যেন তুমি প্ৰেগনণ্টহে!

কিছু সময় তাইৰ মাত-বোল নাই৷ তাৰ পাছত তাইৰ স্বৰ শুনা গ’ল৷

: তোৰ দৰে কঁঠালগুটি এটাৰ লগত বিয়া পতাটোৱেই মস্ত ভুল৷

পৰৱৰ্তী দৃশ্যত আমি “জগদম্বা মিনি ক্লিনিক”লৈ গৈছোঁ, এবৰশ্যনৰ বাবে৷ দেউতা মোৰ ওপৰত গৰম– “সেইদিনা লেপটপ হেৰুৱাই আহিলি৷ আজি আকৌ ম’বাইল৷ তই এইবাৰ যি কিন নিজে ইনকাম কৰি কিনিবি৷”

ক্লিনিকৰ মহিলা ডাক্তৰগৰাকীয়ে মোৰ ফালে এনেকৈ চাই আছে যেন জীৱনত সুন্দৰ পুৰুষ/ল’ৰা কোনোদিনে দেখাই নাই৷ শেষত উপায় নাপাই ময়েই মাত দিলোঁ, “আপোনাৰ বাৰু মোক কিবা ভাল লাগিছে নেকি? মানে ক্ৰাশ্ব জাতীয়?”

: হোৱাট?

: নাই মানে এনেকৈ চাই থকাৰ বাবে সুধিলোঁ৷

: দেউতাৰাৰ নম্বৰ দিয়া৷

: দেউতা আউটডেটেড৷ ম’বাইল চলাবলৈ নাজানে৷

: মাৰা?

: মাৰ অৱস্থাও দেউতাৰ দৰেই!

নকৰালে এবৰশ্যন৷ আহোঁতে জয়াক বুজাই আহিছোঁ,

: এতিয়া টেনশ্যন নল’বি৷ পাছত কিবা এটা চাব লাগিব৷

: কি চাবি? কেঁচুৱাৰ মুখ?

: আৰে না, কিবা ভাবিম৷ ৰাস্তা উলিয়াম৷

ক’বলৈ পাহৰি আছিলোঁ, মোৰ মা গাইন’কোলজিষ্ট৷ কিন্তু মাক মই কেনেকৈ ক’ম যে…

: দেউতাই ট্ৰেডমিল কিনি আনিছে৷

: কিয়?

: মোৰ হেনো হায়াৰ ছেকেণ্ডাৰীৰ বাবে পঢ়ি পঢ়ি পেট ওলাইছে৷ ডেইলী দৌৰিব দিছে৷

: সেইটো পেট?

: ঘৰত তেনেকৈ ভাবিছে!

: কিন্তু এই সময়ত দৌৰা-মেলা?

: তই সোনকালে কিবা কৰ না৷

দিনে দিনে তাই খিংখিঙীয়া হৈ পৰিল৷ প্ৰায় সদায়েই কাজিয়া৷ শেষত তাই মোৰ লগত কথা পতা বন্ধ কৰি দিলে৷ মোৰ ফোনো নধৰে৷ অথচ তাইৰ পেটত আমাৰ সন্তান! প্ৰায় দুমাহ আমাৰ মাজত একো কথা-বাৰ্তা নাই৷

তাৰ মাজতেই এটা ডাঙৰ ঘটনা ঘটিল৷ মোৰ মা আৰু জয়াৰ মাক হেনো স্কুলীয়া দিনৰে বান্ধৱী৷ ইমান বছৰে দুই বান্ধৱীৰ মাজত কোনো যোগাযোগ নাছিল৷ মাজতে এদিন তাইৰ মাকে ডাক্তৰক দেখুৱাবলৈ আহিছিল৷ ডাক্তৰৰ আসনত আছিল মা৷ দুয়োৰে পুনৰ্মিলন ঘটিল৷ অহা ৰবিবাৰলৈ আমাক সপৰিয়ালে ৰাতিৰ আহাৰৰ বাবে মাতি থৈ গৈছে৷

ড্ৰয়িং ৰুমত সকলো বহি আছে৷ চিনাকি পৰ্ব আৰম্ভ হৈছে৷ মায়ে ক’লে, “ইয়াৰ নাম জয়, এইবাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ৷”

জয়াৰ মাকেও চিনাকি কৰাই দিলে, “এইজনী আমাৰ জয়ামা৷ এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিব৷ মা, এয়া তোৰ দাদা দেই, জয়!”

দাদা! ক’ত আহি পৰিলোঁ৷ লাজকুৰীয়া হাঁহি এটা মাৰি বহি আছোঁ, কিনো কৰিম আৰু! এইবাৰ মায়েই আৰম্ভ কৰিলে,

: আমাৰ ই বিৰাট লাজকুৰীয়া৷ ছোৱালী দেখিলেই লাজতে দৌৰ মাৰে৷

: আমাৰ এই জানো ক’ম৷ ল’ৰা দেখিলেই দূৰতে বিদুৰ৷

অঘটনটো তেতিয়াই ঘটিল৷ মায়ে নাৰিকলৰ পিঠা আনিছিল৷ জয়াৰ ফালে খাবলৈ আগুৱাই দিলে৷ এইফালে জয়াই প্ৰেগনেণ্ট হোৱাৰ পাছত নাৰিকল সহ্যই নকৰে৷ তাই মূৰ জোকাৰিলে, “নালাগে মাহী, এতিয়া মন যোৱা নাই৷”

: না নহ’ব৷ তুমি তেতিয়াৰপৰা একো খোৱা নাই৷ মই ইমান মৰমত লৈ আহিছোঁ৷ খাবই লাগিব৷

ঠেলি-হেঁচি জয়াৰ মুখত৷ প্ৰায় লগে লগে হলহলাই বমি৷ শেষ! মা গাইনীৰ ডাক্টৰ! অলপ সময় মন কৰিয়েই বুজিলে ঘটনাটো৷ লাহেকৈ জয়াৰ মাকক এটা চুকলৈ মাতি নিলে৷

: শুনচোন৷ এই দেখোন প্ৰেগনেণ্ট যেন লাগিছে৷

পৃথিৱীখনেই ঘূৰিছে নে ময়েই ঘূৰিছোঁ জানো! চকুৰ সন্মুখত হালধীয়া ফুল, সৰিয়হেই কিজানি৷ মই শেষ, আজি শেষ! জয়াই কৈ দিব আমাৰ কথা৷ দুয়োকে চাগৈ পিচ পিচকৈ কাটিব এতিয়া৷

কিন্তু!

: হেৰা ক’ত গ’লাহে? মিঠাই আনা, ফ্ৰিজতে আছে৷ ঘৰলৈ নতুন আলহী আহিছে৷

হোৱাট? এইটো আকৌ কি পাঞ্চলাইন এৰি দিলে মাকে? পুৰা আউট অফ ছীলেবাছ৷ মায়েও মুখ মেলি দিছে৷ এইবাৰ জয়াৰ মাকে মুখ মেলিলে৷

: তহঁতক কোৱাই হোৱা নাছিল৷ মাজতে এন আৰ আই পাত্ৰ এজনৰ খবৰ আহিল নহয়৷ মই বোলো ইমান ভাল ল’ৰা যেতিয়া নেৰোঁ৷ কোৰ্ট মেৰিজটো কৰাই থৈ দিলোঁ৷ ভাবিলোঁ ল’ৰা অহাবাৰ আহিলে পাৰ্টী দিম৷ কিন্তু এতিয়া লুকাই কি লাভ৷ হেৰা ক’ত মৰিলাহে? মিঠাইখিনি নানা কিয়?

– মানে? কিন্তু মইতো একো গমেই নাপাওঁ?

– টিকলুটো মোৰ! তুমি আকৌ কেনেকৈ জানিবা? তোমাৰ মাৰাক তিনিদিন আগতে লগ পালোঁহে মাত্ৰ! হেৰা ক’তনো সোমাই আছা?

পৰিশিষ্ট : কিছু বছৰৰ পাছৰ কথা৷ জয়াহঁতৰ ঘৰখনৰ সৈতে এতিয়া আমাৰ ঘৰুৱা সম্পৰ্ক৷ নিয়মিত অহা যোৱা চলে৷ জয়াহঁত আমেৰিকাত ছেটলড্৷ সেইবাৰ সিহঁত অসমলৈ আহোঁতে আমাক ডিনাৰৰ নিমন্ত্ৰণ দিলে৷ মোৰ যোৱাত অলপ পলম হৈছিল৷ সেয়ে পোনেই ডাইনিং টেবুলতে তাইৰ স্বামীৰ লগত চিনাকি হ’লোঁ৷ ভদ্ৰলোক মোক দেখি অবাক!

: হেৰা, এটা কথা মন কৰিছানে?

: কি?

: জয়ৰ চেহেৰা আমাৰ বাবুৰ লগত হুবহু মিলে৷

জয়াৰ গাঁঠি লাগি অৱস্থা নাই৷ মোৰো তলফালে অলপ ভিজিছে যেন অনুভৱ হৈছে৷ স্বামী গভীৰ চিন্তাত নিমগ্ন৷

– ৱেল! ইফ আই ৰিকালেক্ট প্ৰপাৰলী, মই যেতিয়া নিউয়ৰ্কত আছিলোঁ…

বৈদ্য ভয় লাগি আহিছে৷ আজি বিৰাট বেয়াকৈ পিটিব কিজানি!

: ৱেল, নিউয়ৰ্কত থাকোঁতে মই টাইম মেগাজিনত পঢ়িছিলোঁ৷ গোটেই বিশ্বত হেনো সাতজন মানুহৰ চেহেৰা একেই হয়৷ চোৱা জয়া, আজি প্ৰমাণো পালোঁ৷ কি আচৰিত!

মুৰ্গ আফগানী! হয় এই আইটেমটোৰ নাম মুৰ্গ আফগানী বুলিয়েই কৈছিল খুড়ীয়ে৷ চিধাই লেগপিচ এটাত কামোৰ বহুৱালোঁ৷ কি শান্তি! অজানিতে মুখৰপৰা ওলাল৷

: ভাগ্যে!

: কি?

: ভাগ্যে আপুনি টাইম মেগাজিন পঢ়িছিল!

☆ ★ ☆ ★ ☆

12 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *